ভালপোৱা আৰু প্ৰেম : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা -(অঞ্জল বৰা)
ইউনিক’ডলৈ ৰূপান্তৰণ -অঞ্জল বৰা
ভালপোৱা আৰু প্ৰেম
লেখক: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
ৰচনা কাল: আৱাহন: ষষ্ঠ বছৰ, ষষ্ঠ সংখ্যা, 1856 শক
সংগ্ৰহ: বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি
………………………….
মই অনেক বিচাৰ আৰু বিবেচনা কৰি দেখিছোঁ যে ‘ভাল-পোৱা’ শব্দটোক ‘প্ৰেম’ শব্দটোৰ সৈতে জোৰাই দি জোৰা-নাম গাবলৈ গ’লে প্ৰেমক লঘু-লাঞ্চনা কৰা হয়৷ এটাৰ কাষত আনটোক থিয় কৰি দিলে, মান্ত্ৰাজৰ চতুৰ্ব্বেদী আয়াৰ ব্ৰাহ্মণ এজনক জকাইচুকৰ চতুৰ্ব্বিদ মাছ মাৰিবৰ যন্ত্ৰৰে মাছ মাৰোঁতা কোনো এজনক একেখন পাটীতে একেখন জাপৰ তলতে একেলগে শুৱাই দিয়াৰ দৰে হ’ব মাথোন৷ মোৰ উপমাসংশ্লিষ্ট এই দুই জাতৰ ব্যক্তি দুজনৰ ভিতৰত সৰু-বৰ, ওখ-নীহ বিচাৰৰ কথা মনত লৈ মোৰ উপমাটো দিয়া হোৱা নাই৷ হ’ব পাৰে হিচাপৰ বিচাৰত দুয়ো দুফালে ওখ বা দুয়ো দুফালে তলত অথবা দুয়ো মুৰে সমান৷ কডলিভাৰ তেল আৰু ইউডিকলেনেৰে ৰিজাই দি সেই দুটাৰ বাহিৰা গুণাৱলীৰ কথাহে দেখুৱাবৰ মোৰ উদ্দেশ্য৷
বিশ্বকবিয়ে বিশ্বকবিৰ হ’বৰ অনেক আগেয়ে প্ৰেমৰ লক্ষ্যণ বৰ্ণাই গীত ৰচনা কৰি গাইছিল,-
“বিশ্বচৰাচৰ লুপ্ত হয়ে যায়,
একি মোৰ প্ৰেম অন্ধ বহে প্ৰায়,
জীৱন যৌৱন গ্ৰাসে৷”
কবিতাৰ এধানমনো ধাৰ নোখোৱা অসমীয়া ৰচকে কদম-কলিত লিখিছিল-
“প্ৰেমত ঘুৰিছে ভুমণ্ডল৷
প্ৰেমত ফুলিছে শতদল৷৷”
“ব্ৰহ্মাণ্ডৰ সত্ত্বা যিটো পৰিছে নিজৰি;
গিৰি-বন গছ-লতা সচেতন কৰি৷
অমৃত হাঁহিৰে ৰং ফুলত ফুলায়;
যি শকতি প্ৰভাৱত মন্দাকিনী ধায়৷
অনু-পৰমাণু মিলে আকৰ্ষি অন্তৰ;
পৃথক আত্মা মিলি হয় একেশ্বৰ৷
ব্যৱধান ক্ষয় হয়, ওচৰে আঁতৰ;
অব্যক্ত বেকত হয়, গুচে আত্মপৰ৷
সৰ্বাঙ্গে সৰ্বাঙ্গ লয় জীৱনে জীৱন;
আনন্দে আনন্দ, মহানন্দ স্ৰজন৷
সংজ্ঞাত অতীত শক্তি; বিশ্বব্যাপী কায়;
ক্ষণিক সম্ভোগে যাৰ দেৱত্ব মিলায়৷
মৰু বুৰে, শিল পমে বিন্দুৰ পৰশে;
প্ৰেম আখ্যা মহাশক্তি জগত প্ৰকাশে৷”
