তামোলৰ যিহে দাম (নৱ কোঁৱৰ)
কালিয়ে যোৰহাটলৈ যোৱা কথা আছিল। যাব নোৱাৰিলোঁ। আজিহে যাওঁ। মোৰ বাঁও ভৰিখনত বিষ। ডাক্তৰৰ মতে ইউৰিক এচিড অধিক হোৱাৰ বাবে এই বিষ। অত্যাধিক মাংস খোৱাৰ ফল। গাড়ীখন চলাই নিবলৈ অসুবিধা পাইছোঁ। প্ৰণবক লগত ললো। তাক ভাই বুলিও ক’ব পাৰি, বন্ধু বুলিও ক’ব পাৰি। প্ৰণব ল’ৰাটো ভাল। পৰিপাটি। বাচ বিচাৰ কৰি খায়। গাড়ী চলোৱাত ভাল। গাড়ী চলোৱা সময়ত বৰকৈ মাতবোল নকৰে। মিউজিক চিষ্টেমটো লাগে। পুৰণি গানৰ ভাল কালেকচন এটা পেনড্ৰাইভত থাকে। তেল ডিপোত তেল ল’বলৈ ৰাখিয়েই প্ৰণবক চাবিটো কি ক’লো –“চলা। অলপ ৰ। মই তামোল কেইখনমান লৈ আনো৷”
লেঙেৰাই লেঙেৰাই ওচৰৰ গুমটিৰ পৰা তামোল ল’বলৈ গ’লো। দোকানীজন চিনাকি। লেঙেৰাই যোৱা দেখি দোকানীজনে সুধিলে – “দাদা, কেনেকৈ দুখ পালে৷”
“নকবাহে। হ’ল আৰু৷” বহলাই ক’বৰ মন নগ’ল। দোকানীয়ে ইতিমধ্যে তামোল এখন আগবঢ়াই দিছিল। মুখত ভৰাই কলো – “আজিৰ তামোলখন বৰ চাফা। কেইখনমান বান্ধি দিয়া। ধঁপাত একেলগে নিদিবা৷”
“নক’ব দাদা, তামোলৰ যিহে দাম…!”
টোপোলাটো লৈ গাড়ীত বহিলোঁ। প্ৰণবক এখন দিলোঁ। সি দাঁতেৰ খটকৈ এডোখৰ ভাঙি এডোখৰ খিৰিকীৰে বাহিৰলৈ পেলাই দিলে। গান এটা বাজি আছিল৷ গাড়ীখন ষ্টাৰ্ট কৰি মাতটো গানৰ শব্দটো অলপ ডাঙৰ কৰি মিলাই ললে। লাহেকৈ আমি ৰাজপথত উঠিলোঁ। গাড়ী জোৰেৰে চলিব ধৰিলে।
“নক’ব দাদা, তামোলৰ যিহে দাম….” দোকানীজনৰ কথাটো ভাবি থাকোঁতেই আমাৰ পুৰণি ঘৰখনলৈ মনত পৰিল। ককাদেউতাক দেখাৰ সৌভাগ্য নহ’ল। দেউতাহঁতৰ নজন ভাই ককাইৰ ডাঙৰ বৰদেউতাই ঘৰ বাৰী চম্ভালিছিল। ঘৰৰ লগতে ডেৰপুৰাতকৈ(চবিঘা) অধিক মাটিৰ বাৰীখন। কল, আম, কঠাল আদিৰ গছ আছিল যদিও সৰহকৈ আছিল তামোলৰ গছ। বৰ আটোম-টোকাৰিকৈ ৰাখিছিল। কাকিনি হোৱা য়েন দেখিলেই কাষতে পুলি এটা ৰুই দিছিল। তাৰবাবে এডৰা মাটিত তামোলৰ পুলি পঁচাই থৈছিল। তামোলৰ ঢকুৱাবোৰ গছৰ তলত পচিবলৈ দিয়া নাছিল। গছৰ তলত পচিলে বোলে উঁই বাঢ়ে। তামোল পূৰঠ হ’লে বেপাৰীৰ সোঁত বয়। দৰ দাম হয়। টকা-পইছা দৰ-দামতকৈ অলপ মনৰ খোৰাক জোগাব পৰাজনকহে তেওঁ তামোল, ধান, উলূখেৰ আদি বিক্ৰী কৰিছিল। চেপন বজাৰৰ বেঙ্গলী মানুহ এটাই দাইদ দাইদ বুলি লাগি ফুৰিছিল। কেইবাবছৰো তামোলবোৰ তাকে নিয়া দেখিছিলোঁ। সেই কেইদিন আমাৰ বৰ ফুৰ্তি। ওপৰলৈ চাই চাই ডিঙি বিষায়। তামোল পৰা মানুহটোৱে এজোপা গছৰ তামোল চিঙে, তললৈ পেলায়। তললৈ ননমাকে অন্য এজোপাৰ পাতখিলা টানি ইজোপা গছৰ পৰা সিজোপালৈ জঁপিয়াই যায়। তামোলনিখন তেনেই ৰঙা হৈ পৰে। খৰাহিবোৰত গোটাই আনি ভঁৰালৰ তলত দম কৰে। কেইজোপামান গছৰ তামোলবোৰ বেলেগকৈ থয়।। ঘৰত খাবলৈ পুতিব। সেইখিনি তামোলৰ পৰিমানো কম নহয়। চ’তলৈকে খাব লাগিব৷ সেই কামটোৰ বাবে গছবোৰ আগতেই নিৰ্দিষ্ট কৰি দিয়া হয়। চাৰিটা চাৰিটা হাতত লৈ অঁৰা পোন হিচাপে লেখিবলৈ আৰম্ভ কৰে। ডাঙৰ ডাঙৰ বস্তাত জোকাৰি জোকাৰি ভৰাই চিলাই কৰি যায়। গুৰৰ সৈতে চাহ এবাতি এবাতি খাই টকা-পইছা হিচাপ কৰি সিহঁত যায়গৈ। পাছদিনা ভেনেট এখন পঠিয়াই দিয়ে।
এইবোৰ আমি সৰু হৈ থকা দিনৰ কথা। আমাৰ পৰিয়ালটো তাৰপৰা আঁতৰি আহিলোঁ। বিয়া সবাহ হ’লে কেতিয়াবা বিহুৱে সংক্ৰান্তিয়ে যাওঁ। যোৱা বছৰ দীপাৱলীত কাম বন নাছিল। এনেয়ে এপাক মাৰি আহো বুলি ওলালোঁ। বাহ! কি কাৰবাৰ। ঘৰৰ বাৰান্দালৈকে চাহগছ। অ’ত ত’ত দুই এজোপা তামোলৰ গছ আছেগৈ। ওখহৈ আকাশ চুইছেগৈ। ঘৰৰ খা খবৰ ল’লো। নবৌৱে(পুৰণি হ’লেও) অপৈনত তামোলেৰে সৈতে বটাটো আগবঢ়াই দিলে। এইখন ঘৰত তামোলখন দেখি বেজাৰ লাগিল।
“জাঁজী পালোহি৷” প্ৰণবে ক’লে। গাড়ীখন তেতিয়া নীলকন্ঠ ধাবাৰ সন্মুখত ৰখাই থোৱা আছিল৷