স্কুলীয়া দিনৰ ৰাখী বন্ধন – (প্ৰতীম কুমাৰ বাঢ়ৈ)

স্কুলীয়া দিনৰ ৰাখী বন্ধন

-(প্ৰতীম কুমাৰ বাঢ়ৈ)

ৰাখী বন্ধনৰ দিনটো আহিলেই মনত পৰে আমাৰ সেই স্কুলীয়া দিনবোৰলৈ। সৰুৰে পৰাই স্কুলতে দিনটো পালন কৰি আহিছিলো, আমাৰ স্কুলত ৰক্ষা বন্ধন দিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। মনত পৰে আমাক গৰমৰ বন্ধত প্রত্যেককে ঘৰত ৫০/৬০ ডালকৈ ৰাখী বনাই আনিবলৈ কোৱা হয় যিটো গ্রীষ্ম বন্ধৰ গৃহকাৰ্য হিছাপে ধৰা হয়। আমাৰে মাজৰে কিছুমানে বৰ ধুনীয়া ধুনীয়াকৈ ৰাখীবোৰ বনাই আনিছিল কিন্তু আমি কিছুমানে যেনেতেনে ঊলৰেই বনাই মেলি নি জমা দিছিলোগৈ আৰু। ৰক্ষা বন্ধনৰ দিনা বজাৰৰ পৰা ৰাখী ক্রয় নকৰি আমি বনোৱা এই ৰাখী সমূহৰেই শিক্ষক-শিক্ষয়ত্রী, আমন্ত্রিত অতিথি আৰু ছাত্র-ছাত্রী সকলক পিন্ধোৱা হৈছিল। আমাৰ সহপাঠী ছাত্ৰী সকলে বা স্কুলৰে আন ভন্টি সকলে আমাৰ হাতত ৰাখী পিন্ধাই দিছিলে। আমি ল’ৰা বোৰেও আমাৰ শিক্ষক-শিক্ষয়ত্রী তথা আচাৰ্য-আচাৰ্য্যা সকলক ৰাখী পিন্ধাই ভৰি চুই আশিস বিচাৰিছিলো। সেই দিনবোৰলৈ মনত পৰে আমাৰ ল’ৰাবোৰৰ মাজত যে এক প্রতিযোগিতাই হৈ গৈছিল কাক কিমান জনী ছোৱালীয়ে ৰাখী পিন্ধাইছে! আচলতে পঢ়াত অলপ চোকা বা শান্ত প্ৰকৃতিৰ ল’ৰা কেইজনৰ হাতত আমাৰ তুলনাত বেছি ৰাখীয়ে স্থান পাইছিল।ঠিক সেইদৰে অলপ ডাঙৰ হোৱাত বিভিন্ন ধৰণৰ আমোদজনক ঘটনাও ঘটিছিল ৰাখী বন্ধনৰ দিনটোত।যেনে আমাৰ লগৰে ৰাহুলে নৱম শ্ৰেণীৰ ছোৱালী এজনীক মনে মনে ভাল পাই আছিল, যদিও সি আমাক এই বিষয়ে কৈছিল কিন্তু ছোৱালীজনীক ক’বলৈ সাহস হোৱা নাছিল। ছোৱালীজনীয়ে কথাটো গম পোৱাৰ পাছত ৰাখী বন্ধনৰ দিনাই তাৰ হাতত সূতা এডাল বান্ধি সেই কাহিনীভাগৰ তাতে সমাপ্ত কৰিছিল। তেনে ধৰণৰ বহুত ঘটনা নৱম,দশম বছৰ দুটাত ঘটিছিল।এতিয়া ক’বলৈ লাজেই লাগে ৰাখী বন্ধনৰ দিনাখন যে কোনোবা ছোৱালীয়ে ৰাখী পিন্ধাই বুলি ধুনীয়াকে লাক্স চাবোনৰে গাটো আৰু হাতখন ঘঁহি ঘঁহি ধুইছিলোঁ। ওচৰলৈ আহিলে যাতে গাৰ গোন্ধ নাপায় আৰু হাতখন বগা দেখেই বা! আমাক সেইদিনাখন জিলা কাৰাগাৰ, পুলিচ থানা, চিকিৎসালয়, সেনা চাউনী আদিলৈও ৰাখী বান্ধিবৰ বাবে বিদ্যালয়ৰ ফালৰ ছাত্র-ছাত্রী সকলক ভাগ ভাগ কৰি লৈ যোৱা হৈছিল।খুব আনন্দ পাইছিলো সেই দিনটোত এনেদৰে কাৰাগাৰৰ কয়দী সকলক বা সেনা সকলক বা হস্পিতালৰ ৰোগী-ডাক্টৰ সকলৰ হাতত ৰাখী পিন্ধাবলৈ পায়।স্কুলীয়া দিনবোৰৰ সৰুসৰু কিছুমান কথাই আজিও মনটোক দোলা দি যায়। এবাৰ আমাক জিলা কাৰাগাৰৰৰ কয়দী সকলক ৰাখী পিন্ধাবৰ বাবে লৈ যোৱা হৈছিল। সেইদিনা কাৰাগাৰৰ অধীক্ষক জনে সকলো কয়দীকে কৈছিল যে আমি তেওঁলোকক ৰাখী পিন্ধালে উপহাৰ হিছাপে আমাৰ সন্মুখত প্রত্যেকে তেওঁলোকৰ এটা বেয়া গুণ আজিৰ পৰা ত্যাগ কৰিম বুলি কথা দিব লাগিব।যদিও কথাটো সৰু আছিল কেইজনমান কয়দীয়ে কান্দি কান্দি তেওঁলোকে জীৱনত যি ভুল কাম কৰিলে সেয়া আৰু কেতিয়াও নকৰে বুলি কোৱা কথা কেইষাৰে আমাৰ কুমলীয়া মনটো ডাঠ কৰি পেলাইছিল। ঠিক সেইদৰে সেনা সকলক পিন্ধোৱা ৰাখীৰ উপহাৰ হিছাপে আমাৰ সকলো ছাত্র-ছাত্রীলৈ পঠাই দিয়া ফল-মূল, গ্লুক’জ, চাবোন আদিৰ দৰে মৰমৰবোৰ সদায় মনত থাকিব। জীৱনৰ এনে সৰুসৰু অথচ ভাললগা মুহূৰ্তবোৰ কেতিয়াও পাহৰিব পৰা নাযায়। আজিও মনত পৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!