চুৱেটাৰ – সুনীল দত্ত

 

মোৰ সন্তানসম্ভৱা পত্নীয়ে জন্ম হ’বলগীয়া কেঁচুৱাটোৰ কাৰণে দিন ৰাতি একাকাৰ কৰি এটা চুৱেটাৰ গোঁঠাত লাগিল—–

আমাৰ সন্তানটো জন্ম হোৱাৰ চাৰিবছৰ পাৰ হৈ গ’ল৷ পুৰণি আলমিৰাটো চাফা কৰি থাকোতে মোৰ হাতত উঠি আহিল ৰঙা ঊণেৰে গোঁঠা সৰু চুৱেটাৰ এটা, যিটো চুৱেটাৰ কাহানিও পিন্ধোৱা নহ’ল৷

দেৱালৰ পিনে চালোঁ৷ তিনিবছৰ আগতে শ্মশানত পুতি থৈ অহা আমাৰ কণমানি সন্তানটোৰ হাঁহিটো ফটো ফ্ৰেমত জিলিকি আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!