ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ জিলা সমন্বয়ৰক্ষী বিষয়া ৰুমী দেৱীৰ সৈতে এক চমু সাক্ষাৎকাৰ

 

সকলোৰে বাবে স্বাস্থ্য – ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ এক বলিষ্ঠ পদক্ষেপ:

জিলা সমন্বয়ৰক্ষী বিষয়া ৰুমী দেৱীৰ সৈতে এক চমু সাক্ষাৎকাৰ – দিপুল মালাকাৰ 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অধীনত “ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম” এখন নতুন স্বাস্থ্য আঁচনি য’ত জন্মৰ পৰা ১৮ বছৰ বয়সৰ শিশু আৰু কিশোৰৰ স্বাস্থ্য নিশ্চিতকৰণৰ বাবে বিভিন্ন ধৰণৰ ৰোগৰ চিনাক্তকৰণ আৰু তাৰ বিনামূলীয়া চিকিৎসা সেৱা অন্তৰ্ভুক্ত। এই আঁচনিখনৰ বিষয়ে বিশদভাবে জানিবলৈ আমি শোণিতপুৰ জিলাৰ NHM ৰ সমন্বয়ক বিষয়া ৰুমী দেৱীৰ কাষ চাপিছিলোঁ।

সাহিত্য ডট্অৰ্গ: নমস্কাৰ গ্ৰহণ কৰিব। আমি সাহিত্য ডট্‌ অৰ্গ নামৰ আমাৰ প্ৰিয় ই-আলোচনী খনৰ ফালৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ। আমি আপোনাৰ পৰা ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰমৰ বিষয়ে এটা সাক্ষাৎকাৰ ল’বলৈ বিচাৰিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হ’ল এই আঁচনিখনৰ বিষয়ে ৰাইজক অৱগত কৰোৱা।

ৰুমী দেৱী: নিশ্চয়। মই সুখী হৈছোঁ যে এই আলোচনীৰ জৰিয়তে আঁচনিখনক ৰাইজৰ মাজলৈ লৈ যাব পাৰিম।

সাহিত্য ডট্‌ অৰ্গ: প্ৰথমে আপোনাৰ চিনাকি দিয়কচোন, মানে ৰুমী দেৱীৰ বিষয়ে জনাওক।

ৰুমী দেৱী: মোৰ ঘৰ দিচৈকাষ, বালিগাঁৱ, যোৰহাটত।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ “ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্য্যক্ৰম” চমুকৈ RBSK আৰু ‘সাপ্তাহিক আইৰন আৰু ফলিক এচিড বিতৰণ” চমুকৈ WIFS, “কৈশোৰৰ যৌন স্বাস্থ্য বা ARSH” ৰ জিলা সমন্বয়ক হিচাপে ৬ আগষ্ট ২০১৪ চনত যোগদান কৰিলোঁ। এনেকুৱা community ৰ লগত জড়িত কামবোৰ কৰি আগৰে পৰা ভাল লাগিছিল বাবে এই চাকৰিটোত আবেদন কৰিছিলোঁ। ইয়াৰ আগত ২০১১ আৰু ২০১৩ চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰাজনীতি বিভাগৰ অধীনত তিনিটা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ প্ৰজেক্টত কৰিছিলো, ২০১২ চনৰ জুলাইত যোৰহাটৰে CNS নামৰ NGO জৰিয়তে  (ঋতুৰেখা বৰুৱা জিলা সমন্বয়ক) মাজুলীত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কৰা এটা প্ৰজেক্টত কৰিছিলোঁ, ২০১২ আৰু ২০১৩ জানুৱাৰী -ফেব্ৰুৱাৰী মাহত WHO ৰ অধীনত তিনিটা প্ৰজেক্টত External Monitor হিচাপে নিয়োগ হৈছিলোঁ আৰু ২০১৩ চনৰ মাৰ্চৰ পৰা জুলাইলৈকে গুৱাহাটীৰ অমিয় কুমাৰ দাস সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ গৱেষণা প্ৰতিষ্ঠান ( OKDISCD)ত এনেধৰণৰ কামতে Research Assistant হিচাপে কৰিছিলোঁ।

