“কাব্য সাহিত্য বিশেষ” – ৰেডিঅ’ (নিৱেদিতা ফুকন)

“কাব্য সাহিত্য বিশেষ”

ৰেডিঅ’

নিৱেদিতা ফুকন

তাঁৰৰ চিনৰ নাম গোন্ধ নাই

মাতি থাকে সময়ক

 

ভিতৰত ওখ ওখ ঘৰৰ মহানগৰী

কেপচুলত সোমাই থাকে নেকি মাতবোৰ

ক’ৰ পৰা আহে

অনাবৃষ্টিৰ আৰু অনাসৃষ্টিৰ অনাতাঁৰ নহয়

সুৰ বাগৰে, মাত মাতে, বৰষুণ হয়

 

বেটেৰীৰ স’তে যাৰ জীৱন যাপন

 

আকাশবাণী

বতাহ নে সুৰ, সুৰ নে বতাহ

ৰবীন্দ্ৰ নাথৰ আকাশবাণী

 

আকাশবাণী……

 

ভায়’লিনৰ সুৰেৰে আৰম্ভ কৰিম

চেহনাইৰ মাত বেছি কোমল

নে চৰাইৰ স’তে একেলগে উৰি যাম দিগন্ত বিয়পি

 

বংকিমচন্দ্ৰৰ বন্দে মাতৰম

দুৰ দুৰ দুৰলৈ সিঁচি যাম

বগা বগা এজাক পাৰ হৈ

 

ষ্টেচন

ওখ এটা লোহাৰ ফ্ৰেম

তিনিটামান ছাতি

বতাহ নামে আৰু উঠে, পোহৰ সৰকে

এইমাত্ৰ ইয়াৰ পৰাই মাতিছোঁ

শুনিছানে মোৰ মাত,

অতি বাস্তব মই ইয়াত আছোঁ

অথচ মই তোমাৰ হৃদয়ত

দেউতাৰ শৱদেহৰ কাষত মোৰ মা

 

যান্ত্ৰিক বিজুতি

অনিবাৰ্য কাৰণবশতঃ…

 

তোমাৰ হৃদস্পন্দন ৰুদ্ধ

সেয়া অনিবাৰ্য কাৰণবশতঃ

এইমাত্ৰ বজা গানটো কাইলৈ নুশুনা

সোঁৱৰণ, কুঁৱলীত হাত-মুখ চেঁচা হৈ মৰিল

নুশুনা অনিবাৰ্য কাৰণবশতঃ

 

ইণ্টাৰভিউ

শীত-তাপ নিয়ন্ত্ৰিত এটা কোঠা

যন্ত্ৰ-পাতিৰ আগত ক’ব লাগিব তোমাৰ পৰিচয়

মাতষাৰ তোমাৰ শুনিলোঁ

ৰেডিঅ’ৰ মাত ডাঙৰ কৰি লওঁ

 

নিয়ন্ত্ৰ কক্ষ আৰু ডিউতি ৰ

আইনাৰ দুৱাৰ ঠেলি ঠেলি শেষ নহয়

কাৰ্পেটৰ ওপৰত ভৰিৰ শব্দ নহয়

গম নাপায় মই এতিয়ালৈকে নিয়ন্ত্ৰণ কক্ষ

বিচাৰি পোৱা নাই বুলি

 

…নিয়ন্ত্ৰণ কক্ষ বিচাৰিবলৈ

আৰু কেইখনমান দুৱাৰ ঠেলিব পাৰিম

 

কল্পনাৰ বাগিচা

গুণগুণাই গুণগুণাই টোপনি যোৱা

কল্পনাৰ বাগিচা এইখন

বুৰাই লৈ যাব ডাৱৰেৰে

থোপাথোপে ফুল ফুলিব

 

চকু মুদি ভাবি ভাবি

বিচাৰি পোৱা বাগিছা এইখন

 

ঘোষক আৰু ঘোষিকা

মাতবোৰ যাৰ কেৱল মাতবোৰ

মই চিনি পাওঁ

সিঁহত দুয়োটাই প্ৰেমত পৰিছে

 

শ্ৰোতা

ছুইটছ টিপা মানুহটো হেনো শুই থাকে

পুৰণিকলীয়া অসুখ

ৰেডিঅ’ৰ মাতত সাৰ পাই আৰু শুৱে

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!