ৰৈ যোৱা খাদ্যৰ অতি কম সময়ত আৰু সহজতে বনাব পৰা দুটা ৰেচিপি– নাজিয়া হাচান
খাবলৈ কিবা ৰান্ধিলে, কেতিয়াবা অলপ বেছিকৈ ৰৈ গ’লে পেলাই দিবলৈ বেয়া লাগে৷ নহয় জানো? ই একপ্ৰকাৰ খাদ্যৰ অপচয়ো হয়৷ আহকচোন এনেকৈ ৰৈ যোৱাৰ খাদ্যৰ পৰা বনাব পৰা সোৱাদলগা ৰেচিপি দুটা জানি লওঁ৷
1)
মিক্স ভাজি বা তৰকাৰীখন আৰু দালিখন প্ৰায়েই ৰৈ নাযায় জানো অলপ হ’লেওঁ? ৰ’ব, চিন্তা নকৰিব৷ তৰকাৰী বা ভাজিখিনিৰ লগত দালিখিনিও মিক্সিত পিহি লওঁক৷ মিক্সিৰ পৰা মিশ্ৰণটো পাত্ৰ এটাত লৈ তাত আটা বা ময়দা সানি লওঁক৷ ৰুটী বনাওঁতে আটা মৰাৰ নিচিনাকৈ আটাখিনি মিহিকৈ মাৰি লওঁক৷ তাৰপৰা একোটা লাড়ু বনাই ঘী সানি পৰঠা বনাওঁক৷
কেঁচা ধনীয়া, আদা, নহৰু, জলকীয়া, নিমখ মিক্সিত মাৰি লৈ চাট্নি বনাই লওঁক৷ টেঙেচীয়া সোৱাদ ভালপোৱা সকলে চাট্নিত অলপ নেমু চেপি লওঁক৷ চাট্নিৰ লগত গৰম গৰম পৰঠাৰ সোৱাদ লওঁক৷
2)
ইড্লী দুটামান ৰৈ গ’লেও পেলাই দিবলৈ বেয়া লাগে৷ নহয়নে?
ৰৈ যোৱা ইড্লীকেইটা চাৰিকোণীয়াকৈ টুকুৰা টুকুৰিকৈ কাটি লওঁক৷ টুকুৰাকেইটাত হালধি-নিমখ-জলকীয়া গুৰি অলপ সানি লওঁক৷ এটা কেৰাহীত তেল গৰম হ’ব দিয়ক৷ তেল সৰহকৈ দিব নালাগে৷ দুটামান গোটা সৰিয়হ, কেঁচা জলকীয়া, নৰসিংহ পাত তেলখিনিত দি লৰাই দিয়ক৷ তাতে ইড্লীৰ টুকুৰা কেইটা দি দিয়ক৷ অলপ সময় ফ্ৰাই কৰি পিৰিচ্ এখনত উঠাই থওঁক৷
গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰক৷