স্মৃতিৰ জখলাইদি : হোষ্টেলৰ প্ৰথম দিনটো (দিব্য দত্ত)

২০০৩ চনৰ জুন মাহ, শিৱসাগৰ মহাবিদ্যালয়, জয়সাগৰৰ হোষ্টেলতে থাকি পঢ়িম বুলি সিদ্ধান্ত লৈ আবেদন–পত্ৰ জমা দি থৈছিলো। শুনিলো নটিচ মাৰিছে। চাবলৈ আহি দেখো – নটিচ–ব’ৰ্ডত নতুন কোনো কাগজেই নাই, সকলো ফটা–চিতা। কলা–১ ৰ এখন ব’ৰ্ডত “জয়া ছাত্ৰী নিৱাস (J.C.N.)”ৰ এখন ৱেইটিং লিষ্ট (Waiting list) অঁৰা আছে। নটিচ–ব’ৰ্ডত কাগজ নেদেখি কাৰ্যালয়ৰ ভিতৰত কেশৱ দাক হোষ্টেলৰ লিষ্ট নাই মৰা নেকি বুলি সুধিলো। তেওঁ মাৰিলো বুলি ক‘লে। মই বোলো নেদেখিলো যে! যিটো ধমকি লগালে, একে দৌৰে ব’ৰ্ডখনৰ কাষ পালোহি। তন্ন–তন্নকৈ চাবলৈ ধৰিলো, নাই ক‘ত লিষ্ট ডাল আছে! J.C.N.ৰ লিষ্টখনতে চকু ফুৰালোঁ, এনেয়ে। ওৱা, মোৰ নামটো চোন ইয়াত? কোনোবা ছোৱালী চাগে! কিন্তু নহয়, ঠিকনা, পিতৃৰ নাম আদি সকলো মোৰ লগতহে মিলিছে! ধেৎ তেৰি, কিযে হয়! কৰ্তৃপক্ষৰ ওপৰতে খং উঠিল। হেৰৌ আবেদন–পত্ৰখনত স্পষ্টকৈ, ডাঙৰ ডাঙৰকৈ লিখা “MALE” শব্দটো আপোনালোকৰ চকুত নপৰিল নে? নে সেইটো বেলেগ কিবা বুলিহে পঢ়িলে?

ঘৰলৈ আহি সকলোকে কথাটো ক‘লো, সকলোৱে বৰ ৰস পালে। বাবুৱে ( জেষ্ঠ ভাতৃ) ছোৱালী হোষ্টেলত থাকিলে হ‘ব পৰা নানা কাল্পনিক সম্ভাৱনাৰে বৰ্ণাই নিজেও হাঁহিলে আৰু আনকো খুব হঁহুৱালে, লগৰবোৰৰ মাজতো ই আমোদৰ যোগান ধৰিলে। যি কি নহওক, মোৰ নামটো J.C.N.ৰ পৰা শিৱসাগৰ মহাবিদ্যালয়ৰ পুৰণা ছাত্ৰাবাসলৈ (OLD BOYS HOSTEL বা O.B.H.) সলনি কৰি অনা হ‘ল।

হোষ্টেলত বৰ বেছি ৰেগিং হয় বুলি শুনিছিলো। নৱাগতসকলক বোলে বিছনাৰ তলত ভৰাই থয়, আঠুৱাৰ ৰচি ধৰি থাকিবলৈ দিয়ে, গা মালিচ কৰোৱাই, ছোৱালীৰ ফ‘টোত লিপ কিছ কৰিবলৈ দিয়ে, বিছনাৰ তলৰ পৰা মতা মহ ধৰি আনিবলৈ দিয়ে, ইত্যাদি। মোক লগৰ বিলাকে নবাগত আদৰণি সভাৰ পাছত যাবলৈ উপদেশ দিলে, তেতিয়ালৈ বোলে ৰেগিং নকৰে আৰু। মই তেতিয়ালৈকে ৰেগিং পোৱা নাছিলো। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৰেগিং নাপালো, শিৱসাগৰ কলেজতো নাম লগোৱা এসপ্তাহ মানেই হ‘ল ৰেগিং নাই। ৰেগিংনো কেনেকৈ কৰে, ল‘ৰা–ছোৱালী কিছুমান নো কিয় আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হয়, মই তেনে পৰিস্থিতিত কি কৰিম এনে অলেখ প্ৰশ্ন মোৰ মনত আছিল। মই সঁচায়ে বৰ অনুসন্ধিৎসু হৈ আছিলো, সেয়ে নবাগত আদৰণি সভালৈ ৰৈ নাথাকিলো।

