থুলুক, টেট বাইদেউ আৰু ভেলেণ্টাইন ডে’ (অচিন্ত বৰঠাকুৰ)
টেট বাইদেউৰ প্রতি থুলুকৰ দুর্বলতা এতিয়া তাৰ বন্ধুমহলৰ মাজত বেচ চৰ্চিত বিষয়। অকণমানিকৈ ধুনীয়া বাইদেউজনীয়ে স্কুলত যোগদান কৰাৰে পৰা যে থুলুক শ্রেণীত একেবাৰে ৰেগুলাৰ হৈ পৰিল, সেইটো অবশ্যে তাৰ ঘৰৰ মানুহেও মন নকৰাকৈ থকা নাই। আগতে কোনোদিনে গালি নুশুনিলে স্কুললৈ ওলাই নহা থুলুকক আজিকালি মাক-দেউতাকে তাক কিবা কাৰণত স্কুল খতি কৰিবলৈ ক’লেও সি নামানে। অবশ্যে, শ্রেণীকোঠাত বাইদেউ গৰাকীয়ে কি পঢ়ায়, সেয়াহে সি ভালকৈ ক’ব নোৱাৰে। আঁচলতে টেট বাইদেউৱে উচ্চাৰণ কৰা শব্দবোৰ থুলুকৰ কাণত পৰাৰ লগে লগে আপোনা-আপোনি কিছুমান সুমধুৰ সাংগীতিক সুৰলৈ ৰূপান্তৰিত হৈ পৰে; সেই সুৰ গৈ তাৰ মগজু পোৱাৰ পাছত সংগীতৰ পৰা শব্দক পৃথক কৰাটো তাৰ বাবে অসম্ভৱ হৈ পৰে। লগে লগে তাক একো তত্-ভত্ নিদিয়াকৈয়ে তাৰ মনটোও কৰ’বালৈ উৰি গুছি যায়। বাইদেউৰ ক্লাছত সি এনেকৈয়ে বহুতো টুৰিষ্ট স্পট, বহুতো পার্ক আৰু কেইবাখনো পাহাৰীয়া নদীৰ পাৰত তেওঁৰ সৈত্যে হাতত ধৰা-ধৰিকৈ ফুৰি আহিছেগৈ। টেট বাইদেউক প্রথম দেখাৰ পৰা আৰম্ভ হোৱা তাৰ এই অচিনাকি বেমাৰটোৰ বাবে কেইবা বাৰো সি শ্রেণীকোঠাত অপ্রস্তুত হ’ব লগীয়াও হৈছে। লাহে লাহে সি অনুভব কৰিবলৈ লৈছে যে তাৰ এই বেমাৰটোৱে এতিয়া শ্রেণীকোঠাৰ বাহিৰতো তাক মাজে মাজে আমনি কৰা আৰম্ভ কৰি দিছে। যোৱা ভোগালী বিহুতো টেট বাইদেউৰ ভাবনাই তাক কমখন লটি-ঘটি কৰি মৰা নাই। “ওঁহো, এইদৰে আৰু নহ’ব” -সি ইতিমধ্যে পেটে পেটে সিদ্ধান্ত লৈ পেলাইছে। আজি ভেলেণ্টাইন ডে’ নে কিবা এটা আছে, গতিকে কামটো আজিয়েই ষ্টার্ট কৰি দিব লাগিব। কেইবাদিনৰ আগৰ পৰা তাৰ বায়েকে তাইৰ লগৰ ছোৱালীবোৰৰ সৈতে পতা ফুচফুচীয়া মেল বিলাকত কোৱা-কুই কৰি থকা শুনি আহিছে, ভেলেণ্টাইন ডে’ত বোলে ল’ৰাবোৰে মন পচন্দৰ ছোৱালী বোৰক গোলাপ ফুল একোপাহকৈ দি কিবা “আহিলেবিহু” ধৰণৰ শব্দ এটা কৈ দিলেই কামটো হৈ যায়। ঠিকেই, তাহাঁতৰ মুখত শব্দটো সি কেইবাবাৰো শুনিছে আৰু এইবোৰ কথাৰ লগত বিহুৰো কিবা এটা সম্পৰ্ক আছে বুলি সি জানে। শব্দটো ক’বলৈও উজু, কেইবাবাৰমান শুনিয়েই ইতিমধ্যে তাৰ মুখস্থও হৈ গৈছে। ইমান অকণমানি শব্দ এটাৰ ইমান পাৱাৰ বুলি সি আগতে ভাবিবই পৰা নাছিল। বায়েকহঁতে হায়াৰ ছেকেণ্ডেৰী ক্লাছৰ সেই একেলগে ঘূৰি ফুৰা ল’ৰা-ছোৱালী কেইটাৰ কাহিনীবিলাক আলোচনা কৰি থকা শুনিহে তাৰ পূৰা বিশ্বাস হৈ গৈছে গোলাপ ফুল আৰু সেই শব্দটোৰ পাৱাৰৰ বিষয়ে। সিও আজি তাকেই কৰিব, পিছত যি হয় দেখা যাব।
