চাইকো-চ’মেটিক ডিজিজৰ বিষয়ে চমুকৈ দুআষাৰ (ডা° ভূপেন শইকীয়া)

স্বাস্থ্য আৰু মনৰ শিতানত লিখিবলৈ লৈ মোৰ মনত আজি এনে এটা বিষয়ে খেলাইছে – যাৰ বিষয়ে সাধাৰণতে খুব কম আলোচনা হয়৷ মানৱ মনৰ স্বাস্থ্যৰ সৈতে এক ওতঃপ্ৰোত সম্বন্ধ আছে৷ শৰীৰক সু্স্থ ৰাখিবলৈ এক সবল মনৰ একান্ত প্ৰয়োজন৷ মস্তিষ্কৰ ভিতৰত থকা মন আৰু আমাৰ শৰীৰ বা দেহটোৰ সন্তোলন বিভিন্ন কাৰণত বিসংগতিপূৰ্ণহৈ উঠিব পাৰে৷ সেই কাৰণসমূহ হ’ব পাৰে – ক্ৰোধ, ভয়, দুশ্চিন্তা, মানসিক বিষাদগ্ৰস্ততা, যি কোনো আঘাত, বিপদজনক পৰিস্থিতিৰ সন্মুখীন হোৱা, বাল্যকালত পোৱা শাৰীৰিক-মানসিক যাতনা, যৌন উৎপীড়ন আদিৰ বিৰূপ প্ৰতিক্ৰিয়া ইত্যাদি৷ আকৌ সকলো ব্যক্তিৰ মনৰ দৃঢ়তা সমান নহয়৷ কিছুমান লোক অলপতে বিচলিত হৈ পৰে৷ তাৰ বিপৰীতে কিছুমান ব্যক্তিয়ে মানসিকভাবে যি কোনো প্ৰতিকুল পৰিস্থিতিৰে অতি সহজে মোকাবিলা কৰিব পাৰে৷ দুৰ্বল মানসিক ব্যক্তিত্বৰ লোক একো একোটা পৰিয়ালত দেখা যায়৷ হয়তো ইয়াৰ অন্তৰালত জেনেটিকচ্ বা বংশানুক্ৰমিকতাও থাকিব পাৰে৷ এই মনৰ জগতখন যাৰ দুৰ্বল – তেওঁৰ শৰীৰত এনে কিছুমান ৰোগৰ লক্ষণে দেখা দিব পাৰে- যাক চিকিৎসা বিজ্ঞানৰ ভাষাত চাইকো-চ’মেটিক বা চাইকো-ফিজিঅ’লজিকেল ডিচ্‌অৰ্ডাৰ আখ্যা দিয়া হয়৷

