শিক্ষক দিৱসৰ স্নেপ শ্বট (-অৰিন্দম তালুকদাৰ)
স্নেপ শ্বট-১
মিলন নগৰৰ শশী শৰ্মাৰ ঘৰটো সকলোৰে পৰিচিত। মহানগৰীৰ ব্যস্ততাৰ পৰা আঁতৰত এটা সৰু আটোমটোকাৰী ঘৰ। সন্মুখত যথেষ্ট খালী ঠাই। তাতে শৰ্মা দেৱে নিজে গঢি তুলিছিল এখনি সৰু বাগিছা। আজিৰ কংক্ৰীটৰ মহানগৰীত এখন ব্যতিক্ৰমী চিত্ৰ। আজি কেইবাবছৰৰে পৰা সদায় ৫ চেপ্তেম্বৰৰ দিনা ৰাতিপুৱা সুন্দৰনগৰ প্ৰাইমেৰী স্কুলৰ অৱসৰপ্ৰাপ্ত হেডমাষ্টৰ শশী শৰ্মাৰ সৰু ঘৰটিৰ সন্মুখত এখন বগা ৰঙৰ ধুনীয়া দীঘল গাডী ৰয় আৰু তাৰ পৰা হাতত এটি ডাঙৰ টোপোলা লৈ নামি আহে চহৰৰ বিশিষ্ট চিকিত্সক ডাঃ অবিনাশ বৰুৱা। ৰাতিপুৱাই গা পা ধুই আজৰি হোৱা শশী শৰ্মা তেতিয়া বাৰান্দাৰ পৰ্টিকোত বহি থাকে, অবিনাশে তাৰ শিশু কালৰ শিক্ষাগুৰুৰ চৰণ স্পৰ্শ কৰি কুশল বাৰ্তা লোৱাৰ অন্তত গুৰুক অৰ্পণ কৰে এটি উপহাৰৰ টোপোলা আৰু কৃতজ্ঞতাৰে স্মৰণ কৰে তাৰ জীৱনত শৰ্মা চাৰৰ অৱদানৰ কথা! শৰ্মা চাৰে তাৰ কথাখিনি শুনি সুন্দৰকৈ হাঁহে আৰু তাৰ মূৰত হাত ফুৰাই মৰম কৰি আৰ্শীবাদ দি কয়- “মই জানো তুমি বৰ ভাল চিকিত্সক, চিকিত্সা বৃতিও শিক্ষকতাৰ নিচিনা এটা মানৱ সেৱাই, সেই কথা কাহনিও নাপাহাৰিবা। তোমালোকৰ কুশল হওঁক” দুয়োজনে কথা-বতৰা পাতে। ইতিমধ্যে বাইদেৱে চাহ জলপান যতনাই আনে আৰু অবিনাশে তাৰ শিক্ষাগুৰুৰ সৈতে চাহ একাপ খাই বিদায় মাগে। বৰ ব্যস্ত চিকিত্সক অবিনাশ; তথাপিও সি শিক্ষক দিৱসৰ দিনাখন তাৰ গুৰুজনৰ ওচৰলৈ নহাকৈ নাথাকে। পৰম আনন্দেৰে শশী শৰ্মা চাৰে অবিনাশ ওলাই যোৱালৈ চাই থাকে। তেওঁৰ ঘৰৰ পৰ্টিকোৰ টেবুলত পৰি থাকে চৰকাৰে পতা শিক্ষক দিৱসৰ নিমন্ত্ৰণী পত্ৰখন!! তেওঁ সেইখন খুলিও নাচায়। আজিও আহিছিল অবিনাশ কিন্তু তাক আৰ্শীবাদ কৰিবলৈ আজি তাৰ শৰ্মা চাৰ তেওঁৰ অকণমাণি ঘৰটোত নাছিল। দৰাচলতে শশী শৰ্মা চাৰৰ ঘৰটোৱেই নাইকিয়া হোৱাৰ দৰে