বহু উৎকণ্ঠাৰ অন্ত পেলাই তৃতীয় ঘণ্টাত এইবাৰ টেট বাইদেউ থুলুকহঁতৰ শ্রেণীকোঠালৈ সোমাই আহিছে। সৰু সৰু ফুলেৰে বুটা বছা নীলা পাৰীৰ বগা চাদৰ খনিৰে বগী টেট বাইদেউজনীক আজি অপূর্ব সুন্দৰ দেখাইছে। চকুৰ পিৰিকতি নলৰোৱাকৈ বাইদেউলৈ চাই চাইয়েই থুলুকে বাওঁ হাতেৰ লাহেকৈ তাৰ জ্যামিত্তি বাকছটো চুই চালে। কালি আবেলিতেই মনে মনে অকণ দাইটিহঁতৰ ফুলনিৰ পৰা চিঙি অনা ৰঙা গোলাপ পাহ ৰাতিটো সি তাৰ গাৰুৰ কাষত লুকুৱাই ৰাখি আজি পূৱাতে জ্যামিত্তি বাকচটোত সযতনে সুমুৱাই স্কুললৈ লৈ আনিছে। বস্তুটো সি এতিয়ালৈকে কাকো দেখুওৱা নাই, ডাইৰেক্ট বাইদেউকহে দেখুৱাব বুলি সি কালি চিঙোতেই প্লেনটো ঠিক-ঠাক কৰি লৈছিল। কেনেবাকৈ ফুলপাহে উশাহ ল’বলৈ নাপাই যদি মৰি যায়, তেতিয়া তাৰ সকলো পৰিকল্পনা ধূলিস্যাৎ হ’ব বুলি জানি বাকচটোৰ সাঁফৰটোও সি সম্পূৰ্ণকৈ বন্ধ কৰা নাই। সেয়ে, আধাখোলা বাকচটোত ফুলপাহ ঠিকে ঠাকে আছেনে নাই সি বাৰে বাৰে তাকে চুই চুই উমান লৈ থাকিব লগীয়া হৈছে।
বাইদেউৱে ব’র্ডত ইংৰাজী আখৰেৰে কিবা কিবি লিখি আছে, Phrases and idioms নে কি জানো….. সি সেইবোৰ বিশেষ একো ধৰিব পৰা নাই। অবশ্যে তাৰ তলত লিখা শাৰীকেইটাত মাজে মাজে সি চিনাকি শব্দ কেইটামান দেখিছে, কিন্তু বাইদেউৱে বানানবোৰ ভুলকৈ লিখা নিচিনাহে লাগিছে তাৰ। Don’t tell a lie টো বাৰু ঠিকেই আছে, লাই শাকৰ আঞ্জাতনো কোনে তেল দিয়ে; কিন্তু এই man is mortal ত মুন পেহীৰ নামটো শুদ্ধকৈ লিখা হ’লে তাইৰ মূৰত তেল দিয়াৰ কথা অর্থাৎ মুনপেহীৰ বিয়াৰ জোৰোণৰ কথাকেই কোৱা বুলি সি পক্কাকৈ বুজিলেহেতেন। ইমান ধুনীয়া বাইদেউজনীয়ে বানান ভুল কৰিলেওনো কি যায় তাৰ!! এনেকেই বুজি পাব সি বাইদেউৱে ক’ব খোজা সকলোবোৰ কথা। মুন পেহীৰ মূৰত তেল দিয়াৰ দিনা তাইলৈযে পেহাকৰ ঘৰৰ পৰা এগালমান ধুনীয়া ধুনীয়া কাপোৰ আৰু সোণৰ গহণা আনি মানুহবোৰে দি থৈ গৈছিল, চাঁৎ কৈ তাৰ তালৈ মনত পৰি গ’ল। সেইদিনা পেহাকৰ ঘৰৰ মানুহবোৰে আহি পেহীয়েকক দিয়া গোটেই বস্তুবোৰৰ ভিতৰত তাৰ আটাইতকৈ ভাল লগা বস্তুটো আছিল জিলিক-মিলিক কাগজেৰে চাৰিচুকীয়া ঠাল এখনত ধুনীয়াকৈ বান্ধি