বৰ্ত্তমানৰ অসমীয়া সমাজ আৰু চ’ছিয়েল মেডিয়াৰ প্ৰভাৱ – নিয়ৰ পাৰ্থপ্ৰতিম বুজৰবৰুৱা

বৰ্ত্তমান সময়ত হাইস্কুললৈ পঢ়িবলৈ যোৱা কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি অৱসৰ পোৱা বৰদেউতা-বৰমাহঁতলৈ, তেওঁলোকৰ দৈনিক ৰুটিনখনৰ কিছু অংশ হ’লেও ফেছবুক, টুইটাৰ, ইনষ্টাগ্ৰাম ইত্যাদি চ’ছিয়েল মেডিয়া এপচ্ বা ৱেবচাইটবিলাকৰ নামত উৎসৰ্গিত। টুইটাৰ বা অন্যান্ন মেডিয়াবোৰে এতিয়াও অসমীয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত দকৈ শিপাব নোৱাৰিলেও, ফেছবুকৰ সাম্ৰাজ্যখন কিন্তু জুকাৰবাৰ্গ ককাইয়ে আমাৰ মাজত ভালকৈয়ে বহলাইছে। লাগিলে সেয়া জুকাৰবাৰ্গৰ ব্যাৱসায়িক বৌদ্ধিমত্তাৰ বাবেই হওঁক বা আমাৰ মানুহৰ কথা পাতি ভালপোৱা স্বভাৱৰ বাবেই হওঁক। ককা-আইতাহঁতৰ দৰে নামঘৰলৈ ভাদমহীয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমিৰ নাম বা বিশ্বকৰ্মাৰ বিয়াৰ নাম গাবলৈ গৈ কথাৰ মহলা মৰাৰ সময় আমাৰ নাই, কিন্তু সেই আদ্দাৰ পৰিৱেশটো যদি জাৰৰ নিশা বিছনাৰ পৰাই বা দুপৰীয়া অফিচ’ৰ টেবুলৰ পৰাই অনুভৱ কৰিব পাৰি তেন্তে আমি সেই সুবিধা নোলোৱাৰ কথাই নাহে।

অৱশ্যে আজি মোৰ লেখাটোৰ উদ্দেশ্য চ’ছিয়েল মেডিয়াত হোৱা ভাত খোৱা, পানী খোৱা বা চেনী খোৱা(!) আদি বিষয়বোৰক সমালোচনা কৰা নহয়। মোৰ আলোচনাৰ উদ্দেশ্য হ’ল আমি সদায়ে ব্যাৱহাৰ কৰি অহা এই চ’ছিয়েল মেডিয়া ৱেবচাইটবোৰতনো আমাৰ ব্যাৱহাৰ কেনেকুৱা বা কেনেকুৱা হোৱা উচিত আৰু চ’ছিয়েল মেডিয়াত হোৱা আমাৰ কথা বাৰ্ত্তা বা আচাৰ-ব্যাৱহাৰবোৰে আমাৰ অসমীয়া সাধাৰণ শ্ৰেণীৰ সমাজখনত কিবা প্ৰভাৱ পেলাই নেকি?
চ’ছিয়েল মেডিয়া ৱেবচাইটসমূহত আমাৰ ব্যাৱহাৰ বা কথা-বাৰ্ত্তাৰ ধৰণ কেনেকুৱা হোৱাটো উচিত, সেয়া কম-বেছি পৰিমাণে আমি সকলোৱে জানোহক। বা উক্ত ৱেবচাইটসমূহৰ আৰম্ভণিতে নিৰ্দিষ্ট ৱেবচাইটটোৰ নীতি-নিয়মসমূহ লিখাই থাকে, যিখিনি পঢ়ি চালে আমি এই বিষয়ে সম্পূৰ্ণকৈ অৱগত হ’ম। তথাপিও মোৰ মতে আমি নিজেও কিছু কথা জানিব লাগে বা বুজিবলৈ চেষ্টা কৰিব লাগে, যিবোৰ কথা নাজানা বা নুবুজাৰ ফলতেই দৈনিক চ’ছিয়েল মেডিয়াৰ পৰা আৰম্ভ হোৱা বহু অসামাজিক বা বেয়া কথা আমাৰ দৃষ্টিগোচৰ হয়। আৰু ঘটনা এটা ঘটি যোৱাৰ পিছত ইয়াৰ বাবে সম্পূৰ্ণকৈ চ’ছিয়েল মেডিয়াকে দোষাৰোপ কৰা হয়।

