চাকৰ (পৰাগ পিংকু)
আপোনাৰেই যদি লাজ নালাগে
মোৰনো কিহৰ সংকোচ
ধুই দিম চিকুটি
আপোনাৰ অন্তৰ্বাসৰ আটাইবোৰ আপচোচ
আপোনাৰেই সৌভাগ্য
তাৰ পিছতো কোনো অদেখা সন্তৰ দীক্ষাৰে শিক্ষিত
মই পালন কৰোঁ আজীৱন ব্ৰহ্মচার্য্য
আপোনাৰ কৰুণাৰ প্ৰাচুর্য্যত
দিনে দিনে শুকাই যোৱা
মই আপোনাৰ বিশ্বাসী ভৃত্য
কামেৰে কাম কৰ
নামেৰে চাকৰ ।
পিতাই ৰুগীয়া
আমিবোৰ জাতেৰে দুখীয়া
আপোনাৰ ফৰকাল ছাঁদৰ তলত
আমিবোৰ সদায় অসুখীয়া ।
খাব নোৱাৰোঁ জানে !
ঘৰত বা কেইসাজ লঘোন
ভাই স্কুল এৰি মজদুৰ হৈছে
পাটগাভৰু ভনীজনীৰ
আটাইবোৰ কাপোৰ ফাটিছে
আই শীতত কঁপিছে
কেথা চিলাব নোৱাৰাকৈ
আজিকালি চকুৰে ভালকৈ নেদেখে
আপোনালোকে নুবুজে ভাই
মই কওঁ এবাৰ আহোঁগৈ চাই
আপুনি কয়
নাই নাই নাই ।
উত্সৱৰ দিনত
আপুনি দিয়া কাপোৰ সাজেৰে
এবছৰ টানিলোঁ
ফাটিছে
চিলাই পিন্ধা অন্তৰ্বাস ।
নিকাকৈ নাসাৰিলে আপুনিয়েই গালি পাৰে
জাতত ধৰি
উঠা বহা কৰাই
কাণত ধৰি
আপুনিয়েই কওঁকচোন
কিমান সহনশীল হ’লে চাই থাকিব পাৰি
শালীনতাৰ সীমা চেৰোৱা
আপোনাৰ নিকা বেডৰূমত
পর্দাৰ ফাঁকেৰে দেখা ৰাসলীলা ।
নিশিকাকৈয়ে শিকি উঠিছোঁ
দিনত সাপ নোসোমোৱা মোৰ শোৱাচালিত
নিশা হ’লেই মলমলাই আপোনাৰ বিদেশী পাৰফিউম
উঃ মই কুমাৰণীয়ে ধৰা মকৰা
আপোনাৰ বিষাক্ত গানত মচগুল ।
হিচাব কৰি চাবচোন
আপোনাৰ ফোনৰ বিলতকৈ তাকৰ
মোৰ দৰমহাটোৰে
পিতাইৰ ঔষধ
আইৰ চাদৰ
নিমখৰ এসাজ
তাকোতো আপুনি টান ধৰে ।
এৰেহা হ’লেও খাবলৈ যেতিয়া এটুকুৰা মাছ দিয়ে
মোৰ ঘৰলৈ বৰ মনত পৰে
কি খাইছে
কি খাইছে চাগে’ সিহঁতে …
“মোৰ বাইজনী বদনামী”
আপুনি কথাই প্ৰতি শুনায়
আপুনি দেখিও নেদেখে হাঁয়
বনকৰা ছোৱালীয়ে
কাৰ কামনাৰ সুখত
জহৰা খহায় ।
যিমানেই ধুনীয়াকৈ নসজাওক মোক
আপোনাৰ লগত ফুৰিবলৈ গ’লে
মোৰ একেই চিনাকী
বন কৰা বন কৰা
সুখ তাকৰ
নামত চাকৰ
সকলোতে মোৰ বাবে থাকে
চাহ জলপানৰ বিশেষ বর্তন ।
মোৰ বৰদিন নাই
বিহু নাই
দেৱালী নাই
নাই ঈদৰ উলাহ
একেদৰেই
ঈশ্বৰ নাই
ভগৱান নাই
আল্লাও নাই
আপোনাৰ উত্সৱেই মোৰ
আপোনাৰ ধর্মতে মই অধর্মী
ম্লেছ
মোলৈ আপোনাৰ কেতিয়াও নকমে শ্লেষ
মই যে বনকৰা
ভৰি থাকিও চাকোলা
সুখ তাকৰ
নামেৰে চাকৰ
চাকৰ ।