তথ্য প্ৰযুক্তিৰ যুগত অসমৰ ভ্ৰাম্যমান থিয়েটাৰ (হিমজ্যোতি তালুকদাৰ)

কল্পনা কৰক, সন্ধ্যা ছয় বজাৰ লগে লগে লক্ষীমপুৰ জিলাৰ এক ভিতৰুৱা অঞ্চলত হেঙুল থিয়েটাৰে এখন নাট প্ৰদৰ্শন কৰিব৷ তাৰ সমান্তৰালকৈ আমেৰিকা অথবা দিল্লীৰ অসমীয়া পৰিয়াল এটাও বহি যাব নাট উপভোগ কৰিবলৈ, হাতত ভজা বাদামৰ পেকেট লৈ! লক্ষীমপুৰ জিলাত দৰ্শকে নাট চাই আছে মঞ্চৰ সন্মুখত বহি আৰু আমেৰিকাত অসমীয়া পৰিয়ালটোৱে চাই আছে কম্পিউটাৰৰ ইউটিউবৰ (YouTube) সন্মুখত বহি৷ সম্ভৱ জানো? তথ্য প্ৰযুক্তিৰ যুগত সকলো সম্ভৱ৷ কিন্তু হয়তো ইয়াৰ বাবে লাগিব তথ্য প্ৰযুক্তিৰ বিশেষ কিছুমান ব্যৱস্থা৷

ভ্ৰাম্যমান থিয়েটাৰ, অসমৰ পেছাদাৰী নাট্যজগতৰ যেন এক প্ৰাণকেন্দ্ৰস্বৰূপl দেশৰ ভিতৰতে অনন্য এই নাট্যানুষ্ঠানটোৱে অসমৰ কলা সংস্কৃতিৰ উত্তৰণৰ দিশত সদায়েই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে৷ বাংলাভাষী যাত্ৰাপাৰ্টিৰ পৰা ব্ৰজনাথ শৰ্মাৰ নিৰলস প্ৰচেষ্টাৰ অন্তত ঠন ধৰি উঠা এই নাট্যজগতৰ আছে এক সুদীৰ্ঘ ইতিহাস৷ ব্ৰজনাথ শৰ্মাৰ পাছতে ভ্ৰাম্যমানৰ পিতামহ হিচাপে খ্যাত অচ্যুত লহকৰৰ হাতত ই যেন আধুনিকতাৰ পৰশৰে উজ্জ্বীৱিত হৈ উঠে৷ দেশ বিদেশৰ বিভিন্ন নাট্যসম্ভাৰেৰে অসমৰ নাট্যপ্ৰেমী দৰ্শকক পাশ্চাত্য বিষয়বস্তুৰ লগত পৰিচয় ঘটাই ভ্ৰাম্যমান থিয়েটাৰ সমূহে যি এক ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া নি: সন্দেহে এক প্ৰশংসনীয় কাম৷

বৰ্তমান অসমত ভ্ৰাম্যমান নাট্যশিল্প এক উদ্যোগ৷ যি সময়ত দেশৰ আইন প্ৰান্তত আঞ্চলিক বোলছবি সমূহৰ এক উদ্যোগ গঢ়ি উঠিছে ঠিক তেনে সময়তে অসমত বোলছবিৰ বিপৰীতে ভ্ৰাম্যমান নাট্যদল সমূহৰ উদ্যোগ গঢ়ি উঠাটো এক লক্ষনীয় বিষয়৷ অসমীয়া বোলছবি উদ্যোগটো যিদৰে ঠন ধৰি উঠাৰ সম্ভাৱনা আছিল সেয়া হৈ নুঠিল, তাৰ বিপৰীতে ভ্ৰাম্যমান নাট্যশিল্প হৈ পৰিল এক পেছাদাৰী উদ্যোগ৷ ইয়াৰ মূল কাৰণ হ’ল ভ্ৰাম্যমান নাট্যদল সমূহ আৰু দৰ্শকৰ মাজৰ শূন্য ব্যৱধান৷ ভ্ৰাম্যমান নাট্যদল সমূহে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অতি ভিতৰুৱা গ্ৰাম্যাঞ্চলতো যিদৰে নাট্যকৰ্ম প্ৰদৰ্শন কৰি আহিছে আৰু তাৰ দ্বাৰা যেনেদৰে দৰ্শকৰ ওচৰ চাপিছে, সি ইয়াক অধিক জনপ্ৰিয় কৰি তুলিছে৷

