ৰূপম ভূঞাৰ সৈতে অন্তৰংগ আলাপ
(বৰ্তমান সংগীতজগতত ৰূপম ভূঞা এক পৰিচিত নাম। কটন মহাবিদ্যালয়ত দুবাৰকৈ শ্ৰেষ্ঠ গায়কৰ খিতাপ লাভ কৰা ৰূপম ভূঞাই ২০০৯ চনত আইডিয়া ৰকচ্ ইণ্ডিয়া নামৰ অনুষ্ঠানত তেওঁৰ ‘নৰ্থ-ইষ্ট ব্ৰীজ’ নামৰ দলটোৰে অংশ লৈ দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা ৰূপমে DY365-ৰ DY medley নামৰ অনুষ্ঠানতো গীত পৰিৱেশন কৰি অসমৰ শ্ৰোতা-দৰ্শকৰ অন্তৰ পৰশিবলৈ সক্ষম হৈছে। ৰূপমে ব্যক্তিগতভাবে মুকলি কৰা সংগীতৰ এলবামসমূহৰ লগতে তেওঁলোকৰ নৰ্থ-ইষ্ট ব্ৰীজ নামৰ দলটোৰ এলবামসমূহো ৰাইজৰ দ্বাৰা সমাদৃত হৈছে। এইবাৰ সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা ৰূপম ভূঞাৰ সৈতে অন্তৰংগ আলাপৰ বাবে তেওঁৰ ঘৰলৈ গৈছিলোঁ। সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা সাক্ষাৎ গ্ৰহণ কৰিছে ধ্ৰুবজ্যোতি শৰ্মা, দেৱব্ৰত গগৈ আৰু জ্যোতি ছেত্ৰীয়ে। সাক্ষাৎকাৰ সহযোগী: মনোজ মন কলিতা, অমিতাভ মহন্ত, আদিত্য ৰঞ্জন দত্ত, অনন্ত চহৰীয়া আৰু মিতালী বৰ্মন।)
সাহিত্য ডট অৰ্গ: নমস্কাৰ
ৰূপম ভূঞা: নমস্কাৰ
সাহিত্য ডট অৰ্গ: প্ৰথমে সাহিত্য ডট অৰ্গৰ বাবে আপুনি আজি আপোনাৰ সময়খিনি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ৰূপম ভূঞা: ধন্যবাদ।
সাহিত্য ডট অৰ্গ: আপোনাৰ বিষয়ে আমি ৰাইজক জনাব বিচাৰিছোঁ, সেয়ে আজি ইয়াত উপস্থিত হৈছোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ শৈশৱৰ বিষয়ে ক’ব নেকি অকণমান, যেনে আপোনাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল ইত্যাদি।
ৰূপম ভূঞা: মোৰ জন্ম ১৯৮০ চনৰ ৬ মাৰ্চত, গুৱাহাটীৰ ছাত্ৰীবাৰী হস্পিতাল আৰু মই ইয়াৰে বাসিন্দা, ফটাশিল আমবাৰী, গুৱাহাটী। দেউতাৰ নাম গৌৰীকান্ত ভূঞা আৰু মাৰ নাম চাৰু মেধি। শিক্ষকৰ পৰিয়ালত জন্ম, দেউতাও শিক্ষক আৰু মাও শিক্ষয়িত্ৰী। গুৱাহাটীতে ডাঙৰ-দীঘল হৈছোঁ।
সাহিত্য ডট অৰ্গ: শৈশৱৰ পৰা যিমানে আঁতৰি যোৱা যায় শৈশৱ সিমানেই মনোমোহা হৈ উঠে। আপোনাৰ শৈশৱকো এইদৰে মনোমোহা কৰি তোলা আপোনাৰ তেনে কোনো স্মৃতি আছে নেকি?
ৰূপম ভূঞা: বহুত স্মৃতি আছে। কাৰণ য’ত মোৰ আচল জন্মৰ ঠাই, মোৰ এই ঘৰ আমবাৰীতেই কিন্তু মোৰ আচল ঘৰ অকণমান দূৰৈত; আমবাৰীৰ যিখন পাহাৰ আছে, সেই পাহাৰৰ দাঁতিত একেবাৰে। আমি সৰু কালটো পাহাৰতেই অতিবাহিত কৰিছোঁ, আমাৰ ফুৰা সময়, খেলা সব পাহাৰতেই। এতিয়াও পাহাৰলৈ উভতি যাবলৈ ইচ্ছা যায়, তথাপি লগৰ সমনীয়াবোৰ ডাঙৰ ডাঙৰ হ’ল আৰু সকলো বিভিন্ন কামত ব্যস্ত হৈ পৰিছে। গতিকে আজিকালি কেতিয়াবাহে এনেকৈ লগ হোৱা যায়। কিন্তু আজি মই যি হৈছোঁ, মোৰ শৈশৱৰ সেই স্মৃতিখিনিয়েই মোক এনে হোৱাত সহায় কৰিছে। আমি সৰু থাকোঁতে কিছুমান অনুষ্ঠান আছিল, যেনে অকণিৰ মেল, সাহিত্যচ’ৰা ইত্যাদি আৰু এইবোৰৰ সৈতে জড়িত হৈ আমাৰ কিবা এটা ভালো হৈছিল আৰু এতিয়া নিজৰ মতে কিবা এটা কাম কৰিব পাৰিছোঁ।
সাহিত্য ডট অৰ্গ: লগ-বন্ধু? খেলা-ধুলা?
