চিপ চিপ এজাক বৰষুণ – অংকুমণি নেওগ

(১)
এদিন,
ক’লা গোমা আকাশখনত মেঘে গৰজিলে
গছৰ ডালৰ পৰা চৰাইজাক আঁতৰি গ’ল
সিহঁতে লগত লৈ গ’ল মোৰ মনটোও
তাৰপিছত, বিষণ্ণ সন্ধিয়াটো আৰু মই
আৰু ক্ৰমশঃ আন্ধাৰত ডুব যোৱা এটা আবেলি…!

(২)
সেইদিনাই কিছুপৰ পিচত,
হঠাত মন চঞ্চল কৰি কিছুমান শব্দৰ আগমন
আস ! এয়াচোন বাৰিষাৰ প্ৰথমজাক বৰষুণ
চিপ্ চিপ্ চিপ্ চিপ্
বিষণ্ণতাবোৰ ক্ৰমশঃ আঁতৰি গ’ল
ৰোমান্তিকতাবোৰ ক্ৰমাৎ জীপাল হৈ উঠিল
দুহাত মেলি তিতিলোঁ হেঁপাহ পলুৱাই……
মই ক্ৰমান্বয়ে মোৰেই মাজতে ডুব গ’লোঁ
প্ৰেমবোৰো উঠলি উঠিল….
আৰু মোৰ প্ৰেমিক মনটোৱেও সাৰ পালে
আৰু এতিয়া যে,
কচুপাতৰ ছাতিৰ তলত মোৰ আলফুলীয়া মনটো
তোমাৰ স’তে…….
■■■

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
paplu
6 years ago

ভাল লাগিল পঢ়ি

Copying is Prohibited!