হ’ল। চাকৰিৰ পৰা অৱসৰ লোৱাৰ ছমাহ আগলৈকে চাৰে কিন্তু এই মাটি ঘৰ কৰাৰ বাবদ ঋণ পৰিশোধ কৰি আছিল। তেওঁ গুচি যোৱাৰ পিছত বৰ্তমান এই মাটি ঘৰৰ যেন প্ৰয়োজনেই নোহাৱা হ’ল। শৰ্মা চাৰৰ ল’ৰা নাছিল, দুজনী ছোৱালী তেওঁৰ,পঢ়াত ভাল আছিল। শিক্ষা শেষ কৰি লগে লগে ভাল চাকৰি পালে। বৰ্তমান অসমৰ বাহিৰত থাকি চাকৰি কৰে, দুয়োজনীৰে অসমৰ বাহিৰৰ ল’ৰাৰ লগত বিয়া বাৰু হ’ল। তেওঁলোকৰ আৰু অসমলৈ ঘূৰি অহাৰ সম্ভাৱনা নাই। অৱশ্যে অকলশৰীয়া মাক আৰু ঘৰখনৰ খবৰ ৰাখে সিহঁতে। দেউতাকে এপইছা দুপইছাকৈ গোটাই বেংকৰ ঋণ লৈ কৰা এই মাটি-ঘৰ অকল মাকৰ নামত পেলাই থোৱাটো পছন্দ নকৰিলে সিহঁতে। গুৱাহাটী মহানগৰীত ঘৰ-মাটিৰ ইমান চাহিদা, মাটিখিনি এনেই পেলাই থোৱাতকৈ সেয়ে বিল্ডাৰক দি দিলে তেওঁলোক দুজনীয়ে কেইবাটাও ফ্লেট পাব। তাৰে সৰহকেইটাই বিক্ৰী কৰি দিব, বাহিৰত তেওঁলোকৰ চলিবলৈ হেনো বৰ কষ্ট! তেওঁলোকে পাব লগা এটা ফ্লেটত অৱশ্যে তেওঁলোকে মাকক ৰাখিব বুলি সকলোখিনি ব্যৱস্থা কৰিছে। এতিয়া ফ্লেটটো সম্পূৰ্ণ নোহোৱালৈকে বাইদেউ পুৰণি ঘৰটোৰ কোঠা এটাতেই আছে, পুৰণি ঘৰটো ভাঙি ভাঙি তাৰ সন্মুখত ফ্লেটটোৰ কাম আৰম্ভ কৰা হৈছে। শৰ্মা চাৰৰ হাতৰ পৰশ লাগি থকা ফুলনিখনৰ চিন-মোকাম নাই। ইটা, শিল-বালি, লোহা, চিমেণ্ট ইত্যাদিৰে পৰিপূৰ্ণ গোটেই চৌহদ। হয়তো আৰু কিছুদিন পিছতেই শৰ্মা চাৰৰ ঘৰটো নিচিহ্ন হৈ যাব। এই কথাখিনি তাক এদিন মাতি আনি বাইদেৱে কৈছিল। সেই কথাবোৰকে ভাবি ভাবি সি তাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুজনৰ ঘৰটিৰ অৱশিষ্ট অংশটিলৈ সোমাই গ’ল যদিও আগৰ দৰে তাৰ সেৱা ল’বলৈ আজি শৰ্মা চাৰ তাত নাছিল, তাৰ ঠাইত আছিল চাৰৰ এখন বন্ধাই থোৱা ছবি। সি চাৰৰ ছবিখনতে সশ্ৰদ্ধ প্ৰণিপাত কৰি বাইদেউক সেৱা জনালে। তেওঁ অবিনাশক ভূয়সী আৰ্শীবাদ কৰি হুকহুকাই কান্দি ক’বলৈ ধৰিলে, “বোপা, আজিৰ পৃথিবীত তোমাৰ দৰে ল’ৰা থাকিব পাৰে বুলি বিশ্বাস নহয়, সোণ। তোমাক চাৰে বৰ ভাল পাইছিল জানা, বৰ ভাল পাইছিল, আজি শিক্ষক দিৱসৰ দিনা তেওঁ ওপৰৰ পৰা তুমি গুৰুপত্নীৰ খবৰ ল’বলৈ অহা দেখি বৰ আনন্দ পাব বাছা। নিজৰ ল’ৰা-ছোৱালীয়ে ইমান নকৰে, সোণ।” অলপ সময় বিলাপ কৰি তেওঁ নিজক চম্ভালি ভিতৰলৈ গ’ল। অবিনাশে তেওঁৰ সৈতে বহি চাহ-জলপান খাই আকৌ এবাৰ তাৰ চিৰ নমস্য গুৰুজনাক সেৱা জনাই তেওঁৰ পুৰণি ঘৰটোৰ পৰা সম্ভৱত শেষ বাৰৰ কাৰণে ওলাই আহি গা়ডীত বহি গ্লাচখন নমাই ঘৰটোলৈ আকৌ এবাৰ চাই পঠিয়ালে, নাই সেই অকণমানি ঘৰটো কোনোপধ্যেই বাটৰ পৰা নেদেখি… সি চাৰৰ ঘৰৰ চৌহদৰ সন্মুখত দেখা পালে এখনি ডাঙৰ চাইন বৰ্ড, তাত লিখা আছিল, অৰ্কিড এনক্লেভ, বুকিং অপেন ফৰ…। সি আকৌ চালে, নাই তাৰ ভুল হোৱা নাই শশী এনক্লেভ নহয়, অৰ্কিড এনক্লেভেই হয়। তাৰ চকুহাল সেমেকি উঠিল অন্তত ঘৰটো চাৰৰ নামত দি পৰিয়ালটোৱে তেওঁৰ স্মৃতিখিনি জীয়াই ৰাখিব পাৰিলেহেতেঁন। মাটিৰ লগতে তাৰ মানে জীৱন শিক্ষকজনৰ স্মৃতিকো বিক্ৰী কৰি দিয়া হ’ল। তাৰ চকুহাল সেমেকি উঠিল। পকেটৰ পৰা ৰুমালখন উলিয়াই চকুহাল মচি সি দ্ৰাইভাৰজনক গাড়ী ষ্টাৰ্ট কৰিবলৈ ক’লে। সি এইবাৰ গাড়ীৰ আইনাৰে আকাশলৈ চালে… তাৰ এনে লাগিল, সৌৱা তাৰ চাৰে যেন আকাশৰ পৰা ধুনীয়াকৈ হাঁহি তাক কৈছে-“মোৰ ঠিকনা হেৰাই গ’ল বুলি দুখ নকৰিবা অবিনাশ, মই সদায়েই তোমালোকৰ নিচিনা মোৰ মৰমৰ ছাত্ৰবোৰৰ বুকুৰ মাজত থাকিম। তোমালোকেই মোক জীয়াই ৰাখিবা।”
স্নেপ শ্বট-২
অধ্যাপিকা ড° ৰঞ্জনা বৰুৱাই ৰাতিপুৱাৰ পৰা কেৱল টি ভি আৰু ৰেডিঅ’তে ব্যস্ত। তাৰ উপৰি ফোনবোৰতো আছেই। গা ধুই মেক আপ ল’বই সময় পোৱা নাই তেওঁ। শিক্ষক দিৱস উপলক্ষে সকলোতে ৰঞ্জনাৰ সাক্ষাৎকাৰ লোৱা হৈছে। ৰাজনীতি বিজ্ঞানৰ অধ্যাপিকা ৰঞ্জনা বৰুৱা আজিকালি চহৰখনৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী। চহৰৰ বৌদ্ধিক মহলত তেওঁ ড° ৰঞ্জনা ৰূপেই অধিক পৰিচিত। ৰূপৱতী, বাকপটু, ব্যক্তিত্বসম্পন্না ৰঞ্জনা বৰুৱা এগৰাকী অত্যন্ত বিদুষী মহিলা বা কৃতী শিক্ষয়িত্ৰী নহ’লেও বাহিৰৰ জগতখনক আভুৱা ভাৰিব পৰাকৈ তেওঁৰ সকলো গুণেই আছে। শ্ৰেণী কোঠা বা পুথিভঁড়ালৰ পৰিবৰ্তে প্ৰায় দৈনিক সভা-সমিতি বা টিভিৰ পৰ্দাত দেখা পোৱা ৰঞ্জনা বৰুৱা প্ৰকৃতাৰ্থত এগৰাকী চেলিব্ৰিটি মহিলা। বৰ্তমান তেওঁ চৰকাৰী, বেচৰকাৰী কেবাখনো শিক্ষা বিষয়ক কমিটিৰ সদস্য। বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁ অচিৰেই লোক সেৱা আয়োগজাতীয় অনুষ্ঠানৰ সদস্যা হোৱাৰ আশা আছে। আজিৰ দিনটোত ড° ৰঞ্জনা বাইদেউৰ ঢেৰ মিটিং তথা টক শ্ব। দৌৰাদৌৰিকৈ গাটো ধুই আহি তেওঁ সাজু হ’বলৈ ধৰিলে। ধুনীয়াকৈ প্ৰসাধন কৰি তেওঁ শিক্ষক দিৱস উপলক্ষে উপহাৰ পোৱা ৫০০০টকীয়া শাৰীখন পিন্ধি ললে। ইতিমধ্যে তেওঁৰ ফোনটোত নিউজ চেনেলৰ পৰা ফোন এটা আহিল, শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য বিষয়ক টকশ্বটোৰ ৰেকৰ্ডিং এঘণ্টা পিছতেই আৰম্ভ হ’ব, চেনেলৰ গাড়ী তেওঁক পিক আপ কৰিবলৈ আহি আছে। “এই জানকী, জলদি জলদি ব্ৰেকফাষ্ট লগা। মোৰ ক্লাছ…, অ’ নহয় মানে মোৰ ৰেকৰ্ডিং আছে!” ফোনটো থৈয়েই ৰঞ্জনাই জানকী নামৰ বনকৰা ছোৱালীজনীক চিঞৰি চিঞৰি কৈ চুলিখিনি হেয়াৰ ষ্ট্ৰেইটনাৰ লগাই চিধা কৰি ল’লে। কাঢ়া ৰঙৰ লিপষ্টিক দুটামান বেগত ভৰাই ল’লে। খাই উঠাৰ পিছত আকৌ এবাৰ ওঁঠ দুটাত পৰশ দিব লাগিব। ড্ৰেছিং আইনাখনত নিজকে আকৌ এবাৰ চাই তেওঁ ধুনীয়াকৈ গাটোত পাৰফিউম স্প্ৰে কৰি ধুনীয়া শাৰীৰ লগত মিলা ৰঙৰ পাৰ্ছ এটালৈ খোৱা কোঠাৰ পিনে লৰি ধাপৰি ওলাই গ’ল। গোটেই কোঠাটো পাৰফিউমৰ গোন্ধত মলমলাই থাকিল। বিছনাৰ কিনাৰত পৰি ৰ’ল কেইখনমান হালধীয়া প্ৰায় হৈ পৰা নোটৰ বহী!!
