টেঙেচি শাকৰ বিষয়ে আমি নজনা অনেক কথা – ডা০ ভূপেন শইকীয়া

টেঙেচি শাকৰ বিষয়ে লিখিবলৈ বহোঁতে পোনতে বিপিন চাউদাঙৰ গীত এটি আওঁৰাই লব খুজিছোঁ : “টেঙাৰে তুলিবি টেঙেচি আগ,বাৰীৰে খুতৰা ঢেঁকীয়া শাক ৷তৰাপাত কাটি পাতত দিবি চোঁচা মাৰি অনা ডঁৰিকণা মাছ ৷ তাৰে জুতি লগাই খাবি অ’ মইনা, মৰম লগাজনী হ’বি”৷
অসমীয়া জনজীৱনত টেঙেচিৰ মহত্ব অতীজৰে পৰা আছিল আৰু আগলৈয়ো থাকিব ৷ টেঙেচি শাক চিনি নোপোৱা অসমীয়া মানুহ খুব কমেই ওলাব ৷ব’হাগ বিহুত খাবলৈ বুটলা ১০১বিধ শাকৰ ভিতৰত টেঙেচি অপৰিহাৰ্য্য ৷ টেঙেচি হ’ল অসমীয়াৰ আঞ্জাত টেঙাৰ বাবে ব্যৱহৃত উপকৰণ ৷ জীয়া মাছৰ টেঙেচি শাকৰ সৈতে ৰন্ধা আঞ্জাৰ জুতি যি এবাৰ লৈছে, তেওঁৰ বাবে সেই স্বাদ কাহানিবা পাহৰা অসম্ভৱ ৷ সাধাৰণতে বৰ টেঙেচি আৰু সৰু টেঙেচি এই দুবিধ টেঙেচিয়েই আমি চিনি পাওঁ ৷ বৰ টেঙেচিৰ ৰং ডাঠ সেউজীয়া আৰু সৰু টেঙেচিৰ ৰং পাতল সেউজীয়া বৰণৰ ৷ আকৌ টেঙেচিৰ ফুল হালধীয়া, বেঙুনীয়া, বগা,ৰঙা নাইবা গুলপীয়া আমাৰ চকুত পৰে ৷ এই টেঙেচিৰ উপকাৰিতা কি, খাবলৈ কি সতৰ্কতা অৱলম্বন কৰিব লাগে ইত্যাদি কথাৰ আলোচনা এই লিখনিৰ মাধ্যমেৰে কৰিব ওলাইছোঁ ৷