বৰ্তমান সময়তো হৈছে তথ্য প্ৰযুক্তিৰ যুগ৷ তথ্য বিপ্লৱৰ এই যুগত ডিজিটাইজেচন (Digitization) এক উল্লেখযোগ্য শব্দ৷ আমাৰ চাৰিওফালে উপলব্ধ তথ্য পাতি বিভিন্ন ইলেকট্ৰনিক মাধ্যমেৰে সঞ্চয় কৰি ৰখাটো বৰ্তমান এক সময়ৰ আহ্বান৷ কিন্তু দেখা যায় ভবিষ্যতে অমূল্য হৈ পৰিব পৰা যিকোনো ধৰণৰ তথ্য পাতি আমি ডিজিটাইজেচন পদ্ধতিৰে সঞ্চয় কৰি ৰখাটোত হেলা কৰো৷ কিন্তু বৰ্তমান বিজ্ঞানৰ এই যুগত এনেধৰণে তথ্য সংগ্ৰহ কৰি ৰাখিব পৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয়৷

এটা সামান্য উদাহৰণ দিওঁ, ভ্ৰাম্যমান থিয়েটাৰৰ সকলোবোৰ তথ্য পাতি, ইয়াৰ নাট্যশৈলী, নাট্য প্ৰদৰ্শন, নাট গীতৰ বিৱৰণ আদি সকলো ইণ্টাৰনেটত উপলব্ধনে? কেইটামান প্ৰবন্ধৰ বাহিৰে হয়তো বিশেষ একো বিচাৰি পোৱা নাযাব৷ কিন্তু আমি এনে এক নাট্য উদ্যোগৰ বিষয়ে বাহিৰৰ পৃথিৱীখনক জনোৱাটো জৰুৰী হৈ নপৰে জানো? বাহিৰৰ পৃথিৱীৰ লগতে আমি নিজৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ইলেকট্ৰনিক মাধ্যমেৰে ভ্ৰাম্যমান থিয়েটাৰ সমূহৰ নাট-গীত সংৰক্ষণৰ কথা নিশ্চয় ভাবিব পাৰো৷ উদাহৰণস্বৰূপে সংৰক্ষণৰ অভাৱৰ বাবে আমাৰ প্ৰায় পঞ্চাশ শতাংশৰো অধিক বোলছবিৰ প্ৰিণ্ট নাইকিয়া হৈ গ’ল৷ যি জাতিটোৰ বাবেই এক অপূৰণীয় ক্ষতি৷ ভ্ৰাম্যমান থিয়েটাৰ জগততো হাজাৰোধিক নাটৰ সৃষ্টি হৈছে৷ কিন্তু এইবোৰ আমি সংৰক্ষণ কৰি ৰাখিব পাৰিছোনে? নাটৰ পাণ্ডুলিপি, নাট প্ৰদৰ্শনৰ ভিডিঅ’ ৰেকৰ্ডিং আদি বিষয়ত হয়তো আমি বিশেষ গুৰুত্ব নিদিওঁ৷ অৱেশ্য আশী নব্বৈ দশকত অবিকশিত তথ্য প্ৰযুক্তিৰ বাবে সি ইমান এটা সম্ভৱপৰ হোৱা নাছিল৷ কিন্তু যোৱা এটা দশকত তথ্য প্ৰযুক্তিৰ যি উন্নতি ঘটিছে তাৰ বা য়ে অসমকো চুই গৈছে৷ গতিকে ইয়াৰ সদ্ব্যৱহাৰ আমি কৰাটো বাঞ্ছনীয়৷ কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ দৰে বিশাল উদ্যোগ এটায়ো যেন এই ক্ষেত্ৰত অনীহা প্ৰকাশ কৰা দেখা যায়৷

আজিৰ যুগতো তথ্য প্ৰযুক্তিৰ যুগতকৈও ইউটিউব, ফেচবুক, টুইটাৰ যুগ বুলি ক’লেহে নিশ্চয় যুক্তিসংগত হ’ব৷ সামাজিক যোগসুত্ৰকাৰী ৱেবচাইটসমূহে যিদৰে মানুহৰ প্ৰযুক্তিগত জীৱন ধাৰণ প্ৰণালীটোকে সলনি কৰি দিছে সেইখিনি সময়তে ভ্ৰাম্যমান নাট্যদলসমূহেও ইয়াৰ ব্যাপক প্ৰয়োগৰ ক্ষেত্ৰত আগবাঢ়ি অহাটো অতি প্ৰয়োজনীয়, যিয়ে কেৱল এক বিশেষ অঞ্চলতে নহয় সমগ্ৰ বিশ্বতে সাংস্কৃতিক প্ৰসাৰ ঘটোৱাত সহায়ক হৈ পৰে৷ থিয়েটাৰ উদ্যোগত অভিনৱ ধাৰাৰ সংযোজন ঘটাই অহা হেঙুল থিয়েটাৰ এই ক্ষেত্ৰত অৱশ্যে কিছু ব্যতিক্ৰম, আজি কিছুবছৰ আগতে হেঙুল থিয়েটাৰে নিজৰ এক ৱেবচাইট মুকলি কৰিছিল যিটো আছিল এক আদৰণীয় পদক্ষেপ৷ নাট্যবৰ্ষৰ নাট ঘোষণা, নাট প্ৰদৰ্শনৰ দিনপঞ্জী আদিৰ অন্তৰ্ভুক্তিৰে ৱেবচাইট সজোৱা হৈছিল আকৰ্ষনীয় ৰূপত৷ বাকী আগশাৰীৰ নাট্যদলসমূহেও এনেধৰণৰ প্ৰযুক্তিগত উপায় সমূহ ব্যাপক ৰূপে ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়৷ যিটোৱে কেৱলমাত্ৰ ভ্ৰাম্যমান নাট্যদলটিৰ প্ৰসাৰ ঘটোৱাতে সহায় নকৰে, ডিজিটাইজ ৰূপত নাট, গীত মাত সংৰক্ষণ আদিৰ ক্ষেত্ৰতো নিশ্চিতভাৱে সহায়ক হৈ পৰে৷