স্নেপশ্বট-৩
ৰাতিপুৱাৰে পৰা ফোন, ফেছবুক, হোৱাট্ছ এপ সমানে চলি আছে টেট শিক্ষক দিগন্তৰ। এক প্ৰকাৰ তালৈ শিক্ষক দিৱসৰ শুভেচ্ছাৰ প্লাৱন আহিছে। বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতক তথা বি এড ডিগ্ৰীধাৰী দিগন্তই টেট পৰীক্ষা পাছ কৰি কেৱল যোগ্যতাৰ আধাৰত এক টকাও ক’তো নিদিয়াকৈ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ চাকৰি পাইছিল। শিক্ষকতাকেই জীৱনৰ ব্ৰত ৰূপে গ্ৰহণ কৰা দিগন্তই সেয়ে সানন্দে ঘৰৰ পৰা দূৰৰ বিদ্যালয়খনত শিক্ষকতা কৰিবলৈ গুচি আহিছিল। অত্যন্ত মেধাৱী, ধেমেলীয়া দিগন্তই অচিৰেই চহৰখনৰ ভিতৰতেই এজন ভাল শিক্ষকৰ খিতাপ পাইছিল। দিনবোৰ ভালদৰেই অতিবাহিত হৈ আছিল যদিও আজি বেছ কিছুদিনৰ পৰা সিহঁতৰ চাকৰি, দা-দৰমহা সকলো অনিয়মীয়া হৈ পৰিল, চাকৰিয়াল হৈয়ো ঘৰৰ পৰা পইছা আনি খাই-বৈ থাকিব লগা অৱস্থা এটা হ’ল সিহঁতৰ। উদ্যমী দিগন্তৰ সপোনবোৰ অকালতে হেৰাই যোৱাৰ উপক্ৰম হ’ল। অৱশেষত সি সিদ্ধান্ত লৈ পেলালে, সি টেট মাষ্টৰ গুচি ক’ৰবাৰ কেৰাণী-মহৰি হ’বগৈ য’ত অন্তত দৰমহাকেইটা নিয়মীয়াকৈ পাব পাৰিব। আজি শিক্ষক দিৱসৰ দিনাই তাৰ প্ৰিয় বৃত্তিটোক চিৰবিদায় জনাম বুলি সি পদত্যাগ পত্ৰখন জেপত ভৰাই স্কুললৈ আগবাঢ়িল। বাটে বাটে তালৈ আহি থাকিল ছাত্ৰ-ছাত্ৰীসমূহৰ ফোন আৰু মেছেজ। স্কুলৰ কমন ৰুমৰ টিভিত চলি আছিল শিক্ষক দিৱস উপলক্ষে মন্ত্ৰী-বিষয়াৰ ফোপজহী বক্তৃতা আৰু প্ৰতিশ্ৰুতিৰ বন্যাৰ বাতৰি। কোনোবা এটা চেনেলত আকৌ শিক্ষকসকলে কৰা আন্দোলনৰ বাতৰি। সেইবিলাকত বিন্দুমাত্ৰও বিশ্বাস নাই তাৰ। কিন্তু ছাত্ৰ-ছাত্ৰীহতঁৰ নিষ্পাপ মৰম আৰু ভালপোৱাবোৰক সি কেতিয়াও উলাই কৰিব নোৱাৰে। শ্ৰেণীকোঠাই কোঠাই ছাত্ৰ-ছাত্ৰীহতঁৰ মৰম আৰু শুভেচ্ছা, প্ৰীতি উপহাৰ। এইবোৰতো মিছা নহয়। তাৰ বাবে এক অনন্য অভিজ্ঞতা, শিক্ষক নহ’লে কোনো কাহানিও সি নাপালেহেঁতেন ইমান মৰম আৰু সন্মান। এক তীব্ৰ অন্তৰ্দ্বন্দত দগ্ধ হ’ল সি! অৱশেষত সি আকৌ এবাৰ বিবেকৰ শৰণাপন্ন হ’ল। সাময়িক বিপদত ভাৰাক্ৰান্ত নহৈ তাৰ প্ৰিয় বৃত্তিটোৰ সৈতে জড়িত হৈ থকাৰ সিদ্ধান্ত লৈ পেলালে সি। এয়া যেন তাৰ বাবে হ’ল শিক্ষক দিৱসৰ সংকল্প। জেপত ভৰাই অনা পদত্যাগ পত্ৰখন উলিয়াই টুকুৰা-টুকুৰকৈ ফালি মোহাৰি পেলাই দিলে। শত শত ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নতুন দিগন্ত অনাৰ পবিত্ৰ দায়িত্বৰ কথা স্মৰণ কৰি সি চক ডাষ্টাৰ লৈ শ্ৰেণী কোঠালৈ আগবাঢ়িল।