ৰূপম ভূঞা: বহুত খেলিছিলোঁ, লগ বন্ধু বহুত বেছি আছিল। সেয়ে বোধহয়, বেছি খেলা-ধুলা কৰা, লগ-বন্ধু বেছিকৈ থকা আৰু বদমাছি বেছিকৈ কৰা বাবে মায়ে সঙ্গীতত নাম লগাই দিছিল। মই চতুৰ্থ শ্ৰেণীৰ পৰা সঙ্গীত শিকিছিলোঁ, আৰু তাৰ আগলৈ মই উত্পাত কৰিছিলোঁ। সেয়ে মায়ে মোক বান্ধোনত আনিবলৈ সঙ্গীতত নাম লগাই দিছিল, কিন্তু পাছলৈ মোৰ সঙ্গীতত মন বহিবলৈ ধৰিলে আৰু এতিয়া মোৰ এয়া পেচা আৰু নিচা হৈ পৰিল।
সাহিত্য ডট অৰ্গ: আপোনাৰ শিক্ষাৰ বিষয়ে অকণমান জানিব বিচাৰিম।
ৰূপম ভূঞা: মই ১৯৯৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হৈছিলোঁ, তাৰ পাছত কটন কলেজত কলা শাখাত পঢ়িলোঁ আৰু তাৰ পৰাই ২০০২ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰোঁ। তাৰ পাছত ২০০৪ চনত মই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ পাব্লিক এদমিনিষ্ট্ৰেচন বিষয়ত মধ্যপ্ৰদেশৰ অৱধেশ প্ৰতাপ সিং বিশ্ববিদ্যালয়ৰ পৰা। তাৰ পাছত ২০০৭ চনত এল.এল.বি. ডিগ্ৰী লাভ কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা।
সাহিত্য ডট অৰ্গ: আপুনি এজন উকিলো, এই বিষয়ে আমি নাজানিছিলোঁ।
ৰূপম ভূঞা: তাৰ বাহিৰে আন আন কিছু বিষয়ো মই অধ্যয়ন কৰিছোঁ, যেনে কম্পিউটাৰ ইত্যাদি। তদুপৰি সঙ্গীততো মই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ কিন্তু সেয়া ফৰ্মেল শিক্ষা নহয়, মই ডিপ্লমা হিচাপে কৰিছিলোঁ। বি.মিউজ কৰিছোঁ ভাটখাণ্ডে সঙ্গীত মহাবিদ্যালয়, লক্ষ্নৌৰ পৰা আৰু সঙ্গীত ৰত্নাকৰ কৰিছোঁ বম্বেৰ ‘সংগীত ৰ্পৰিষদ’, স্কুলৰ পৰা।
সাহিত্য ডট অৰ্গ: আপোনাৰ স্কুলীয়া দিনৰ কথা অকণমান মনত পেলাওকচোন।
ৰূপম ভূঞা: স্কুলীয়া দিন, আচলতে মই নতুন ফটাশিল টাউন বিদ্যালয়ত পঢ়িছিলোঁ; আমাৰ ঘৰৰ কাষতেই আৰু তাতেই মোৰ দেউতা হেডমাষ্টৰ আছিল। গতিকে মই স্কুলত ইমান ’enjoy’ কৰা নাই। দেউতা আছিল প্ৰধান শিক্ষক, গতিকে অলপমান ’strict’ শাসনৰ মাজত থাকিছিলোঁ, সকলো ছাৰ-বাইদেৱে চিনি পায়, ৰাষ্টাত যিমান মানুহ লগ পাওঁ তাৰেই বেছিভাগেই দেউতাৰ ’student’ হয় বা দেউতাৰ student ৰ guardian হয়; গতিকে মই ইয়াৰ পৰা ভৰলুমুখলৈ অলপমান বেছি ভাল হৈ থাকিব লাগে।
সাহিত্য ডট অৰ্গ: লগৰ ল’ৰাবোৰে যেতিয়া বদমাছি কৰে তেতিয়া নিজৰো ইচ্ছা যায়!
ৰূপম ভূঞা: নিজৰো ইচ্ছা যায়, কিন্তু মনটোক বান্ধি ৰাখিব লাগে।
সাহিত্য ডট অৰ্গ: আপোনাৰ পৰিয়াল বৰ্গৰ বিষয়ে অকণমান জানিব বিচাৰিম, যিহেতু চিনাকী পৰ্ব চলি আছে আমাৰ।
ৰূপম ভূঞা: হয়, মোৰ মা-দেউতা আছে। আমি একেলগেই থাকোঁ আৰু মোৰ পত্নী মনশ্ৰী বৰুৱা, তেখেত নলবাৰী এম.এন.চি গাৰ্লচ কলেজৰ প্ৰবক্তা, মোৰ ছোৱালী এজনী আছে ‘পৰিধী’। তাৰ উপৰি মোৰ ভাইটি আৰু ভাইটিৰ পত্নী আছে। ভাইটি ভাৰতীয় সেনাত আছে, তেওঁ কেপ্টেইন আৰু তেওঁ পত্নী ’বুবলি’, তাই কানাড়া বেঙ্কৰ assistant manager।
সাহিত্য ডট অৰ্গ: আপুনি স্কুলীয়া দিনৰ কথা ক’লে, স্কুলীয়া দিনত উত্পাত কৰিবৰ সময় নাছিল। কলেজ আৰু ইউনিভাৰ্চিটিৰ বিষয়ে অলপ ক’ব নেকি!
ৰূপম ভূঞা: স্কুলত যিখিনি বদমাছি কৰিম বুলি ভাবিছিলোঁ সেইখিনি মই হায়াৰ ছেকেণ্ডাৰিত কৰি ল’লোঁ। সেয়ে বোধহয় মোৰ ৰিজাল্টো সিমান এটা ভাল নহ’ল। প্ৰথম বাৰ দ্বিতীয় বিভাগত উৰ্ত্তীণ হ’লোঁ। খুব বেছি খেলিলোঁ, উৎপাত কৰিলোঁ, কটনত নতুন হাৱা লাগিল। তাৰ পাছত বেটাৰমেন দি প্ৰথম বিভাগত উৰ্ত্তীণ হ’লোঁ। ডিগ্ৰীৰ সময়ত অলপমান সামাজিক চিন্তা-চৰ্চা মনত সোমাল, দেশৰ বাবে কাম কৰাৰ ইচ্ছা জাগিল, কিবা কিবি আমি ism-ও ল’লোঁ। কিন্তু ism এতিয়া আৰু মনত নাই। এতিয়া মই ব্যক্তিবাদী হ’লোঁ। মাজতে অকণমান কিবা-কিবি হ’ল, কটনত ইলেকশ্যনো খেলিলোঁ, চেক্ৰেটেৰিও হ’লোঁ, পঢ়া-শুনা বেয়া হ’ল।
সাহিত্য ডট অৰ্গ: মানে সঙ্গীতৰ উপৰি আপুনি ছাত্ৰ ৰাজনীতিৰ সৈতেও জড়িত আছিল?
ৰূপম ভূঞা: সেইবোৰ আগতে আছিল, কিন্তু এতিয়া নাই। এতিয়াও মই ইচ্ছুক সেইটো বিষয়ৰ প্ৰতি কিন্তু সক্ৰিয় নহয়।
সাহিত্য ডট অৰ্গ: তেনেকুৱা স্মৰণীয় এটা মুহূৰ্ত আপুনি আমাক জনাব নেকি?
ৰূপম ভূঞা: ৰাজনীতিৰ?
সাহিত্য ডট অৰ্গ: নহয়, ৰাজনীতিৰ নহয়। কলেজৰ অথবা বিশ্ববিদ্যালয়ৰ।
ৰূপম ভূঞা: কলেজৰ আটাইতকৈ স্মৰণীয় বুলিবলৈ হ’লে মই বহুত ভাল বন্ধু কিছুমান অৰ্জন কৰিছিলোঁ, তাৰ ভিতৰত মোৰ পত্নীও আছে, কটনত থাকোঁতেই লগ পাইছিলোঁ তেওঁক। তাৰ পৰা আমাৰ বন্ধুত্ব চলিয়েই থাকিল, আৰু সেই বন্ধুত্বৰ পৰা আমি বিয়াও পাতিলোঁ পিছত। গতিকে কটনখন অনবৰতে মোৰ লগতেই থাকে।
সাহিত্য ডট অৰ্গ: আমাৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা যায়, যে ঘৰুৱা ভাৱে, সঙ্গীতৰ ক্ষেত্ৰত বিশেষকৈ সিমান এটা সমৰ্থন নাপায়। আপোনাৰ ক্ষেত্ৰত কি ক’ব? আপুনি সমৰ্থন পাইছিল নে আপোনাৰ ঘৰৰ পৰা?