বৰ্তমান RBSK লগত জড়িত হৈ শিশু সকলক বিনামূলীয়া চিকিৎসা বাবে লগত যেতিয়া আমি মাজে মাজে অফিচৰ ফালৰ পৰা চিকিৎসালয়লৈ লৈ আহোঁ সঁচাই বহুত ভাল লাগে। ইয়াৰ লগতে মাহেকত আমি (ৰাজ্যিক, জিলা আৰু ব্লকৰ কৰ্মী সকল) যেতিয়া RBSK দলে শিশুসকলক বিদ্যালয় বা অংগনৱাড়ীত স্বাস্থ্য পৰীক্ষা কৰি থাকে তেতিয়া ফিল্ড ভিজিটত যোৱাটো বাধ্যতামূলক। এই সকলোখিনিৰ ৰিপ’ৰ্ট যেনে মাহেকত কিমানক পৰীক্ষা কৰিলে, ৰেফাৰ আৰু চিকিৎসা দিলে আমি গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ email যোগে পঠিয়াব লাগে আৰু জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তকো জিলাত অনুষ্ঠিত মাহেকীয়া ৰিভিউ মিটিঙত এই বিষয়ে অৱগত কৰিব লাগে।

সাহিত্য ডট্‌ অৰ্গ: ৰাষ্ট্ৰীয় বাল সুৰক্ষা আঁচনিখন কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হল আৰু প্ৰধানতঃ কি কাম কৰে তাৰ বিষয়ে কওকচোন।

ৰুমী দেৱী: ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম নামৰ সুপৰিকল্পিত আঁচনিখন ২০১৪ চনৰ জুন মাহৰ পৰা আমাৰ দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো উদ্বোধন কৰা হৈছিল। চাৰিটা বাস্তৱ স্বাস্থ্য সমস্যাৰ সমিধান নিশ্চিতকৰণৰ মাপকাঠী হিচাপে– শিশুৰ জন্মগত বিসংগতি (Defect at birth), শৈশৱৰ ৰোগসমূহ ( Childhood Diseases), অভাৱজনিত সমস্যাসমূহ (Deficiencies) আৰু বিকশিত বিলম্ব (development delays)ৰ দ্বাৰা আক্ৰান্ত হোৱা শিশুসকলৰ যথাযথ চিকিৎসা সেৱাৰ ব্যৱস্থা এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য। ইংৰাজী আখৰ ‘D’ ৰে আৰম্ভ হোৱা বাবে সংক্ষিপ্ততে “4D” ৰ অধীনত সৰ্বমুঠ ৩৮টা বেমাৰৰ প্ৰাৰম্ভিক চিনাক্তকৰণ (screening) কৰি বিনামূলীয়া চিকিৎসা সেৱাৰ বৱস্থা কৰা হয়।

সাহিত্য ডট্‌ অৰ্গ: এই কামখিনি কৰাৰ বাবে আপোনালোকৰ গোটেই দলটো কেনেদৰে গঠন কৰিছে তাৰ বিষয়ে অলপ কওকচোন।

ৰুমী দেৱী: এই কামখিনিৰ বাবে প্ৰতেকখন জিলাতে জিলা স্বাস্থ্য সমিতিৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এটা RBSK কোষ আছে। এই কোষৰ অধীনত প্ৰতিটো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুটাকৈ RBSK ৰ স্বাস্থ্য কৰ্মীদল থাকে। তাৰে এটা দলত এজন বা দুজন চিকিৎসক (আয়ুৰ্বেদিক বা হোমিওপেথিক ডাক্তৰ), দাঁতৰ ডাক্তৰ, এগৰাকীকৈ নাৰ্চ আৰু ফাৰ্মাচিষ্ট থাকে। চিনাক্তকৰণ তালিকাত অন্তৰ্ভুক্ত ৰোগীক প্ৰেৰণ (ৰেফাৰেল) ব্যৱস্থাৰ দ্বাৰা প্ৰয়োজনীয় চিকিৎসা সেৱাৰ বাবে উন্নত চিকিৎসালয়লৈ পঠিয়াই দিয়া হয়। জিলাসমূহত থকা RBSKৰ অধীনৰ District Early Intervention Center (DEIC) সমূহে এই কামটো পৰিচালিত কৰিব লাগে। এতিয়ালৈকে DEIC-ৰ কাম অসমৰ ৬ খন জিলাত হৈছে আৰু বাকীসমূহৰ গঠনৰ কাম চলি আছে।

সাহিত্য ডট্‌ অৰ্গ: এতিয়া জানিব খুজিছোঁ, এই ৰোগ চিনাক্তকৰণৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ ব্যৱস্থা কৰালৈকে গোটেই কামখিনি কৰোঁতে ৰাজ্যৰ আন আন বিভাগৰ কিবা সহায় লাভ কৰিছে নেকি? বা আন আন বিভাগৰ লগত কেনেদৰে সমন্বয় ৰক্ষা কৰি চলে?

