পৃথিৱীৰ পুনঃ একত্ৰীকৰণ – মূল লেখকঃ পাওলো কয়েলহো – অনুবাদঃ ছা-হা-বা হাৰ্টি

দেউতাকে পত্ৰিকা এখন পঢ়াবলৈ চেষ্টা কৰি আছিল, কিন্তুু তেখেতৰ সৰু ল’ৰাজনে নানাভাৱে তেওঁক বিৰক্ত কৰি আছিল৷ অৱশেষত দেউতাক একেবাৰে ক্লান্ত হৈ গ’ল, তেখেতে পত্ৰিকাৰ পাত এখিলা ফালি পৃথিৱীৰ মানচিত্ৰ এখন আঁকিলে আৰু কেইবাটাও টুকুৰা কৰি ল’ৰাজনৰ হাতত তুলি দি ক’লে- লোৱা, তুমি কৰিব পৰাকৈ কিবা এটা মই বিচাৰি পাইছো৷ মই তোমাক পৃথিৱীৰ এখন মানচিত্ৰ দিছো৷ ইয়াক ভালদৰে সজাই মোৰ ওচৰত লৈ অহা৷
মানচিত্ৰখন সজাবলৈ ল’ৰাজনৰ গোটেই দিন লাগি যাব বুলি নিশ্চিত হৈ তেখেত আকৌ পত্ৰিকা পঢ়া আৰম্ভ কৰিলে৷ কিন্তুু মাত্ৰ পোন্ধৰ মিনিটৰ ভিতৰত ল’ৰাজনে হাতত মানচিত্ৰখন লৈ আহিল৷ দেউতাকে অবাক হৈ সুধিলে “ তোমাৰ মায়ে কেতিয়া ভূগোল শিকালে? “ সামান্য দ্বিধাগ্ৰস্ত হৈ ল’ৰাজনে উত্তৰ দিলে৷ আচলতে নাজানো মই কি কৰিলো৷ তুমি দিয়া মানচিত্ৰৰ সিপিঠিত এজন মানুহৰ ছবি আছিল, মই মাথোঁ মানুহজনৰ ছবিখন জোৰা দিছোঁ আৰু একেলগে পৃথিৱীৰ মানচিত্ৰখনো জোৰা লাগি গ’ল৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!