ৰূপম ভূঞা: মই সঙ্গীতৰ ক্ষেত্ৰত ঘৰৰ পৰা ১০০% সমৰ্থন পাইছোঁ, তেওঁলোকেই মোক প্ৰথমে উত্সাহ দিছিল এই ক্ষেত্ৰত। শিক্ষক আহে ঘৰলৈ শিকাবলৈ। প্ৰথমে জোৰ-জবৰদস্তিকৈ হ’লেও শিকিলোঁ, কিন্তু পিছলৈ ভাল লগা হ’ল সেইটো বেলেগ কথা; কিন্তু প্ৰথম সঙ্গীতৰ আৰম্ভণি মোৰ মা-দেউতাৰ পৰা। এতিয়া মোৰ পৰিয়াল বুলিবলৈ মোৰ পত্নীও আছে, তেওঁ মোক সমৰ্থন কৰে, সকলো ক্ষেত্ৰতে মোক আগুৱাই যাবলৈ উত্সাহ দিছে। কিন্তু কিছুমান ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মই দেখিছোঁ যে অকণমান সমস্যা হৈছে। কি সমস্যা হয়… মই দেখিছোঁ যে যদি ল’ৰাটো বা ছোৱালীজনীয়ে সঙ্গীত শিকি আছে তেন্তে সেই শিকাৰ সময়খিনি তেওঁক দিব লাগিব। শিকি থাকোঁতেই ল’ৰাজন বা ছোৱালীজনী খুব বিখ্যাত হৈ যাব, সঙ্গীতজ্ঞ হৈ যাব, সেইটো নহয়। অভিভাৱকসকলৰো মই এটা কথা দেখিছোঁ যে জনপ্ৰিয়তাত বেছি গুৰুত্ব দিয়ে। তাতকৈ বিখ্যাত হোৱা ভাল, কিন্তু লাহে লাহে। জনপ্ৰিয় হোৱাত অলপ দিগদাৰ আছে, তাত কিছু ঋণাত্মক দিশো থাকে।
সাহিত্য ডট অৰ্গ: কিন্তু সঙ্গীত শিকি থকাৰ সময়ত, যেনে ধৰক কেতিয়াবা আপুনি একাগ্ৰতাৰে ব্যস্ত হৈ আছে আৰু মা-দেউতাই মাতি আছে আৰু আপুনি অহা নাই, তেনে ক্ষেত্ৰত কেতিয়াবা গালি শুনিবলগীয়া হৈছেনে আপোনাৰ?
ৰূপম ভূঞা: এতিয়ালৈকে হোৱা নাই। মই আন সঙ্গীত শিল্পীতকৈ চাগে’ বেলেগ। মই যিমান পাৰোঁ ঘৰতেই থাকোঁ, একেবাৰে দৰকাৰী কাম হ’লেহে মই বাহিৰলৈ ওলাই যাওঁ। বাকীখিনি কাম ঘৰতেই হয়, কাৰণ আজিকালি ইণ্টাৰনেটৰ যুগ। যিখিনি কাম থাকে, বাহিৰলৈ নোযোৱাকৈ ঘৰৰ পৰাই কৰি দিওঁ। কাৰণ আমাৰ এটা কথা মই দেখিছোঁ, আমাৰ সঙ্গীতৰ মানুহবিলাক বিৰাট আৱেগিক আৰু কেতিয়া কোনে কাক বেয়া পাই যায় তাৰ কোনো ঠিকনা নাই। গতিকে মোৰ বন্ধু-বৰ্গও কম, মোৰ বেণ্ডৰ আটাইকেইজন পৰিয়ালৰ দৰেই। তাৰ বাহিৰে সঙ্গীতৰ ক্ষেত্ৰত বন্ধু কম আছে আৰু মই ঘৰত থাকিয়েই ভাল পাওঁ। মোৰ কিবা ৰেকৰ্ডিং থাকে, মই ষ্টুডিঅ’লৈ যাওঁ আৰু লগে লগে গুচি আহোঁ আৰু ৰাতি দহ বজাৰ পিছত মই কাম নকৰোঁ, সেইটো মই মানি চলোঁ, মোৰ যিহেতু চাকৰি এটাও আছে।
সাহিত্য ডট অৰ্গ: শিল্প আৰু প্ৰেমৰ এটা সম্পৰ্ক আছে। শিল্প আৰু প্ৰেম বুলি ক’লেই আচলতে সম্পৰ্কটোৰ কথা মনলৈ আহিয়েই যায়। আপোনাৰ সঙ্গীত সাধনাৰ সময়চোৱাত, সঙ্গীতৰ পৰা প্ৰেম আৰু প্ৰেমৰ পৰা সঙ্গীত, তেনে কিবা এটা হৈছিল নেকি!
ৰূপম ভূঞা: তেনেকুৱা হয়, প্ৰতিটো গানতেই চাগে’ প্ৰেম জড়িত হৈয়ে থাকে লাগিলে সেয়া দেশপ্ৰেমৰেই গান হওঁক অথবা মোৰ মাক লৈ লিখা গানেই হওঁক অথবা ৰোমাণ্টিক গানেই হওঁক অথবা বতৰৰ কথাৰ গানেই হওঁক। গতিকে আমাৰ মনত যদি প্ৰেম নাথাকে তেন্তে আমি চাগে’ ভাবটো প্ৰকাশ কৰিব নোৱাৰিম।
সাহিত্য ডট অৰ্গ: মানে গান এটা লিখাৰ আগে আগে বিষয়টো ভাল পাব লাগিব!
ৰূপম ভূঞা: গানটোও ভাল পাব লাগিব আৰু কথাখিনিও বুজি পাব লাগিব; যিহেতু আমি কথাধৰ্মিক গান গাই আছোঁ। ভাৰতীয় শাস্ত্ৰীয় সংগীতটো অলপ বেলেগ; তাত যিকেইটা স্বৰ ব্যৱহাৰ হয় সেইকেইটাই আমাক সেইটো ভাৱলৈ লৈ যায়। কিন্তু আমি যেতিয়া কথাভিত্তিক গান এটাৰ কথাখিনি বুজি পাই গান এটা গাওঁ তেতিয়া প্ৰতিটো গানতেই কিবা নহয় কিবা এটা ভাব অথবা কোনোবা নহয় কোনোবা এজনৰ কথা মনত পৰিব। প্ৰেম আৰু সংগীত ওতঃপ্ৰোতভাবে জড়িত।
সাহিত্য ডট অৰ্গ: আপোনাৰ প্ৰথম প্ৰেম ?