ৰুমী দেৱী: এই আঁচনিখনে ৰোগী বাছনিৰ বাবে বয়স অনুযায়ী এক সুন্দৰ আৰ্হি তৈয়াৰ কৰি লৈছে। জিলা স্বাস্থ্য বিভাগ, জিলা শিক্ষা আৰু জিলা সমাজ কল্যাণ বিভাগৰ লগত অভিসৰণ (convergence) অনুসৰি আশা কৰ্মী, অংগনৱাড়ী আৰু স্কুল শিক্ষকৰ সহায়ত স্বাস্থ্য কেন্দ্ৰ, অংগনাৱাড়ী সেৱা কেন্দ্ৰ আৰু চৰকাৰী বিদ্যালয় সমূহত ৰোগী চিনাক্তকৰণ কৰা হয়। ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই আঁচনিৰ জৰিয়তে এক সুন্দৰ মঞ্চ গঢ় লৈছে। অতিৰিক্ত জিলা উপায়ুক্তক সভাপতি আৰু জিলা স্বাস্থ্য যুটীয়া সঞ্চালক, এগৰাকী মুৰব্বী মেডিকেল অফিচাৰ Nodal Officer আৰু NHM ৰ জিলা আঁচনি প্ৰবন্ধকে ধৰি আন কেইবাজনো সদস্য হিচাপে লৈ এখন দায়িত্বশীল সমিতিয়ে আঁচনিখনৰ সফল প্ৰয়োগৰ সু-ব্যৱস্থা ৰাখিছে। তেনেদৰে ব্লকটো আছে এখন পৰিচালনা সমিতি। সন্নিবিষ্ট ৰোগসমূহৰ চিনাক্তকৰণ নৱজাতক শিশুৰ পৰাই আৰম্ভ কৰা হয় আৰু নৱজাতকৰ জন্মগত বিসংগতি আশা কৰ্মীৰ সহায়ত তালিকাভুক্ত হয়। ৰাষ্ট্ৰীয় বাল স্বাস্থ্যৰ ভ্ৰামমাণ দলটোৱে প্ৰাক্‌-প্ৰাথমিকৰ ল’ৰা-ছোৱালীসকলৰ ৰোগ চিনাক্তকৰণ অংগনাৱাড়ী কেন্দ্ৰত আৰু ৬ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ ৰোগ চিনাক্তকৰণ চৰকাৰী বিদ্যালয় সমূহত পূৰ্বনিদ্ধাৰিত কাৰ্যপৰিক্ৰমা মতে কৰা হয়।

সাহিত্য ডট্‌ অৰ্গ: কি কি ৰোগৰ চিনাক্তকৰণ কৰা হয় তাৰ বিষয়ে অলপ কওকচোন।

ৰুমী দেৱী: তালিকাখন বৰ দীঘল যদিও থুলমুলভাৱে কৈছোঁ। জন্মগত বিসংগতিৰ ভিতৰত স্নায়ু নলীৰ বিকাৰ (Neural Tube Defect), ডাউন্‌ছ ছিণ্ড্ৰ’ম (Down’s Syndrome), জন্মগত ওঁঠ আৰু তালু ফটা (Cleft Lip & Palate / Cleft Palate alone), জন্মগত ভৰিৰ সমস্যা বা ক্লাব ফুট ( Talipes (club foot), জন্মগত কঁকালৰ গাঁঠি সমস্যা (Developmental Dysplasia of the Hip), কেটেৰেক্ট (Congenital Cataract), কাণেৰে নুশুনা ৰোগ (Congenital Deafness), জন্মগত হৃদপিণ্ডৰ বিসংগতি (Congenital Heart Diseases) আৰু চকুৰ ৰেটিনাৰ ৰোগ (Retinopathy of Prematurity),

