গৰুৰ চোৰাং বেপাৰ আৰু কিছু কথা (জয়দীপ চক্ৰৱৰ্তী)

২০০০ চনৰ কথা। মই তেতিয়া এনেই বনে-জংঘলে উদ্দেশ্যবিহীনভাবে ঘূৰি-ফুৰি আমনি লাগি, অঙহী-বঙহী আৰু আত্মীয়স্বজনৰ নানাটা কটুকথা শুনি অৱশেষত বন্ধু অৰ্ণৱ বোসৰ স’তে মিলি আমাৰ ঘৰতেই ডায়েৰী ফাৰ্মি কৰাৰ কথা চিন্তা-চৰ্চা কৰি আছিলোঁ। এই ক্ষেত্ৰত আমাৰ গুৰু আছিলে বঙাইগাঁৱৰে ভেটেনাৰী ডক্টৰ জিতেন সিংহ ডাঙৰীয়া। তেখেতে পোনচাতেই গৰু মানে ক্ৰছ ব্ৰীডৰ গৰুৰে ফাৰ্মি নকৰি ম’হ পুহিবলৈ উপদেশ দিলে। চৰোৱাসকলে হেনো ম’হ পুহি গৰুতকৈ কেবাগুণো বেছিকৈ লাভ কৰে। তদুপৰি ম’হৰ বেমাৰ আদিও কম আৰু পোৱালীবোৰৰ দামো বহু বেছি। বিহাৰৰ সোণপুৰৰ পৰা হেনো তেওঁলোকে ৰেলৰে প্ৰতিবছৰে আনে হাজাৰ হাজাৰ মূৰাহ ব্ৰীডৰ ম’হ, যিবোৰ তেওঁলোকে কয় গুজৰাটি ম’হ বুলি। গুৰুদেৱে দিয়া উপদেশ শিৰোধাৰ্য কৰি ৰাস পূৰ্ণিমাৰ মেলাত যাবলৈ ওলালোঁ পৃথিৱীৰ প্ৰখ্যাত বিহাৰৰ সোণপুৰ পশুমেলালৈ, ম’হ কিনাৰ উদ্দেশ্যে। সেই মেলাৰ অভিজ্ঞতা আন এক বিষয় যদিয়ো এয়া ইয়াত এক বিশেষ কাৰণেহে উত্থাপন কৰিলোঁ। সোণপুৰৰ মেলালৈ গৈ পাইয়েই চাওঁ হাজাৰৰ সংখ্যাত আমাৰ ইয়াৰে চৰোৱা মানুহ; যিবোৰ মানুহ এই মেলাত গোট খাইছে গৰু-ম’হ কিনাৰ উদ্দেশ্যলৈ। বেছিভাগ মানুহেই ধুবুৰী, বঙাইগাঁও আৰু বৰপেটা জিলাৰ পৰা যোৱা। সিহঁতৰ মাজত চিনিপোৱা মানুহ দুজনমানো লগ পালোঁ। আমি ম’হ ৰখিয়া হিচাবে লগত লৈ যোৱা ৰবিয়াল নামৰ নাঙলাৰ চৰৰ ল’ৰাজনৰতো ঢেৰ চিনাকি মানুহ ওলাল তাতে। বিহাৰী মহাজন, মেলাত কিনা ম’হ ৰখাৰ বাবে মাটিভাৰা দিয়া মালিক, ৰেলৰ ডবা বুক কৰি দিয়া বিহাৰী দালাল আদিবোৰেও সিহঁতৰ বহুতকেই চিনি পায়। তেওঁলোক হেনো প্ৰতি বছৰেই আহি থাকে গৰু-ম’হ কিনিবলৈ। আমাৰ দুজনৰ চেহেৰা-পাতি ভাষা আৰু বেশভূষা ভিন্ন হোৱাত প্ৰায় সকলোৰেই আমাৰ তম্বুৰ প্ৰতি তীক্ষ্ণ দৃষ্টি। কেবাজনো আহি আমাক সুধিলে “আপলোগ ভি অজগৰ পাৰ্টিছে হ্যেঁ কেয়া ?” একো বুজি নাপাই ভেবা লাগি চাই থাকোঁতেই গ’ল আমাৰ প্ৰথম দিন।

