তাকেতো…..(-দীপাঙ্ক বৰা)
বয়সে দুকুৰিৰ ঘৰ গছকাৰ পৰাই চব কামতে এলাহ লগা হৈছে । অথচ বেলেগে দেখোন সেইয়া পঞ্চাশ বছৰ বয়সতো চিনেমা কৰিছে, কোনোবাই প্ৰেম কৰিছে, কোনোবাই বিয়া পাতিছেহে, কোনোবা বাপেক হৈছেহে । আন কোনোবাই আকৌ ৰাজনীতিৰ পথাৰত দৌৰিছে, খোজ কাঢ়িছে… মুঠতে মোক বাদ দি সকলো চিৰ তৰুণ ..চিৰ নবীন । ইফালে মোৰ আকৌ কামতো বাদেই কথা ক’বলৈকে এলাহ লগা হৈছে । যেনেতেনে খাই বৈ কেলঢেপ কেলঢেপ কৈ জীয়াই আছো কোনোমতে । চাকৰিৰ পৰা অৱসৰ পাবলৈকো ভালেমান দিন বাকী । কেনেবাকৈ বাকী দিন কেইটা কাম বন নকৰি, মগজুত জোৰ পৰিবলৈ নিদিয়াকৈ নমৰালৈকে জীয়াই থাকিব পাৰিলেই হয় । মৰাতোও জানো কম অশান্তিৰ কাৰবাৰ । ধপচকৈ পৰি মৰি থাকিব পাৰিলেতো ভালেই । নহ’লে হস্পিটেল যা, কিবা কিবি এসোপা টেষ্ট কৰা, ঔষধ খা, গায়ে-মুৰে বেজী-চেলাইনৰ খোচ খা…আজিকালি আকৌ একো ঔষধে কাম নিদিলে একেবাৰে শেষ সময়ত কিবা আই.চি.ইউ. নে কিবা এটাত ভৰাই লৈ ভেণ্টিলেচনত ৰাখি দুদিনমান মৰিবলৈকে নিদিয়ে । কথাতে কয় যে একেবাৰে যমে ডাক্তৰে টনাটনি । যমে কয়…হেঃ..ডাক্তৰ ইয়াৰ চাউল শেষ..কিয়নো এৰি নিদিয়ে..ডাক্তৰে বোলে…হে’ ৰ’বাহে…ইয়াক আৰু অলপ লুটিব পাৰি নে’কি চাই লওঁ নতুবা কয়…ৰ’বাহে ই মৰি থাকিলে বিল সোপা তুমি ভৰিবা নে’কি….!
চেঃ…এলাহৰ কথাৰ পৰা গৈ মৰাৰ কথা ওলালগৈ…। কি কৈ আছিলো…অঁ..কাম কৰিবলৈ এলাহ । কৰোবালৈ যাবলৈ এলাহ। কথা ক’বলৈ এলাহ । আগতে দিনত নহ’লেও ৰাতি যেনেতেনে সাত হাল বাই থৈছিলো কথাবোৰ ভাবি ভাবি । এতিয়া ভাবিবলৈকো এলাহ লাগে ।
শ্ৰীমতীয়ে..হে’ৰা..তোমাৰ লগৰ গোটেইবোৰে ঘৰ দুৱাৰ সাজিলে… আমিও কিবা এটা কৰিব লাগিছিল….