বুৰঞ্জীয়ে ঢুকি পোৱাৰ পৰাই, যেনে অতি প্ৰাচীনকালৰ পৰাই, আনকি আধুনিক চিকিৎসা বিজ্ঞানৰ জনক হিপোক্ৰেটিজৰ ( খৃষ্টপূৰ্ব ৪৬০-৩৭৭) দিনৰ পৰাই চিন্তাশীল লোকসকলে ৰোগৰ উৎপত্তিত মন আৰু শৰীৰৰ সম্পৰ্কৰ বিষয়ে চিন্তা চৰ্চা কৰি আহিছে৷ মধ্য যুগত পাৰ্চী ইছলামিক মনোবিজ্ঞানী চিকিৎসক আহমেদ ইবন চাহেল অল বালখি, কুৰি শতিকাৰ আৰম্ভণিতে ফ্ৰাঞ্জ এলেকজেণ্ডাৰ, চিগময়ড ফ্ৰয়েড, ১৯৭০চনত জাৰ্মানীৰ থিৰো ভন ইৱেখুল আৰু জেকব ভন ইৱেখুল, ১৯৯৭চনত ল’ৱেন আদি বিজ্ঞানীয়ে এই বিষয়ে নানান লাগতিয়াল তথ্য আৰু মতামত আগবঢ়াই আহিছে৷ এই বিষয়ে দিনক দিনে অধিক অনুসন্ধান আৰু গভীৰ গবেষণাৰ প্ৰয়োজন যেন অনুভৱ হ’ব ধৰিছে৷ পাঠকসকলক আৰু অলপ সহজ কৰি চাইকো-চ’মেটিক ডিজিজৰ বিষয়ে বুজাবলৈ প্ৰয়াস কৰোঁ৷ চাইকো মানে হ’ল মানসিক আৰু চমেটিক মানে হ’ল শাৰীৰিক ৷ শৰীৰৰ যি যি ৰোগৰ উৎপত্তিত মানসিক প্ৰভাৱ জড়িত থাকে সেই ৰোগসমূহ চাইকো-চমেটিক ডিজিজৰ ভিতৰত পৰে৷ দিনক দিনে এই ৰোগসমূহৰ তালিকা দীঘলীয়া হ’বলৈ ধৰিছে৷ এই ৰোগসমূহ ইণ্টাৰনেশ্যনেল ক্লাচিফিকেচন মতে আই চি ডি-১০ আৰু ডি এচ এম -৪ শ্ৰেণীত তালিকাভুক্ত কৰা হয়৷ এটা কথা চিন্তা কৰক : যেতিয়া আমি কোনো পৰীক্ষা বা সাক্ষাৎকাৰৰ সন্মুখীন হ’বলৈ লওঁ, তেতিয়া আমাৰ নিজৰ অনিচ্ছাসত্বেও বা নিজৰ নিয়ন্ত্ৰণৰ বাহিৰত আমাৰ শৰীৰত দেখা দিয়া লক্ষণসমূহ হ’ল – ৰক্তচাপ বৃদ্ধি পোৱা, হৃদগতি খৰ হোৱা, বুকু ধপধপ কৰা, ঘাম ওলোৱা,মুখ শুকাই যোৱা, আভোক অনুভৱ হোৱা, খৰখৰকৈ উশাহ লোৱা, সঘনাই প্ৰসাব হোৱা, কঁপনি অনুভৱ হোৱা, এচিডিটিৰ অনুভৱ হোৱা,বমি বা ওকালি অনুভৱ হোৱা ইত্যাদি৷ মগজুৰ হাইপোথেলামাচ- পিটিউটৰি গ্লেণ্ড আৰু কিডনিৰ ওপৰত থকা চুপ্ৰা-ৰিনেল গ্লেণ্ডৰ মাজত নলীবিহীনভাবে হৰমোনৰ ক্ৰিয়া সংঘটিত হোৱাৰ ফলত উল্লেখিত লক্ষণসমূহ দেখা দিয়ে৷ সাময়িকভাবে দেখা দিয়া এই লক্ষণসমূহ অৱসান ঘটে পৰিস্থিতিৰ সলনি হোৱাৰ লগে লগে৷ কিন্তু যেতিয়া দুৰ্বল ব্যক্তিত্বৰ এজন মানুহৰ ওপৰত নিৰন্তৰ বা দীৰ্ঘ সময়ৰ বাবে শাৰীৰিক-মানসিক চাপ বা ষ্ট্ৰেচ পৰে, তেতিয়া শৰীৰৰ অট’নমিক স্নায়ুতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰাৰ ফলত চাইকো-চ’মেটিক ডিজিজৰউৎপত্তি হয় বুলি ভবাৰ থল আছে৷ এই চাইকো-চমেটিক ৰোগসমূহৰ পৰিসৰ এলাৰ্জি, চাৰ্জাৰী, নিউৰ’লজি, চৰ্মবিভাগ, মানসিক ৰোগ, পাক প্ৰণালী,শ্বাসতন্ত্ৰ, ইমিউন’লজি বা আন যি কোনো প্ৰণালীৰে হ’ব পাৰে৷ সাধাৰণ কঁকালৰ বিষ, গাঁঠিৰ বিষ, উচ্চ ৰক্তচাপ, পেটৰ বিষ, এচিডিটি, ভোক নলগা হোৱা, গেষ্ট্ৰাইটিচ, ইৰিটেবল বাৱেল চিনড্ৰম, হাঁপানি আদি ৰোগ চাইকো-চ’মেটিক ডিজিজৰ ফলত হ’ব পাৰে৷ গতিকে ইম’শ্যনেল অভাৰলোড নোলোৱাকৈ থকাটো সকলোৰে স্বাস্থ্যৰ বাবে মংগলজনক৷ দেখা গৈছে যে হেলিক’বেক্টৰ পাইলৰি থকা গেষ্ট্ৰাইটিচ ৰোগী যিসকল বেচি চিন্তাগ্ৰস্তহৈ থাকে- তেওঁলোকৰ ক্ষেত্ৰতহে ৰোগৰ প্ৰাদূৰ্ভাৱ বেচি৷ এইখিনিতে পাঠকসকলক ‘অদৃশ্য ঘাঁ’ নামৰ বিদেশী সাধুটোলৈ মনত পেলাই দিব খুজিছোঁ৷ কাহিনীৰ নায়কজনে মিছা সন্দেহৰ বশৱৰ্তীহৈ নিজৰ প্ৰিয়তমা পত্নীক ডিঙি টিপি হত্যা কৰোতে কেইটোপালমান তেজ তেওঁৰ মণিবন্ধত পৰিছিল৷ সেই তেজৰ টোপাল পৰা ঠাইত বিষৰ উৎপত্তি হৈছিল৷ বিষ নিৰাময় কৰিবলৈ শৰীৰৰ সেই অংশৰ বাৰে বাৰে অপাৰেচন কৰায়ো শান্তি পোৱা নাছিল৷ কাহিনীৰ এই বিষ চাইকো-চ’মেটিক ৰোগৰ এক উৎকৃষ্ট উদাহৰণ৷

