উদ্যোগ (আব্দুছ ছাজিদ)
উদ্যোগ
(গল্প নহয়, সত্য)
‘সদ্যহতে কিহত লাগি আছা?’
কামটো হৈ যোৱাৰ পিছত মিৰজেঙৰ চকুলৈ চাই মই সুধিলোঁ৷ সি দেউতাকৰ নতুন কিতাপখনৰ আগধন দিবলৈ মাকৰ নিৰ্দেশক্ৰমে মোৰ ওচৰলৈ আহিছিল৷
‘মমবাতি উৎপাদন কৰা গোট এটা প্ৰতিষ্ঠাৰ কামত লাগি আছোঁ দাদা৷’
‘সজ সজ৷ খুব ভাল আৰু সময়োপযোগী চিন্তা কৰিছা৷’
‘চেষ্টা এটা কৰিছোঁ আৰু দাদা, কি হয় জানো!’
‘নাই, নাই; একদম ঠিক আছে৷ আজিকালি নগৰ-মহানগৰৰ কথাই নাই, গাঁৱে-ভূঁইয়েও বিজুলী সৰবৰাহৰ খুঁটা আছে৷ দেখিছাই নহয়৷ তথাপি কিন্তু মমৰ দৰকাৰ নোহোৱা হোৱা নাই৷ কাৰণ ইলেকট্ৰিচিটিৰ পয়া লগা অৱস্থা৷ আমাৰ ডিফুততো আৰু ক’বই নালাগে৷ তিতা-কেহা-জ্বলা চব একেলগতে লাগি গৈছে৷ বিৰাট খং উঠেহে’৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাৰেণ্টৰ টিকনিয়েই নাই হৈ যায়৷ কটোৱালকেইটাও কম নহয়৷ দুঘণ্টা একেৰাহে কাটে! তৃতীয় ঘণ্টাটোত আকৌ পাঁচ-দহ-পোন্ধৰ মিনিটহে থাকে, পঞ্চলিশ-পঞ্চাশ-পঁচপন্ন মিনিটলৈ খবৰ নাই! কৰিম বুলি ভাবিলেও একো এটা কৰিব নোৱাৰি৷ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাতো কম অসুবিধা নহৈছেনে! মিছা ক’লোঁ নেকি?’
‘ঠিক কৈছে আপুনি৷ বিতৃষ্ণা লাগি গৈছে আৰু…’
‘গতিকে চিন্তা নকৰিবা৷ মমৰ চাহিদা আছেই আছে৷ প্ৰয়োজন দিনক দিনে বাঢ়িছেহে৷ একাগ্ৰতাৰে তুমি কামত লাগি যোৱা৷ সময়ত ফল পাবা৷’
‘কি কৰিব আৰু… পঢ়ি-শুনি…’
‘পঢ়ি-শুনি কি? চাকৰি এটা নাপালা? সিমানেইতো কথা?’
মিৰজেঙে সেমেনা-সেমেনি কৰিলে৷ মই তাৰ মানসিক অৱস্থাটো অনুধাৱন কৰিব পাৰিলোঁ৷ সি হয়তো চাকৰি এটাৰ দৰকাৰ অনুভৱ কৰিছিল৷ মাক-দেউতাক বা ঘৰখন চলাবৰ বাবে নহয়, ভাল পাই থকাজনীক ঘৰ সুমুৱাবৰ বাবেইতো নিৰাপদ সংস্থাপন এটা লাগে৷ গতিকেই চাকৰি এটা জৰুৰী৷ কাম নকৰিলেও মাহেকৰ দৰমহা নিজে নিজেই বেংক একাউণ্টত সোমাই পৰে! কি মস্তিৰ জীৱন! সি সেইবোৰ মন নকৰা নহয়৷ মই পিছে এতিয়া মিৰজেঙক কওঁ কি?