বুলি গুৰু গম্ভীৰ আলোচনা এটা আৰম্ভ কৰিব বিচাৰে । মই ‘তাকেতো’ বুলি একেটা শব্দতে আলোচনাৰ ইতি পেলাই থওঁ । মই হেন এলেহুৱা এটাইনো ঘৰ সজোৱাৰ নিচিনা বিয়োগম কাম এটাৰ কথা ভাবো কেনেকৈ ! ভাবিয়েই পেটত হাত ভৰি লুকাব খোজে । ঘৰ এটা বনোৱা জানো সহজ কথা । নিজৰ নামত মাটিও নাই । মণ্ডলৰ ওচৰলৈ তাতঁ বাতি কাঢ়ি পৈতৃক মাটি খিনিৰ কাগজত নিজৰ নাম সুমোৱা, নামজাৰি কৰা ইত্যাদি হেজাৰটা কাম । সেইবিলাক বাৰু টকা কেইটামান খুৱাই কৰিলোৱেই যেনিবা ! তাৰ পিছত আকৌ নিজৰতো পইচা বুলিবলৈ নায়েই । বেংকৰ ঋণ ল’বলৈকো এশ এবুৰি লেঠা । এদিনতে দিম বুলি কৈ অমুক কাগজ লাগে,তমুকত অমুকৰ চহী লাগে লাগে কৰি দৌৰাই মাৰিব ।
মোৰতো আৰু ঘৰত আগৰ বছৰ দেৱালীত জ্বলোৱা পুৰণা চাকি কেইগচ মান বাদ দি বেলেগ পুৰণা চাকি নাই যে ঘঁহি দিলেই ধোঁৱা অলপৰ সৈতে প্ৰকাণ্ড ভূত এটা ওলাই হু..হু, হাঃ হাঃ কৈ বিকট হাহিঁ এটা মাৰি …“হজুৰ… বলিয়ে … মেঁ..আপকে লিয়ে কিয়া সেৱা কৰুঁ” বুলি ক’ব । গতিকে শ্ৰীমতীয়ে ঘৰৰ কথা উলিয়ালে ‘তাকেতো’ বুলি নকৈ ক’ম কি ?
সকলো কথাতে তাকেতো তাকেতো কৰি থকা দেখি শ্ৰীমতীয়ে কেতিয়াবা বিৰক্তিৰে কয়… উস…ৰাম ..কি যে মানুহ এটা পালো নহয়.। মই সান্তনাৰ সুৰত কওঁ..তাকেতো । সুৰত উহ্য হৈ থাকে ..হয় দিয়া, বেয়াই লাগে তোমালৈ ।
ঘৰলৈ গ’লে মায়ে কয়…ঘৰটো পুৰণা হ’ল…ৰং চং অলপ কৰাই থৈ যাবিচোন…। মই কওঁ ..তাকেতো । অৰ্থ ..এঃ..কৰাম ৰ পাছত । দেউতা-খুৰাহঁতে কয়..খেতিৰ মাটি খিনি চিনিয়েই নাপাৱ..ওলাবিচোন এইবাৰ । মই কওঁ ..তাকেতো । কিন্তু সেইটো কাম যে একেবাৰে নোৱাৰি দেই । বিশাল পথাৰৰ মাজত .. এইখিনি আমাৰ, মাজৰ সেই এডৰা মহেন্দ্ৰ বৰতাহঁতৰ, দুডৰা লক্ষীককাহঁতৰ, সেই সিফালে আকৌ দুলদা-বসন্তহঁতৰ মাটিখিনিৰ কাষৰ খিনি আমাৰ । না কোনো চিন..না কোনো মোকাম । হেৰৌ দেউতা .. মোৰ এইটো মগজু নে জি.পি.এচ. মেচিন যে পথাৰলৈ গ’লেই আমাৰ মাটি কেইডৰাৰ ওচৰত বিপ বিপ কৈ বাজি উঠিব !! নোৱাৰি ভাই । মগজুত ইমান চাপ দিব । সহ্য কৰিব নোৱাৰিব মোৰ এই আলসুৱা মগজুটোৱে ।