উপৰুৱাকৈ চাবলৈ গ’লে চ’ছিয়েল মেডিয়াক এটা যন্ত্ৰ বুলিয়ে নিশ্চয় সকলোৱে ক’ব, কিন্তু আমি এইটোও ভাবি চোৱা উচিত যে, ই যন্ত্ৰ হ’লেও চ’ছিয়েল মেডিয়াই আমাক এখন কাল্পনিক (ভাৰ্ছুৱেল) সমাজ উপহাৰ দিছে। যিখন সমাজৰ মাজলৈ আহিবলৈ ৰ’দ, বৰষুণ, বতাহ-ধুমুহা ইত্যাদি কাৰকে আমাক কেতিয়াও বাধা দিব নোৱাৰে। ইয়াত মাত্ৰ আমি ইজনে সিজনক শাৰীৰিকভাৱেহে লগ নাপাওঁ। গতিকে চ’ছিয়েল মেডিয়া ব্যৱহাৰ কৰোঁতে আমি এইটো কথা মনত ৰখাটো অতি প্ৰয়োজনীয় যে, বাস্তৱ সমাজখনৰ দৰে চ’ছিয়েল মেডিয়াটো কথা-বাৰ্ত্তা হওঁতে আমি সৌজন্যতা মানি চলাটো অতি প্ৰয়োজনীয়।

ধৰি লোৱা হ’ল, চ’ছিয়েল মেডিয়াৰ গোট এটাত আমি পাঁছ-ছয়জন মানুহে কথা পাতি আছোঁ। তাৰ মাজতে মই যদি ভাবোঁ, মোৰ কাষততো শাৰীৰিকভাৱে কোনো নায়েই গতিকে মই অমুকক ইমানকেইজন মানুহৰ মাজতে বেয়াকৈ ইতিকিং কৰোঁ। নিমিষতে এটা বন্ধুত্বপূৰ্ণ পৰিৱেশ কাজিয়ালৈ ৰূপান্তৰিত হৈ গ’ল। বাস্তৱ ক্ষেত্ৰত হ’লে হয়তো আদ্দাত অংশগ্ৰহণ কৰা ব্যাক্তি কেইজনৰ মাজত কিবা এটা মিলা-মিছা হোৱাৰ সম্ভাৱনা থাকেই, কিন্তু চ’ছিয়েল মেডিয়াত হয় সম্পূৰ্ণ ওলোটা। যিহেতু শাৰিৰীকভাৱে কোনেও কাকো লগ নাপায়, গতিকে আৰম্ভ হৈ যায় কথাৰ তৰোৱাল যুদ্ধ আৰু সমানে কাজিয়াখন বিয়পি পৰে এজনৰ পৰা আন এজনলৈ। ম’বাইল বা কম্পিউটাৰৰ ছুইচত এটা টিপা মাৰাৰ লগে লগে গড়গাঁও পায় কথা। আৰু সকলোতকৈ ডাঙৰ কথাটো হ’ল, যিকোনো এটা কথাৰ সত্যাসত্য নিৰূপণ কৰা খুব কঠিন এই চ’ছিয়েল মেডিয়াত। যেতিয়ালৈ চ’ছিয়েল মেডিয়াৰ কথা এটাই বাস্তৱ সমাজখনত প্ৰভাৱ বিস্তাৰ কৰা আৰম্ভ কৰে, তেতিয়ালৈ হয়তো ঘটনাবিলাকৰ সত্যাসত্য নিৰূপণ কৰিবলৈ প্ৰধান উৎসটোৱেই বিচাৰি পোৱাটো কঠিন হৈ পৰে। গতিকে এনেকুৱা অৱস্থাত আমাৰ মন-মগজুৱে ভুল কথা কিছুমানো শুদ্ধ বুলি মানি লবলৈ বাধ্য হৈ পৰে।

