পুৰণি দিনবোৰৰ কথা ক’চোন আতা (জাহ্নু ভৰদ্বাজ)
পুৰণি দিনবোৰৰ কথা ক’চোন আতা,
আমাৰ হেৰাই যোৱা বাটবোৰৰ কথা ক’ ৷
কচোন ক’- ৰাতি বিহুৰ মাজতে আবাক কি সুধিছিলি?
ৰঙা ৰিহাখনি ককাঁলত খোচ মাৰি আবাইনো কেনেকৈ কৈছিল- “ব’ল যাওঁ৷”
ক’লীজনীৰ পোৱালি জগোতে দেউতাই ৰাতিটো যে উজাগৰে আছিল;
নৈত সাতুৰিবলৈ গৈ খুৰাৰ চুৰীয়া যে উটি গৈছিল-
এটাইবোৰ আকৌ এবাৰ ক’চোন আতা ৷
ৰাভাৰ কথা ক’চোন আতা,
শেহৰাতি পাছবাৰীৰে আহি কেনেকৈ জকৰা ভাতকেইটাকে সোপাসোপে খাইছিল,
চৌকাৰ খৰিডালেৰে যে জ্বলাইছিল শেষৰটো বিড়ি !
আন্দোলন কৰা ছাত্ৰ সন্থাৰ কথাও ক’-
শেহৰাতি নাৱেৰে চাপৰিত তয়ে থৈ অহাটোৱে
কেনেকৈ চাপৰিৰ কাকাহঁতৰ ঘৰবোৰ জ্বলাইছিল তিৰাশীত ৷
সংগঠনৰ কথাবোৰো ক’আতা,
ইটো চুবুৰীৰে হীৰকজ্যোতিৰ কথাও ক’-
বাঘৰ আগতেল খোৱাটো উৱলি যোৱা শটো হৈ উভতি অহাৰ কথা ক’চোন,
গোটেই গাওঁখনে যে কান্দিছিল সিদিনা !
যি বাটে আহি এইখিনি পালোঁহি আমি- ক’চোন সকলোবোৰ কথা ৷
পাহৰণি সময়বোৰৰ কথা আকৌ এবাৰ ক’চোন;
পুৰণি সময়বোৰৰ কথা আকৌ এবাৰ ক’আতা৷
অনন্য!