চিঠি – অনন্যা দত্ত
তোলৈ বুলি …….
সোঁৱৰণীৰ হেঁচুকনিত সময়ৰ পিৰালিত বহি স্মৃতিয়ে যেতিয়া উচুপে অজানিতেচোন মনটোৱে তোক কাষত বিচাৰে, স্মৃতিৰ বালিচৰত তই যদিও হেৰুৱা ঠিকনা হোৱা নাই, মনৰ কাষত থাকিও তই যে চকুৰ পৰা বহু আতঁৰত৷ যান্ত্ৰিকতাৰ পৃথিৱীত ব্যস্ততাৰ নামধাৰী যন্ত্ৰণাৰ লগত অপলাপ এক অভ্যাস, এৰাব নোৱাৰা; তাৰ মাজতো হৃদয়নদীৰ পাৰত অনুভৱৰ কঁহুৱা ফুল হৈ তই আছ’, তই আছ’ বাবেই বন্ধ্যাত্বত ভোগা হৃদয়ৰ ভাষাবোৰে কেতিয়াবা প্ৰাণ পাই উঠে, তোৰ দাবীত ভাষাবোৰে কেতিয়াবা কবিতাৰ ৰূপ লয় আৰু কেতিয়াবা হয় অকবিতা…. তই জাননে, হোষ্টেলৰ কোঠাৰ খিৰিকীখন মোৰ বৰ প্ৰিয়, যি কংক্ৰীটৰ নগৰীত তই এদিন নিজৰ অজানিতে লুটিয়াইছিলি নীলাচলৰ পৃষ্ঠা; সেই কংক্ৰীট নগৰীৰ প্ৰথমজাক বৰষুণৰ বতৰা মোক এই খিৰিকীখনেই দিয়ে৷ খিৰিকীখনেৰে প্ৰায়ে মই কুঁৱলীয়ে ঢাকি ৰখা দূৰণিৰ পাহাৰখনলৈ চাওঁ, য’ত ৰাতি হ’লে বিজুলীবাতিবোৰে তৰাফুল বাছে৷ সেউজ পুৱা ছঁয়া-ময়া ৰূপ ধৰা পাহাৰখনৰ দৰেই চাচোন আমাৰ ভৱিষ্যতবোৰো কেনে অনিশ্চিত…..৷
হোষ্টেলৰ খিৰিকীখন বা এলাগী বেলকনিটোলৈ প্ৰায়ে অভিমান হয় মোৰ৷ জাননে কিয়? তাহাঁতে যে শেষনিশাৰ জোনটোৰ উচুপনিত মূক হৈ ৰওঁতে সোঁৱৰাই অতীতৰ কৰুণগাঁথা…৷ তই বাৰু হোষ্টেলৰ ছাঁদত ৰৈ চাইছ’নে কেতিয়াবা জোনটোৱে কান্দি থকা? ! অথবা তৰাৰ মাজত আঁকিবৰ চেষ্টা চলাইছনে সপোনৰ ‘জোনাকী কাৰেং’? তইতো জানই আকাশ মোৰ প্ৰিয়, ডাৱৰে ফুল তোলা আকাশ! ডাৱৰৰ মাজত কেতিয়াবা তইও বাৰু কল্পনা কৰি চাইছনে ভাল লগা প্ৰতিটো বস্তু? ! ছবি আঁকি ভালপোৱা ছোৱালী তই, কেতিয়াবা ডাৱৰকো কেনভাছ কৰি চাবিছোন; বৰ ভাল, বাধ্য হৈ ডাৱৰে তোৰো কথা শুনিব৷ প্ৰায়ে ভাব হয় মোৰ, প্ৰাপ্তিৰ সুখত নে অপ্ৰাপ্তিৰ দুখত বাৰু আকাশে পিন্ধে ডাৱৰৰ চোলা? ! আকাশ গাত লৈ সাগৰ তলিত শুই তই দেখা সপোনবোৰক মনৰ চিলা হৈ উৰিবলৈ দে জীৱনত৷ অধ্যয়নৰ তাগিদাত পৰি ঘৰলৈ বহুদিন আহিব নাপাই চাগে তই দুখৰ আকাশত অভিমানী তৰাৰে ববচা বাচিছ৷ মোৰ অভিমানী প্ৰিয়বান্ধৱী, শতযোজন আতঁৰত থাকিও তই আমাৰ বুকুৰ মাজত প্ৰতিপলতে আছ’৷
তোলৈ লিখো বুলি কলমৰ চিঞাহীৰে সদায়ে কলংকিত কৰো উকা পৃষ্ঠা, ভাৱাবেগৰ অশান্ত জোৱাৰে লিখিম ভবাবোৰ লিখিৱ নিদিয়েইচোন, আজিও ব্যতিক্ৰম নহ’লোঁ৷ হ’লেও পঢ়ি চাবিচোন অৰ্থহীন অনুভূতিৰে ভৰাই তোলা এই পৃষ্ঠা……মৰম ল’বি নকওঁ, কাৰণ- তইতো জানই তই মোৰ কিমান আপোন, কবিতা নামৰ চিৰসেউজীয়া বৃক্ষৰে মৰূদ্যান কৰি ৰখা তোৰ হৃদয়খন মৰুভূমি হ’ব কেতিয়াও নিদিবি৷ ভালে থাক৷
প্ৰান্তত
কোন কোৱাটো নিষ্প্ৰয়োজন চাগে……৷