ৰবীন্দ্ৰনাথৰ চিন্তা আৰু অসমীয়া কবিতা -(দুলাল বৰুৱা)

(কাব্য সাহিত্য বিশেষ)

ৰবীন্দ্ৰনাথৰ চিন্তা আৰু অসমীয়া কবিতা
-দুলাল বৰুৱা
 

বৈচিত্ৰময় বৰ্ণময় চিত্ৰণ ৰবীন্দ্ৰকাব্যৰ অন্য এক উল্লেখনীয় বৈশিষ্ট্য। ৰবীন্দ্ৰনাথৰ চিত্ৰ-কাব্যৰ বৰ্ণনশৈলীৰ ভাৱ-ভাষা আৰু প্ৰকাশশৈলীৰ লগত অসমীয়াৰ কবিতাৰ বৰ্ণনশৈলীৰ বহু মিল দেখা যায়। প্ৰকৃতিৰ বিশাল প্ৰকাশিকা শক্তিৰ ওচৰত যে কবিৰ ভাষাও অসহায় হৈ পৰে। সেই কথা ৰবীন্দ্ৰনাথৰ দৰে অসমীয়া কবিয়ে অনুভৱ কৰে।
“যে গান আমি নারিনু রচিবারে
শে গান আজি উঠিল চাৰিধারে
আমার দীপ জ্বলিল রবি
প্ৰকৃতি আসি আঁকিল ছবি,
(রবীন্দ্ৰনাথ)
 
মালাকাৰ, কি মালা গাঁঠিবি
সুৰে সুৰে ভুবন ব্যাকুল
সুৰ কৰি কিনো গীত গাবি?
প্ৰকৃতিৰ গীতৰ মাজত
(নলিনীবালা)
 
ৰবীন্দ্ৰনাথৰ মানৱতাবাদী চিন্তাত অসমীয়া কবিয়েও বিচাৰি পালে নিজা মনোভংগীৰ অনুকূল সমল। সেয়ে হয়তো অসমীয়া কবিৰ পৃথিৱীৰ নিপীড়িত মানুহৰ অসহায়তাৰ দূৰ কৰাৰ প্ৰবল কামনাৰ মাজত প্ৰচ্ছন্ন হৈ থাকে ৰবীন্দ্ৰনাথৰ ভাৱ আৰু ভাষাৰ মিল আছে।
এই সব মূঢ় মূক মুখে
দিতে হবে ভাষা
এই সব শ্ৰান্ত শুক্ল
ভগ্ন বুকে
ধ্বনিয়া তুলিতে হবে আশা
(রবীন্দ্ৰনাথৰ)
 
মান অপমান ঢৌৱাই যাওক
পৃথিৱীৰ পৰা গুচি
নতুন সৃষ্টিৰ অৰুণ কিৰণে
কৰক সকলো শুচি
(চন্দ্ৰকুমাৰ আগৰৱালা)
 
পৃথিৱীত সাম্য-মৈত্ৰী আৰু ঐক্য প্ৰতিষ্ঠাৰ বাবে সকলো মানুহক নিজৰ অস্তিত্ব সম্পৰ্কে সচেতন কৰি তোলাটো প্ৰয়োজন বুলি ৰবীন্দ্ৰনাথে অনুভৱ কৰিছিল। এই ৰবীন্দ্ৰ-মনোভংগীৰ লগত অসমীয়া কবিৰ ভাব-ভাষা আৰু সুৰৰ মিল পৰিলক্ষিত হয়।
 
খুলে ফেলো দ্বার
ভেঙে ফেলো ভয়
চলো পৃথিৱীর মাঝে
(রবীন্দ্ৰনাথ)
 
নিষ্পেষিত, উত্‍পীড়ত,
দলিত, পতিত
শোষণ-মুৰ্চ্ছিত পৃথিৱীৰ
বিধ্বস্ত মান্ৱ;
থিয় হোৱা শত্ৰুজয়ী
আত্ম-চেতনাত
(অম্বিকাগিৰী)
 