পিছদিনা অৰ্ণৱ আৰু মই আলোচনা কৰি সিদ্ধান্ত ল’লোঁ যে আমি প্ৰথম দিনাখন ম’হ নিকিনো, কেৱল মানুহবোৰে কি দামত কেনেকৈ গৰু-ম’হবোৰ কিনে তাকে চাই ফুৰিম আৰু এনেই মেলাত ঘূৰি ফুৰিম। এইদৰে নানাজনে গৰু-ম’হ কিনা চাই মোটামুটিকৈ এটা অনুমান লগালোঁ যে ম’হ এটাৰ সৰ্ব্বচ্চ দাম হয়, ম’হে দিয়া গাখীৰৰ প্ৰতি লিটাৰৰ পৰিমানৰ বিপৰীতে সৰ্ব্বোচ্চ ২ হাজাৰ টকাকৈ। দৰ-দাম শেষ হোৱাৰ পিছত দালালৰ জৰিয়তে ১টকীয়া মুদ্ৰা এটা ম’হৰ মালিকৰ হাতত দিয়াৰ পিছত সেই গৰু-ম’হবোৰৰ গাখীৰ খিৰাই সম্পূৰ্ণ টকাখিনি দিব লাগে। দালালে ম’হৰ কিনোতা আৰু বেচোতাৰ পৰা ১০ টকাকৈ ল’য়। তাতো দেখিলোঁ দালালবোৰে অসমৰ পৰা যোৱা মানুহ দেখিলেই যে ‘অজগৰ’ ভাই বুলি মাতে। পিছে আচৰিত হ’লোঁ আন এটা কাৰণত হে অসমৰ পৰা যোৱা প্ৰায়ভাগ মানুহেই কিনে একেবাৰে কম দামী বুঢ়া ২/৩ লিটাৰমান গাখীৰ দিয়া আনকি পোৱালী নথকা বা বেমাৰী গৰু-ম’হবোৰহে। যি নহওক আমি সিহঁতৰ লগত প্ৰায় সময়েই ঘূৰি ফুৰা বাবেই ওচৰৰ কেম্প, দানা-ঘাঁহ যোগান দিয়া মানুহ সকলোৱেই গম পালে যে আমিও আচলতে ‘অজগৰ’হে। এই নাম সম্পৰ্কে আমি লগত নিয়া আমাৰ টকাখিনি জমা থোৱা কেম্পৰ ঠাকুৰক সোধাতহে গম পালোঁ অজগৰ নামৰ আচল অৰ্থটো, ঠাকুৰে ক’লে,”হৰ এক চাল ইহাছে যিতনা গাই-ভৈচা আপলোগকি উধাৰ যাতে, আবতক তো আচাম মে বিহাৰ ছে ভি যাদা গাই-ভৈচা হোনা চাহিয়ে থা…!!! চব গিল যাতা হ্যেই তু লোগ, বিলকুল অজগৰ কি তৰাহ”- অহ মানে কেছ এয়া হে!!! পিছলৈ ৮/১০লি. গাখীৰ দিয়া চাৰিটা ম’হ আমিও কিনিলোঁ, কিন্তু হ’লে কি হ’ব অজগৰ হিচাবে বিহাৰী বা আন ৰাজ্যৰ গ্ৰাহকে তৈয়াৰ কৰা চালান, ভেটেনাৰী ট্ৰেভেলিং ফিটনেছ আদি আমিও কৰিব লাগিল ৩গুণ অধিক পইছাৰে…। মুঠতে অজগৰে সকলোতে অধিক পইচা দিবই লাগিব। ইয়াত উপায় নাই এইখন অসমটো নহয়।