প্ৰেম স্বৰ্গীয়৷ তাৰ ক্ষয় নাই, লয় নাই, ভয় নাই, সংশয় নাই৷ সৰ্ব্বসাধাৰণ মানুহৰ জীৱনলৈ এনে প্ৰেম স্বৰ্গৰ পৰা সোণৰ জখলাৰে নামি আহে জীৱনত মাথোন এবাৰ৷ মানুহ যে ঈশ্বৰৰ এটি ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকা, সেইটোকে সি এবাৰ সোঁৱৰাই দি স্বৰ্গৰ বস্তু আকৌ স্বৰ্গলৈ গুচি যায়৷ কিন্তু অল্পকাল স্থায়ী হ’লেও সেই প্ৰেমৰ ঠেলা চম্ভলা টান৷ চম্ভালিব পাৰিলে মানুহৰ আৰু ভয় নাই৷ কোনো মতে তাৰ চাকনৈয়া সাৰি গৈ সিপাৰৰ টান মাটিত ভৰি দিব পাৰিলে তোমাৰ বিপদ গ’ল জানিবা৷
প্ৰেম মানুহৰ গাত বৰ-আই ওলোৱাৰ নিচিনা৷ তাৰ গুটিসাঁচ মানুহৰ মুখত ৰৈ গ’লে সেই মানুহজন লাগে যদি পিছ্ত আই ওলোৱা মানুহৰ মাজতে বহি থাকক তথাপি নিৰাপদ৷ প্ৰেম-জ্বৰে মানুহক তাৰ ষোলৰ পৰা পঁচিছ বছৰৰ ভিতৰলৈকে কাল ডোখৰত ধৰে৷ তাৰ পিছ্ত তাৰ বীজানু মৰি যায়৷ প্ৰেম জ্বৰৰ প্ৰকোপ virulent type of মেলেৰিয়া জ্বৰৰ প্ৰকোপতকৈয়ো বেছি৷ মেলেৰীয়া জ্বৰৰ 104-107 ডিগ্ৰী তাপে তাৰ তাপক লৰি লগকে ধৰিব নোৱাৰে তেনে অৱস্থাত প্ৰেম-জ্বৰৰ ৰোগীয়ে হয় আত্মহত্যা কৰে নাইবা লোকক খুন কৰিবলৈ ওলায়৷ পগলাগাৰদটো তেনে ৰোগীৰ শহুৰেকৰ ঘৰ৷ সেই দেখি ডেকা ল’ৰাই তাৰ পোন্ধৰ-ষোল বছৰ বয়সতে ভালকৈ ছিটা লোৱা ভাল৷ আগন্তক ৰোগীয়ে নিজে আগবাঢ়ি ছিটা ল’ব নুখুজিলেও তাৰ হিতৈষীসকলে বলেৰে ধৰি ছিটা দিয়া উচিত৷ তেনেহ’লে পিছ্ত ৰোগে বৰকৈ পীড়িব নোৱাৰে৷ সেই ছিটাৰ নাম ব্ৰহ্মচৰ্য্য আৰু সত্সঙ্গ৷
কোনো কোনো উগ্ৰপন্থী চিকিত্সকে “বিষস্যা-বিষমৌষধং” প্ৰথা অৱলম্বন কৰি ৰোগ বৃদ্ধি কৰি তাৰ ভোগ সম্পূৰ্ণ কৰি, পিচত বীজ মাৰিবলৈ ব্যৱস্থা কৰে৷ হোমিওপাথী, হাইদ্ৰোপাথী, এলোপাথীৰ নিচিনাই ইও এক ৰকম উগ্ৰপাথী৷ কিন্তু এনে পথ বিপদসঙ্কুল৷ এনে পথৰ পথিক হয় “ইষপাৰ” নহয় “উষপাৰ” হয়৷ সেই দেখি এনে চিকিত্সাৰ প্ৰণালী মোৰ অনুমোদিত নহয়৷ এনে প্ৰণালীৰে শাখা-প্ৰশাখা স্বৰূপে তাহানি পুৰণি বাঁহীৰ সম্পাদকে এটা “পাথী” বা পন্থা উলিয়াইছিল৷ সেইটোৰ নাম থ’ব পাৰি “কাইবপাথী”৷ সেই পাথীমতে তেওঁ ডাঢ়ি-গোঁফ ঠুটিয়া বা নুঠুটিয়া ৰোগীক তেওঁৰ ‘বাঁহী’ত প্ৰেম-কবিতা লিখিবলৈ এৰি দিছিল৷ কিন্তু এওৰ কাইবপাথীৰ চিকিত্সা-প্ৰণালীত দোষ ওলাল আৰু সি বিপৰীত ফল প্ৰসৱ কৰিলে৷ ৰোগ বাঢ়ি বাঢ়ি কবিতাৰ “ফ্ৰেঙ্কেনষ্টিন” frankenstien নামৰ প্ৰকাণ্ড দৈত্য হৈ উঠি শেষত সি তেওঁক গিলিবলৈ মুখ ব্যাদান কৰি আহিল৷ অন্তত তেওঁ তত নেপাই কবিতাৰ কাঠসংস্কাৰ কৰিহে সেই বিপদৰ পৰা ৰক্ষা পৰিল৷ ভগবদগীতায়ো তেনে প্ৰণালী অনুমোদন নকৰে৷ সেইদেখি গীতাত কৈছে- “কামৰূপে কৌস্তেয়৷ দুষ্পুৰেণানলেন চ৷” জ্ঞানীৰ চিৰশত্ৰু কাম দুষ্পুৰ অনল৷ জুইত ঘিউ ঢালিলে জুইৰ তেজ বাঢ়িহে যায়৷
যি হওক, প্ৰেম-জ্বৰে ধৰা কাল ডোখৰৰ লক্ষণৰ বিষয়ে দুষাৰমান কথা মই এইখিনিতে কোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ:
সেইডোখৰ কালত যিটী প্ৰাণীয়ে আমাৰ হিয়াৰ তাঁৰডালত আঙুলি বুলাই দি যায়, যিটীয়ে মুৰুলীৰ মুখত এবাৰ ফুটী পঞ্চম ৰাগৰ গীত এষাৰ গাই যায়, যাক আন নেলাগে, ছয়াময়াকৈও এবাৰ দেখিলে আমাৰ হৃদয়ত থকা ইলেকট্ৰিক বাল্বত ভমক কৰে বন্তি জ্বলি উঠে আৰু যিটো বৰডুবিৰ ফালে আমাৰ জীৱন-বাৰিষাৰে প্ৰেম-নিজৰা প্ৰৱল বেগেৰে বৈ যায়, সেইটি প্ৰাণী তেতিয়াতো আমাৰ চকুত তেজ-মঙহেৰে নিৰ্ম্মিত নহয়৷ সেইটি সৰগৰ “জোনবাইৰ আগৰে একেটী আলসুৱা তৰা৷” সেইটী নন্দনকাননৰ এটি অনাঘ্ৰাত ফল৷ সেইটী বৰ্ণাব নোৱাৰা samething অৰ্থাত এটি বস্তু যাৰ বিষয়ে ক’বলৈ গ’লে আমাৰ বুদ্ধি আৰু বাক্য হাৰি যায়৷ “প্ৰতিমা”ৰ কবিয়ে সেইটি বৰ্ণাবলৈ গৈ তাৰ কাষে কাষে গৈছে, যেনে-
“ফুলোঁ নে নুফুলোঁকৈ কুমলীয়া কলিটি
ওঁঠত লাজেৰে ৰৈ মিচিকিয়া হাঁহিটি৷
সামৰি পাহৰি গৈ মেলি আধা প্ৰাণটি
উদঙাই ঢাকি থৈ উঠি অহা বুকুটি৷
সোলোকাই মোকোলাই এধাবন্ধা খোপাটি
হয় নে নহয়কৈ আধাফুটা মাতটি৷”
এনে samethingটিৰ হকে এনে কাম নাই যে আমি কৰিবলৈ আগবাঢ়িব নোৱাৰোঁ৷ তাৰ নিমিত্তে তুমি মোক স্বৰ্গলৈ যাবলৈ কোৱাঁ যাব পাৰোঁ বা নোৱাৰোঁ-কিন্তু স্বৰ্গৰ সোণৰ জখলাত বগুৱা বাই উঠিবলৈ চেষ্টা কৰিম৷ নৰকলৈ “চালান দিয়া” আপত্তি নাই৷ হনলুলু, হংকং , পপকাটি