ৰূপম ভূঞা: মোৰ প্ৰথম প্ৰেম… স্নাতক পঢ়ি থাকোঁতেই হৈছিল। মোৰ পত্নী নহয়, অইন কোনোবা আছিল। মোৰ পত্নী মোৰ দ্বিতীয় প্ৰেম। প্ৰথম প্ৰেমত মই সফল নহ’লোঁ, একপক্ষীয় (one sided) ভালপোৱা আছিল সেয়া।
সাহিত্য ডট অৰ্গ: কিহৰ তাড়নাত আপুনি সঙ্গীতৰ লগত জড়িত হৈ পৰিল?
ৰূপম ভূঞা: মই এটা কথা বুজি পালোঁ যে দশম মানত মই সঙ্গীত বিষয় লৈ পৰীক্ষা দিছিলোঁ আৰু সঙ্গীত বিষয়ত মই লেটাৰ মাৰ্ক পাইছিলোঁ; কিন্তু তেতিয়াও মই সঙ্গীতকলৈ সিমান এটা সচেতন হোৱা নাছিলোঁ। ‘মই গান গাম আৰু মানুহে মোক ভাল পাব’, তেনেকুৱা কোনো ধাৰণা মোৰ মনলৈ অহা নাছিল। মই নিজে ভাল পাওঁ কাৰণেহে গান গাই আছিলোঁ আৰু এতিয়াও আজিও মই ভাল পোৱা কামটোহে কৰি আছোঁ। গতিকে এতিয়া মই ক’ব পাৰোঁ যে সঙ্গীতত মই এক শান্তি পাওঁ, যদি কিবা এটা চিন্তা হৈ আছে তেন্তে মই যদি গান শুনো তেতিয়াও ভাল লাগে মোৰ। গতিকে সঙ্গীতৰ মাজত থাকি মই শান্তি পাওঁ আৰু ই বেলেগ কিবা এটা নতুন কাম কৰিবলৈ মোক উত্সাহ দিয়ে। সেইবাবে মই সঙ্গীতৰ লগত জড়িত হৈ আছোঁ।
সাহিত্য ডট অৰ্গ: আপোনাক যদি সোধা হয় ‘আপোনাৰ জীৱনৰ বাবে সঙ্গীত নে সঙ্গীতৰ বাবে জীৱন?’, আপুনি কি ক’ব তেতিয়া?
ৰূপম ভূঞা: মোৰ জীৱনৰ বাবে সঙ্গীত। সঙ্গীত নহ’লে মই জীয়াই থাকিব নোৱাৰিম। মোৰ স্বাৰ্থৰ কাৰণে… সঙ্গীত মোৰ স্বাৰ্থ।
সাহিত্য ডট অৰ্গ: আপোনাৰ গায়কী আৰু সঙ্গীতৰ এটা সুকীয়া পৰিচয় ইতিমধ্যে গঢ়ি উঠিছে, কোনজন সঙ্গীত শিল্পীৰ পৰা এই স্বকীয়তা লাভ কৰিছে?
ৰূপম ভূঞা: মই যদি অসমীয়া সঙ্গীতৰ কথা কওঁ, তেন্তে মই জয়ন্ত হাজৰিকাদেৱক খুবেই ভাল পাওঁ।
সাহিত্য ডট অৰ্গ: আপোনাৰ অনুষ্ঠানসমূহতো দেখোঁ যে আপুনি প্ৰায়েই তেখেতৰ গান গায়।
ৰূপম ভূঞা: হয়, মই প্ৰায়েই গাওঁ। আৰু তাৰ উপৰি কিছুমান শিল্পী আছে যিসকলক মই ভাল পাওঁ কিন্তু তেওঁলোকৰ গান মই অনুষ্ঠানত পৰিৱেশন কৰা নাই। অসমীয়াৰ ভিতৰত মিহিৰ বৰদলৈ ছাৰ, ড° বীৰেন্দ্ৰ নাথ দত্ত ছাৰ আৰু ড° ভূপেন হাজৰিকাটো সৰ্বজনবিদিত, তেখেতক সকলোৱে জানে। এইকেইজন অসমীয়া শিল্পী যিকেইজনক বিশেষকৈ মই বিৰাট ভাল পাওঁ আৰু জ্যোতিষ ভট্টাচৰ্য্যৰ গান শুনি মই ভাল পাওঁ। মই সৰুতে সিমান অসমীয়া গান নুশুনিছিলোঁ। ৰেডিঅ’ত দি থাকে, মাহঁতে শুনি থাকে, আমাৰ সিমান ভাল নালাগে। তেতিয়া বুজিও নাপাইছিলোঁ কথাবিলাক। মই হিন্দী গান বুলি ক’বলৈ গ’লে কিশোৰ কুমাৰৰ গান শুনি খুব ভাল পাইছিলোঁ আৰু পিছলৈ যেতিয়া মই গজল শুনিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া মোৰ গুলাম আলি ছাৰ আৰু হৰিহৰণ ছাৰক ভাল লগা হ’ল।
সাহিত্য ডট অৰ্গ: আমি এতিয়া এটা গান শুনিম আপোনাৰ পৰা, অকণমান, আপোনাৰ প্ৰিয় গান এটা।
ৰূপম ভূঞা: মোৰ প্ৰিয় গান বুলিবলৈ হ’লে মই তেন্তে মোৰ এটা নিজৰেই গান গাই দিছোঁ
চকুত তোমাৰ, ইমান কথা
বুকুত বিজুলি মাৰিলে
হিয়াখনি মোৰ ইমান কঁপিছে,
তুমিতো নুবুজা হ’লে!
তুমিতো নুবুজা হ’লে!
ৰঙতে ৰাঙলী, ফুলনি নাচিছে
নিলীম আকাশে কিয়নো হাঁহিছে!
মোৰ যে হৃদয়, তোমাতে উৰিছে।
তুমিতো নুবুজা হ’লে!
তুমিতো নুবুজা হ’লে!
সাহিত্য ডট অৰ্গ: ধন্যবাদ, ভাল লাগিল শুনি। আপুনি এতিয়ালৈ কিমান সংখ্যক গীতত কণ্ঠদান কৰিছে?
ৰূপম ভূঞা: অতিকমেও ১০০-ৰ ওপৰত হ’ব।
সাহিত্য ডট অৰ্গ: আপোনাৰ এলবাম কিমানকেইখন?