সঁচাকৈ ক’ত যায় অসমলৈ অহা ইমান গৰু-ম’হ…? উত্তৰ সহজ এই গৰু-ম’হবোৰৰ অধিকাংশই চোৰাংকৈ পায়গৈ বাংলাদেশ। প্ৰতি বছৰে ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাংকৈ যায় ২৫ লাখ গৰু-ম’হ, যাৰ বজাৰ মূল্য ৩১হাজাৰ কোটি টকা।* অৱশ্যে ম’হ বহু কমকৈয়ে যায়, গৰুৰ সংখ্যাই ৯৫ শতাংশ। যাৰ বেছিভাগেই এবছৰৰ আগলৈ গৈছিলে পশ্চিমবঙ্গৰ সীমান্তৰ ২৪ পৰগনাৰ জিলাৰ বনগাঁও আৰু বসিৰহাটৰ বিস্তীৰ্ণ অঞ্চলেৰে। এই ব্যৱসায়ে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে চোৰাংচোৱা বিভাগৰো, কাৰণ গৰুৰ চোৰাং ব্যৱসায়ীৰ লগতে এনে কিছুলোক ভাৰতলৈ সোমাই আছে যাক লৈ কেন্দ্ৰীয় চৰকাৰ যথেষ্ট চিন্তিত। গৰুৰ চোৰাংবেপাৰীসকলে কোনো ধৰণৰ বেমেজালি, উলুম-জুলুম নোহোৱাকৈ সীমান্ত পাৰাপাৰৰ সকলো শুংসূত্ৰ জানে। তদুপৰি তেওঁলোকৰ দুয়োফালৰে বিকল্প ৰাস্তা-ঘাটবোৰ অতি চিনাকি। সেয়ে সেই চোৰাং বেপাৰীৰ লগত হাত মিলাই অনায়াসে সীমান্ত পাৰহৈ ভাৰতলৈ আহিব পৰা যায় বাবে এই চোৰাং বেপাৰীৰ শৰণ লৈছে একাংশ মৌলবাদী জামাত-উগ্ৰপন্থীয়ে। সিহঁতৰ লগতে আহি আছে বাংলাদেশী টকাও। সেই টকা পৰিছেগৈ ভাৰতত আত্মগোপন কৰা জামাত নেতা আৰু তাৰ সাহাৰ্য্যকাৰী যুৱকসকলোৰ ওচৰলৈ। আচলতে যোৱা বছৰ পশ্চিমবঙ্গৰ খাগড়াগড়ৰ বিস্ফোৰণৰ পিছত বাংলাদেশৰ চোৰাংচোৱা বিভাগ (ৰ্যাব)-ৰ অফিচাৰসকলে ভাৰতত আহি খাগড়াগড় কাণ্ডৰ ধৃত সকলোক জেৰা কৰি বেছ কিছু তথ্য পায় আৰু তাৰ পিছতেই বাংলাদেশত জামাত-উগ্ৰপন্থীৰ গ্ৰেপ্তাৰ সংখ্যা বাঢ়ি যায়। যাৰ ফলস্বৰূপে বাংলাদেশৰ ভূমি জামাত নেতা সকলৰ পক্ষে বৰ এটা নিৰাপদ নহয় বুলি জানি তাৰ বেছিভাগ নেতাই ভাৰতলৈ পলাই আহিবলৈ বাধ্য হয়, ঠিক আমাৰ উগ্ৰপন্থীসকল বাংলাদেশলৈ যোৱাৰ দৰেই। **

