ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ৰগৰ(-ধীৰাজ কলিতা )

(ক)

বিশ্ববিখ্যাত খৰ্গহীন গঁড়
কাজিৰঙাতহে পায়
এশিঙীয়া গঁড় চাবলৈ
মিউজিয়ামলৈ যায়

(খ)
ফাকিবুলৰ নতুন প্ৰজেক্ট
হাইব্ৰীড গঁড়
পিঠিতো শিং,ভৰিতো শিং
(নিবনুৱা ভাই)
খৰ্গৰ ব্যৱসায় কৰ

(গ)
ফাকিবুলৰ সঁচা কথা
কপালৰ লিখন নহয় খণ্ডন
জন্ম-মৄত্যু ভগৱানৰ খেল
জীৱ-জন্তুৰ মৃত্যু প্ৰকৃতিৰ নিয়ম

(গ)
অটব্য অৰণ্য,টকলা হ’ল গৈ
কুকুৰ,বান্দৰ,নিগনিৰ ঘৰ
হাবিয়ে বননিয়ে জীৱশ্ৰেষ্ঠ মানৱ
হাতী-বাঘ গৈ পালেগৈ চহৰ

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!