পূৰৈ শাকৰ গুণাৱলী: ডা০ ভূপেন শইকীয়া

বিশেষকৈ বাৰিষাকালত সহজলব্ধ পূৰৈ শাকৰ গুণাৱলী অৱগত হ’লে মোৰ বিশ্বাস পাঠকে ইয়াৰ প্ৰতি বিশেষ আদৰ কৰিবলৈ ধৰিব ৷ কেইসপ্তাহমানৰ আগতে ফেচবুকৰ এটা গোটৰ কেইজনমান বন্ধুৱে মোক অনুৰোধ জনাইছিল মহিলাৰ এনিমিয়া দূৰ কৰিবলৈ সহায়ক হোৱা শাক-পাতৰ বিষয়ে জনাবলৈ ৷ এই পূৰৈ শাকক সেই গুণৰ বাবে নিৰ্বাচিত খাদ্যৰ তালিকাভুক্ত কৰিব পাৰি ৷ লগতে এই শাকৰ আন গুণাৱলীৰ সৈতে পাঠকক অৱগত কৰাৰ মানসেৰে এই প্ৰৱন্ধটো আগবঢ়ালোঁ ৷ প্ৰাচীনকালৰ পৰাই দক্ষিণ-পূৱ এচিয়াৰ দেশসমূহত পূৰৈ শাকক ইয়াৰ ঔষধি গুণৰ বাবে ব্যৱহাৰ কৰি অহাৰ কথা গবেষকসকলে নিজৰ ৰচনাৱলীত উল্লেখ কৰিছে ৷ ২০১২চনৰ ইন্টাৰনেশ্বনেল জাৰ্ণেল অৱ ফাৰ্মকিউটিকেল চাইন্স এণ্ড ড্ৰাগ ৰিচাৰ্চত প্ৰকাশিত তথ্য কেইটিমান তলত তুলি দিলোঁ ৷ ভাৰত আৰু চীন দেশত পূৰৈ শাকৰ বিভিন্ন অংশৰ (যেনে পাত,ডাল,ফল আৰু শিপাৰ ) নানান নিৰাপদ প্ৰয়োগ কৰি অহা হৈছে ৷ প্ৰসৱত সহায়ক হবলৈ, গ্ৰহণী আৰু হাগনি আতৰাবলৈ,জ্বৰ-বিষ হৰণ কৰিবলৈ প্ৰাচীনকালৰ পৰা ইয়াক ব্যৱহাৰ কৰি অহা হৈছে ৷ থাইলেণ্ডৰ লোকসকলে পূৰৈ শাক প্ৰয়োগ কৰে কৌষ্ঠকাঠিন্য আতৰাবলৈ, প্ৰসৱত সহায়ক হবলৈ, জ্বৰ কমাবলৈ, ঘা-খৰ-খজুৱতিত লগাবলৈ আৰু প্ৰসাব কমহৈ শৰীৰ ফুলাৰ চিকিৎসাত ৷ বাংলাদেশত শালমনৰ ঘৰুৱা চিকিৎসা পূৰৈ শাক লগাই কৰা হয় ৷ নেপালত গ্ৰহণী, চৰ্দি-জ্বৰ, খহুৰ চিকিৎসা পূৰৈ শাকেৰে কৰি অহাৰ কথা জনা যায় ৷ ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত আয়ুৰ্বেদিক চিকিৎসকসকলে বিভিন্ন কৰ্কট ৰোগৰ (বিশেষকৈ লিউকেমিয়া, মেলান’মা, মুখমণ্ডলৰ টিউমাৰ) চিকিৎসাত পূৰৈ শাক ব্যৱহাৰ কৰি আহিছে ৷ প্ৰসৱৰ পিছত মাতৃদুগ্ধৰ পৰিমান বৃদ্ধি কৰিবলৈ, ৰেক্টেল প্ৰলাপচ আৰু সন্তানহীনতাৰ চিকিৎসাতো পূৰৈ শাক ব্যৱহৃত হৈ আহিছে ৷ পূৰৈ শাকক বহুলোকে পুঁই শাক বুলিও মাতে ৷ বাংলা ভাষাতো পুঁই শাক বুলিয়ে জনা যায় ৷ আন আন ভাষাত ইয়াক এইদৰে মতা হয় – পোই কা চাগ (হিন্দী), প’ই চাগ (নেপালী), প’ই চাগা (ওৰিয়া), মায়ালু (মাৰাঠী), ভাচলাচীৰা (মলয়ালম), বাচালী চপ্পূ (কানাড়া), ভালচী