পশ্চিমবংগৰ এজন উচ্চপদস্থ পুলিচ বিষয়াই জানিবলৈ দিয়া মতে ভাৰতৰ বুকুত নতুন ঘাটি সাজি বাংলাদেশৰ জামাতলৈ অস্ত্ৰ আৰু বিস্ফোৰক পঠোৱাটোৱেই সিহঁতৰ মূল লক্ষ্য।** পিছে মাদ্ৰাছা সাজি তাতে অস্ত্ৰ আৰু বিষ্ফোৰণ সামগ্ৰী জমা কৰা ‘খাগড়াগড়’ মডেলৰ আঁচনি তচনচ হৈ যায় মাত্ৰ এটা বিষ্ফোৰণৰ বাবেই। খাগড়াগড় কাণ্ড অভিযুক্ত সকলৰ মাজত ২১ জন এতিয়া জেলত বন্দী। সেই ঘটনাৰ লগত জড়িত সন্দেহত এতিয়াও ১৫ জন মোষ্ট ৱান্টেডক বিচাৰি আছে জাতীয় তদন্তকাৰী সংস্থা (এনআইএ)। যিহেতুকে গৰুৰ চোৰাংবেপাৰৰ লগত সিহঁতৰ সম্পৰ্ক আৰু সীমান্ত পাৰাপাৰ হোৱাটো প্ৰমাণিত সেয়ে বাংলাদেশলৈ গৰুৰ চোৰাংবেপাৰৰ ওপৰত নাকি লগাবলৈ তীব্ৰ অভিযান আৰাম্ভ কৰাৰ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে, যাতে সোনকালেই গৰুৰ চোৰাং বেপাৰ বন্ধ হয়। কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনাৰ পিছৰ পৰা বিএচএফে এতিয়ালৈ প্ৰায় ৯০ হাজাৰ গৰু জব্দ কৰে আৰু প্ৰায় ৪০০ জন ভাৰতীয় আৰু বাংলাদেশী গৰু চোৰাংবেপাৰীক পশ্চিমবংগত আটক কৰে পুলিছে।*** অগত্যা গৰুৰ চোৰাং বেপাৰীয়ে গৰু পাৰ কৰোৱাৰ বাবে নতুন লক্ষ্য কৰি লয় অসম-বাংলাদেশ সীমাৰে। যদিও আগতেও অসম-বাংলাদেশ সীমাৰে গৰুৰ চোৰাংভাৱে নিয়মিয়াকৈ বাংলাদেশলৈ গৈছিল পিছে যোৱা বছৰৰ পৰা এই সংখ্যা হঠাৎ বাঢ়ি যায় কেবাগুণো। আপুনি দিনে ৰাতি যি কোনো সময়তে ৩১ নং ঘাই পথৰ গৌৰীপুৰৰ পৰা ছাগলীয়াৰ ফালেলৈ গ’লেই দেখা পাব দলেদলে হাজাৰ-বিজাৰ গৰু সেই পথেৰে দিনে ৰাতি খোজ কঢ়াই আনি থকা হৈছে। যিবোৰ পিছলৈ ঘিউমাৰি, বিন্নাচৰা, পাটামাৰি, ধৰ্মশালা, দৰ্ণী, কালো আদি সীমান্তৰে প্ৰতিদিনে বাংলাদেশলৈ যায়। প্ৰশাসন, সংগঠন, নেতা, হাতা, বাদী, বিবাদী কোনো কওতা নাই…চাওতা নাই…সকলোৱেই মেনেজড। গৰু আনি থকা মানুহবোৰক সুধিলে এটাই উত্তৰ পোৱা যায়- ” ছাৰ, চৰে নিমু খেত কৰবাৰ লাইগ্গা !” গৰু পাৰাপাৰত ব্যৱহাৰ হোৱা মানুহবোৰ পিছে সাধাৰণ শ্ৰমিকহে, তেওঁলোকে গৰু-ম’হ পাৰ কৰি দিয়াৰ বাবদ দৈনিক ৫০০ টকাকৈহে পায়। মালিকবোৰ একো একো জন দুধৰ্ষ মাফিয়া, সিহঁতৰ ক্ষমতাও অপৰিসীম। তেওঁলোকেই আঁৰৰ পৰা চলায় এই খেল।

