আলুৰ চাটনি (বীণাপানি ৰাজবংশী)

 

akholot
Potato Recipe

ভাতসাজৰ লগত অন্যান্য ব্যঞ্জনৰ লগতে চাটনি এপদ থাকিলে খাই জুতি লগা হয়। তেনে এপদ খুব সহজে প্ৰস্তুত কৰিব পৰা চাটনি হ’ল – আলুৰ চাটনি। আলুৰ চাটনিৰ বাবে আমাক লাগিব –

আলু – মজলীয়া আকাৰৰ এটা

আদা, নহৰু, জলকীয়া – আন্দাজ অনুযায়ী

পিয়াঁজ – সৰু আকাৰৰ এটা

 

প্ৰস্তুতপ্ৰণালী:

আলুটো ধুই প্ৰথমে তেনেই পাতল পাতলকৈ চকলীয়াই লওক। এতিয়া এখন তাৱাত দি এই আলুৰ চকলখিনি তেনেই কমজুইত সেকি লওক। চকলখিনি বাৰে বাৰে লুটিয়াই ভালকৈ সিজিবলৈ দিয়ক। এতিয়া খুন্দনা বা গিলাচত খুন্দনামাৰিৰে আদা-নহৰু-জলকীয়াখিনি ভালদৰে খুন্দি লওক। খুন্দি থাকোঁতেই স্বাদানুসাৰে নিমখ দিব। আদা-নহৰু ভালকৈ খুন্দা হ’লে তাত সেকি থোৱা আলুৰ চকলখিনি দি, পুনৰ ভালকৈ খুন্দক। একেবাৰে শেষত পিঁয়াজ টুকুৰা-টুকুৰকৈ দি আকৌ খুন্দক। সকলোখিনি চামুচেৰে ভালকৈ মিহলাই দিয়ক। এইবাৰ আপোনাৰ আলুৰ চাটনি ভাত বা ৰুটিৰ স’তে পৰিৱেশন কৰিবপৰাকৈ সাজু !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!