ৰূপম ভূঞা: এলবাম, মোৰ চ’ল’ এলবাম এতিয়ালৈকে ৩খন ওলাইছে। প্ৰথমখন আছিল ‘ৰোমন্থন’, সেইখন পুৰণি অসমীয়া গীতৰ এখন এলবাম আছিল। দ্বিতীয়খন ‘ৰূপমৰ পৰশ’ আৰু তৃতীয়খন ‘ছাঁ-পোহৰৰ খেলা’। তদুপৰি আমাৰ বেণ্ডৰ এতিয়ালৈকে তিনিখন এলবাম ওলাল। প্ৰথমখন ‘ধ্বনি’ (Dhwani), দ্বিতীয়খন ‘ৰিফ্লেকশ্যন’ (Reflection) আৰু তৃতীয়খন গ্ৰুভ (GROOVE)। ইয়াৰ বাহিৰে মই বিভিন্ন ধৰণৰ বেলেগৰ প্ৰডাকচনত গান গাইছোঁ, বেলেগ ভাষাত। কিন্তু মোৰ চ’ল’ এলবাম বুলি ক’লে ৩খন আৰু বেণ্ডৰ এলবাম ৩খন ওলাইছে।
সাহিত্য ডট অৰ্গ: আপুনি মঞ্চত কেতিয়াৰ পৰা গান গোৱা আৰম্ভ কৰিছে?
ৰূপম ভূঞা: মঞ্চত মই প্ৰফেচনেলি ২০০৯-ৰ পৰা গান গোৱা আৰম্ভ কৰিছোঁ।
সাহিত্য ডট অৰ্গ: আপুনিতো ২০০৯ ৰ পৰা এতিয়ালৈকে এই ৪-৫ বছৰ বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰিছে আৰু এই সময়ত নিশ্চয় আপোনাৰ বহুতো মিঠা-তিঁতা অভিজ্ঞতা হৈছে। তেনেকুৱা এটা অভিজ্ঞতা আমাক জনাব নেকি?
ৰূপম ভূঞা: মূলতঃ আমাৰ অসমত যিটো প্ৰধান সমস্যা হয়, বাহিৰত সেইটো নহয়। অকণমান সময়সীমাৰ সমস্যা থাকে।
সাহিত্য ডট অৰ্গ: সংগীতৰ ক্ষেত্ৰখনত চৰকাৰী পদক্ষেপ বুলি ক’বলৈ গলে সততে চৰকাৰী মহাবিদ্যালয়খনকেই দেখিবলৈ পোৱা যায়। তাৰ বাহিৰে বিশেষ কোনো পদক্ষেপ দেখা পোৱা নাযায়। কিন্তু এই সংগীত মহাবিদ্যালয়খনতো লোকসংগীতক ইমান বেছি ঠাই দিয়া নহয়। যেনে ধৰক লোকসংগীত বা লোকবাদ্যৰ ওপৰত কোনো পাঠ্যক্ৰম নাই কিন্তু পাশ্চাত্য সংগীতৰ কিছুমান পাঠ্যক্ৰম আছে। এইক্ষেত্ৰত কাৰোবাৰ নিশ্চয় কিবা কৰণীয় আছে। চৰকাৰে যিহেতু নিজে কোনো উদ্যোগ লোৱা নাই, এই ক্ষেত্ৰত শিল্পীসকলৰ নিশ্চয় কৰণীয় আছে। এই বিষয়ে আপুনি কি ক’ব?
ৰূপম ভূঞা: এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ। আমি এই বছৰ আমাৰ বেণ্ডৰ ফালৰ পৰা এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিম। আমি নিজে যিখিনি জানো সেইখিনি যাতে মানুহে সহজতে গম পায়; You Tube বা অন্য কোনো মাধ্যমেৰে আমি যিখিনি জানো বা ক’ৰবালৈ গৈ যিখিনি শিকিলোঁ সেইখিনি আমি যদি কাৰোবাক দিব পাৰোঁ তেন্তে আমাৰ ভাল লাগিব। লগতে সংগীতৰ প্ৰতি আগ্ৰহী ল’ৰা–ছোৱালী কিছুমানক আমি বিনামূলীয়া শিক্ষা দিম বুলি ভাবিছোঁ কাৰণ মই ভাবোঁ এনেকুৱা ধৰণৰ কাম কৰিব পাৰিলে এয়া হয়তো আমাৰ কাৰণেই ভাল আৰু এনেদৰে আমি মানুহৰ বেছি ওচৰলৈ যাব পাৰিম। আমি কেৱল গায়ক হৈ থাকিলেই নহ’ব; আমাৰ যিটো সামাজিক দায়বদ্ধতা (social responsibility) সেয়াও পালন কৰিব লাগিব।
সাহিত্য ডট অৰ্গ: আজিৰ তাৰিখত লোকসংগীত বা লোকবাদ্যৰ ওপৰত গৱেষণা বহুত হয়, কিন্তু দেখা যায় যে ফলাফল শূন্য। আপুনি এই বিষয়ে কি কয়?
ৰূপম ভূঞা: হয়, বহুতেই ডক্টৰেট পালে, কিন্তু ফলাফলৰ ওপৰত সন্দেহ আছে। গুৱাহাটী ইউনিভাৰ্চিটিত এটা ফ’কল’ৰ ডিপাৰ্টমেণ্ট আছে। মই দেখিছোঁ তাতে বহুতে পি.এইচ.ডি লাভ কৰে। তেওঁলোকে যিটো বিষয়ৰ ওপৰত কাম কৰে কৰে সেয়াও ভাল, কিন্তু তাৰ বাবে ইউনিভাৰ্চিটিত পঢ়িব লাগিব। নহ’লে সেই বিষয়ে জনাৰ বেলেগ উপাই নাই।
সাহিত্য ডট অৰ্গ: সেইখিনি মানুহে ওলাই আহি দহজনক শিকালে নিশ্চয় বহুজন উপকৃত হ’লহেঁতেন!
ৰূপম ভূঞা: নিশ্চয়। আমাৰ ইয়াত বহু বস্তু তোষামোদৰ ওপৰতো চলি থাকে।
সাহিত্য ডট অৰ্গ: আজি অসমীয়া সংগীতে আধুনিকতা লাভ কৰিছে। যোৱা এটা দশকৰ পৰা বাদ্যযন্ত্ৰৰ ফালৰ পৰাই হওক বা বাণীবন্ধনৰ মানৰ ফালৰ পৰাই হওক আমি উন্নত সংগীত উপহাৰ পাইছোঁ। কিন্তু আগতে কিছুমান যুগজয়ী গীত আছিল, সেইবোৰ শুনি থাকিলে আপোনাৰ কেতিয়াও বেয়া নালাগে, তাৰ ভাষা বা সুৰ যিয়েই নহওক। তেতিয়া কিন্তু বাদ্যযন্ত্ৰৰ প্ৰভাৱো অলপ কম আছিল, থলুৱা বাদ্যযন্ত্ৰ আছিল। আজি আধুনিক যুগত ইমান সুবিধা থকাৰ পিছতো তেনে গীত নাই। ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি?