অভাৱজনিত ৰোগৰ ভিতৰত ৰক্তহীনতা, ভিটামিনৰ অভাৱত হোৱা ৰোগ সমূহ (Vitamin A Deficiency), Vitamin D Deficiency (Rickets),  পুষ্টিহীনতা আৰু আয়’ডিনৰ অভাৱত হোৱা ৰোগ (Goiter), বিভিন্ন ছালৰ ৰোগ যেনে খৰ, খজুৱতি, সংক্ৰমণ ইত্যাদি (Scabies, Fungal Infection and Eczema), কাণ পকা (Otitis Media), ৰিউমেটিক হাৰ্টৰ অসুখ (Rheumatic Heart Disease), হাপানী বা আন তেনে ৰোগ (Reactive Airway Disease), দাঁতৰ ৰোগ (Dental Caries), মুঁচকচ যোৱা যাক আমি মৃগী বুলি কওঁ (Convulsive Disorders), বিকাশ জনিত ৰোগ বোৰৰ ভিতৰত

 স্নায়ৱিক বাধাগ্ৰস্থতা (Neuro-Motor Impairment,  Motor Delay), বুদ্ধি-বৃত্তিৰ বিকাশ নোহোৱা বা পলম হোৱা (Cognitive Delay , Language Delay), অ’টিজিম (Autism), আৰু আন আন মানসিক ৰোগ (Learning Disorder, Attention Deficit Hyperactivity Disorder), ইয়াৰ উপৰিও থেলাচেমিয়া (Beta Thelassemia), কিশোৰ কিশোৰীৰ মানসিক তথা যৌন সমস্যা ইত্যাদি।

সাহিত্য ডট্‌ অৰ্গ: জনসংখ্যা অনুপাতে কৰ্মী দলৰ সংখ্যা পৰ্যাপ্ত নে?

ৰুমী দেৱী: প্ৰতিটো খণ্ডতে আমাৰ কাম-কাজ সুন্দৰকৈ আগবাঢ়ি আছে। আমাৰ কৰ্মী কম বুলি মই নাভাবোঁ।

সাহিত্য ডট্‌ অৰ্গ: ৰোগ চিনাক্তকৰণ হোৱাৰ পিচত কেনেকৈ চিকিৎসাৰ ব্যৱস্থা কৰে?

ৰুমী দেৱী: ৰোগ চিনাক্ত কৰি ৰোগীক প্ৰয়োজনীয় চিকিৎসাৰ বাবে প্ৰাথমিক, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ সেৱা আগবঢ়োৱা হয়। ইয়াৰ বাবে ৰাজ্যিক স্বাস্থ্য বিভাগৰ সহায় লোৱা যায়।

সাহিত্য ডট্‌ অৰ্গ: উন্নত চিকিৎসা বা আন চিকিৎসাৰ বাবে ৰোগীক পঠিয়াই দিয়াৰ (referral system) কিবা ব্যবস্থা আছে নেকি?

ৰুমী দেৱী: হয় আছে। ৰোগীক প্ৰয়োজন সাপেক্ষ উন্নত চিকিৎসাৰ বাবে ৰাজ্যিক RBSK-এ নিৰ্ধাৰণ কৰা চিকিৎসালয়ত চিকিৎসা সেৱাৰ সুবিধা কৰি দিয়া হয়। উদাহৰণ স্বৰূপে ইতিমধ্যে আমি ৰেফাৰেল প্ৰণালীৰ জৰিয়তে হৃদৰোগৰ অস্ত্ৰোপচাৰ বিনামূলীয়াকৈ উপলব্ধ কৰাইছোঁ।

আঁচনি অনুসৰি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত স্বাস্থ্য কৰ্মীৰ দলে বছৰি এবাৰকৈ চৰকাৰী বিদ্যালয় আৰু দুবাৰকৈ অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি স্বাস্থ্যসেৱা আগবঢ়াব। ৰোগ চিনাক্ত হোৱা শিশুসকলক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা বিনামূলীয়া অস্ত্ৰোপচাৰকে ধৰি অনান্য প্ৰয়োজনীয় সেৱা সমূহ প্ৰাথমিক, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ চিকিৎসালয়ত উপলব্ধ। গোটেইখিনি কাম নিয়াৰিকৈ পৰিচালনাৰ বাবে ব্লক, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত বিভিন্ন পদত কৰ্মচাৰী নিয়োজিত আছে।

সাহিত্য ডট্‌ অৰ্গ: RBSK ৰ flagship program কিবা আছে নেকি?

ৰুমী দেৱী: আমাৰ কাৰণে সকলো ৰোগীয়েই সমান। তথাপি হৃদপিণ্ডৰ আসোঁৱাহ (CHD), ফটা ওঁঠ আৰু তালু (Cleft lip & palate), শাৰীৰিকভাৱে বিশেষ ভাৱে সক্ষম আদি শিশু সকলৰ উন্নত চিকিৎসাৰ বাবে নাৰায়ণা হৃদয়ালয়, মিশন স্মাইল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ সুবিধা আছে।

সাহিত্য ডট্‌ অৰ্গ: ক্ষেত্ৰ পৰ্য্যায়ত কোনে কাম কৰে?