এইবিলাক কথা চ’ছিয়েল মেডিয়া ব্যাৱহাৰ কৰিব জনা প্ৰায়বোৰ মানুহেই জানে নিঃসন্দেহে। কিন্তু ব্যাৱহাৰিক ক্ষেত্ৰত দেখোন আমি ইয়াৰ এক ওলোটা প্ৰতিচ্ছবিহে দেখিবলৈ পাওঁ। মোৰ বোধেৰে ইয়াৰ প্ৰধান কাৰক দুটা। এটা হ’ল, আমি কিছুমান কথা জানিও গুৰুত্ব দিব নোখোজোঁ আৰু আনটো হ’ল ইচ্ছাকৃত বা নিজ স্বাৰ্থ সাধনৰ বাবে কৰা ভুল। নিজ স্বাৰ্থ সাধনৰ বাবে ইচ্ছাকৃতভাৱে কৰা ভুলবিলাকৰ উদাহৰণ আমি ৰাজনৈতিক দল বা সংগঠনসমূহৰ পৰা দেখিয়ে থাকোঁ। এইবিলাক ভুলৰ শুধৰণি আমি একক ভাৱে কেতিয়াও কৰিব নোৱাৰোঁ। কিন্তু, নিজে কৰা ভুলবোৰ? আমাৰ দৰে জনা-বুজা মানুহে কৰা ভুলবোৰ?

দুটা সৰু উদাহৰণ চাওঁ আহকচোন-
জাতি-ধৰ্মৰ ভেদাভেদ, বিশেষকৈ হিন্দু-মুছলমান ইত্যাদি ধৰ্মীয় কথাবোৰ আমাৰ ৰাজ্যত বহু পুৰণি। ক’বলৈ বেয়া লাগিলেও এয়া এক সত্য। আমিবোৰ আধুনিক হৈ আহাৰ লগে লগে বা সৌজন্যতাবোধ আহাৰ লগে লগে এইবিলাক বিষয় কিছু তল পৰিছিল বা আমি দেখাদেখিকৈ ক’বলৈ টান পাইছিলোঁ। কিন্তু এতিয়া এইটো বিষয় লৈয়ে দৈনিক গৰম হৈ থাকে চ’ছিয়েল মেডিয়াৰ ৱাল। বহু জনা-বুজা মানুহেই শিক্ষা-সংস্কাৰ পাহৰি কাজিয়া কৰিবলৈ আহে এনেবোৰ অদৰকাৰী অথচ সংবেদনশীল বিষয়ত। কাজিয়া কৰাৰ সময়ত পাহৰি যায়, তেওঁৰ এটা বাক্যই কিমান আঘাত দিব পাৰে তেওঁৰেই বন্ধু এজনক। সুস্থ সামাজিক পৰিৱেশ এটাৰ মাজত কোনেও গম নোপোৱাকৈ এইবোৰ বিষবাষ্প আমিয়েই বিলাই নিদিলোঁনে?