পেটেল, পদপপলু, ভেনিজুলা, পেৰু, মেক্সিকোলৈ পঠিৱা, এতিয়াই টোপোলাটাপলি বান্ধি ওলাম৷ আফ্ৰিকাৰ অগাধ অৰণ্যত সিংহ, বাঘ, ভালুক, মেঠোন আৰু পানীত ঘৰিয়াল, বামত অজগৰৰ সমুখ হ’বলৈ কোৱাঁ, ততাতৈয়াকৈ মই পদব্ৰজে বা চাইকোলেৰে নাইবা আকাশী বিমানত উঠি যাবলৈ সাজু হ’ম-তেহেলৈ গাত যাবলৈ শকতি থাককেই বা নাথাকক৷ তুমি জানি থবাঁ যে মোৰ প্ৰেমৰ পাত্ৰীটীৰ ৰিহাৰ আঁচলৰ দহি এডালৰ বেচ মোৰ জীৱনতকৈ সৰহ৷ তেওঁ মানৱী নহয়, দেৱী৷ নিশ্চয় তেওঁ, ধৰি লোৱাঁ যে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ “ত্বংহি৷”
“শুভ্ৰজ্যোত্স্না পুলকিত যামিনী
ফুল্লকুসুমিত ভ্ৰমদলশোভিনী
সুহাসিনী সুমধুৰভাষিনী
সুখদা বৰদা৷”
সেই দেৱীৰ পূজাত মই উদ্বাউল৷ মোৰ ধন, জন, জীৱন, যৌৱন সকলো সেই দেৱীৰ ৰঙা চৰণত উত্সৰ্গীকৃত৷ তেওঁৰ অবিহনে মোৰ জীৱন মৰুময়, ডিঙি শুকান, জিভা কৰ্কৰীয়া৷ তেওঁ মোৰ চকুত মণি, নাকৰ উশাহ-নিশাহ, হাতৰ লাখুটি, পূৰ্ণিমাৰ পোহৰ, পিয়াহত পানী, ভোকত ভাত, আঞ্জাত লোণ, চুৰিয়াৰ খোচনাত বান্ধি থোৱা কেচাসোণ, ৰোমিওৰ জুলিয়েত, পুৰূৰবাৰ উৰ্ব্বশী আৰু উৰ্ব্বশীয়ে পুৰূৰবাৰ ওচৰত ন্যাসৰূপে থোৱা দুটি মেৰছাগ৷ বৰ্ণনাটো আৰু পাতলাই আনি ক’ব পাৰি- তেওঁ পোহৰত মোৰ চেলেউৰ ধোঁৱা, ঘামত কাচৰ গিলাচত চেঁচা চৰ্পত, বৰফ দিয়া ‘বিয়েৰ’ সুধাৰ ওপৰত থুপ খাই থাকি এটি দুটিকৈ ফুটি মাৰি যোৱা বুৰ্বুৰণি আৰু চকুত সোণৰ বিতচকু পিন্ধি লেখিবলৈ বহোঁতে ভাবৰ বুৰ্বুৰণি৷ আৰু কিমান ক’ম? মোৰ প্ৰেমৰ সেই লক্ষ্যৰ নিমিত্তে যদি ক’ৰবাত খুন্দা খাই ভৰিৰ বুঢ়াআঙুলিৰ আগৰ নখ ছিগি তেজ ওলায়, হামখুৰি খাই পৰি আগদাঁত দুটা ভাগি সৰি যায়, তথাপি সেইবোৰ মোৰ পক্ষে এখুৰি অগুৰু চন্দন, মালতী ফুলৰ চাকি, মথনিৰ ঘূৰ্ণীপাকৰ কোবত উঠা এবাটি লৱণু, পাগত উঠা এক কলহ গুড় আৰু লং-দালচেনি-ফাকুৰ-দেৱছালি-চূৰ্ণ-খৈৰ দিয়া পাগত উঠা এখন তামোল৷ আহা সেই মদিৰানন্দ৷ আহা সেই দপদপীয়া উছাহ৷ আহা সেই অন্তৰত উঠা উলাহৰ কিৰীলি৷ তাৰ সোঁৱৰণেও মন-পুখুৰীটো খলকায়৷ হায় আমাৰ দুইৰো নিভৃতত কি গোপন বিশ্বম্ভৰ আলাপ৷ মই আৰু কি বৰ্ণাম?