ৰূপম ভূঞা: সৃষ্টি হৈছে চাগে’। কিন্তু সংখ্যা ইমান বাঢ়ি গৈছে যে গোটেইবোৰ ভাল গান চাগে’ ৰাইজৰ ওচৰ গৈ পোৱা নাই। আৰু যেনেকৈ আপুনি মোক প্ৰথমতে সুধিছিল সংগীত কিয় সলনি হৈছে, এই ক্ষেত্ৰত জীৱন শৈলীয়েও (Life Style) প্ৰভাৱ পেলায়। আমি সৰুতে যিবোৰ গান শুনিছিলোঁ, সেইবোৰ আজিও আমাৰ ভালকৈ মনত আছে। লাহে লাহে আমি যিমানে ব্যস্ত হ’বলৈ ধৰোঁ, সকলো বস্তুৱেই আমাক বিৰক্ত কৰিবলৈ আৰম্ভ কৰে। সেইটো একেবাৰে চাইক’লোজিকেল কথা, আমি পটককৈ ব’ৰ হৈ যাও। যেনেদৰে আমি প্ৰথমতে টেষ্ট মেচ চালোঁ, ৱানডে চালোঁ, তাৰ পিছত টি-টুৱেণ্টি চালোঁ। এতিয়া মানুহ লাহে লাহে টি-টুৱেণ্টিটো ব’ৰ হ’বলৈ আৰম্ভ কৰিছে। কিন্তু আমি তেনেদৰে মিউজিকৰ ফৰমেটটো সলনি কৰি দিব নোৱাৰোঁ। আমি গান এটা তিনি বা চাৰি মিনিট গাবই লাগিব। তাতোকৈ কম সময়ত আমি গাই দিব নোৱাৰোঁ, আমি গানটোতো বিজ্ঞাপন সাজি দিব নোৱাৰোঁ। বিজ্ঞাপনৰ জিঙ্গলবোৰ মানুহৰ সহজে মনত থাকে, চাবচোন! সেইটো একে মানুহ এজনে কৰিছে, যিজনে গানটো কৰিছে, সেই একেজনেই জিঙ্গলটোও কৰিছে। কিন্তু সেই জিঙ্গলটো আমাৰ মনত থাকে, কাৰণ সেইটো একেবাৰে সৰু, সেইখিনি সময় আমি মনোযোগ দিব পাৰোঁ। মানুহৰ মনোযোগ দিয়াৰ ক্ষমতা (concentration level) একেবাৰে কমি গৈছে। সকলো চহৰীয়া মানুহ। আমি যেতিয়া অলপ ভিতৰলৈ যাওঁ তেতিয়া কিন্তু ৰাইজৰ খুব ভাল সঁহাৰি পাওঁ। আমাৰ গানৰ কথা (lyrics) পৰ্যন্ত তেওঁলোকে জানে। তেওঁলোকৰ জীৱন শৈলীত সেইখিনি সময় আছে। আমি সৰু থাকোঁতে যেতিয়া আমাৰ বিশেষ কাম নাছিল তেতিয়া আমি গানবোৰ খুব মন দি, ধৈৰ্য্য ধৰি শুনিছিলোঁ আৰু সেই গানবোৰ আমাৰ আজিও মনত আছে। সেইবোৰেই কালক্ৰমত যুগজয়ী গান হৈছে।
সাহিত্য ডট অৰ্গ: মানে আপুনি ক’ব বিছাৰিছে যে আজিৰ গানবোৰ পিছলৈ গৈ যুগজয়ী হ’ব পাৰে?
ৰূপম ভূঞা: হ’ব পাৰে। এতিয়া ধৰক আমাৰ পিছৰ প্ৰজন্মটোৱে আমাৰ গান বেছি মন দি শুনে। এই বিষয়ে এজন সৰু ল’ৰাৰ ভাবধাৰা বেলেগ হ’ব। তেওঁ ক’ব যে ৰূপম দা অপোনালোকৰ এইকেইটা গান আমাৰ ভাল লাগে আৰু সময়ত সেই গানবোৰেই যুগজয়ী হ’ব আৰু তেতিয়া তেওঁলোকে সেই সময়ৰ গায়কক প্ৰশ্ন কৰিব যে আপোনালোকে কিয় যুগজয়ী গানৰ সৃষ্টি কৰিব পৰ নাই। এয়া সময়ৰ লগে লগে হৈ যাব।
সাহিত্য ডট অৰ্গ: শিল্পীসকলে নিজৰ সংগীত অনুষ্ঠান এটা কৰে। মাননি লয়। এতিয়া সেই মাননিটো কেনেকৈ নিৰ্ধাৰণ কৰে?
ৰূপম ভূঞা: কিছুমান বস্তু চাগৈ আজিকালি ব্ৰেণ্ডটোৰ ওপৰত বেছি নিৰ্ভৰ কৰে। মানে যিজনে আমাক বিচাৰিব তেওঁ চাগৈ সেইটো হিচাপতেই আমাক বিচাৰে, যে আমাৰ এইখিনি পইচা জমা আছে, গতিকে কাক মাতিলে ভাল হ’ব। যিটো মোৰ মতে ভুল নহয়। যিকোনো এটা অঞ্চলৰ ৰাইজৰ অনুৰোধমতে যিমানখিনি পইচা জমা আছে সেইমতে শিল্পী এজনক মাতিব লাগে। কিন্তু শেষত গৈ এনেকুৱা হয় যে ধৰক এইবাৰ দহলাখ টকা জমা আছে গতিকে চনু নিগমকে মাতি দিম, লাগিলে সেই অঞ্চলৰ ৰাইজে হিন্দী গীত নাজানকেই। বিহুৰ ক্ষেত্ৰত কৈছোঁ দেই! আমাৰো বহুতো খৰচপাতি আছে। লগতে ধৰক বহুকেইজন মানুহ যুক্ত হৈ থাকে তেওঁলোকৰো খৰচ আছে বহুত। গতিকে ব্ৰেণ্ডটোৰ ক্ষেত্ৰতে বহুখিনি নিৰ্ভৰ কৰে।
সাহিত্য ডট অৰ্গ: আচলতে এনেকুৱা হৈছে নেকি যে সংগীতৰ ক্ষেত্ৰখনো পুঁজিপতি নিৰ্ভৰশীল হৈ গৈ আছে? ধৰক একেখন ঠাইতেই গ্লেমাৰ থকা শিল্পীজনে ৫-৬ লাখ টকা পাব আৰু সাধাৰণ এজন শিল্পীয়ে ৩০-৪০ হাজাৰ টকাতেই গান গাব লাগিব।
ৰূপম ভূঞা: কথাটো তেনেকুৱাই। ৰেলে ৰেলে গান গাই থকা শিল্পীকেইজনক আমি লোকসংগীত গাবলৈ মাতিলেতো পইচাই নিদিওঁ! গাড়ী ভাড়াটো দি ভালকৈ ভাত এসাজ খুৱাই পঠিয়াই দিওঁ। কিন্তু তেওঁলোকেহে আচল লোকসংগীত গাই আছে। বঙাইগাঁও বা গুৱাহাটীৰ ৰেলত গাই থকাসকলকতো একোৱেই নিদিওঁ। আমিও লোকসংগীত গাওঁ। এতিয়া তেওঁলোকৰ লগত তুলনা কৰিলে এনেকুৱা লাগে আমাক চাগে’ অলপ বেছিয়েই দিয়ে। সেইটো নিদিলেও হয় আচলতে। সকলোকে সমান দিব লাগে।
সাহিত্য ডট অৰ্গ: তাৰমানে আজিকালি শিল্পীসকলৰ গ্লেমাৰ বাঢ়ি যোৱাৰ লগে লগে সামাজিক দায়বদ্ধতাটো কমি আহিছে নেকি?
