শিক্ষিতৰ লজ্জা : জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থা – বিজু সেনাপতি

বিট্ৰিছ শাসনৰ অন্ত পেলাই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতীয় সংবিধানত জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। কেৱল ১০ বছৰৰ বাবে পৰীক্ষামূলকভাৱেএনে ব্যৱস্থাৰ প্ৰয়োগ কৰা হৈছিল যদিও আজি প্ৰায় ৬০ বছৰে ভাৰতবৰ্ষত এনে ব্যৱস্থা ভাৰতীয় সংবিধানৰ যোগেদি বৰ্তাই ৰখা হৈছে। যি উদেশ্য লৈ এনে ব্যৱস্থা ৰখা হৈছিল আৰু এই ব্যৱস্থাৰ দ্বাৰা কেনেধৰণৰ লাভালাভ হ’ল সেয়া এক ডাঙৰ প্ৰশ্ন। কিন্তু সাম্প্ৰতিক সময়ত এনে ব্যৱস্থা তেনেই অমূলক আৰু প্ৰকৃত শিক্ষিত সমাজৰ বাবে ই এক লজ্জাজনক বিষয়। কাৰণ আজিৰ তাৰিখত জাতিগতভাৱে পিছপৰি থকাতকৈ আৰ্থসামাজিকভাৱে পিছপৰি থকাৰ কথাটোহে অধিক বিবেচনাৰ যোগ্য। জাতি-ধৰ্ম-বৰ্ণ আৰু লিংগ নিৰ্বিশেষে বহু লোক আন লোকসকলৰ তুলনাত পিছপৰি আছে। সেই সকলক ভাৰতীয় সংবিধানৰ আঁত্ততাত সংৰক্ষণৰ যোগেদি বিশেষ সা-সুবিধা প্ৰদান কৰাটো নিত্যান্তই প্ৰয়োজন। এনে কৰিলে সমাজত প্ৰকৃত অৰ্থত সমতা স্থাপন হ’ব আৰু সকলোৰে অধিকাৰ সুৰক্ষিত হোৱাকৈ এখন সুন্দৰ সমাজ গঢ়াৰ পথ মূকলী হ’ব। ভাৰতৰ সকলো ৰাজ্যতে আৰ্থসামাজিকভাৱে পিছপৰা বহু লোক আছে কিন্তু সেয়া জাতি-ধৰ্ম-বৰ্ণ আৰু লিংগ নিৰ্বিশেষে আছে। দুৰ্গম, অনুন্নত আৰু অন্যান্য দিশত পিছপৰা অঞ্চল সমূহত থকা লোকসকল যি জাতি জনগোষ্ঠীৰেই নহঁওক কিয়, পিছপৰি আছে। আনহাতে উন্নত অঞ্চল সমূহত সকলো জাতি জনগোষ্ঠীৰ লোকেই তুলনামূলকভাৱে আগবাঢ়ি গৈছে। ভাৰতীয় সংবিধানৰ অনুন্নত জাতিৰ সংৰক্ষণৰ আঁওতাত থকা বহু লোকো আজি ডাঙৰ ব্যৱাসায়ী, উচ্চ শিক্ষিত, ধনৱন্ত তথা সামাজিক সাংস্কৃতিক আৰু আৰ্থিক দিশত আগবঢ়া। সেই লোকসকলে বা তেঁওলোকৰ সতি-সন্তানে সংৰক্ষণৰ আঁওতাত চাকৰি, শিক্ষা আৰু অন্যান্য সা-সুবিধা পাই থকাটো কিমান ন্যায়সংগত ? আনহাতে সাধাৰণ জাতিৰ লোক বুলি পৰিচিত বহু লোকেই সকলো দিশতে আজিও পিছপৰি আছে। এই লোকসকল সংৰক্ষণ ব্যৱস্থাৰ বাহিৰত ৰৈ গৈ তেনে সা-সুবিধাবোৰ নোপোৱাৰ বাবে বহুবছৰ ধৰি ক্ৰমান্বয়ে পিছপৰি গৈ আছে। এনে লোকৰ সংখ্যা কিন্তু যথেষ্ঠ । এঁওলোকৰ দোষ কি? কেৱল মূৰৰ ওপৰত উচ্চ বংশজাতৰ মোহৰ এটা চক্ৰান্তমূলকভাৱে মাৰি থোৱা আছে বাবে এওঁলোক আজি সকলো দিশৰ পৰাই ভাৰতীয় সংবিধানৰ দ্বাৰা লাঞ্চিত আৰু বঞ্চিত। এয়া সমগ্ৰ বিশ্ববাসীৰ সন্মূখত বৰ্তমান প্ৰেক্ষাপটত প্ৰতিজন শিক্ষিত ভাৰতীয়ৰ বাবেই নিশ্চয় লজ্জাজনক কথা। আজিৰ পৃথিৱীত জাতিগত প্ৰভেদ বিচাৰ কৰি এনেধৰণৰ অন্যায় সাধাৰণ জনতাৰ ওপৰত হৈ থকাটো আমি সহ্য কৰি থকা উচিতনে ? এনে ব্যৱস্থাৰ সংশোধন ঘটোৱাৰ দিন কেতিয়াবাই আহি গৈছে। মেধা আৰু আৰ্থিক অৱস্থাৰ ওপৰত ভিত্তি কৰিহে সংৰক্ষণ ব্যৱস্থা থকা উচিত আৰু প্ৰতিজন শিক্ষিত ব্যক্তিয়ে এনেবোৰ কথা আজিৰ তাৰিখত নিশ্চয়কৈ উপলব্ধি কৰিব পাৰে। এনে ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে আমাৰ মাজত দেখা দিয়া জাতিগত, গোষ্ঠীগত প্ৰভেদবোৰ বহুপৰিমানে কমি যাব। সংৰক্ষণৰ দৌৰত সংগ্ৰাম কৰি কৰি সকলৰ বাবে হানিকাৰক পৰিবেশ সৃষ্টি কৰি থাকিব লগা অৱস্থাটোও বহুক্ষেত্ৰত অদৃশ্য হৈ যাব। সংৰক্ষণ ব্যৱস্থাৰ বাহিৰত থকাৰ বাবেই ক্ৰমে ক্ৰমে অধোগতি হোৱা কৰা সাধাৰণ জাতিৰ বহুসংক্ষক লোকৰ ভৱিষ্যত ৰক্ষা কৰিবৰ বাবে আৰু সকলো দিশৰ পৰা উন্নত হৈও জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ প্ৰভাৱিত লোকসকলৰ আগ্ৰাসন ৰোধ কৰিবৰ বাবেই এই বিষয়ৰ ওপৰত সচেতন হৈ দৃঢ় পদক্ষেপ লোৱাৰ সময় হ’ল।  (৯৪৩৫৪ ৮২৭০৭)

 [email protected] শিলিখাবাৰী, দেওঘৰীয়া, তিতাবৰ, যোৰহাট ৭৮৫৬৩০

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!