ৰবীন্দ্ৰ-সাহিত্যত নিহিত অজানা সুদূৰৰ প্ৰতি প্ৰবল আকৰ্ষণৰ ভাব আৰু চিৰ অতৃপ্তিৰ ক্ৰন্দনে ৰবীন্দ্ৰ-চিন্তাত ৰহস্যময়তাৰ সংযোজন ঘটায়। ভাৰতীয় আধ্যাত্মিক ৰহস্যবাদী চেতনাৰে অসমীয়া কবিক আটাইতকৈ বেছি আকৰ্ষণ কৰিছিল যেন লাগে। সেয়েহে ৰহস্যৰ আৱৰ্তত থকা আজানা সুদূৰ তৃষ্ণাত অসমীয়া কবিও আতুৰ।
 
হৃদয় আজি মোর
কেমনে গেল খুলি
জগত আসি সেথা
করিছে কোলাকুলি
জাগিয়া উঠিছে প্ৰাণ
ওৰে উঠলি উঠিছে বারি
ওরে প্ৰাণের বাসনা
প্ৰাণের আবেগ
বুধিয়া রাখিতে পারি
(রবীন্দ্ৰ্নাথ)
 
মই নোৱাৰোঁ কৰিব গান
মই নোৱাৰোঁ মেলিব প্ৰাণ
মোৰ হিয়াৰ তন্ত্ৰী উগুলি-থুগুলি
ধৰিছে বিশ্বতান
কাৰণ , মোৰ কাণত ৰিণিকি ৰিণিকি
আজি পৰিছে আকাশী বাণী
আজি সৌৰজগত বলিয়া কিহত
(সূৰ্যকুমাৰ ভূঞা)
 
আধ্যাত্মিকতাৰ বুনিয়াদে অচিনা-অজানা অস্তিত্বক অনুভৱ কৰা সেই পৰম অস্তিত্বৰ ৰহস্যই প্ৰশ্নৰ আৱৰ্তলৈকো ঠেলি দিয়ে। কবিৰ বাবে প্ৰেমাস্পদৰ ৰহস্যময় স্থিতি যেন চিৰকাল ৰহস্যময় হৈ ৰৈ যায়। ৰবীন্দ্ৰনাথৰ দৰে অসমীয়া কবিয়েও বুজিব নোৱাৰে এই ৰহস্যৰ আৱৰ্তত অজানা সুদূৰত অৱস্থান কৰাজননো কোন হ’ব পাৰে…
 
তুমি কোন কাননের ফুল
তুমি কোন গগনের তারা
তোমার কোথায়
দেখেছি যেন
কোন স্বপনের পারা
(রবীন্দ্ৰনাথ)
 
সুন্দৰ তুমি
হৃদয় মোৰ
কোন কাননৰ
সুৰভি ভৰা
মধুৰ ৰূপৰ
মাধুৰী চৰাই
কোন গগনৰ
নতুন তৰা
(নলিনীবালা দেৱী)
 
পৰিদৃশ্যমান জগতৰ মাজতেই অপেক্ষা কৰাৰ ব্যাকুলতাই কবিৰ মন কেনেবা কৰে, তেতিয়া অনুভৱ কৰে কবিয়ে কোনোবাই ক’ৰবাত তেওঁক হাত ধৰি আগুৱাই নিছে প্ৰতিক্ষণ। অথচ কোনে নিছে ক’লৈ নাজানে কবিয়ে জীৱনৰ অন্তিম মুহূৰ্তলৈকে। এনে অসীম ৰহস্যৰ পাৰ নোপোৱা অনুভৱৰ প্ৰকাশৰ ক্ষেত্ৰতো ৰবীন্দ্ৰনাথৰ অনুভৱৰ লগত অসমীয়া কবিৰ ভাব-সন্মিলন পৰিলক্ষিত হয়।
 
বেলা বহে যায়
পাল লেগে যায়
সোনার তরণী
কোথা চলে যায়
পশ্চিমে হের
নামিছে অস্তাচলে
আর ক’ত দূরর
নিয়ে যাবে
মোরে হে সুন্দরী
(রবীন্দ্ৰনাথ)
 
আজি মোক
কোন পাৰলৈ
লৈ যাবা হে’ৰা
নাৱৰীয়া
নেদেখিছোঁ
সিপাৰৰ ৰেখা
সন্ধিয়াই মেলি দিলে
আন্ধাৰ আঁচল ধৰণীত
(নলিনীবালা দেৱী)
 