ৰূপম ভূঞা: নাহে! মানুহেহে নিজে এনেকুৱা কৰিছে। মই চাগে’ ২০০৮ত গান গালে আজিৰ সমান পইচা নাপালোঁহেঁতেন! ২০০৯ত আইডিয়া ৰকচত গান গালোঁ; আচলতে বোম্বেৰ পৰা কিবা এটা কৰি অহাৰ পাছত মানুহজনে বেলেগ অসাধাৰণ কিবা এটা কৰি অহা বুলি আমি ভাবোঁ।
সাহিত্য ডট অৰ্গ: মানে অৰ্থনীতিৰ সূত্ৰটোৰ দৰে, চাহিদা আৰু যোগান…
ৰূপম ভূঞা: সেইটোৱে হৈছে। লাগিলে বাহিৰত যিয়েই কৰি নাহক! সেইটো কৰাৰ পিচত মানুহে আপোনাক বিৰাট ভাল পায়। কয়,”বিৰাট ভাল গায়কদেই!” মই কিন্তু নিজে সেইটো অনুভৱ নকৰোঁ। মইতো একেই গাই আছোঁ, বা তাতোকৈ বেয়াহে হৈছে চাগে’! আগতে অনুশীলন (practice) কৰিবলৈ বেছি সময় পাইছিলোঁ, আজিকালি একেবাৰে কম সময় পাওঁ।
সাহিত্য ডট অৰ্গ: চলচিত্ৰ জগতত যেনেকৈ চৰকাৰে বিশেষ এটা ভূমিকা পালন কৰে, সংগীতৰ জগতত চৰকাৰৰ সেই ভূমিকা দেখা নাযায়। এতিয়া ধৰি লওক যে চৰকাৰে যদি আপোনাক কিবা সহায় কৰিবলৈ আগবাঢ়ে আপুনি পোনতে সংগীতৰ কোনটো ক্ষেত্ৰত সহায় লয় বিচাৰিব?
ৰূপম ভূঞা: মই প্ৰথমেই এখন ভাল ইন্সটিটিউত বিচাৰিম। আচলতে শিক্ষকে যি শিকাই দিয়ে সেইখিনি আওৰায়েই ভাল গায়ক হ’ব পৰা নাযায়। নিজস্ব চিন্তাধাৰা কিছুমান লাগে। তেনেকুৱা চিন্তাধাৰাৰ গায়ক লাগে অসমক। যিসকলে কেৱল গান নাগায়, সংগীতক বুজি পায়। সেয়া ভাল শিক্ষাৰ যোগেদিহে সম্ভৱ। আমাৰ ইয়াত আচলতে গান গোৱা এটিটিউদটো অলপ বেলেগ। পঢ়া-শুনাত যেতিয়া কোনো ল’ৰা-ছোৱালীয়ে ভাল কৰিব নোৱাৰে তেতিয়া ভাবি লয় যে গানকে গাম আৰু অভিনেতাই হওঁ। সেইকাৰণেই আমাৰ বস্তুবিলাক বেলেগ হৈ গৈ আছে লাহে লাহে। সেইকাৰণেই সংগীতত বুদ্ধিমত্তা নাইকিয়া হৈছে, গুণগত মান কমি গৈছে। এটা কথা সঁচা, সকলোৱে ড° ভূপেন হাজৰিকাৰ দৰে কথা বুজাই ক’ব নোৱাৰে, কিন্তু আমি চেষ্টাটো কৰিব পাৰোঁ।
সাহিত্য ডট অৰ্গ: অন্য ক্ষেত্ৰৰ দৰে অসমৰ সংগীতৰ ক্ষেত্ৰটো দেখা যায় যে প্ৰবীণ শিল্পীসকলৰ সৈতে নবীন শিল্পীসকলৰ এটা গেপ আছে। সেই ক্ষেত্ৰত আপোনাৰ মতামৰ কি?
ৰূপম ভূঞা: ক’বলৈ গ’লে মোৰ কিন্তু প্ৰবীণসকলৰ সৈতে বিৰাটেই ভাল। নবীন-প্ৰবীণ এইটো আচলতে আমি নিজে গঢ়ি লোৱা ধাৰণাহে। যিয়ে ভালদৰে গান গাই আছে তেওঁ একেই আৰু! আৰু নবীন কোনোবাই যদি বেয়াকৈ গাইছে বা বয়স বাঢ়ি যোৱা বাবে যে তেখেতে ভালকৈ নাগাব সেইটোতো নহয়। আচলতে সকলোৱে নিজৰ বয়সৰ মানুহৰ লগতেই কথা পাতি ভাল পায়। যেনে কেতিয়াবা ৫০জনমান মানুহ গোট খালে বয়সে মিলা কেইজনে একেলগে কথা পাতে। এইটো সাধাৰণ কথা। আজিকালি অৱশ্যে এটা কথা দেখিছোঁ যে আমাৰ প্ৰবীণ শিল্পীসকলক আয়োজকসকলে অৰ্থাৎ যিসকলে গীত পৰিৱেশন কৰিবলৈ মাতে তেখেতসকলে যেন মাননিটো অলপ কমকৈ দিয়ে। নতুন শিল্পীসকলক অলপ বেছি পইচা দিয়ে। যিটো আমি নিজে নিবিচাৰিলেও দেখা পাওঁ।
সাহিত্য ডট অৰ্গ: অসমৰ গাঁৱে-ভূঞে যথেষ্ট প্ৰতিভাৱান শিল্পী এতিয়াও সোমাই আছে। সেইখিনি শিল্পীক উলিয়াই অনাত আপুনি কি দায়িত্ব ল’ব বাৰু?
