কৃষিত জৈৱ-নিয়ন্ত্ৰক পতংগ ট্ৰাইক’গ্ৰামাৰ সুপ্ৰয়োগ ( ৰুদ্ৰ নাৰায়ণ বৰকাকতি, ড° দিলীপ কুমাৰ শইকীয়া)

Slide1যিকোনো পৰিবেশতন্ত্ৰত উদ্ভিদৰ ক্ষতিকাৰী পোক-পতংগৰ লগতে ইহঁতক খাদ্যৰূপত বা অন্য প্ৰকাৰে ধ্বংস কৰিব পৰা জৈৱিক নিয়ন্ত্ৰকো উপলব্ধ৷ জৈৱ নিয়ন্ত্ৰক সমূহ পৰভোজী বা পৰজীৱী হ’ব পাৰে৷ ট্ৰাইক’গ্ৰামা হ’ল একধৰণৰ পৰজীৱী পতংগ, যি অকল পখিলাজাতীয় মজাখোৱা পতংগৰ কণী ভক্ষণ কৰি বৃদ্ধি হয়৷ ইহঁতে, উদ্ভিদৰ কোনো ক্ষতি নকৰে৷ পৰিবেশৰ দৃষ্টিকোণেৰে পতংগ নিয়ন্ত্ৰণত ট্ৰাইক’গ্ৰামা নিৰাপদ ৷ সৰ্বোপৰি, ট্ৰাইক’গ্ৰামাৰ বিৰুদ্ধে মজাখোৱাই প্ৰতিৰোধ ক্ষমতা গঢ়িব নোৱাৰে৷ বৰ্তমান, সমন্বিত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ অন্তৰ্গত, জৈৱ নিয়ন্ত্ৰক ট্ৰাইক’গ্ৰামাৰ প্ৰয়োগ নিতান্তই প্ৰয়োজনীয়৷

যি সমূহ পখিলাজাতীয় পোকে শস্য নষ্ট কৰে, সেইবোৰৰ ভিতৰত মজাখোৱা পোক অন্যতম৷ কৃষক সকলৰ মাজতো মজাখোৱা পোকৰ উপদ্ৰৱ সৰ্বজনবিদিত৷ বিভিন্ন প্ৰজাতিৰ মজাখোৱা পোকে ধান, গোমধান, কুঁহিয়াৰ, বেঙেনা আদি শস্যক বৃদ্ধিৰ বিভিন্ন স্তৰত আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ মজাখোৱা পোকৰ আক্ৰমণৰ ফলত পূৰঠ গছৰ উৎপাদন ক্ষমতা হ্ৰাস পোৱাৰ বিপৰীতে কুমলীয়া শস্য সমূলঞ্চে মৰি যায়৷

উদ্ভিদৰ বিভিন্ন অংশ ছিদ্ৰ সৃষ্টিৰে খাদ্য গ্ৰহণ কৰা মজাখোৱা পোকক, বাহিৰৰ পৰা প্ৰয়োগ কৰা কৃত্ৰিম কীটনাশকে ধ্বংস কৰিব নোৱাৰে৷ সেয়েহে ইহঁতক নিয়ন্ত্ৰণ কৰিবৰ বাবে ডিম্ব পৰজীৱী “ট্ৰাইক’গ্ৰামা” পতংগক ব্যৱহাৰ কৰা হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ বিদ্যা বিভাগৰ জৈৱিক নিয়ন্ত্ৰণ পৰীক্ষাগাৰত “ট্ৰাইক’গ্ৰামা” যুক্ত ট্ৰাইক’কাৰ্ড উপলব্ধ৷ একোখন ট্ৰাইক’কাৰ্ডত প্ৰায় ২০,০০০ টা ট্ৰাইক’গ্ৰামাৰ লেটা থাকে, যাক পথাৰত মুকলি কৰাৰ পাচতেই পূৰ্ণাংগ উৎপন্ন হয়৷