বিহাৰকে আদিকৰি উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা অহা গৰুবোৰ আটাইতকৈ কম খৰচত পাৰ কৰা যায় পশ্চিমবংগৰ সীমান্তৰেহে কাৰণ গৰুবোৰ যিমান দূৰ বাট নিয়া হয় চোৰাং বেপাৰীৰ বাবে সিমানেই বেছি খৰচ হয়। বিভিন্ন দল সংগঠন, প্ৰশাসন, পুলিচ, নেতা, দাদা, বিপ্লৱীকে ধৰি আনকি গণতন্ত্ৰৰ এটা স্তম্ভৰ গুৰিতো প্ৰতিটো অঞ্চলতে বেপাৰীয়ে শকত ধনৰ টোপোলা আগবঢ়াবলগীয়া হয়। গতিকে পথ যিমান বেছি হয় সিমানেই খৰচৰ পৰিমানও বাঢ়ি যায়, যাৰ প্ৰভাৱ গৰুৰ দামৰ ওপৰত পৰে। বেপাৰীয়ে আগতকৈ দাম বঢ়াই দিবলৈ বাধ্য হয় তদুপৰি চৰকাৰৰ কঠোৰ নিৰ্দেশনা কিছু হ’লেও কঠোৰ হৈছে অসম সীমান্তৰ বিএছএফ যাৰ বাবে বাংলাদেশত গৰুৰ চাহিদা অনুযায়ী গৰুৰ যোগান হোৱা নাই ইয়াৰ প্ৰভাৱ পৰিছে বাংলাদেশৰ বজাৰতো। কিছুদিন আগতো প্ৰতি কেজিত মাত্ৰ ২৫০টকাত উপলব্ধ গোমাংসৰ দাম বৰ্তমান বাংলাদেশত চুইছেগৈ ৫০০ টকালৈকে (ব্যক্তিগত যোগাযোগ, জনৈক ফেছবুক বন্ধু, বাংলাদেশ)।

ভাৰত চৰকাৰে এই কাঢ়া পদক্ষেপ লোৱাৰ বাবে বাংলাদেশ চৰমভাৱে ক্ষতিগ্ৰস্থ হৈছে। বাংলাদেশৰ অৰ্থনীতিতো ইয়াৰ প্ৰভাৱ পৰিছে। বিশেষকৈ বাংলাদেশত গৰুৰ আমদানি কমি যোৱাত মাংসৰ ব্যৱসায় আৰু চামৰা শিল্প ক্ষতিগ্ৰস্ত হৈছে।**** বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাচিনাৰ ৰাজনৈতিক উপদেষ্টা এইচ টি ইমামে কয় যে, গৰুৰ মাংসৰ ব্যৱসায় আৰু চামৰা শিল্প যে ক্ষতিগ্ৰস্ত হৈ আছে ইয়াত কোনো সন্দেহ নাই। বাংলাদেশৰ মাংস ৰপ্তানিকাৰক চৈয়দ হাবিৱে জানিবলৈ দিয়া মতে, ভাৰতৰ পৰা গৰু অহা কমি যোৱাত ৭৫ শতাংশ আন্তৰ্জাতিক অৰ্ডাৰ তেওঁৰ কোম্পানীয়ে নাকচ কৰিবলগীয়া হৈছে। তেওঁৰ কোম্পানী বেঙ্গলমিটছে বছৰত পাৰস্য উপসাগৰীয় অঞ্চলৰ দেশবোৰত প্ৰায় ১২৫ টন মাংস ৰপ্তানি কৰে। বাংলাদেশ টানাৰ্চ এচোচিয়েশ্বনৰ সভাপতি শাহিন আহমেদে কয়, চামৰাৰ অভাৱত বাংলাদেশৰ ১৯০টি টেনাৰিৰ মাজত ৩০টা টেনাৰি ইতিমধ্যেই বন্ধ হৈ গৈছে। প্ৰায় ৪ হাজাৰ কৰ্মীয়ে চাকৰি হেৰুৱাইছে।***