ৰূপম ভূঞা: মই আপোনাক ইতিমধ্যেই কৈছোঁ, এখন ভাল ইনষ্টিটিউতৰ কথা। যেতিয়া এখন ভাল ইনষ্টিটিউত থাকে তেতিয়া প্ৰৱেশ পৰীক্ষা, যিটো অকল গানৰ ওপৰতে নহয়, গানৰ লগতে লিখা-পঢ়া আদি সকলো দিশ চাই তাৰ জড়িয়তে ভালখিনিক বাচি উলিয়াই নতুন শিল্পী সৃষ্টি কিছুমান কৰিব পৰা যাব। যিসকলে সংগীতৰ বিষয়ে বুজিব বা মিউজিক’লি অধ্যয়ন কৰা হ’ব, ভাল গীতো গাব বা ভালকৈ বাদ্যযন্ত্ৰও বজাব পাৰিব। যিটো আমাৰ ৰাজ্যিক সংগীত মহাবিদ্যালয়খনত এতিয়াও কৰিব পৰা হোৱা নাই। তাৰ পৰা গায়ক বহুত ওলাইছে, কিন্তু শিল্পী কমেইহে আছে।
সাহিত্য ডট অৰ্গ: নতুনকৈ যিসকলে সংগীতৰ লগত জড়িত হ’ব খুজিছে সেইসকলক আপুনি কি উপদেশ দিব?
ৰূপম ভূঞা: মই উপদেশ দিব পৰা মানুহ নহয়। অনুৰোধ এটাহে কৰিব পাৰোঁ যে তেওঁলোকে আগতে নিজৰ বিভাগটো বাচনি কৰি লওক যে তেওঁলোকে কেনেকুৱা ধৰণৰ সংগীত ভাল পায়। লাগিলে কোনোবা বিশেষজ্ঞৰ ওচৰলৈ গৈ পৰামৰ্শ লওক যিয়ে তেওঁক ক’ব পাৰিব যে তুমি এনেকুৱাধৰণৰ সংগীত কৰা, এইটো তোমাৰ বেছি ভাল হয়। ময়ো বিভিন্ন ধৰণৰ গান গাওঁ। কিন্তু তাৰ ভিতৰত এটা ধৰণ আছে যিটো মই ভাল পাওঁ। নিজেই সেইটো জানি গাবলৈ আগবাঢ়িলে বহু সময় ল’ব, সেয়ে কোনোবা বিশেষজ্ঞৰ পৰামৰ্শ ল’লে ভাল হয়।
সাহিত্য ডট অৰ্গ: এতিয়া আমি আহোঁ চি ডিৰ প্ৰসংগলৈ। আপোনালোকেও নিজৰ চি ডি উলিয়াইছে। কিন্তু আজিকালি অসমৰ বজাৰতো পাইৰেচিৰে ভৰি পৰিছে। এই পাইৰেচিৰ ক্ষেত্ৰত কি ক’ব বিচাৰে? কেনেকৈ ৰোধ কৰিব পৰা যাব বুলি ভাৱে?
ৰূপম ভূঞা: আচলতে আমি আজিকালি এলবামখনৰ ওপৰত নিৰ্ভৰ নকৰোঁ। কোনোবাই এলবামখনৰ গান শুনি ভাল পাই আমাক প্ৰগ্ৰেম কৰিবলৈ মাতে। আমি সেই প্ৰগ্ৰেমৰ ওপৰতেই নিৰ্ভৰশীল আচলতে।
সাহিত্য ডট অৰ্গ: কিন্তু বহুতো শিল্পীৰ বাবে এইটোৱেই জীৱিকা বুলি ক’ব লাগিব যে!
ৰূপম ভূঞা: শিল্পীজনৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁ কি কাৰণত এলবাম এখন উলিয়াইছে, জনপ্ৰিয় হ’বৰ কাৰণে নে লাভৰ কাৰণে! দুয়োটাৰে দুটা দিশ আছে। যদি মানুহজন জনপ্ৰিয় হৈ আছে তেন্তে তেওঁ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাব আৰু তাৰ পৰা তেওঁ পইছা পাব আৰু যদি গানকেইটা বিক্ৰী হয় তাৰ পৰাও তেওঁ পইছা পাব। পাইৰেচী ৰখোৱাটো আচলতে এই সময়ত বৰ টান। সকলোৰে মোবাইলত গান বাজেই। কোনোবাই গান এটা ভাল পালে ব্লুটুথেৰে লৈ ল’বই। মই নিজেই ভাল পাওঁ, যেতিয়া মই গোৱা গান এটা অন্য এজনৰ মোবাইলত শুনা পাওঁ। তেওঁ mp3 format কৰি শুনিছে, সেইটো লৈ মোৰ কোনো কথা নাই। সেইটো কথা ধৰি লৈয়ে আমি আগবাঢ়োঁ। এতিয়া মোৰ নিজৰেই লেপটপত চাগে’ বেছিভাগ পাইৰেটেদ গানেই আছে। পুৰণা বেছিভাগ গানেইটো ডাউনলোদ কৰায়ে হয়।
সাহিত্য ডট অৰ্গ: এইটোক আপুনি কম্প্ৰমাইজ কৰা বুলি ক’ব নেকি?
ৰূপম ভূঞা: কম্প্ৰমাইজ নহয় আচলতে। এইটোক লক্ষ্য কৰিহে আমি এতিয়া কাম কৰিব খোজোঁ। প্ৰগ্ৰেম কৰি আমি পইচা গোটাম আৰু সেই পইচাৰে এলবাম তৈয়াৰ কৰিম। আমি এনেকৈয়ে আগবাঢ়িব লাগিব। যদিহে চৰকাৰে কিবা কৰিব পাৰে আমি সম্পূৰ্ণ সহযোগ কৰিম। আজিকালি বহুতো টেকনোলোজি ওলাইছে যদিও খৰচৰ বাবেই আগবাঢ়িব নোৱাৰি। কিবা টেকনোলোজি ব্যৱহাৰ কৰিলে এলবামখনৰ দাম দুশ টকাতকৈ অধিক হ’ব। এতিয়া আমাৰ ইয়াত দুশ টকা দি এলবাম এখন কোনে কিনিব! আচলতে আমি নিজেই পাইৰেটেদ কাম কৰি থকাৰ নিচিনাই। কোনোবা লগৰ ল’ৰা এটাই ভাল গান এটা শুনি আছে আৰু মোৰ ভাল লাগিলত লগে লগে লৈ ল’লোঁ। কথাটো ঠিক তেনেকুৱাই। বাধা দিব নোৱাৰি।
সাহিত্য ডট অৰ্গ: আপোনাৰ পৰা গান এটা শুনিবলৈ বিচাৰিম। আপোনাৰ প্ৰিয় গানটো।
ৰূপম ভূঞা: ঠিক আছে, মই মোৰ ভাল লগা গান এটা গাই দিছোঁ:
লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা
ময়ো আহি আজীৱন তাতে জিৰাম
বাৰে বাৰে ভাল পোৱাৰ কথা আৰুনো কিমান সোধা
চকুৰ মণিত দেখিবা নিতে প্ৰমাণ
ও সৌ চোৱা মৰমৰে সাগৰৰে পাৰে পাৰে
ঢৌৰে নাচো