আকৌ, মদ খোৱা বা যিকোনো ধঁপাত খোৱা কথা মুকলিকৈ প্ৰকাশ কৰা সংস্কৃতি আমাৰ সমাজলৈ কোনে আনিলে? মই অমুক বাৰত বহি মদ্যপান কৰি আছোঁ, এয়া চোৱা মই চিগাৰেট হুপি আছোঁ!!!!!! এনেধৰণৰ কথা কেতিয়াবা মুকলিকৈ জনাম বুলি, বা কোনোবাই জনাব বুলি আমি অসমীয়া সকলে ভাবিছিলোঁনে? কিন্তু এতিয়াতো এইবিলাক সহজলভ্য। চাগে’, ফেছবুক বা টুইটাৰৰ ৱালত প্ৰতি মিনিটত এনেকুৱা এটা বাক্য লিখা যায় কোনোবা এজন অসমীয়াৰ দ্বাৰাই। এনেকুৱা এটা মন্তব্য দিয়াৰ আগতে এবাৰো ভাবিবলৈ আমাৰ সময় নাইনে, কিমান এটা সংবেদনশীল কথা আমি ৰাজহুৱাকৈ প্ৰকাশ কৰিলোঁ? ইমাননো নিলাজ হ’লোঁ নে যে অনবৰতে আমাৰ কাল্পনিক পৃথিৱীখনত আমাক ভালপোৱা, আমাক অনুসৰণ কৰা অনুজ বা অগ্ৰজসকলৰ মাজত নিজকে ৰাগিয়াল বুলি পৰিচয় দিব পৰা হ’লোঁ। ইয়াৰ পিছত আমি আশা কৰি কিবা লাভ আছেনে, যে আমাৰ অনুজসকল স্বাস্থ্যৱান হওঁক, সকলো নিছাৰ পৰা মুক্ত হওঁক, ভাল হওঁক বুলি।

এইদুটা নামমাত্ৰ উদাহৰণ। এনেকুৱা বহু বাক্য, বহু চিত্ৰ আমি চ’ছিয়েল মেডিয়াৰ যোগেদি বিয়পাই দিছোঁ, যিবোৰ এটা সভ্যতাক বা এটা জাতিক ধ্বংসৰ মুখলৈ থেলি দিবলৈ যথেষ্ট।
এনেকুৱা কথা পঢ়িলে বা ভাবিলে বহুতেই চাগে’ এতিয়াও ভাৱে যে, চ’ছিয়েল মেডিয়াত প্ৰকাশ কৰা কথাসমূহে আমাৰ বাস্তৱিক সমাজখনত একো প্ৰভাৱ নেপেলায়। বা এতিয়াও অসমীয়া ৰক্ষণশীল সমাজখনক চ’ছিয়েল মেডিয়াই গ্ৰাস কৰিব পৰা নাই। আৰু ইয়াৰ কাৰণেই আজিকালি চ’ছিয়েল মেডিয়াত সুস্থ, যুক্তিনিষ্ঠ আলোচনা এটাও শেষত গৈ কাজিয়াৰ ৰূপ লয় গৈ। কিন্তু,সঁচাকৈয়ে এতিয়াও চ’ছিয়েল মেডিয়াই আমাৰ সমাজখনত একো প্ৰভাৱ পেলাব পৰা নাইনে? আহকচোন, সমীক্ষা এটাৰ পৰা পোৱা কিছু তথ্য চাওঁ-

গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত চলোৱা এটা সমীক্ষা মতে, মুঠ জনসংখ্যাৰ প্ৰায় ৯১.১১% মানুহে চ’ছিয়েল মেডিয়া ব্যাৱহাৰ কৰে। ইয়াৰ মাজত যুৱক-যুৱতীৰ সংখ্যাই অধিক যদিও প্ৰাপ্তবয়স্কৰ সংখ্যাও কম নহয়।
এইসকল ব্যাৱহাৰকাৰীৰ মাজত ৮৭.৬৭% য়ে ফেছবুক, ৯.৫৯% য়ে টুইটাৰ আৰু ২.৭৪%য়ে অন্যান্য ৱেবচাইট ব্যাৱহাৰ কৰে। অৰ্থাৎ অসমত বৰ্ত্তমানলৈ ফেছবুক ব্যাৱহাৰকাৰীৰ সংখ্যাই অধিক।
আকৌ, ফেছবুকৰ জড়িয়তে বাস্তৱত একলগ হোৱা মানুহৰ সংখ্যা হ’ল-
• ৩১,৫১% ই গুৰুত্ব নিদিয়ে।
• ৫২,০৫% ই মাজে মাজে লগ হয়।
• ১৯,১৮% ই সদায় লগ হয় আৰু কিছু ধনাত্মক কাম কৰে।

