ৰূমমেট (-উদ্দিপ তালুকদাৰ)

 

হোষ্টেলত ৰূমত আড্ডা বহে। প্ৰায় সদায়ে। বিষয় বহুত। কিন্তু শেষ বিষয় সদায় একেটাই। যেনে? ৰ’ব। বৰ্তমান অসহিষ্ণুতা বাঢ়িছে। ধৰ্ম বস্তুটোৱেই বেয়া। পিকে-ত দিছে নহয় ঠিক্‌ চে। পিকে-ত সেই নদীৰ পাৰত অনুষ্কাক কিন্তু বঢ়িয়া লাগিছিল। সেই আমাৰ বেট্‌ছৰ অমুকীৰ ওঁঠকেইটা কিন্তু একেবাৰে অনুষ্কাৰ নিচিনা…. বা, ফেচবুকৰ ফ্ৰী-বেছিকচে কিন্তু নেট নিউট্ৰিলিটী নষ্ট কৰি দিব। এই মাৰ্ক জুকাৰবাৰ্গ কম বস্তু নহয় বে! জুকাৰবাৰ্গৰ ঘৈণীয়েক ‘থাইলেণ্ড’ৰ জাননে নাই? অ’ই, আমাৰ ই দগা-ই সিদিনা জুনিয়ৰজনীক চেনী খাবলৈ সুধিয়েই দিলে নহয়, তাই থাইলেণ্ডৰ নেকি বুলি? হয় নেকি? ক-চোন ক…. এনেকৈ চব আড্ডাৰে বিষয় কেনেবাকৈ নহয় কেনেবাকৈ একেই হৈ যায়। ৰূমমেটে কিন্তু এনে আড্ডাত মুঠেই ভাগ নলয়।

roommateসিদিনা কোনোবা এটাই সুধিয়েই দিলে, ‘তোমাৰ কি সেইবিলাক নায়েই নেকি হে?’ ৰূমমেট গহীন হৈ গ’ল। ‘নক’বি আৰু! মই বাদ দিছোঁ দে।’ ‘কিয় হে?’ ‘সাতজনীকৈ ছোৱালীৰ জীৱন নষ্ট কৰাৰ পাছত…. তাকো এজনীৰ ক্লাছ ছেভেনতে…’ পৰিবেশ গহীন হৈ গ’ল। সাতজনীকৈ ছোৱালীৰ জীৱন নষ্ট! বিষয়টো কোনেও আৰু আগবঢ়াব নিবিচাৰিলে। আচলতে উদণ্ডৰ আড্ডা হ’লেও, কিছুমান কথাত ৰেখা কিমানত টানিব লাগে, সকলোৱে জানে, কোনোবাই জোৰকৈ জাপি দিলেহে দিগদাৰ হয়। বিহুৰ মঞ্চত উঠোেঁত যিদৰে মাৰ্জিত পোছাক পিন্ধিব লাগে বুলি চবেই মানেই, তেনেকুৱাকৈ। কিন্তু, মইহে নোৱাৰিলো। ৰূমমেট এনেকুৱা অন্তৰ্দণ্ডত ভূগিলে মইনো কোন সতেৰে চাই থাকো বাৰু? সেয়ে এদিন লাহেকৈ সুধিয়েই দিলো। ‘কিনো ঘটিল কোৱাচোন?’ ‘নক’বাহে ৰূমমেট, এতিয়ালৈ সাতজনীক প্ৰপ’জ মাৰিছোঁ, সাতজনীয়েই ন’ বুলিলে। প্ৰথমজনীক ক্লাছ ছেভেনতে লাভ-লেটাৰ এখন দিছিলো। তাই বেটীয়ে ছাৰক দি দিলেগৈ…..’ ‘নহয়, মানে জীৱন নষ্ট কৰাৰ কাহিনীটো?’ ‘হাৰে, মোৰ দৰে ল’ৰা এটাই প্ৰপ’জ কৰাৰ পাছত ৰিজেক্ট কৰি সিহঁতে জীৱনকেইটা নষ্ট নকৰিলে জানো?মোৰ বেয়াই লাগে বুজিছানে? সেয়ে, আৰু কোনো ছোৱালীকে প্ৰপ’জ দি জীৱন নষ্ট নকৰোঁ বুলি শপত খাইছোঁ। এনেয়ে দোষৰ ভাগী নহওঁ আৰু…’
(ৰূমমেটৰ আগত সাষ্টাঙ্গে পৰি দিলো।)

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!