সাগৰিকালৈ চিঠি – বিষ্ণু বড়া
মৰমৰ
সাগৰিকা
আশাকৰোঁ তুমি কুশলে আছা৷
মোৰ অৱশ্যে বৰ ভাল নহয় পিতাই ঢুকোৱাৰ পৰা আইজনী মানসিক ভাৱে একেবাৰে ভাগৰি পৰিল জানা৷ তুমি জানাই ভাইটিৰ সেই অসুখৰ কথা, ভাইটিও আজি নাই এই পৃথিৱীত৷ ঘৰখনত আমি দুটি প্ৰাণীৰ বাহিৰে আৰু দ্বিতীয় এটি প্ৰাণী নাই৷ যোৱাবাৰ খেতি বৰ ভাল নহল৷ দিহিঙৰ বুকুত সকলোবোৰ জাহ গ’ল৷ এইবাৰ ভাৱিছোঁ অকলশৰীয়া মানুহ কেনেকৈনো তিনিপুৰা খেতি কৰো!
গাঁৱৰে পোণা ককাইদেউকে আধি কৰিবলৈ দি দিওঁ বুলি৷ গৰু হাল বিক্ৰী কৰি পিতাই সাজি থৈ যোৱা ঘৰটোৰ উৱঁলি যোৱা খেৰবোৰ আঁতৰাই টিঙকে লগাই দিওঁ নেকি …….৷ চালৰ ফুটাই তৰা গনিব পৰা হৈ আছে, বৰষুণ দিলে আইয়ে পানী পৰা ঠাইবোৰত চৰিয়া পতা দৃশ্যবোৰ চাই মোৰ বৰ কষ্ট হৈছে৷
এইবোৰ দৃশ্য দেখিবলৈ পোৱা বুলিয়েই তোমাক গাঁৱলৈ ফুৰাবলৈ আনিম বুলিও অনা নহ’ল৷ যেনেকৈ হ’লেও এইবাৰ আঘোণত তোমাক আনিম বুলি ভাৱিছোঁ আমাৰ গাঁওখন দেখুৱাৰ লগতে আমাৰ দুখীয়া পজাটিত আজলী আইৰ স’তে একৰাতি কটোৱাকৈ৷
পিছে কিমান দিন যে হ’ল …….. তোমাৰ ঢৌ খেলা মেঘালী চুলিটাৰি, দগমগীয়া সেন্দূৰীয়া দুইগাল, অনবৰতে জিলিকি থকা তোমাৰ হাঁহি, কাজল সনা দুচকুৰ সৈতে সাক্ষাৎ নোহোৱাকৈ থকা…… মই স্ব-ইচ্ছাৰেই তোমাক লগ কৰা নাই কাৰণ তোমাক সেই সময়ত বুজাব নোৱাৰিলো হেঁতেন মোৰ জীৱন দুৰ্যোগৰ কথা৷
কেতিয়াবা মনত পৰে — কলেজৰ কেণ্টিনৰ এচুকত দুয়োটাই বহি সোৱাদ লোৱা চাহ পিয়লাৰ কথা…..
আজিৰ দিনটো মোৰ কলেজৰ শেষৰ দিন আছিল
যিদিনা দেউতাৰ অসুখৰ বাতৰি পাইছিলো
সেইদিনাই আমাৰ মৰমৰ কুমলীয়া আৱৰণখন ফালি তোমাক নোকোৱাকৈ আজলী আই অসুখীয়া পিতাই আৰু ভাইটোৰ কথা ভাৱি আঁতৰি আহিলো৷ পিছে মই কাকো জীয়াই ৰাখিবলৈ সক্ষম নহলোঁ৷
ৰাতি বহুত হ’ল…….. আৰু কিমাননো লিখম? ?
লিখি থাকিলে শেষেই নহবগৈ অ’ …..
বুজিছা মই এই আঘোণতে তোমাক বিচাৰি যাম তুমি থকা সেই অচিনাকি চহৰলৈ ……
তুমি ৰৈ থাকিবা তোমাৰ দগমগীয়া সেন্দূৰীয়া দুগালত আতৰ সানি, ঢৌ খেলা মেঘালী চুলিটাৰিৰ সুগন্ধি সানি, তলবলাই থকা দুচকুত কাজল সানি…… শাৰদীয় বতাহজাক ৰিৱ ৰিৱকৈ বলি থাকিব
কপালৰ ফুটটি মুকুতা হৈ উজলি উঠিব
অনবৰতে জিলিকি থকা তোমাৰ হাঁহি মোৰ আঁউসী ৰাতিটো জোনাক হৈ পোহৰ বিলাব……….
ইতি
আৱেগিক মন
বিষ্ণু বড়া
নেমুপথাৰ