যিহেতু গৰু চোৰাংবেপাৰীৰ মূল লক্ষ্য এতিয়া অসম, সেয়েই এই ক্ষেত্ৰত অসমবাসী সাৱধান হ’ব লাগিব। কাৰণ গৰু চোৰাংবেপাৰৰ ছলেৰে মানৱতাৰ শত্ৰুসকল অসমলৈ আহিব পাৰে। ইয়াৰ বাবে চৰকাৰে উচিত পদক্ষেপ লোৱাটো অতি দৰকাৰী। আমাৰ হিন্দুই গৰু নাখায়, পিছে বুঢ়া গৰুবোৰ, কাম নোহোৱা গৰু-ম’হবোৰ বেপাৰীক দিয়ে। হিন্দুৰ ঘৰৰ পৰা নিয়া কৌটি কৌটি বুঢ়া গৰুবোৰ বেপাৰীয়ে ঘৰত দানা খুৱাই ৰাখিবৰ বাবে নিকিনে। বেপাৰীয়ে সেই গৰুৱোৰ কিনি নিয়ে তাৰ চামৰা আৰু মাংসৰ বাবেহে, সেয়া পিছে কোনো হিন্দুৱে নজনা নহয়। ভাৰতবৰ্ষ গৰুৰ উৎপাদনত পৃথিৱীৰ প্ৰথম স্থানত, গতিকে আন আন সামগ্ৰীৰ ৰপ্তানিৰ দৰেই নিৰ্দ্দিষ্ট নিয়মৰ মাজেৰে গৰুৰ বেপাৰো হ’ব পাৰে। বছৰি ৩১হাজাৰ কোটি টকাৰ ব্যৱসায় চলে অথচ চৰকাৰৰ ঘৰত এটি ফুটা কঢ়িও জমা নপৰে! এয়া কি ধৰণৰ কথা…??? যিহেতু ভাৰতৰ হাজাৰ হাজাৰ কিলোমিটাৰ জোৰা সীমা বাংলাদেশৰ লগত গতিকে গৰু-ম’হৰ চোৰাং বেপাৰ একেবাৰে বন্ধ হ’ব বুলি আশা কৰিব নোৱাৰি। তাৰ বাবে চৰকাৰে অতিৰিক্তভাৱে বিএছএফ জোৱান নিযুক্ত কৰিও কিবা লাভ আছে বুলি মনে নধৰে, নহ’লে এনেদৰে দৈনিক হাজাৰ হাজাৰ গৰু ৰাজপথেৰে নিয়াটো সম্ভৱেই নাছিল। তাতকৈ চৰকাৰে গৰু ৰপ্তানিত অনুমোদন দিয়ক। অন্যথাই বাংলাদেশ দৰে অহিন্দু-প্ৰধান ৰাজ্যত এই সম্পৰ্কীয় উদ্যোগ গঢ়ি তোলক। সীমান্তৰ নৈসমূহৰ দলঙৰ তলেদি নহয় গৰু-ম’হ যাওক নিৰ্দ্দিষ্ট গেটেৰে সম্পূৰ্ণ নিয়ম অনুযায়ী। চৰকাৰে মিছাতে কোটি টকাৰ ৰাজহ কিয় হেৰুৱাব লাগে?? কিয় উদগনি দিব লাগে মাফিয়াৰাজক? কিয় চৰকাৰী বিষয়া-কৰ্মচাৰীক দিব লাগে ৰাজপথত মুক্তভাৱে ঘোচ খোৱাৰ অনুপ্ৰেৰণা!!!

তথ্যসুত্ৰঃ-

*প্ৰথম আলো, ঢাকা, বাংলাদেশ (৩ এপ্ৰিল ২০১৫)

**আনন্দবাজাৰ পত্ৰিকা, কলকাতা(১অগস্ট, ২০১৫)

***দৈনিক ইত্তেফাক, ঢাকা, বাংলাদেশ(৫জুলাই, ২০১৫)

****TOI, অনলাইন(৩০জুন, ২০১৫)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!