তথ্য প্ৰযুক্তি বুলিলেই আমি তলত উল্লেখ কৰা কিছুমান বিষয়বস্তু ভ্ৰাম্যমান থিয়েটাৰৰ লগত সংযোগ ঘটোৱাৰ পোষকতা কৰিব পাৰো –
• প্ৰতিটো নাট্যদলৰেই নিজৰ ৱেবচাইট এটা সাজি উলিওৱাটো অতি প্ৰয়োজন, য’ত ভ্ৰাম্যমানৰ বুৰঞ্জীৰ লগতে থকা প্ৰয়োজন নিৰ্দিষ্ট নাট্যদলটিৰ অতীত আৰু বৰ্তমানৰ কৰ্মসূচীৰ বিস্তৃত তথ্য পাতি৷
• সকলো ন-পুৰণি নাটকৰ তথ্য৷ আমি ইতিমধ্যে বহু কালজয়ী নাটৰ পাণ্ডুলিপি হেৰুৱাই পেলাইছো৷ এই অমূল্য পাণ্ডুলিপি সমূহৰ ডিজিটাইজ ৰূপত সংৰক্ষণ অতি প্ৰয়োজন |
• সম্ভৱ হ’লে ভ্ৰাম্যমানৰ নাট সমূহৰ ভিডিঅ’ ৰূপত নিজ নিজ ৱেবচাইটত সংৰক্ষণ কৰি ৰখাটোও এক প্ৰয়োজনীয় বিষয়৷
• যিহেতু ভ্ৰাম্যমান থিয়েটাৰ এক ব্যৱসায়িক উদ্যোগ, গতিকে বিভিন্ন ইণ্টাৰনেট প্লেটফৰ্ম (যেনে ইউটিউব) ক ব্যৱসায়িক দৃষ্টিকোণেৰেও গ্ৰহণ কৰিব পৰা যায়৷ অৱশ্যে ইয়াৰ বাবে লাগিব ব্যাপক পূৰ্ব পৰিকল্পনা তথা ব্যৱসায়িক গৱেষণা৷

কোনো শিল্পকে প্ৰযুক্তিয়ে নি: শেষ অথবা ক্ষতিসাধন কৰিব নোৱাৰে৷ কথা হ’ল আমি প্ৰযুক্তিক কেনেদৰে নিৰ্দিষ্ট প্ৰক্ৰিয়াটোত ব্যৱহাৰ কৰিছো তাৰ ওপৰতহে ভাল বেয়া দিশসমূহ নিৰ্ভৰ কৰে৷ সতকাই শুনা যায় প্ৰযুক্তিয়ে মানুহৰ ধ্যান ধৰণাৰ লগতে কলা সংস্কৃতিৰ দিশতো ব্যাপক ক্ষতিসাধন কৰাৰ কথা, যিটো এক ভুল ধাৰণা৷ বৰ্তমান সময়ৰ লগে লগে তথ্য প্ৰযুক্তিৰ যথোপযুক্ত ব্যৱহাৰেহে এটা মাধ্যমক দৰ্শক অথবা জনসাধাৰণৰ কাষ চপাই নিয়াত সহায় কৰে৷ ভ্ৰাম্যমান থিয়েটাৰো তেনে এক মাধ্যমেই সময়ৰ লগত খাপ খুৱাই তথ্য প্ৰযুক্তিৰ লগত সংযোগ কৰি সমান্তৰালভাবে ভ্ৰাম্যমান থিয়েটাৰক আমি আগবঢ়াই নিব লাগিব৷ ই কোনো ধৰণে উদ্যোগটোত ঋণাত্মক প্ৰভাৱ নেপেলায়, বৰং প্ৰসাৰ ঘটোৱাতহে সহায়ক হৈ পৰিব৷

*(এই লেখাটো 2015-16 বৰ্ষৰ হেঙুল থিয়েটাৰৰ মুখপত্ৰ খনত প্ৰকাশিত হৈছে৷ এইবাৰৰ বিষয়বস্তু ভ্ৰাম্যমান থিয়েটাৰ বাবে লেখাটো সাহিত্য ডট অৰ্গলৈ আবঢ়ালো)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!