“এছ আৰ বি হোষ্টেলৰ জোতাযোৰ”(-নন্দিতা খাখলাৰী)

২০০৩ চনৰ জানুৱাৰী মাহৰ হাড় কঁপোৱা জাৰ। আমি তেতিয়া কটন কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী । ঐতিহ্যমণ্ডিত নলিনীবালা দেৱী হোষ্টেলত ৰেগিঙৰ নামত জেলেপী ডাঞ্চ, ভেকুলী জাপ, সপ্তাহ জুৰি মূৰত চপচপীয়াকে তেল ধালি সেওঁতা ফালি কপালৰ সোমাজত ৰঙা ফোট লৈ মেখেলা চাদৰ পিন্ধি ভুচুংপহুৰ দৰে কলেজলৈ অহা যোৱা কৰি আৰু থাৰ্ড ইয়াৰ বাইদেউ সকলৰ নামে উপাধিয়ে, পঢ়া বিষয় আৰু ঘৰৰ ঠিকনা আদি অন্তঃস্থ কণ্ঠস্থ কৰি কোনোমতে উশাহ সলাইছোহে ।আহিল নহয় কলেজ উইক!

প্ৰথম বৰ্ষৰ ছাত্ৰীৰ ওপৰত মাৰ্চ পাষ্টৰ মাধমাৰ ।কাউৰীয়ে কা নকৰোতেই দুৱাৰ ঢকিয়াই সকলোকে চিঞৰা আৰম্ভ হল।ভয়ত ত্ৰাহিমাম হৈ চকুত দুচলু পানী মাৰিয়ে দৌৰি ওলাই আহো। দিঘলী পুখুৰী পাৰত আৰম্ভ হল মাৰ্চ পাষ্টৰ কুচকাৱাজ ।লেফ্ট ৰাইট, লেফ্ট ৰাইট, ডায়নে মোৰ, বায়ে মোৰ, সামনে দেখ। পিছে বেছিভাগেই অসমৰ চুক কোণৰ খাৰখোৱা স্কুলত পঢ়ি অহা।মাৰ্চ পাষ্ট মিলোৱা দূৰৈৰ কথা, কিছুমানে অৰ্থই নাজানে ।চিনিয়ৰৰ গালিত বহুতৰে নাকৰ পানী চকুৰ পানী একাকাৰ ।কিছুদিনৰ পিছত যেনিবা সুৰ তাল মিলা হল।হাত ভৰিৰ পৰা চকু উঠাই বয়জ হোষ্টেলৰ লৰাবোৰলৈ চাব পৰা হলো।সেই চেগতে চকুৱে চকুৱেই কত যে প্ৰেম কাহিনী সাৰ পাই নুঠিল!

s r hostelor juta

তাৰ পিছত আহিল এক নতুন সমস্যা ।মাৰ্চ পাষ্টত পিন্ধিবলৈ জোতা লাগে ।মাথোঁ এদিনৰ বাবে জোতা এযোৰ কিনি টকা খৰচ কৰিবলৈ কোনো ৰাজী নহয় ।চিনিয়ৰৰ পৰামৰ্শ আহিল, বয়জ হোষ্টেললৈ যা।কথামতে কাম ।জোতা বিচাৰি সদায় গধূলি বয়জ হোষ্টেললৈ গমণ।তাতো সমস্যা ।জোতা মিলিলে জোখ নিমিলে, জোখ মিলিলে জোতা নিদিয়ে ।পিছে জোতা মিলক নিমিলে, জোতাৰ সেই আদান প্ৰদান প্ৰক্ৰিয়াতে আৰু কিছু হৃদয় ধৰফৰাই উঠিল।ৰাতিপুৱাৰ দিঘলী পুখুৰী পাৰৰ লেফ্ট ৰাইটৰ ছন্দ যেন সন্ধিয়া বুকুৰ মাজত ।

আমাৰ দৰে দূৰ্ভগীয়া কিছুমানৰ পিছে না জোতা মিলিছে না হৃদয়।ৰুমমেটৰো একেই অৱস্থা ।ছজনীয়া আমাৰ ৰুমটোত উজনি অসমৰ একমাত্ৰ প্ৰতিনিধি তাই।খুব স্ফূৰ্তিবাজ, কথকী, অকনমান আঁকৰী ও।সন্ধিয়াৰ আড্ডা তাই নহলে ভালেই নালাগে ।যোৰহাটৰ সম্ভ্ৰান্ত কনভেন্ট স্কুলত পঢ়ি আহিছে ।অসমীয়াৰ জ্ঞান একেবাৰে সীমিত ।কেতিয়াবা তাইৰ অসমীয়া শুনিয়ে জমনি হয়। আমাক দেখি অসমীয়া শিকিবৰ খুব ইচ্ছা ।মাজে সময়ে মোক আহি আব্দাৰ ধৰে, ‘ অই, তই মোক অসমীয়াত কবিতা লিখা শিকাই দিবি চোন, প্লিজ’ ।

সেইজনী বান্ধবীয়ে আহি খবৰ দিছে। এছ আৰ বি (শ্বহীদ ৰঞ্জিত বৰপূজাৰী হোষ্টেল) হোষ্টেলত জোতা আছে ।তাইৰ চিনাকি, দিবই দিব ।তহঁতে চিন্তা কৰিব নালাগে, মই লীড লম।শুনাৰ লগে লগে ওলালো ।লগত আৰু দুজনী মান । কিছু দ্বিধাৰে জোতা বিচাৰি অচিনাকী লৰা এজনৰ ৰুমত সোমাইছোহে মাত্ৰ, কিবা কাৰণত হোষ্টেলৰ চুপাৰ বৰুৱা চাৰ সোমাই আহিল ।হঠাৎ চাৰক দেখি তেওঁ কিবা ভাবিছে বুলি অলপ অপ্ৰস্তুত হলো।চাৰেও দেখোন একো কোৱা নাই।কি কওঁ বুলি ভাবোতেই কনভেন্টত পঢ়ি অহা মোৰ বহুবল্কী বান্ধবীয়ে মিচিকিয়াই চাৰক সুধিলে, “অহ্, আপুনিয়ে নিকি শ্বহীদ ৰঞ্জিত বৰপূজাৰী???”

বিচুৰ্ত্তি আৰু বিস্ময়ত ওলাই আহিব খোজা অট্টহাস্যটো কোনোমতে কামুৰি ৰাখিলো ।বাকীকেইটাৰো ফাঁট মেলা বসুমতী পাতালে লুকাও অৱস্থা ।চাৰৰ মুখলৈ চোৱা নাই।প্ৰমাদ গণিছে বুলি নিশ্চিত ।

কোৱা বাহুল্য, সেইবছৰ আৰু আমাৰ এছ আৰ বি হোষ্টেলৰ জোতা পিন্ধা নহল।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
3 months ago

বৰ সুন্দৰ। আজি ৬/২/২০২৩ ত পঢ়িলোঁ।

Copying is Prohibited!