ফেছবুকত হোৱা আলোচনাসমূহত-
• ৮,২২% ই ভাগ নলয়।
• ৫৬,১৬% ই মাজে মাজে ভাগ লয়।
• ৩৫,৬২% ই সদায় সক্ৰিয়ভাৱে ভাগ লয়।

ফেচবুকৰ আলোচনাসমূহত কেনেধৰণৰ বিষয়ে স্থান পায়?
• ৮৬,৩০% সামাজিক ঘটনা বা কাৰকবিলাক।
• ৪৩,৮৪% ৰাজনৈতিক ঘটনা।
• ৩৬,৯৯% পৰিৱেশ।
• ২৮,৭৭% ব্যাক্তিগত কথা।

সমীক্ষাটোৰ মতে আমাৰ মাজত ঘটি যোৱা কিছুমান ঘটনাৰ ওপৰত চ’ছিয়েল মেডিয়াৰ প্ৰভাৱ অতি মন কৰিবলগীয়া আছিল। সমগ্ৰ অসম জোকাৰি যোৱা জি,এস ৰোড কাণ্ডত অসমৰ ৭৩,৯৭% ই ফেছবুকৰ জড়িয়তে, ২,৭৪% ই টুইটাৰৰ জড়িয়তে মত পোষণ কৰিছিল। আকৌ অসমৰ বাংলাদেশী কাৰক, গড় হত্যা কাৰক ইত্যাদি বিভিন্ন ঘটনাত চ’ছিয়েল মেডিয়াই অসমৰ সমাজখনত বহু প্ৰভাৱ পেলাই আহিছে।
আনহাতে, ফেছবুকৰ দৰে চ’ছিয়েল মেডিয়াই অসমীয়া বাস্তৱিক সমাজখনতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে নে নোৱাৰে, তাৰ ওপৰত চলোৱা সমীক্ষাৰ ফল এনেধৰণৰ-
• ৩৬,৯৯% ৰ মতে প্ৰভাৱ পেলাব পাৰে।
• ৫৮,৯০% ৰ মতে মাজে মাজে প্ৰভাৱ পেলায়।
• ৫,৮৪% ৰ মতে নেপেলায়।
সমীক্ষাটোৰ পৰা আমি খোকোজা নলগাকৈ ধৰিব পাৰিলোঁ যে, ফেছবুকৰ দৰে চ’ছিয়েল মেডিয়াৰ প্ৰভাৱ আমাৰ সমাজতো নিশ্চয়কৈ আছে। এইটো সমীক্ষা আছিল ২০১৩ চনৰ । ২০১৫ চনলৈ ব্যাৱহাৰকাৰীৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আহিছে, লগে লগে বাঢ়ি আহিছে চ’ছিয়েল মেডিয়াৰ যোগেদি সৃষ্টি হোৱা অশান্তিবিলাকো। গতিকে আমিও সজাগ হ’ব লাগে। আমি যদি নিজৰ কিছু ভুল শুধৰাব পাৰোঁ, তেন্তে চ’ছিয়েল মেডিয়াৰ যোগেদি আজৰি সময় কটোৱাৰ উপৰি আমি আমাৰ সামাজিক পৰিৱেশো সুস্থকৈ ৰাখিব পাৰিম।

*তথ্যবিলাক মনোজ দেউৰী আৰু সুনীল কান্ত বেহ্‌ৰাই লেখা ‘Youth Activism through Social Media in Assam’ নামৰ গৱেষণা পত্ৰৰ পৰা লোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!