ৰুমী দেৱী: প্ৰতিটো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত খণ্ড মুৰব্বী স্বাস্থ্য বিষয়াৰ তদাৰকত দুটাকৈ RBSK-ৰ স্বাস্থ্য কৰ্মীদল থাকে। উদাহৰণস্বৰূপে শোণিতপুৰ জিলাত মুঠ ১৪টা দল আছে।

সাহিত্য ডট্‌ অৰ্গ: আপোনালকৰ এই আঁচনিয়ে ৰাইজৰ কেনেকুৱা সঁহাৰি লাভ কৰিছে?

ৰুমী দেৱী: আমাৰ স্ক্ৰিনিং কেম্পবোৰত ৰোগীৰ ভিৰ দেখি আমি ৰাইজৰ পৰা বিপুল সহাঁৰি পাইছো বুলিয়ে মই ভাবোঁ আৰু জনসাধাৰণৰ সজাগতাই ইয়াক আৰু আগুৱাই নিব পাৰিব।

সাহিত্য ডট্‌ অৰ্গ: জন্মগত হৃদপিণ্ডৰ বিসংগতি, তালু ফটা আৰু ওঁঠ ফটা, আৰু ভৰিৰ বিসংগতি (club foot drformity)ৰ আঁচনি কি দৰে ৰূপায়ণ কৰে?

ৰুমী দেৱী: প্ৰাৰম্ভিক বাছনিৰদ্বাৰা আমি এক ডে’টাবে’চ তৈয়াৰ কৰোঁ আৰু আমাৰ সৈতে বুজা-বুজিৰ চুক্তি অনুসৰি থকা অনুষ্ঠান কেইটাৰ লগত যোগাযোগ কৰোঁ। আমাৰ দ্বাৰা চিনাক্ত হোৱা ৰোগীসকলৰ চিকিৎসাৰ বাবে তেওঁলোকক নিৰ্ধাৰিত তাৰিখত গুৱাহটীলৈ পঠিওৱাৰ ব্যৱস্থা কৰোঁ।

সাহিত্য ডট্‌ অৰ্গ: সৰ্ব্বসাধাৰণ ৰাইজে আপোনালোকৰ সেৱা কি ধৰণে পাব পাৰে?

ৰুমী দেৱী: আমাৰ স্কুল বা অংগনৱাড়ী কেন্দ্ৰত অনুষ্ঠিত কেম্পত উপস্থিত থাকিলেই হ’ল। আমাৰ চিকিৎসকে ৰোগীক চাই নাম পঞ্জীয়ন কৰি ল’ব।

সাহিত্য ডট্‌ অৰ্গ: আপোনালোকৰ কিবা জৰুৰীকালীন সেৱা আছে নেকি?

ৰুমী দেৱী: নাই। আমি জৰুৰীকালীন সেৱা আগবঢ়োৱাব নোৱাৰোঁ কিন্তু ৰোগীক 102, 108 ৰ জৰিয়তে চিকিৎসালয়লৈ আনিব পাৰোঁ। লগতে বানপানী আদি দুৰ্যোগৰ সময়ত আমাৰ দলে সেৱা আগবঢ়াই আহিছে।

সাহিত্য ডট্‌ অৰ্গ: আপোনাৰ কৰ্মৰত জিলাৰ সাফল্যৰ বিষয়ে অলপ জনাওকচোন।

ৰুমী দেৱী: আমাৰ জিলাত বিদ্যালয় আৰু অংগনৱাৰীত প্ৰায় ৫ লাখৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু শিশু আছে। এই শিশু তথা ১৮ বছৰৰ তলৰ বয়সৰ ল’ৰা-ছোৱালী সকলক RBSK টীমৰ দ্বাৰা পৰীক্ষা কৰি বেমাৰ চিনাক্ত কৰি বিনামূলীয়া চিকিৎসা আমাৰ আঁচনি অনুসৰি দিয়াৰ ব্যৱস্থা কৰি আহিছোঁ। ইয়াৰ সাফল্যৰ বিষয়ে এতিয়াই ক’ব বিচৰা নাই। আমাৰ কৰিবলগীয়া বহুত আছে। আমাৰ আঁচনিখন সকলোৱে যিদৰে আদৰি লৈছে, আমি সঠিকভাৱেই কাম কৰি থকা যেন মোৰ ভাৱ হয়।

সাহিত্য ডট্‌ অৰ্গ: মাতৃ আৰু নৱ-জাতকৰ স্বাস্থ্য সেৱাৰ বিশেষ কিবা আঁচনি আছে নেকি?