২৯ জুলাই, ২০০৩ তাৰিখে মই হোষ্টেলত ভৰি দিলোগৈ। O.B.H.ৰ ১৩ নং কোঠটো মই দখল কৰিলো। কোঠাটো চাফ–চিকুণ কৰি, গেঞ্জি আৰু এখন গামোছা পিন্ধি অলপ ওলাই গ’লো। তেতিয়া হোষ্টেলৰ মাত্ৰ এজনক চিনি পাওঁ, ত্ৰিদিপ ফুকন। বাৰাণ্ডাত কেইজনমান ল‘ৰাই কেৰম খেলি আছে, সম্ভৱতঃ চিনিয়ৰেই হ‘ব। এজন শকত, ওখ আৰু বগা; এজন তেনেই ক্ষীণ আৰু আনজন পাহুৱাল। মই গৈ তাতে ৰ‘লো। তেওঁলোকে মোলৈ চালে, একো নক‘লে। এবাৰত এজনে মাত লগালে যে মই যেন আকৌ বাহিৰলৈ আহিলে পেণ্ট–চাৰ্ট পিন্ধিহে আহোঁ, তাকো চুট কৰিহে। আজি মোক নতুন কাৰণে একো কৰা নাই।

তেনেতে এজন ওখ, ক্ষীণ ল‘ৰা আহি মোক নাম, ক্লাচ, আদি সুধিলে।

মেজৰ কি সুধিলে– “Zoology” – মই ক‘লো।

“গৰু–ছাগলী নে ঘাঁহ–পাত,” – এজনে মাত লগালে।

“গৰু–ছাগলী” – মই ক‘লো।

“বস্তু বনি আহিছে!”

ল‘ৰাজনে মোক উল্টা–পুল্টা প্ৰশ্ন কৰিবলৈ ধৰিলে। মোৰ খং উঠি গ‘ল। ভাবিলো এয়াই ৰেগিং। সেইজন আছিল উদয় কৃষ্ণ কোঁৱৰ, মানে উদয়দা। বাকী কেইজন হ‘ল – বিপ্লৱদা, এজন অভিজিতদা, এজন উৎপলদা আৰু আনজন দুদু দোকানী।

কোঠালৈ আহি বিছনা খনতে অলপ পৰি দিলো। চিলমিলকৈ টোপনিটো আহিছিলহে, লগত ল‘ৰা এটা লৈ শকত, ওখ, বগা ল‘ৰা এজন সোমাই আহিল। আনটোও দেখাত ধুনীয়া, বগা, ওখ। ল‘ৰাজন আহি মোৰ বিছনাতে বহিল, আনটো ল‘ৰা হিঃ হিঃ কৰি কাষতে থিয় হৈ থাকিল। তেওঁ মোৰ পৰিচয় ল‘লে আৰু বাল্ব আৰু ঝাৰু কিনিবলৈ ১০ টকা এটা খুজি লৈ গ‘ল। মই ভাবিলো মোৰ ৰুমৰ বাবে বস্তু কেইপদ আনি দিব চাগে! যাওঁতে লগৰটোক, মোক হোষ্টেলৰ নীতি–নিয়মবোৰ শিকাই দিবলৈ কৈ গ‘ল। সেইজন আছিল ধ্ৰুৱদা, লগৰটো উন্মন। অলপ পাছত আৰু এটা ল‘ৰা আহিল, লগত সৰু–ফুটীয়া আন এটা ল‘ৰা। সিও নতুনকৈ হোষ্টেললৈ আহিছে, মোৰ লগতে একেটা ৰুমতে থাকিব। নাম সৌৰভ গগৈ। পাছতহে গম পালো সৰু যেন লগা ল‘ৰাটো তাৰ ককায়েক, হোষ্টেলৰ চিনিয়ৰহে, প্ৰশান্তদা। তাৰ পাছত কাগজ–কলম লৈ আৰু এটা ল‘ৰা আহিল। সি মোৰ ঠিকনা টুকি ল‘লে আৰু মোকো তাৰ ঠিকনা বহী এখনত টুকি ল’বলৈ ক‘লে। সি মোক ক‘লে যে, হোষ্টলত কোঠাৰ পৰা বাহিৰলৈ যাওঁতে চুট কৰি যাব লাগে, ভাত খাবলৈ যাওঁতে ডিঙিত গামোছা লৈ যাব লাগে, চিনিয়ৰ আহিলে বহাৰ পৰা উঠি দিব লাগে আৰু বহ বুলি ক‘লেহে থেংকিউ বুলি কৈ বহিব লাগে, হোষ্টেলৰ সকলোৰে ঠিকনা লৈ মুখস্থ কৰিব লাগে ইত্যাদি। সি আছিল সিদ্ধাৰ্থ।