কি নাম দি মাতিম তোমাক ?
টেঙেচি শাকৰ অসমীয়াত মতা আন নাম হ’ল- টেঙ্গেচি, চেঙেৰী, চাঙৰী,চেঙেৰা,চাঙৈ টেঙা ৷ বাংলা ভাষাত আমৰুল আৰু আমলতি; হিন্দীত অমৃত শাক, অমৰুল আৰু তিন পট্টিয়া; মলয়ালমত পুলিয়ৰালা; তামিলত পালিয়কিৰি; নেপালীত কেৰিমল্লা; কানাড়াত হুলিচিক্কাই; আৰবীত হামডিড, চীনা ভাষাত জিঅ’ জিয়াং কেঅ’; ফৰাচীত অক্সালিচ পেটিট অ’চিল্লি; ইটালিত অক্সালিচ এচিটচেল্লা ; ভিয়েটনামত ছুৱা মি নু নামেৰে জনা যায় ৷ ইংৰাজীত ইয়াৰ পৰিচয় এইকেইটা নামেৰে- Common wood sorrel, Three-leaved grass, Fairy Bells, Sour Trefoil, Stickwort, Shamrock আদি ৷ Shamrock হ’ল আয়াৰলেণ্ড দেশৰ ৰাষ্ট্ৰীয় বনস্পতি বা পুষ্প ৷ টেঙেচিৰ তিনিপহীয়া পাত হ’ল সেই দেশে আদৰি লোৱা প্ৰতীক চিহ্ন ৷ ইয়াৰ ব’টানিকেল বা বৈজ্ঞানিক নামকেইটা হ’ল – Oxalis acetosella , Oxalis corniculata, Rumex acetosella আদি ৷ Oxalis acetosella শব্দৰ উৎপত্তি গ্ৰীক ভাষাৰ পৰা হোৱা যাৰ অৰ্থ হ’ল ভিনেগাৰৰ দৰে টেঙা ৷ আমাৰ পৃথিৱীত উপলব্ধ আঢ়ৈলাখ উদ্ভিদৰ ভিতৰত কমেও ৮০হাজাৰ বিধ উদ্ভিদ হ’ল ঔষধি গুণযুক্ত ৷ প্ৰকৃতিত উপলব্ধ এই বনৌষধিসমূহৰ ওপৰত আমাৰ দেশত অতীজৰেপৰা (কমেও ৫০০০বছৰৰ পূৰ্বৰ পৰাই) অধ্যয়ন আৰু প্ৰয়োগ চলি আহিছে ৷ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ এই বিদ্যা হস্তান্তৰ হৈ আহি আজিৰ পৰ্য্যায় পাইছেহি ৷ টেঙেচিৰ বিষয়ে তথ্যৰ অনুসন্ধান কৰোতে অনেক বিস্ময়কৰ কথাৰ সৈতে মই অৱগত হলোঁ ৷ তাৰ কিয়দাংশ মই তলত উল্লেখ কৰিলোঁ ৷
১- বেক্টেৰিয়া বিনাশক – টেঙেচিৰ পাত আৰু গুটিৰ প্ৰয়োগে ই ক’লাই আৰু বেচিলাচ চাবটিলিচ বিনষ্ট কৰা দেখা গৈছে ৷ বাহ্যিক প্ৰয়োগত ছালত ষ্টেফাইল’কক্কাচ অ’ৰিয়াচ বেক্টেৰিয়া প্ৰতিৰোধক ৷
২- ভেঁকুৰ বিনাশক – এচপাৰগিলাচ নাইগাৰ ফাংগাছ বিনষ্ট কৰা দেখা গৈছে ৷
৩- এন্টিঅক্সিডেন্ট আৰু টিউমাৰ প্ৰতিৰোধক- লেবৰেটৰীৰ প্ৰাণী উদৰৰ ভিতৰৰ কৰ্কট ৰোগ (Ehrlich Ascites Carcinoma ) প্ৰতিৰোধ কৰা দেখা গৈছে ৷
৪-হৃদৰোগত উপযোগী – তেজৰ চৰ্বি কমোৱা গুণৰ বাবে টেঙেচিয়ে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে ৷
৫-পাক প্ৰণালীৰ উপকাৰিতা- পাকস্থলীৰ আলচাৰ নিৰাময়ত সহায়ক৷এমিবা, জিয়াৰডিয়া বিনাশক ৷
৬- লিভাৰৰ ক্ৰিয়া সুচাৰুৰূপে চলাত সহায়ক৷ চিলিমেৰিন জাতীয় দৰবৰ দৰে লিভাৰৰ বৰ্ধিত SGOT, SGPTৰ পৰিমান কমোৱাত সহায়ক ৷
৭- মৃগী ৰোগীৰ ফিটৰ তীব্ৰতা হ্ৰাস কৰাৰ প্ৰমাণ পোৱা গৈছে ৷
৮-চিন্তা কমোৱাত ই ডায়েজেপাম ঔষধৰ দৰে কাম কৰে ৷
৯- সকলোধৰণৰ সংক্ৰমণ কমোৱাত ফলপ্ৰসু ৷
১০- খাদ্যগুণ- টেঙেচিত থকা প্ৰটিন, কাৰ্বোহাইড্ৰেট, লৌহ পদাৰ্থ,কেলচিয়াম,এন্টিঅক্সিডেন্ট আৰু ভিটামিন-চি আদি তত্বই এনিমিয়া,বদহজমি,অৰুচি আদি আতৰ কৰাত সহায়ক সিদ্ধ হৈছে ৷
১১- এন্টিডায়েবেটিক গুণ- মধুমেহত ব্যৱহাৰ হোৱা গ্লায়বেনক্লেমাইড সদৃশ্য ক্ৰিয়া কৰে ৷
১২- গৰ্ভনিৰোধক- মাইকী এন্দুৰত প্ৰয়োগ কৰি ইয়াৰ গৰ্ভনিৰোধক গুণৰ প্ৰমাণ পোৱা গৈছে ৷
১৩- বিষহাৰক গুণ- ধতুৰা পইজনিং, বৃশ্চিক দংশণ আদিৰ চিকিৎসাত সুফল পোৱা গৈছে ৷

এতিয়া গছৰ বিষয়ে কিছু বৰ্ণনা দিওঁ ৷
টেঙেচি হ’ল মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ ৷ এজোপা এফুটলৈকে দীঘল শাকৰ আয়ুস এবছৰৰ পৰা দুবছৰ ৷ ই সাধাৰণতে জেকা বালিচহীয়া মাটিত সহজে হয় ৷ বহুলোকে টেঙেচি শাক টাবটো ৰোপন কৰে ৷ টেঙেচি এজোপাৰ মিহি পাতল লতাৰ সৰু সৰু গাঁঠিৰ পৰা শিপা ওলায় ৷ তিনিখিলা পাতৰ তলফালে পাতল বেঙুনীয়া আভা এটি থাকে ৷ প্ৰতিখিলা পাত কলিজা আকৃতিৰ ৷ ফুলৰ ৰং প্ৰজাতিভেদে ভিন্ন ভিন্ন হয় ৷ ফুলৰ মৌ চুহিবলৈ কীট পতংগ আকৃষ্ট হয় ৷ ফুল এপ্ৰিলৰ পৰা জুনলৈকে ফুলি থাকে ৷ এটা সময়ত ইয়াত কেপচুলৰ আকৃতিৰ ফল লাগে- পূৰঠ হলে ফলৰ বিস্ফোৰণ হয় ৷ কেপচুলৰ ইলাষ্টিক জাতীয় গুণৰ বাবে টেঙেচিৰ গুটিবোৰ কিছু দূৰলৈকে সিঁচৰিত হয় ৷
প্ৰাপ্তিস্থান- এচিয়াৰ ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ফিলিপাইনচ, চীন, জাপান, ইণ্ডোনেচিয়া; ইউৰোপৰ ইংলেণ্ড, ফিনলেণ্ড, আয়াৰলেণ্ড, বেলজিয়াম, ফ্ৰান্স, স্পেইন, ৰাচিয়া, ডেনমাৰ্ক,নৰৱে; আমেৰিকাৰ য়ু এচ এ, কানাডা, কলোম্বিয়া ৷