দিয়া সেই ঘূৰণীয়া চকলা-চকল, বগা বগা, কোমল কোমল মিঠাইসোপা। তাতকৈয়ো মজা লাগিছিল দুফলীয়া মিঠাইটো মাজে মাজে ফালি দিলে আবিষ্কাৰ হোৱা চকলেট চকলেট গোন্ধোৱা ক্রীমখিনি। বাইদেউক বিয়া পাতিলেও সি বাইদেউলৈ এক্কেবাৰে তেনেকুৱা নিচিনা মিঠাইকে দি পঠাব, সি ঠিৰাং কৰিলে। বাইদেউক কইনাৰ সাঁজ পিন্ধাই অঁতাই মূৰত তেল দিবলৈ যোৱা মানুহবিলাকে যাতে তেওঁক তাৰ এটা খুৱাই দিয়ে, সেইটো ভালকৈ কৈ পঠাব। কইনাৰ সাজত আৰু মিঠাই খোৱাৰ আনন্দত বাইদেউজনীক যে কিমান ধুনীয়া লাগিব, ভাবিয়েই তাৰ কিবা লাজ-লাজখন লাগি গ’ল। জিলিকি উঠা মুখখনেৰে হাঁহি হাঁহি তেওঁ দিনটো মিঠা চফবিলাক বিলাই থাকিব আৰু ৰাতিলৈ তাৰ লগত সিহঁতৰ ঘৰলৈ গুছি আহিব। সি কিন্তু বাইদেউক বাহিৰে বাহিৰে চুইজাৰলেণ্ডলৈহে লৈ যাব। সৰুকৈ ধুনীয়া বৰফৰ ঘৰ এটা সাজি সিহঁত তাতেই থাকিব । শ্লেজ গাড়ীত উঠি দুয়োটা খুব ফুৰিব, বাইদেউৰ ঠাণ্ডা লাগিলে সি বৰফৰ মাজতেই জুই ধৰি দিব, বাইদেউৰ ভোক লাগিলে সি পেংগুইন আৰু বগা ভালুক মাৰি তাৰ মাংস আনি ৰান্ধিবলৈ দিব….!!
হঠাৎ পুতুকণৰ আঙুলিৰ খোচত সি বাস্তবলৈ ঘূৰি আহিল। বাইদেউ নো কোন সময়ত আহি তাৰ ওচৰত উপস্থিত হ’লহি, সি ততেই ধৰিব নোৱাৰিলে।
– এ’ বে’ড অব ৰৌজেছ (a bed of roses)টো কি কৰিলা চাওঁ…..
বাইদেউৱে ডেস্কত থকা তাৰ কিতাপ-বহী কেইখনলৈ চাই সুধিলে।
বাইদেউৰ প্রশ্ন শুনি থুলুকে থতমত খালে। bed মানে বিচনা, rose মানে গোলাপ…. কিন্তু বাইদেউৱে কেনেকৈ জানিলে সি কালি তাৰ বিচনাত গোলাপ ফুল লুকুৱাই থৈছিল বুলি!! আৰু কেনেবাকৈ জানিলেও এনেকৈ ক্লাছৰ অতবোৰ ল’ৰা-ছোৱালীৰ আগতে তাক বস্তুটো বিচাৰি দিব বুলি সিতো সপোনতো ভবা নাছিল। ….বাৰু যাই হওক, বস্তুটো সি লৈয়ে আহিছে যেতিয়া আজি বাইদেউৰ আগত তাৰ নাকটো ৰ’ব….আৰু একেলগে কামটোৱো হৈ যাব। থুলুকে তাৰ কিতাপৰ মোনাখনৰ পৰা লাহেকৈ জ্যামিত্তি বাকচটো উলিয়ালে, সযতনে তাৰ আধাকৈ মাৰি থোৱা ঢাকণিখন খুলিলে আৰু আলফুলে তাত থকা ৰঙা গোলাপ পাহৰ ঠাৰিডালত তর্জনী আৰু বুঢ়া আঙুলিটোৰে চেপি ধৰিলে। ফুলপাহ উলিয়াই বাইদেউৰ হাতত চমজাই দিয়াৰ আগত সি মনতে সেই বিশেষ শব্দটো দুবাৰমান আওঁৰাই ল’লে, “আহিলেবিহু-আহিলেবিহু…”
– “কি কৰি আছা তুমি ইমান দেৰিলৈকে হ্যাঁ? অথনিয়ে বাক্য ৰচনা কৰিবলৈ দিলো আৰু তুমি এতিয়া বাকচৰ পৰা কলম উলিয়াবলৈ লৈছা ???….”