ডিম্ব পৰজীৱী ট্ৰাইক’গ্ৰামাৰ গৰ্ভৱতী মাইকীজনীয়ে মজাখোৱা পোকৰ ডিম্বৰ উৎসৰ সন্ধান কৰি, তাৰ প্ৰতিটো ডিম্বৰ ভিতৰত নিজস্ব ডিম্ব প্ৰসৱ কৰে৷ মজাখোৱা পোকৰ ডিম্বৰ অভ্যন্তৰ ভাগ খাদ্যৰূপত গ্ৰহণ কৰি বৃদ্ধি হোৱা ট্ৰাইক’গ্ৰামাই জৈৱ নিয়ন্ত্ৰণৰ লেখত ল’বলগীয়া কাৰকৰ ভূমিকা লয়৷ ট্ৰাইক’গ্ৰামাৰ ডিম্বসমূহ ১ দিনৰ ভিতৰতে ফুটি পলুলৈ পৰিৱৰ্তিত হয় আৰু ২-৩ দিনৰ ভিতৰত পলুৰ পৰা লেটা অৱস্থালৈ আহে৷ লেটাৰ পৰা পূৰ্ণাংগ ট্ৰাইক’গ্ৰামা সৃষ্টি হওতে ৩ -৪ দিনমান সময়ৰ প্ৰয়োজন হয়৷ গড় হিচাপে এজনী মাইকী ট্ৰাইক’গ্ৰামাই মজাখোৱাৰ ১০০ মান কণীৰ ভিতৰত এবাৰতে কণী পাৰিব পাৰে৷ ফলত পিচত মজাখোৱাৰ কণীৰ পৰা মজাখোৱাৰ পলুৰ পৰিৱৰ্তে ট্ৰাইক’গ্ৰামাহে উৎপন্ন হয়৷

ধান ৰোৱাৰ প্ৰায় এমাহ মানৰ পাচৰে পৰা ধানৰ পাতৰ তল পিঠিত মজাখোৱা পোকে কণী পাৰিবলৈ আৰম্ভ কৰে৷ সেয়েহে ধানৰোৱাৰ এমাহ মানৰ পাচত ধাননি পথাৰত পৰজীৱী পতংগ ট্ৰাইক’গ্ৰামাৰ লেটাযুক্ত ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিব লাগে৷ প্ৰতি হেক্টৰ ধাননি পথাৰত প্ৰত্যেক বাৰত ৫০,০০০ ট্ৰাইক’গ্ৰামা মুকলি কৰিব লাগে৷ প্রথম প্ৰয়োগৰ ৭ দিনৰ পিছত প্ৰতি সপ্তাহৰ অন্তৰালত ৬-৭ বাৰলৈ ধাননিত প্ৰয়োগ কৰা উচিত৷ সেই হিচাপত প্ৰতি হেক্টৰ ধাননিত মুঠ তিনি লাখ ট্ৰাইক’গ্ৰামা অৰ্থাৎ ১৫ খন ট্ৰাইক’কাৰ্ডৰ প্ৰয়োজন হয়৷ ধাননি পথাৰত ট্ৰাইক’কাৰ্ড সমূহ প্ৰয়োগ কৰিবলৈ নিওঁতে পলিথিন বেগ বা কাঁচৰ বটলৰ ভিতৰত মুখ বন্ধ কৰি নিয়া দৰকাৰ৷ তাৰ পিছত প্ৰতিখন ট্ৰাইক’কাৰ্ড কেঁচিৰে ৬-১২ টুকুৰাকৈ কাটি ট্ৰাইক’গ্ৰামা নথকা ফালটো ধানৰ পাতৰ তলপিঠিত আঠা লগাই দিব লাগে৷ যিকোনো ধৰণৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সমীপলৈ আহিলেই ট্ৰাইক’গ্ৰামাৰ মৃত্যু হয়৷ সেয়েহে ট্ৰাইক’গ্ৰামা মুকলি কৰাৰ অন্ততঃ দুসপ্তাহ পাছলৈকে ধাননি পথাৰত কোনো ধৰণৰ  ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা অনুচিত৷ বৰষুণ আৰু অধিক উষ্ণতাত যাতে ট্ৰাইক’গ্ৰামা নষ্ট নহয়, তাৰ বাবে সতৰ্ক হ’ব লাগে৷

——————————————————————————–

লেখকৰ ঠিকনা:

পতংগ বিদ্যা বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট- ৭৮৫ ০১৩

৯৪০১৩২০৫১২(ম’বাইল)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!