সন্ধিয়া সকলোৱে হোষ্টেলৰ বাৰাণ্ডাতে প্ৰাৰ্থনা কৰিলো। তাত সকলোকে মোৰ পৰিচয় দিলো। ৰাতি ৮ মান বজাত ধ্ৰুৱদা আকৌ আহিল। বাল্ব কিয় নাই লগোৱা মোক সুধিলে।

মই ক‘লো, “কোনোবা এজনে বাল্ব আৰু ঝাৰু আনিবলৈ মোৰ পৰা পইচা নিছিল।“

“ময়েই আছিলো গৰু, সেইটো তোৰ ৰুমৰ কাৰণে নহয়, বাহিৰৰ কাৰণেহে।“

তাৰ পাছত মোৰ এটা কাণ্ড দেখি তেওঁ হাঁহিবলৈ ধৰিলে। মই বাল্বৰ হোল্ডাৰটোৰ পৰা ৰছী এডাল লগাই তাতে চোলা কেইটামান আঁৰি থৈছিলো।

“অই গৰু, চাৰ্টকেইটা যে তাত আঁৰিছ পঢ়িবি কেনেকৈ?”

তাৰ বহুদিন পিছলৈকে তেওঁ সেইটো কথা কৈ কৈ খুব জমাইছিল।

ৰাতি ভাত খোৱাৰ সময় হ‘ল। আমি জুনিয়ৰ সকলোৱে ডিঙিত গামোছা লৈ লৈ ভাত খাবলৈ গ‘লো। ভাত খাওঁতে দাদাহঁতৰ কৃপাত এবাৰ বাওঁ হাতে, এবাৰ দুইহাতে, এবাৰ ডাইৰেক্ট মুখেৰে, এবাৰ কাঁহীখন মূৰত লৈ ইত্যাদি নানা ৰকমে ভাত খাবলৈ পালো। ভাত খাই আহি ৰুমত বহিলোহি। টোপনি ধৰা নাছিল। এনেতে এজনে আহি আমাক এটা ৰুমলৈ মাতি নিলেহি। তাত আমাক দাদাহঁতে জুইশলা কাঠীৰে গদা যুদ্ধ, হোষ্টেল চং, হোষ্টেল চেল্যুট আদি শিকালে। গিলাছে–গিলাছে পানী খুৱালে, মতা মহ ধৰাৰ কিটিপ শিকালে, অল্প বসন পৰিধান কৰি নাচিবলৈ শিকালে। মুঠতে দাদাহঁতৰ কৃপাত আমি যে কিছুদিনৰ ভিতৰতে সৰ্ববিদ্যা বিশাৰদ হ‘ম সেইটো মই বাৰুকৈয়ে উপলব্ধি কৰিলো আৰু এই বিদ্যা আমি আমাৰ অনুজহঁতকো পিছলৈ শিকাম বুলি ঠিৰাং কৰিলো।

এনেদৰে বিভিন্ন শিক্ষাৰ অগতানুগতিক পাঠদানেৰে প্ৰায় ৰাতি ৩ মান বজাত হোষ্টেলত মোৰ প্ৰথম দিনাৰ দিক্ষা সমাপ্ত হ‘ল। আমি শুবলৈ বুলি নিজৰ নিজৰ কোঠাত প্ৰৱেশ কৰিলো। সেইদিনা বৰ সুন্দৰ টোপনি আহিল।

উপসংহাৰ: হোষ্টেলৰ প্ৰথম দিনটোৰ দৰেই প্ৰায় ৭–৮টা মান দিনৰ পাছত হোষ্টেল নবাগত আদৰণি সভা অনুষ্ঠিত হ‘ল। নবাগত আদৰণি সভাৰ আগৰাতি আমি দাদাহঁতৰ পৰা লোন লৈ হংকং যাত্ৰাও কৰি আহিলো। দাদাহঁতে আমাৰ চুলিবোৰ দীঘল হোৱা বাবে চুটি–চুটিকৈ কাটি দিলে। আমাক সকলোকে এটা এটা উপ–নামো (Nick Name) দিলে; মোক মৰমতে নাম দিলে – কালিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *