“ প্র’ফাইল পিকচাৰ” (মনজিৎ)

 

প্রফাইল পিকচাৰ

মনজিৎ

 

কেমেৰাৰ ফ্লাছ ভাগৰি পৰা কৈ
চাটাৰত তৰ্জনী আঙুলিৰ অহৰহ হেঁচা
সমুখত বাৰে বাৰে সলনি হৈছে এংগল, সলনি হৈছে লোকেছন
মেগাপিক্সেলৰ মিটাৰত জুখিব খোজা হৈছে ৰূপ যৌৱন ।

উদ্দেশ্য : ফটোজেনিকএকপি ফটো, তাকো একে বাৰে চকু থৰ হৈ যোৱা

আঘোণী সময়ৰ সেই সাময়িক অবক্ষয় পিছত
মেম’ৰিৰ সীমনাত থমকিল দুচকু
এটি উল্লাসিত স্বগতোক্তি… “ইয়েয়য় পাই গ’লোওওও”
এতিয়া ফটোচ’পৰ লেবৰেটৰীতত
এডাল কাৰচৰৰ অস্থিৰ পায়চাৰি
ক্র’প ক’ত গ’ল, ব্রাইটনেছ তোৰো দেখা দেখি নাই
কন্ট্রাছতোৱেও পেছ ধৰি ডিজেবল হৈ আছে
ইফালে বেকগ্রাউন্দক পিন্ধাবলে
গুগুলৰ শ্ব’ৰুমৰ পৰা অনা
ব্রেণ্ডেড সাজযোৰৰ ৰংটোও দেখোন পচন্দ হোৱা নাই!!!!
ছেহঃ.. মুঠতে গোটেইখন খেলি মেলি ।

অনুভৱ : যেন শনিৰ মহা দশা হে চলিছে

অৱশেষত যেনিবা সেই ক্ষণতো আঁতৰিল
অস্থিৰতাৰ ধুমুহা জাকৰো ভেলিডিটি শেষ হ’ল
ইমান পৰে ভ্রুকুটিৰে উমলি থকা মুখখনত
এতিয়া এফ বিত নটিফিকেছন দেখি ভাল লগাৰ দৰেই জিলিঙনি এচমকা
ভগৱান প্ৰদত্ত এটি নিঃকিন অবয়বক
নিয়াৰিকৈ কৰা সূক্ষ্ম বিশ্লেষণ আৰু
প্ৰযুক্তি বিদ্যাৰ অত্যাধুনিক প্ৰসাধনেৰে গঢ়োৱা
দেখিলেই চকু থৰ হৈ ৰোৱা
তথা প্ৰহৰ যোৰা ধৈৰ্য্যৰ ফচল….যাক

চেভড এজ : “প্রফাইল পিকচাৰ”

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!