 

কেনেদৰে চিকিৎসা কৰিব এনে চাইকো-চমেটিক ডিজিজত ভোগা ৰোগীৰ ?

পোনতেই ৰোগৰ চিনাক্তকৰণ অতি জৰুৰী৷ শাৰীৰিক লক্ষণসমূহৰ কথা শুনোতে চিকিৎসকে ৰোগীৰ মনোজগতখনৰো অধ্যয়ন কৰিবলৈ সময় আৰু মন-কাণ দিব লাগিব৷ অন্যথাই এনে ৰোগীয়ে মানসিকভাবে ভাগি পৰি আত্মহননৰ দৰে পথো বাচি ল’ব পাৰে৷ পোনতেই এনে ৰোগীৰ বিশ্বাস চিকিৎসকে জগাই তুলিব পাৰিব লাগিব৷ শাৰীৰিক লক্ষণসমূহৰ চিকিৎসা কৰোঁতে কৌশলেৰে মানসিক কাউঞ্চিলিং কৰিব লাগিব৷ মই নিজে কেইবাবাৰো এনে পেটৰ বিষৰ ৰোগী, উচ্চ ৰক্তচাপৰ ৰোগী পাইছোঁ যাক কোনে দৰবেই কাম নিদিয়ে৷ কিন্তু বিদেশত ধন উপাৰ্জন কৰিবলৈ আহি কি অসুবিধাত পৰিছে সেয়া বুজিলৈ পৰিস্থিতি, পৰিবেশ সামান্য সালসলনি কৰোতেই ৰোগ নিয়ন্ত্ৰণলৈ আহিল৷

(এই চমু স্বাস্থ্য বিষয়ৰ লিখনিৰ মাধ্যমেৰে প্ৰিয় পাঠকসকলক ৰোগৰ উৎপত্তিত মনৰ যে এক বৃহৎ ভূমিকা আছে- তাকে অৱগত কৰাৰ প্ৰয়াস কৰিলোঁ৷)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!