তামসিক কোলাহল – পাৰবীন চুলতানা

লা পিলা দে চাকিয়া

পেয়মানা পেয়মানে কে বাদ

হোচ কী বাতে কৰুংগা

হোচ মে আনে কে বাদ……………….

“অৰ্ণা, অৰ্ণা আৰ য়ু দেয়াৰ? আছা নে তুমি? প্লিজ হেল্প৷ আজি ৰাতিটো মোক সহায় কৰা অৰ্ণা৷ “ মেচেঞ্জাৰ মেছেজ টোনটো বাজি উঠিল৷ চালে৷ কিঞ্চিত আচৰিত হ’ল৷ সেয়া তাইৰ একালৰ জেষ্ঠ দাদা তুষাৰদা৷ তাকো সুদীৰ্ঘ পোন্ধৰ বছৰৰ পাছত৷
কি হ’ল আক’ তুষাৰদাৰ? কলেজৰ দাদা টাইপ উদণ্ড আৰু অসমৰ খেল জগতৰ এটা সুখ্যাত নাম তুষাৰ দাৰ কি হ’ব পাৰে তাইৰ পৰা সহায় বিচাৰিব পৰাকৈ?
ৰাতি বাৰ বাজিছে ইতিমধ্যে৷ এতিয়া এই মেছেজৰ ৰিপ্লাই দিয়া মানে তাইৰ টোপনি আনিবলৈ চেষ্টা কৰি থকা পংকজ উদাচৰ গজলৰ পৃথিৱীখনৰ পৰা নিজকে আঁতৰাই অনা৷ লাভৰ মূৰত তাইৰ ৰাতিৰ টোপনি ক্ষতি হ’ব, ৰাতিপুৱালৈ তাইৰ শৰীৰৰ জটিলতা বাঢ়িব, তাকে হ’লে স্বামীৰ বকনি শুনিব লাগিব৷ “টোপনি আৰু খোৱা-বোৱাত খেলিমেলি কৰি বেমাৰ হলে মোৰ একো মৰম নালাগে দেই”-তাইৰ টোপনি ক্ষতি কৰা কথাটো লৈ স্বামীৰ আপত্তিৰ অন্ত নাই৷ বহুত কিবা কিবিৰ মূল্য দিব লাগিব এই এটা মেছেজৰ ৰিপ্লাই দিয়াৰ লগে লগে৷

“দিল মেৰা লেনে কী খাতিৰ

মিন্নতে কিয়া কিয়া না কী

কেইচে নজৰে ফিৰ লী

মতলব নিকালনে কে বাদ”………………..

“অৰ্ণা অৰ্ণা, মোক পাহৰিলা নেকি? মই তোমাতকৈ তিনিবছৰৰ ওপৰৰ বেটচৰ আছিলোঁ”৷
উস! কি যে সুধি আছে তুষাৰ দাই! তেওঁকনো পাহৰিব পাৰিনে? ইমান উজ্জ্বল ব্যক্তিত্ব, লগতে সুন্দৰ জীৱনবোধ, লগতে খেল জগতৰ এটা বিখ্যাত নাম৷ কিন্তুু তাইৰ সচাঁকৈ উপায় নাই৷ কথা পাতিবলৈ মন গলেও এই সময়ত কথা আৰম্ভ কৰা মানে বহুত ৰাতি হ’বগৈ৷
কি কৰে? কি কৰে তাই? তুষাৰ দাই তাইকে কিয় যোগাযোগ কৰিছে?

ৱক্ত চাৰে জিন্দেগী মে

দো হী গুজৰে হে কঠিন

এক তেৰে আনে চে পেহলে

এক তেৰে আনে কী বাদ……………..

কি কৰে? কি কৰে তাই? ইমান বছৰৰ পাছত তুষাৰ দাই কিয় এই ৰাতিখন তাইলৈ মেছেজ পঠিয়াইছে?
কী পেদত আঙুলি বোলালে, “তুষাৰ দা, ইমান দিনৰ মূৰত আপুনি যোগাযোগ কৰিছে৷ বৰ ভাল লাগিছে৷ কিন্তুু ইটজ টু লেট৷ ইনবক্স য়ৰ ফোন নাম্বাৰ৷ ৰাতিপুৱাই ফোন কৰিম আপোনাক৷ এতিয়া শুভৰাত্ৰি৷ বাই৷ “
মেচেঞ্জাৰ লগ আউট কৰিলে৷ গজলৰ পৃথিৱীত ডুব গ’ল পুনৰ৷

চুৰ্খ চুৰু হোতে হে
ইন
চান ঠোকৰে খানে কে বাদ

ৰংগ লাতে হে হেনা

পত্থৰ কে পিচ জানে কে বাদ……………

“গাটো অলপ ভাল লাগিছেনে তোমাৰ? ৰাতি তোমাৰ ভাল টোপনি আহিল নে বাৰু? ”, ব্ৰেকফাষ্টৰ টেবুলত বহি তাইৰ স্বামীয়ে দৈনিক কাকতখন পঢ়ি থকাৰ পৰাই তাইলৈ নোচোৱাকৈ সুধিলে৷
“ও, টোপনি আহিছিল ভালকৈয়ে, ফ্ৰেছ লাগিছে আজি”, অৰ্ণাই কৈ উঠিল৷
স্বামীয়ে পঢ়ি থকা কাকত খনলৈ এনেই চকু গল তাইৰ৷ বুকুখন মোচৰ খাই উঠিল৷ অজস্ৰ বৰলৰ কামোৰত তেতিয়া ক্ষত-বিক্ষত তাইৰ সুকোমল হৃদয়৷
কাকতখনত যে লিখা আছিল, “ৰহস্যজনক কাৰণত প্ৰখ্যাত ফুটবল খেলুৱৈ তুষাৰ কাকতিৰ আত্মহত্যা”৷
হয়, সেইনিশায়ে তাইৰ টোপনিৰ শেষনিশা আছিল৷ এনিশা টোপনি এতিয়া তাইৰ চকুৰ পতাই বলে লব নোৱাৰাকৈ গধুৰ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!