ৰুমী দেৱী: মাতৃ আৰু নৱ-জাতকৰ স্বাস্থ্য সেৱাৰ আঁচনি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত। RBSK ত জন্মগত বিসঙ্গতি চিনাক্ত শিশুক চিকিৎসা দিয়া ব্যৱস্থা আছে আৰু delivery point-ৰ ডাক্তৰে যদি কিবা বিসঙ্গতি থকা কেঁচুৱা পায় আৰু আশা কৰ্মীয়ে ঘৰে ঘৰে গৈ জন্ম হোৱা শিশুক যেতিয়া পৰীক্ষা কৰি কিবা আসোঁৱাহ পায় তেতিয়া RBSK-ক ৰিপ’ৰ্ট দিব লাগে।

সাহিত্য ডট্‌ অৰ্গ: আন এখন আঁচনি WIFS (Weekly Iron & Folic Acid Supplementation ) বিষয়ে অলপ ক’ব নেকি?

ৰুমী দেৱী: আমি চলাই থকা আন এখন আঁচনি হৈছে WIFS (Weekly Iron & Folic Acid Supplementation ) বা সাপ্তাহিক আইৰণ ফলিক এচিড যোগান ধৰা। চৰকাৰী বিদ্যালয়ৰ ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ল’ৰা ছোৱালীক প্ৰতি সোমবাৰে আইৰণ টেবলেট খাবলৈ যোগান ধৰা হয়। লগতে স্কুল এৰি দিয়া কিশোৰী ছোৱালীক অংগনৱাড়ী কেন্দ্ৰত এই আঁচনিৰ অধীনত আইৰণ টেবলেট দিয়া নিয়ম। এনিমিয়াৰ (ৰক্তহীনতা) দৰে এক সমস্যাক দূৰ কৰি এখন সুস্থ সমাজ গঢ়াৰ এই আঁচনিৰ মূল লক্ষ্য। এই আঁচনিত নতুনকৈ ৫ বছৰ বয়সৰ পৰা ১০ৰ ভিতৰৰ শিশু অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো খুৱাবলৈ ঠিক কৰা হৈছে। WIFS আঁচনি মূলতঃ শিক্ষা, সমাজ কল্যাণ আৰু স্বাস্থ্য এই তিনিওটা বিভাগৰ উমৈহতীয়া আঁচনি।

প্ৰতিখন বিদ্যালয়ৰ শিক্ষকসকলে আৰু অংগনৱাড়ী কৰ্মীয়ে বিশেষ প্ৰশিক্ষণ লৈ এই আইৰণ টেবলেট ছাত্ৰ -ছাত্ৰীক খুৱাব লাগে আৰু ৰক্তহীনতাৰ ওপৰত সজাগতামূলক বাৰ্তা ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰেৰণ কৰিব লাগে। এই আঁচনিখনৰ প্ৰায়োগিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকসকল বা অংগনৱাড়ী কৰ্মীক জড়িত কৰাৰ সম্পৰ্কে তিনিওটা বিভাগৰে শীৰ্ষ পৰ্যায়ত চুক্তি কৰা আছে।

সাহিত্য ডট্‌ অৰ্গ: এই ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্য্যক্ৰমৰ বিষয়ে জানি খুব ভাল লাগিল। এই আঁচনিখনে স্বাস্থ্য সেৱাক ৰাইজৰ পদূলিলৈ লৈ যোৱা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ শুভেচ্ছা থাকিল যাতে এই আঁচনিৰ জৰিয়তে ৰাইজে চৰকাৰৰ স্বাস্থ্য অভিযানৰ সকলো সুবিধা ল’ব পাৰে। লগতে আপোনালৈও শুভেচ্ছা জনালোঁ। ধন্যবাদ।

ৰুমী দেৱী: ৰাইজ আগবাঢ়ি আহি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি এখন সুস্থ সমাজ গঢ়াত সহায় কৰক এয়ে আমাৰ আশা। ধন্যবাদ।

■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!