সঁচাও নহয়, মিছাও নহয় (সঁফুৰালৈ শ্ৰদ্ধা সহকাৰে) (- বি.জে. ৰঞ্জন)

সঁচাও নহয়, মিছাও নহয়
(সঁফুৰালৈ শ্ৰদ্ধা সহকাৰে)

********************

 

১) ক্লাছ টুৰ ৰাহুলে তাৰ স্কুলৰ ড্ৰয়িং বুকখন ছমহীয়া ভায়েকৰ হাতত দি নিচুকাব চাইছে। ৰাহুলৰ বন্ধু ৰিকিয়ে তাকে দেখি ৰাহুলক কলে-হেই! সেইখন নিদিবা, ফালি পেলাব। সি সৰু আছে যে, এইখন তোমাৰ স্কুলৰ বহী বুলি নাজানে নহয়।
ৰাহুলে হাঁহি ক’লে-ইচ্, তেন্তে ঘৰৰ বুলি কেনেকৈ জানে ?
ৰিকিয়ে কলে-সিটো নাজানে স্কুল বুলি কিবা বস্তু আছে, এতিয়া যেনেকৈ সি ঘৰৰ কাগজ-চাগজ আদি ফালে, এনেকৈয়ে ঘৰৰ বুলি ফালি দিব, স্কুলৰ বুলি জানিলে নাফালিলে হয়।xosao nahai misao nahai

২) ৰাহুলে দেউতাকক সুধিছে-দেউতা, কেঁকোৰাৰ কিয় মূৰ নাই?
কিবা ভাবি থকা দেউতাকে অন্যমনস্কভাৱে উত্তৰ দিলে-কেঁকোৰাৰ ডিঙিয়ে নাই, মূৰ কি থাকিব।

৩) ক্লাচ থ্ৰীত কম্পিউতাৰৰ হাৰ্ডৱেৰ-চফ্টৱেৰৰ সম্পৰ্কে বুজোৱাৰ পিছত ৰাহুল আৰু ৰিকিক শিক্ষকে সুধিলে-ৰাহুল আৰু ৰিকি, দুয়োজনে হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ একোটাকৈ উদাহৰণ দিয়াচোন।
ৰাহুলে ক’লে-চাৰ, গৰুৰ গোবৰ এবিধ হাৰ্ডৱেৰ, কাৰণ ইয়াক চুব পাৰি, দেখাওঁ পায়।
ৰিকিয়েও লগে লগে ক’লে-চাৰ কিন্তু গোবৰৰ গোন্ধটো চফ্টৱেৰ, কাৰণ ইয়াক চুব নোৱাৰি, দেখাওঁ নাপায়।

৪)নিখিলক তাৰ কলেজৰ বন্ধুবোৰে অমায়িক বুলি কয়।
কাৰণটো-আটাহ পাৰি, চিঞৰি চিঞৰি কথা কোৱা নিখিলক “মাইক”ৰ দৰকাৰে নাই।

৫) নবাৰুণে কাণেৰে কম শুনে। সিদিনা এটা বিশেষ দৰকাৰত তাৰ বন্ধু সিদ্ধাৰ্থই তালৈ ফোন লগাই খুউব চিঞৰিলে। শেষত ফোনটো কাটি দি সিদ্ধাৰ্থই খঙতে নিজক নিজে কলে-ই এনেই নুশুনে, তাতে বুলে ট্ৰেইনত গৈ আছে, কি লাভ তাৰ লগত কথা পাতি।

৬) যেতিয়াই লগ পাওঁ দিন বেয়া, দিন বেয়া বুলি কৈ (কান্দি) থকা বিজুক সিদিনা ৰাষ্টাত লগ পাওঁতে ক’লে-দাদা, কি কম, কি যে বেয়া দিন চলিছে। গেছৰ বহীখন দোকানত এখনত ৰাখিছিলোঁ। বাপ্পেকে দোকানতে জুই লাগি গ’ল।
সুধিলো-তোমাৰ বহীখন?
-জ্বলি গল, চাওঁকচোন, দিন বেয়া হ’ল বুলিয়ে গেছৰ বহীখনো জ্বলিব লাগেনে ?
এই বুলি বিজু গ’লগৈ। চিন্তা কৰিলোঁ- কথাটো সঁচা নহয় কিন্তু মিছাও নহয়।

৭) সাঁতোৰ শিকিবলৈ গৈ পুখুৰীত ডুবিব ওলোৱা চন্দনে বোলে ডুবি থাকোতে মনে মনে চিন্তা কৰিছিল-ঘৰত মই সাঁতোৰ শিকোঁ বুলি কৈয়ো নাহিলোঁ, এতিয়া যদি ডুবি মৰো, ঘৰত আজি দেউতাৰ কেনেকুৱা বেয়া গালি খাব লাগিব।

৮) মাহী এজনীৰ ডাঙৰ ছোৱালীজনীৰ নাম আছিল-ডাঙৰ মাইনা। তাইতকৈ সৰুজনীৰ নাম-সৰু মাইনা। তাৰ পিছতো এজনী ছোৱালী উপজিল। তাইক মাতা কৰিলে মাইনা বুলি। পিছে মাজুটো সৰু-মাইনা সৰু-মাইনা হৈয়ে থাকিল।
সময়ত ডাঙৰ হৈ ডাঙৰ মাইনাৰ বিয়া হৈ এজনী মাইনা হ’ল, তাইৰো নাম মাইনা হ’ল। সেইজনী মাইনাই এতিয়া সৰু মাহীয়েকক মাইনা মাহী বুলি মাতে।

৯) ইংলিচ কবলৈ বৰকৈ ইচ্ছা কৰা কল্পই লগৰবোৰক কয়-মই ইংৰাজী কোৱা দেখি হাঁহিছ? চাল্লা, যদি কেনেবাকে ইংলেণ্ডত জন্মিলো হয় কেনেকুৱা ফাই-ফাই ইংলিচ কলোহেঁতেন দেখিলি হয়। একো পাত্তাই নাপালি হয়।

১০) নিপুৰ গাৰ বৰণটো ক’লা। তাক ক’লা বুলি কলে বৰ খং উঠে। আটাইতকৈ খং উঠে তেতিয়া যেতিয়া জোনে তাক ক’লা বুলি জোকায়, কাৰণ জোন নিজেই ক’লা। এদিনে জোনে ক’লা বুলি জোকোৱাত নিপুয়ে খঙেৰে কলে-মই ক’লা ক’লা, কিন্তু তই মোতকৈ বেছি ক’লা, চালা এশ গ্ৰাম হ’লেও বেছি ক’লা।

(বিনম্ৰতাৰে- এই ক’লা, কলা, ডাঙৰ মাত আদি কৌতুকৰ উদ্দেশ্যত হে দিয়া হৈছে, গতিকে ভুল নাই হোৱা যেন লাগিছে। ভুল হোৱা বুলি যদি ভাবে ক্ষমা কৰি দিয়ে যেন।)

–বিজে ৰঞ্জন

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!