ৰবীন্দ্ৰনাথৰ বাবে মৃত্যু আদৰণীয় আৰু গ্ৰহণীয়। কাৰণ কবিৰ বাবে মৃত্যু জীৱন-পৰিক্ৰমাৰ ৰূপান্তৰ মাথোঁ। ৰবীন্দ্ৰনাথৰ অনুভৱৰ এই বিশিষ্ট দৃষ্টিভংগীয়ে নৱকান্ত বৰুৱাৰ অনুভৱকো স্পৰ্শ কৰিছিল গভীৰভাৱে।
 
মনে আজি পরে সে কথা
যুগে যুগে এসেছি চলিয়া
স্খলিয়া স্খলিয়া
চুপে চুপে
রূপ হতে রূপে
প্ৰান হতে প্ৰানে
(রবীন্দ্ৰনাথ)
 
আমি হেনো আহি আছোঁ
যুগে যুগে ৰূপে ৰূপে
সলনি সেঁতুৰ বুকুৰে
পৃথিৱীৰ আঁহে আঁহে
পাকে পাকে বিজড়িত
আমাৰ স্থিতিৰ শিপা..
(নৱকান্ত বৰুৱা)
 
ৰবীন্দ্ৰনাথৰ মৃত্যুৰ প্ৰতি থকা এনে দৃষ্টিভংগীয়ে অসমীয়া কবিক আকৰ্ষণ কৰিছিল আৰু ইয়াৰ প্ৰতিফলন অসমীয়া কবিতাত পৰিলক্ষিত হয়। একেদৰে মৃত্যু-যাত্ৰাত সকলোৱেই অকলশৰীয়া বুলি ৰবীন্দ্ৰনাথে যিদৰে আনুভৱ কৰিছিল, জন্ম আৰু মৃত্যুৰ সীমাৰে বন্ধা জীৱনৰ বন্ধু-বান্ধৱ, আত্মীয়-স্বজন সকলো ক্ষণিকৰ লগৰী বুলি কৰা ৰবীন্দ্ৰনাথৰ অনুভৱ অসমীয়া কবিয়েও অনুভৱ কৰিছিল।
 
সেদিন রবে না ঘর
কেই বা আপোন কেই
বা পর
(রবীন্দ্ৰনাথ)
 
কোন কাৰ জগতৰ
কোন কাৰ মৰমৰ
চকুৰ চিনাকী মাথোঁ
দুদিনৰ
(নলিনীবালা দেৱী)
 
সৌন্দৰ্যক প্ৰেমৰ লগত অবিচ্ছিন্ন বুলি ভবা ৰবীন্দ্ৰশৈলীয়েও সহজ আয়াসতে অসমীয়া কবিৰ হৃদয় চুইছিল। সেয়ে অসমীয়া কবিতাত দেখা যায় তাৰ পূৰ্ণ প্ৰতিফলন।
 
আলোর আলোকময় করে হে
এলে আলোর আলো
আমর নয়ন হতে আঁধার
মিলালো মিলালো
(রবীন্দ্ৰনাথ)
 
পোহৰে ফুলালে ফুল
ৰূপালী ৰেণুৰে ধল বৈ
আহিলে
বুৰাই এন্ধাৰৰে কূল..
(পাৰ্ৱতীপ্ৰসাদ)
 
ওগো জানি না কী
নন্দন রাগে
সুখে উত্‍সুক যৌবন জাগে
আজি আম্রমুকুল সৌগন্ধে
নব-পল্লব মর্মর ছন্দে
চন্দ্র কিরণ সুধা সিঞ্চিত অম্বরে
অশ্রু সরস মহানন্দে
আমি পুলকিত কার পরশনে..
(ৰবীন্দ্ৰনাথ)
 
সুন্দৰে যে ফুলাৰ মন্ত্ৰ
অহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে…
(জ্যোতিপ্ৰসাদ)
 
ৰবীন্দ্ৰনাথৰ এই অতি আকৰ্ষণীয় ৰোমান্টিক ব্যক্তিত্বৰ কাৰণে অসমীয়া কবি আকৃষ্ট হৈছিল আৰু সেই কাৰণেই অসমীয়া সাহিত্যত কেতিয়াবা ভাৱত, কেতিয়াবা ভাষাত, কেতিয়াবা ছন্দত আৰু কেতিয়াবা সামগ্ৰিক দৰ্শনত এই ৰবীন্দ্ৰ-মনোভংগীৰ লগত অসমীয়া ভাব-ভাষ্য আৰু সুৰৰ মিল পৰিলক্ষিত হয়………!!!!
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!