অষ্টম নে নৱম শ্ৰেণীত এবাৰ অসমীয়া বিষয়ৰ চাৰে ৰামায়ণৰ ওপৰত কিবা এটা লিখিবলৈ দিছিল । কথাখিনি জানিছিলো যদিও দুশাৰী মান লিখি এলাহ লগাত “ৰামায়ণৰ কথা কিনো ক’ম, গোটেইবোৰ লিখিবলৈ গ’লে মহাভাৰত এখনেই হ’ব” বুলি সামৰণি মাৰিলো । স্কুলৰ আটাইতকৈ কাঢ়া বুলি পৰিচিত নৰেণ শইকীয়া চাৰে মোৰ লেখাটো পঢ়ি দুদাল নে তিনিডাল স্কেল ভাঙিছিল হবলা সেইদিনা । আজিকালি লেখা মেলা বাদ দিলো । কোনোবাই কয়..কি হে’ বহুদিন ক’তো একো পঢ়িবলৈ নোপোৱা হ’লো যে ! নিলিখা হ’ল নেকি ? মই কৈ থওঁ..তাকেতো ।
লগৰ দুই একক বেংকক-চিংগাপুৰ গৈ থকা দেখি শ্ৰীমতীয়ে মোক মাজে মাজে কয়….হে’ৰা..আমাৰো পাছপোৰ্ট বিলাক বনাই থ’লে ভাল আছিল । আজিকালি নেটতে এপ্লাই কৰিব লাগে বোলে । তুমি অনবৰত ফেচবুকৰ ধুনীয়া ছোৱালীৰ প্ৰফাইলবোৰ চাই থকাতকৈ সেইটো কামকে কৰিব পাৰা দেখোন । মই কওঁ…তাকেতো ।
কেতিয়াবা আকৌ আমাৰ চিৰ চেনেহী চেনেল কেইটাত ওলোৱা ৰাজনৈতিক বিশেষজ্ঞ কেইজনৰ নিচিনাকৈ লগৰ দুই একে মোদী ডাঙৰীয়া, তৰুণ গগৈ জী আৰু নপতা ফুকন হুংকাৰ গগৈদেৱৰ বিষয়েও মোৰ লগত কথা চোবাই সময় কটাব বিচাৰে । বোলে..নিৰ্বাচনৰ আগৰ মোদী আৰু পিছৰ মোদী হেনো দুজন বেলেগ বেলেগ মানুহ । মই বোলো …তাকেতো । আৰু কয় লোক সভা নিৰ্বাচনৰ পিছত দিল্লীত কংগ্ৰেছে গু-হাৰন খোৱাৰ পিছত বোলে তৰুণ গগৈ ডাঙৰীয়াৰ মেৰুদণ্ড পোন হৈ পৰিল । ডিঙিতোও চাফা হৈ চোনীয়া খুৰীদেউৰ ওচৰত নোলোৱা মাতটোও বোলে ডাঙৰ ডাঙৰকৈ ওলোৱা হ’ল । মই কৈ থওঁ… তাকেতো ।
কেতিয়াবা আকৌ কয় ..এই ই হুংকাৰ গগৈয়েনো কিয় চব কথাতে মাত মাতিব যায় । …মন্ত্ৰী সভা ৰদবদলৰ পৰা একদম মুখ্য মন্ত্ৰীয়ে আমেৰিকাত ঘৰ কিনালৈকে …। মই কওঁ..তাকেতো ।
এইবাৰ ঘৰলৈ যাওঁতে মায়ে শ্ৰীমতীক ক’লে…আমাৰ ই দেখোন আজিকালি কিবা এটা ক’লেই তাকেতো বুলি কৈ থৈ দিয়ে ! শ্ৰীমতীয়ে লাহেকৈ উত্তৰ দিলে…তাকেতো ।
আৰু নিলিখো দিয়ক …এলাহ লাগিলেই । তাকেতোৰ ওপৰত লিখি থাকিলে আৰু এখন মহাভাৰত হ’বগৈ । আপোনালকলৈ সোঁচৰিবও পাৰে এই তাকেতো ভাইৰাচ । কৈ বৰ আৰাম লাগে কিন্তু । চাবচোন দুদিনমান ‘তাকেতো’ বুলি কৈ ।
::দীপাঙ্ক বৰা