টেঙেচিৰ কি ৰাসায়নিক তত্বৰ বিষয়ে আমি জনা উচিত ?
আন বহুতো শাক আৰু ফল (যেনে পালেং, বিলাহী, সৰিয়হ, বন্ধাকবি, ৰঙালাউ, আম, ষ্ট্ৰবেৰী) আদিত প্ৰাকৃতিকভাবে অক্সালিক এচিড থাকে৷ কিন্তু টেঙেচি শাকত সেই পৰিমান আনৰ তুলনাত কিছু বেচি ৷ সিদ্ধ কৰিলে অক্সালিক এচিডৰ চোক হ্ৰাস পায় ৷ কম পৰিমানত মাজে মাজে টেঙেচি খোৱা স্বাস্থ্যৰ বাবে নিৰাপদ ৷ কিন্তু বাত বিষ, তেজত ইউৰিক এচিড বেচি থকা লোক,উচ্চ ৰক্তচাপ আৰু কিডনিৰ পাথৰ থকা লোকে টেঙেচি বাৰণ কৰিব ৷ কিয়নো অক্সালিক এচিডে তেজত থকা কেলচিয়ামৰ লগত যৌগ হৈ দেহত কেলচিয়ামৰ পৰিমান হ্ৰাস কৰিব পাৰে ৷

এতিয়া টেঙচিৰ ব্যৱহাৰিক প্ৰয়োগৰ বিষয়ে জনাই নিৱন্ধ সামৰিম ৷ পাঠকে নিজৰ অভিজ্ঞতা মোক অৱগত কৰিলে এনে আলোচনাৰ দ্বাৰা ৰাইজ উপকৃত হব ৷
১-টেঙেচিৰ ৰস জ্বৰ কমাবলৈ ব্যৱহৃতহয় ৷
২- ভিটামিন-চিৰ অভাৱত হোৱা স্কাৰ্ভি ৰোগ টেঙচিয়ে প্ৰতিৰোধ কৰে ৷
৩- প্ৰসাব খোলোচা হোৱাত টেঙচি সহায়ক ৷ গতিকে প্ৰসাবৰ সংক্ৰমণৰ চিকিৎসাত প্ৰয়োগ হয় ৷
৪-মুখৰ ভিতৰৰ যি কোনো ঘাঁ টেঙচি পানীৰে কুলকলি কৰিলে নিৰাময় হয় ৷
৫- টেঙেচি পাতত দি খালে স্মৃতি শক্তি বাঢ়ে ৷
৬-বেচু বা খৰ হোৱা ঠাইত টেঙেচি পিচি লগালে আৰোগ্য হয় ৷
৭-টেঙেচিৰ ৰস চিকাই কামোৰা ঠাইত লগাই চিকিৎসা কৰা হয় ৷
৮-মদৰ নিচা ভাঙিবলৈ টেঙেচিৰ ৰস খোৱাব লাগে ৷
৯- নিদ্ৰাহীনতা আৰু স্নায়বিক দূৰ্বলতাত টেঙেচি ফলপ্ৰসু ঔষধ ৷
১০- গ্ৰহণী আৰু পেটৰ বিষ নিৰাময় কৰে ৷
১১- কাপোৰত লগা ভেঁকুৰৰ দাগ টেঙেচি ঘঁহিলে আতৰ হয় ৷ কাঁহ-পিতল বা আন ধাতুৰ বাচন টেঙেচিৰে ঘঁহি ধুলে চিকচিকিয়া হয় ৷

কৃষি বিষয়া নয়ন কুমাৰ বৰাৰ লাগতিয়াল সংযোজন:
টেঙেচিৰ এটা দৰকাৰী কথা আছে। ইয়াক আম্নিক মাটি (acidic soil) ৰ সূচক (indicator plant) হিচাপে ধৰা হয়। সেয়ে কৃষক এজনে মাটিখিনিৰ অম্লতা চাই তেনে মাটিত কি খেতি হব তাক নিৰ্দ্ধাৰণ কৰিব পাৰে। তদুপৰি অম্লতা হ্ৰাস কৰিবৰ বাবে কৃষকজনে ব্যৱস্থা লোৱাত সুবিধা হয়। কিয়নো কিছুমান শস্যৰ বাবে আম্লিক মাটি লাগে , কিছুমানক ক্ষাৰকীয় মাটি লাগে আৰু কিছুমানক দুয়োটাৰে মাজতে লাগে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!