শুদ্ধ-অশুদ্ধ – কুল শইকীয়া

’শুদ্ধ’ কোনটো, ’অশুদ্ধ’ কোনটো? মোৰ পুলিচৰ চাকৰিৰ প্ৰথম কেইটামান মাহৰ পিছতে ঘটা ঘটনা এটাৰ আঁত ধৰি কথাষাৰ চাওঁ আহক৷ পুলিচৰ ট্ৰেইনিঙৰ পৰা পাচ কৰি ওলাই আহিছো, ’সমাজলৈ পৰিবৰ্তন’ অনাৰ অজস্ৰ সপোন৷ ভাবিলো, চিনেমাৰ টিকটৰ ব্লেক মাৰ্কেটিং বন্ধ কৰি দিব পাৰিলে দৰ্শকে উচিত মূল্যত চিনেমা চাব পাৰিব৷ (কথাষাৰ থিৰাং কৰোতে মনত এনেধৰণৰ অভিজ্ঞতায়ো ক্ৰিয়া কৰিলে যে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থাকোতে লগৰ দুজনমানৰ সৈতে চিনেমাহলৰ কাউণ্টাৰত মস্ত কিউৰ সমুখভাগত ঠিয় হৈ থাকিও টিকট ব্লেকাৰৰ উৎপাতত প্ৰকৃত দামত চিনেমা চোৱাৰ পৰা বঞ্চিত হৈছিলো, তেতিয়া ভাবিছিলো কেতিয়াবা পুলিচ হ’লে…)!

এতিয়া পুলিচৰ পোচাকত ঠিয় হৈ এদিন সন্ধিয়া ঠাইখনৰ সকলোকেইটা চিনেমাহলতে টিকট ব্লেক কৰাটো বন্ধ কৰি দিয়া হ’ল৷ দৰ্শকে প্ৰশংসা কৰিলে যে উচিত মূল্যত তেওঁলোকে চিনেমা চাবলৈ সক্ষম হৈছে, লগতে কেইবাজনো ব্লেকাৰক কৰায়ত্ব কৰা হ’ল৷ কিছুদিনৰ পিছত এদিন আবেলি পৰত এজন ভিজিটৰ মোৰ ঘৰৰ দুৱাৰমুখত উপস্থিত হ’ল৷ তেওঁৰ চকুৱে মুখে আঘাতৰ চিন, কথাত গম পালো পুলিচে ধৰি নিয়া তেৱোঁ এজন ব্লেকাৰ আছিল, যিয়ে দুদিন আগতে খান হাৱালদাৰক (নাম সলোৱা হৈছে) কিছু টকাৰ ভেটি দি থানাৰ লকআপৰ পৰা ওলাই আহিছে৷

তেওঁ ক’লে, ’চাৰ, আইনৰ ৰক্ষক হিচাপে আপোনাৰ প্ৰচেষ্টাৰ মই শলাগ লৈছো, কাৰণ আপুনি যিবোৰ মানুহে ব্লেকত অতিৰিক্ত পইচা দিয়ো চিনেমা চাইছিল, তেওঁলোকক সকাহ দিছে, যদিও ইয়াৰ দ্বাৰা মোৰ জীৱিকাৰ একমাত্ৰ পথটো বন্ধ হৈ গ’ল! ’ তেওঁৰ কথাত এটা ভেঙুচালিৰ সুৰ আছিল, ’মোৰ কোনো খেদ নাই, কিন্তু আপোনাৰ জ্ঞাতাৰ্থে জনাও যে খান হাৱালদাৰক দিয়া উৎকোচৰ পইচাখিনি আহিছিল মই এবছৰ আগেয়ে বিয়া পতা পত্নী বিমলাৰ (নাম সলনি) ডিঙিৰ সোণৰ লকেটটো বন্ধকী থোৱা টকাৰ বিনিময়ত৷ তাইৰ ৰিক্সা চলোৱা দেউতাকে নিজৰ ৰিক্সাখন বিক্ৰী কৰি সেয়া বিয়াৰ একমাত্ৰ উপহাৰ হিচাপে তাইক দিছিল৷ ’

মোৰ সমুখৰ মানুহজনৰ কণ্ঠত কিছু হেঁচি ৰখা উচুপনি মন কৰিলো৷ মানুহজনে পুনৰ ক’লে, ’যোৱা দুদিন ধৰি বিমলাই একো খোৱা নাই, তাইৰ চকুত মাথোঁ চকুপানীৰ লোতক-৷ ’

মই বাহিৰলৈ চাই দেখিছো দিগন্তত লাহে লাহে বেলিটো অদৃশ্য হবলৈ ধৰিছে৷ মানুহজন আঁতৰি যোৱাৰ আগতে মোক কৈ গ’ল, ’বিমলাই মোক বৰ ভাল পায় চাৰ! ’ মানুহজনৰ চকুৰে দুটোপাল চকুপানী বৈ অহা দৃশ্যটো মোৰ মনত এখন ছবিৰ দৰে থাকি গ’ল৷ দূৰৈত ৰাষ্টাৰ লাইটবোৰ জ্বলি উঠিছে; এতিয়া চিনেমাহলত আৰম্ভ হব ইভিনিং শ্ব’৷

মই থানালৈ ফ’ন কৰিলো, নিৰ্দেশ দিলো খান হাৱালদাৰে যাতে উৎকোচৰ পইচাখিনি দুঘণ্টাৰ ভিতৰত ওভোতাই দিয়ে৷ চিনেমাৰ টিকটৰ ক’লাবজাৰৰ বিৰুদ্ধে চলি থাকিলনে বাৰু মোৰ হুকুম? কি হব পাৰে ’শুদ্ধ’ সিদ্ধান্ত?
■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!