পৃথি‌ৱীৰ ঘৰ

 

থুনুক- থানাক মাত
দুভৰিত নুপুৰৰ ৰুণজুণ
মাতৃৰ আচলৰ স্বপ্নৰ জোনাকিজাক
চোতালত সিঁচি খিলখিল হাঁহিবোৰ
উৰুৱাই এজাক পখিলা….
জোনাকি আৰু পখিলাৰ সহচৰী
চেনেহী দুহিতা মোৰ আপোন ঘৰৰ,nari

 

সময়ে দি যোৱা পলসেৰে জীপাল
সপোন আৰু বাস্তবৰ নিজস্বতা,
সম্বন্ধৰ কম বেছি,দিয়া নিয়া
আৰু পোৱা নোপোৱাৰ অজস্ৰ প্ৰত্যাহ্বান

 

দুভৰিৰ ৰুনজুন ক্ষীণ হৈ মাৰ গল
শুনি ৰ’লো কে‌ৱল দুহাতৰ খাৰুৰ খনখন
পৰিণীতা নতুন ঘৰৰ

প্ৰতিটো সম্বন্ধতে
আত্মীয়তাৰ পৰীক্ষা নিৰীক্ষা
প্ৰতিশ্ৰুতিৰ গীতাপাঠ
প্ৰিয়জনৰ দুচকুত.

পৰীণিতা মা হ’ল
যাদু বাকচৰ চাবিকাঠিৰ
পূৰ্ণ অধিকাৰ লৈ.
আমাক এটা সূৰ্য দিয়া
দিয়া এটা উজ্জ্বল নক্ষত্ৰ
আৰু নক্ষত্ৰ যদি কক্ষচ্যুত হয়
হ’বা তুমি দায়ী

 

ওপজা ঘৰত তোমাৰ
মাৰ গ’ল নুপুৰৰ ৰুণজুণ
সেইয়া পাহৰা সাধু হৈ ৰ’ল

আজি আঢ়ৈটা দশক
সজাই ৰাখিছা তুমি,যি তোমাৰ ঘৰ
ঘহিঁ মচি চিকচিকিয়া কৰিছা নিতৌ
পিতলৰ নামফলক
যি ফলকত তোমাৰ নাম শূণ্য.
সেইয়া তুমি নাৰী

:::নমিতা কোঁৱৰ গগৈ

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!