ভাজি (কোংকনী, গুজৰাটী), বাচালী (তেলেগু), ক’ডিপ পাচলি (তামিল),প’ই চাক (উৰ্দু) আৰু উপডিকা (সংস্কৃতত) ৷ বিদেশী ভাষাত হ’ল চান চাই আৰু চান কাই (চীনা), মংটই (ভিয়েটনামী), আলুগবাটি (ফিলপিনি), ৰেমায়ং (মলয়), জিনবেইক (বাৰ্মিজ), মলাবাৰ স্পিনাট (জাৰ্মান, ডাচ আৰু ডেনিচ), স্পিনাড ডি মালাবাৰ (ফৰাচী), বেচিলা বিয়ানকা (ইটালিয়ান), বেচিলা (পৰ্টুগীজ), পাজু (টাৰ্কিচ),ফাক প্লাং (থাই), মালাবাৰস্কিজ স্পিনাট (ৰুচ), টুচ্ ৰু মুৰাচাকি (জাপানী), ইণ্ডিচ স্পিনাট (স্বিডিছ), ভেল নিৱিটি আৰু গাম নিৱিটি (সিংহলী) ৷ ইংৰাজীত ইয়াৰ নাম কেইবাটাও – চিল’ন স্পিনাচ,ইণ্ডিয়ান চাগ, মালাবাৰ স্পিনাচ, ইণ্ডিয়ান স্পিনাচ,ভাইন স্পিনাচ, চুৰিনাম স্পিনাচ, স্লিপাৰি ভিটিটেব’ল,বাফেল’ স্পিনাচ আদি ৷ ব’টানিকেল নাম হ’ল Basella (যাৰ ঘাইকৈ দুটা প্ৰজাতি আছে Basella alba আৰু Basella rubra ) – ইয়াৰ গোত্ৰ (family ) হ’ল Basellaceae ৷ গছৰ বৰ্ণনা – পূৰৈ শাক হ’ল এবিধ লতা জাতীয় বৰ্ষজীৱী শাক। ই বগাবলৈ সুবিধা পালে চাৰিওফালে ঠাল-ঠেঙুলি মেলি বাঢ়ি যায় আৰু এজোপা লতা বিছ মিটাৰ পৰ্য্যন্ত দীঘল হব পাৰে ৷ ই হ’ল গ্ৰীষ্মপ্ৰধান অঞ্চলৰ গছ ৷ ইয়াৰ ডাল বা গছ অংশ হ’ল মাংসল ৷ পাত হ’ল মিহি পিছল ৷ বেচেলা এলবা জাতৰ পাতৰ ৰং সেউজীয়া হোৱাৰ বিপৰীতে বেচেলা ৰুব্ৰাৰ পাতৰ বৰণ বেঙুনীয়া ৰঙচুৱা ৷ খাবলৈ দুয়ো প্ৰজাতিৰ স্বাদৰ সামান্য তাৰতম্য দেখা যায় ৷ বগা বা বগা-গুলপীয়া ফুল ইয়াত ফুলে ৷ বেঙুনীয়া বৰণৰ সৰু সৰু থোপাথুপি মটৰ মাহৰ সমান আকৃতিৰ ফল ইয়াত লাগে ৷ গুটিৰ পৰা গছ গজে ৷ সাধাৰণতে ইয়াৰ খেতিৰ বাবে ফাগুণৰ পৰা জেঠ মাহ হ’ল উত্তম সময় ৷ যত্নসহ ডালৰ কলম ৰুলেও লতা গছজোপা হব পাৰে ৷ এজোপা লতা ৪৫ৰ পৰা ৫০দিনত পূৰঠ বা পৰিপক্ক হয় ৷ ক’ত ক’ত ইয়াক পায় – ভাৰতবৰ্ষৰ অসম, পশ্চিম বংগ,উৰিষ্যা, ত্ৰিপুৰাত প্ৰচুৰ পূৰৈ শাক হয় ৷ দক্ষিণ পূৱ এচিয়া দেশমূহৰ বহিৰে দক্ষিণ পূৱ আফ্ৰিকা, মাডাগাস্কাৰ, নিউ গুৱেনা, মধ্য আমেৰিকা, ফিলিপাইনচ, ৱেষ্ট ইণ্ডিজ, ব্ৰাজিল,কলম্বিয়া,ফিজি, চীনৰ দক্ষিণাঞ্চলত পূৰৈ শাকৰ খেতি কৰা হয় ৷ পূৰৈ শাক কেনেকৈ খায় ? – পূৰৈ শাক অকলে বা দাইলৰ লগত আঞ্জা বনাই খাব পাৰি ৷ কণী বা মাছৰ লগতো ভাজি খাব পাৰি ৷ কোমোৰাৰ লগত পূৰৈ শাকৰ তৰকাৰী বেচ স্বাদিষ্ট ৷ ফিলিপিনো, মালেয়চিয়া আদি দেশত শাকৰ চুপ বনাই নহলে কেকোৰাৰ লগত ভাজি খায় ৷ পূৰৈ শাকক চাহৰ দৰেও জুতিলৈয়ো খাব পাৰে ৷ আমাৰ অসমীয়া মানুহৰ তুলনাত বঙালী লোকসকলে পূৰৈ শাকৰ ননাবিধ ব্যঞ্জন বনাই খায় ৷ বাংলাত প্ৰবাদ আছে – “মাছেৰ মধ্যে ৰুই,শাকেৰ মধ্যে পুই”! এঠাইত আমাৰ অসমীয়া এজনে ইয়াৰ প্ৰত্যুত্তৰত কোৱা শুনিলোঁ – “আজি হে আজি খা পূৰৈ শাকৰ ভাজি “! কি কি লাগতিয়াল তত্ব ইয়াত অন্তৰ্নিহিত থাকে— পূৰৈ শাকত চৰ্বি আৰু কেলৰি খুব কম মাত্ৰাত থাকে – ১০০গ্ৰাম কেঁচা পাতত ১৯কেলৰি মাত্ৰ ৷ ১০০গ্ৰামত কাৰ্বোহাইড্ৰেট ৩.৪গ্ৰাম (১%), প্ৰটিন ১.৮গ্ৰাম (৩%) আৰু ফেট ০.৩গ্ৰাম ৷ ইয়াত থাকে ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে, ভিটামিন-বি গোট, লাগতিয়াল এমাইনো এচিড (আৰ্জিনিন, লিউচিন, আইচ’লিউচিন, লাইচিন, থ্ৰিঅ’নিন আৰু ট্ৰিপ্তফেন)৷ খনিজ পদাৰ্থ (মিনাৰেল) – লৌহপদাৰ্থ, কেলচিয়াম (৬%), মেগনিচয়াম (১৬%), মেংগানিজ, চ’ডিয়াম (১%),পটেচিয়াম (১৪%) ৷ এন্টিঅক্সিডেন্ট থাকে বিটা- কেৰটিন, লিউটিন , জিয়া-জেনথিন, গমফ্ৰেনিন ইত্যাদি ৷

উপকাৰিতা :- এনিমিয়া প্ৰতিৰোধক -১০০গ্ৰাম পূৰৈ শাকত ১.২০মিলিগ্ৰাম লৌহপদাৰ্থ (আইৰণ) থাকে ৷ এয়া হ’ল শৰীৰৰ দৈনিক প্ৰয়োজনৰ ১৫শতাংশ ৷ ইয়াৰ ওপৰি পূৰৈ শাকত থকা ভিটমিন-চি এ পাকস্থলীত লৌহপদাৰ্থ আহৰণত (absorption ) সহায় কৰে ৷ কৰ্কট ৰোগৰপৰা সুৰক্ষা প্ৰদান – আমাৰ দেহত প্ৰবেশ কৰা বা ষ্ট্ৰেচৰ ফলত উৎপন্ন হোৱা অপকাৰী তত্ব হ’ল ‘ফ্ৰি ৰেডিকেল’৷ এই ফ্ৰি ৰেডিকেলে শৰীৰৰ স্বাভাবিক কোষৰ বিসংগতি ঘটায় আৰু এটা সময়ত বিসংগতিপূৰ্ণ কোষৰ অস্বাভাৱিক গতিত বৃদ্ধি হবলৈ ধৰে যাৰ ফলত কেন্সাৰ বা কৰ্কট ৰোগ উৎপন্ন হয় ৷ এন্টিঅক্সিডেন্টে ৰুগীয়া কোষক সুস্থ অৱস্থালৈ আনিবলৈ যতন লয় ৷ ফ্ৰি ৰেডিকেলৰ সৈতে যুঁজ কৰে আৰু কেন্সাৰ এইদৰে প্ৰতিৰোধ কৰে ৷ গতিকে কৰ্কট ৰোগ প্ৰতিৰোধ কৰা স্বাৰ্থত আমি পূৰৈ শাক খোৱা