কি কাৰণত জানো, বাইদেউ ডাং খাই উঠিল আৰু তাৰ ফালে চাই ডাঙৰ ডাঙৰকৈ বকিবলৈ লাগিল,
– ..ইমান দেৰি টেঁটু ফালি ফালি যে মই কিবা কৈ আছো সেইফালে মানে তুমি কাণেই নিদিলা এতিয়ালৈকে??! …ভেবা লাগি লাগি কি চাই থাকা তুমি কৰ’বালৈ…. হেড ছাৰক লগাম তোমালোকৰ কথা ৰ’বা…. নিজৰ ক্লাছ কৰিয়েই আজৰি নাপাওঁ, সদায় সদায় আকৌ লোকৰ ক্লাছ কৰিবলৈ পঠিয়াই দিয়ে আৰু ইয়াত আহি চিঞৰি থকাবোৰ এনেই যায়। পঢ়িবলৈ মন নাই যদি কিয় আঁহা স্কুললৈ?????? ……
বাইদেউৱে আৰু কিবা কিবি কৈ আছিল, শুনি লাহে লাহে তাৰ মাঠাটো বেয়া হৈ আহিছিল আৰু শেষৰ ফালে যে তাৰ কাণেদি আৰু একো নোসোমোৱাই হ’লগৈ। হাৰে’..পঢ়িবলৈ নো কোন আহিছে স্কুললৈ? আৰু ক’ত নো ক’ৰ’বালৈ চাই থকা দেখিলে তেওঁ? গোটেই সময়খিনি দেখোন তেওঁলৈকে চাই আছিল সি!! হুঁঃ…কলম উলিয়াবলৈ জ্যামিত্তি বাকছ থ’ৰে খুলিছিলে নেকি সি ….ধূৰ…. একো নজনাকৈয়ে ইমান বেয়াকৈ ক’ব লাগে নে তেওঁ তাক?!! ইমান যত্ন কৰি আনিলে সি গোলাপ ফুল পাহ, এবাৰত তেওঁ আহি নিজেই চাবলৈ বিচাৰিছে আৰু সি তাকে উলিয়াই দিবলৈ নৌপাওঁতেই খেছ খেছ খন আৰম্ভ কৰিয়েই দিলে তেওঁ! ফুলপাহ দিওঁতে কি বাক্যটো ক’ব লাগে সি জানেই, আকৌ কলম উলিয়াই ৰচনা কৰি দিবলৈ আৰু কি ডাল আছে??!! লাগিলে এতিয়াও কৈ দিব পাৰে সি, কিন্তু শুনিবলৈ ধৈর্য থাকিলেহে সেইজনীৰ… বেছি অকণমান। আজি ইমান দিনৰ মূৰত সি তেওঁক সম্পূর্ণকৈ এটা শুদ্ধ উত্তৰ দিব খুজিছিল অথচ সেইজনীয়ে তাক আৰম্ভই কৰিবলৈ নিদিলে। এনেয়ো সি কথা কমেই কয়, আজিৰ পৰা আৰু নকয়। কাণত ধৰিলে সি। ইমানদিনৰ পৰা ভেলেণ্টাইন ডে’ তে ক’ম ক’ম বুলি ভাবি থকা কথাটোতো সি আৰু মৰি গ’লেও নকয় সেইজনীক, একদম খাটাং কৰি পেলালে সি আজি। আহিলে আহিব বিহু, নাহিলেও কথা নাই, বেয়া নাপায় সি……. এনেয়ো সঁচা কথা ক’লে থুলুক বেয়া।