হায় সেই দিন কলৈ গ’ল? সেই সান্দহ খোৱা বালি ক’ত কেতিয়া তল গ’ল? আজি সেই বাউলী বয়সো গ’ল, লগে লগে সিয়ো গ’ল৷
যাওক৷ যাওক৷ ঈশ্বৰৰ কৃপা যে মানুহৰ তেনে বলিয়ালিৰ অৱস্থা সৰহ দিন নেথাকে৷ আজি বয়সৰ লগে লগে হিয়াৰ দোকানত মলিৰ কৰাল বান্ধিছে৷ সেই মলি সতকাই সকলোৰে নুগুছে আৰু দাপোন জলজলীয়াও নহয়৷ বোলোঁ বান্ধক তাত কৰাল৷ দয়ালু ঈশ্বৰৰ অভিপ্ৰায়ো সেয়ে৷ তেওঁক দয়ালু বুলিছোঁ এই বাবে যে তেওঁ আমাৰ শৰীৰ আৰু মনৰ অৱস্থা বুজি তাৰ সৈতে মিলাই আমাক আজি আন এটি বহুমূলীয়া বস্তু দিছে৷ ভাটীবেলাত দুপৰৰ প্ৰখৰ ৰদৰ উস্মাই নুশুজে৷ মন্দাগ্নিত মাটিকাঁদুৰিৰহে জোল, পলান্নং বিষং৷ উত্সৱৰ দিনা পিন্ধা সিংখাপ, গোমচেং, গাৰ ৰিহা-মেখেলা গোঁসায়ে গাৰ পৰা কাঢ়ি চৌপৰৰ কামত লগা মুগা আৰু কপাহীৰ ৰিহা-মেখেলা, চুৰিয়া, চোলা, চেলেং আমাক দিছে৷ মানুহৰ ওৰে জীৱনটো বিয়া-সৱাহতে নেকাটে৷ প্ৰেমৰ সলনি আজি আমাক দিয়া সেই বস্তুটিৰ নাম Affection অৰ্থাত চেনেহ, ভালপোৱা আৰু মৰম৷ এই স্থিৰ, ধীৰ, গম্ভীৰ বস্তুটি আমাৰ জীৱন-জাহাজৰ লঙ্গৰ৷ প্ৰেম-ধুমুহাৰ কালত ঢৌত এচাৰ খোৱাসকলক পিচত এই বস্তুটিয়ে সুখ-শান্তিত থিতাপি কৰে৷ ইয়াক জুৰ ৰন্ধা আৰু নেমুটেঙাৰ ৰস দি ৰন্ধা মৰা-শাকৰ আঞ্জাও তোমাৰ মন গ’লে বুলিব পাৰা৷ ই গা, মুৰ আৰু পেট শীতল কৰে আৰু নেলাগে, বুঢ়া-বুঢ়ীৰ ভিতৰতো অমিয়া আনন্দ, সুখৰ তৃপ্তি সৃষ্টি কৰে৷