উচিত ৷ গৰ্ভৱতী মহিলাৰ বাৰে পৰম উপযোগী — মাতৃৰ সুস্বাস্থ্য আৰু গৰ্ভস্থ সন্তানৰ সামগ্ৰিক বিকাশৰ বাবে পূৰৈ শাক পৰম লাগতিয়াল, দেহত বয়সৰ ছাপ পৰাত বাধা দিয়ে (Anti-ageing ) – ফ্ৰি ৰেডিকেলৰ প্ৰভাৱত ছাল সোতোৰা-সোতোৰ হয় আৰু দেহত বাৰ্ধক্যৰ ছাপ পৰিব ধৰে ৷ বিটা-কেৰটিন, জিয়া-জেনথিন, লিউটিন, ভিটামিন-এ, ভিটামিন-চি আদিৰ এন্টিঅক্সিডেন্ট গুণে ছালক ফ্ৰি ৰেডিকেলৰ পৰা সুৰক্ষা দিয়ে ৷ পাক প্ৰণালীৰ উপকাৰিতা – ফাইবাৰ থকা হেতুকে শৌচ খোলোচা হয় ৷ বিষাক্ত টক্সিন আতৰাই ক’লোনক (বৃহৎ আন্ত্ৰক) কেন্সাৰৰ পৰা সুৰক্ষা দিয়ে ৷ পূৰৈ শাকে খাদ্য হজম হোৱাতো সহায় কৰে ৷ ৰক্ত সঞ্চালন প্ৰণালীৰ সুৰক্ষা -ফাইবাৰৰ উপস্থিতিয়ে শৰীৰৰ অপকাৰী কলষ্টেৰ’ল বাঢ়িব নিদিয়ে ৷ পটেচিয়ামে ৰক্তচাপ আৰু হৃদগতি নিয়ন্ত্ৰণত ৰাখে ৷ হাঁড়ৰ সুৰক্ষা – এই শাকত থকা কেলচিয়াম আৰু মেগনেচিয়ামে হাঁড় সুৰক্ষিত কৰি ৰাখে ৷ ৰোগ প্ৰতিৰোধক ক্ষমতাৰ উন্নতি সাধন -ভিটামিন-চি আৰু বিভিন্ন এন্টিঅক্সিডেন্টে শৰীৰৰ ইমিউনিটি বঢ়ায় বুলি প্ৰমাণিত হৈছে ৷ কিডনিৰ সুৰক্ষাত কি দৰে সহায় কৰে–  পূৰৈ শাকে প্ৰসাব বৃদ্ধি কৰে (Diuretic action ) ৷ কিডনিত পাথৰ সৃ্ষ্টি প্ৰতিৰোধ কৰে ৷ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷ শৰীৰত পানী জমা হব নিদিয়ে ৷ কিডনি বিকল (Renal failure) হ’বলৈ নিদিয়ে ৷ চকুৰ উপকাৰিতা – ১০০গ্ৰাম পূৰৈ শাকত ৮০০০ইউনিট ভিটামিন-এ থাকে ৷ আমাৰ দৈনিক প্ৰয়োজনৰ ২৬৭শতাংশ ৷ আৰু থাকে ভিটামিন-চি৷ ফলত চকুৰ দূষ্টিশক্তি ভালে থাকে ৷ ডাইয়ুৰেটিক গুণৰ বাবে গ্লোকমাৰ পৰাও সুৰক্ষা পায় ৷ সানমিহলি উপকাৰিতা – শৰীৰক শক্তি প্ৰদায়ক, সুনিদ্ৰা অনাত সহায়ক, কাহ-কফত উপযোগী, জুয়ে পোৰা-ঘা-খহু-খজুৱতি আৰু কীট-পতংগৰ আক্ৰান্ত অংশত ইয়াৰ প্ৰলেপ সহায়ক ৷ মোখনিত ইমানেই কম অতি সহজলভ্য প্ৰকৃতিৰ এই অমূল্য দানক আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি ইয়াক আদৰ কৰিলে আমাৰ দেহৰ পৰিপুষ্টি সাধন হব আৰু নিশ্চিতভাবে নিৰোগী জীৱন যাপনত সহায়ক হব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!