‘বাৰু, দূৰলৈ নাযাওঁ৷ আমাৰ নিজৰ জেগাখনলৈকে চোৱা৷ দেখিছা নহয়, কিমানবোৰ চাকৰিয়াল! কালি এজনীক বাটতে পালোঁ৷ জানি-বুজিয়ে সুধিলোঁ, ক’লৈ যাৱ? বোলে অফিচলৈ৷ ঘড়ীত তেতিয়া চাৰে এঘাৰ৷ মই গৈছোঁ পৰীক্ষা শেষ হোৱাত ল’ৰা-ছোৱালীহালক স্কুলৰ পৰা আনিবলৈ৷ একো নক’লোঁ আৰু৷ চাৰে এঘাৰ-বাৰটাত অফিচলৈ ওলায়, তিনি-চাৰে তিনিত ঘৰ! ক’লে পাব বেয়া৷ ঘৰে ঘৰে চাকৰিয়াল আছেই আছে৷ একেই অফিচ-বজাৰ-ঘৰ৷ তাৰ মাজতেই সীমাবদ্ধ গতানুগতিক জীৱন৷ অন্ন-বস্ত্ৰ-বাসস্থান৷ আহাৰ-নিদ্ৰা-মৈথুন৷ কিনো বেলেগডাল হৈছে? তুমি অলপ অন্য ধৰণৰ কিবা এটা কৰাচোন৷ পাৰিবা দিয়া৷’
‘চাওঁ কি হয়গৈ৷ মমবাতিকে লৈছোঁ আৰু…’
‘ঠিকেই আছে৷ দিনদিয়েকতে আয়ত্ত কৰি ল’ব পৰা কাম৷ এনে বিদ্যাৰেই নিজৰ ইউনিট খুলি শিক্ষিত নিবনুৱাই আনলৈ হাত নাপাতি স্বাধীনচিতীয়াভাৱে চলি যাব পাৰে৷ মূৰ দাঙি জীয়াই থাকিব পাৰে৷ কাৰেণ্টৰ অৱস্থাটো দিনক-দিনে আৰু বেয়া হ’বই৷ মাটি খান্দিলে পানী ওলায়, বিদ্যুৎ কেতিয়াও নোলায়৷ জনা কথা৷ গতিকে চিন্তা নকৰিবা৷ তোমাৰ প্ৰজেক্টটোৰ ভৱিষ্যৎ আছে৷ আমি নমৰা পৰ্যন্ত এই ঠাইত তোমাৰ প্ৰডাক্ট চলিব৷ গেৰাণ্টি দিলোঁ৷ ভাল দাম পাবা তুমি৷ মাৰ্কেটিঙতো বৰ বেছি মাথা মাৰিব নালাগিব যেন পাইছোঁ৷’
‘কি হয় জানো! লাগি আছোঁ দাদা৷ মাৰ্কেটতো কথা পাতি চাইছোঁ৷ চলাৰ আশা এটা আছে৷’
‘কৰা কৰা, নিজে কিবা এটা কৰাৰ লক্ষ্যৰে তোমাৰ দৰে ময়ো এদিন মমৰ কথাই ভাবিছিলোঁ৷ তেতিয়াই ধৰা হ’লে এতিয়ালৈ বহুত কিবাকিবি কৰিব পাৰিলোঁহেঁতেন চাগৈ৷ ভুল হৈ গ’ল বুইছা৷ আমি ডেইলী সন্মুখীন হোৱা ল’ড শ্বেডিং, ট্ৰেন্সফৰ্মাৰ বিকল, লাইনৰ বিজুতি, লাইনমেনৰ হাম বৰা ভাব, এ.এছ.ই.বি.ৰ হ্ৰাসমান কৰ্মসংস্কৃতি, চৰকাৰৰ পদক্ষেপ শূন্যতা, জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি আদিবোৰ এনে উদ্যোগৰ কাৰণে একোটাহঁত প্লাছ পইণ্ট৷ চোৱা, বিজুলীৰ পোহৰ নাইকিয়া হোৱাৰ লগে লগে মানুহে মম-চাকি নজ্বলাই কি জ্বলাব? সিফালে ইনভাৰ্টাৰেও মাতে টি-ট টি-ট৷ জেনেৰেটৰত তেল পুৰি ফেনৰ বতাহ খোৱাটো কি মুখৰ কথা? বাই দি বাই, ৰাইজৰ সহায় হোৱাকৈ টিপচাকি আৰু বিচনিৰ ইউনিট এটাৰ কথাও কোনোবাই পজিটিভলি চিন্তা কৰিব পাৰে দেই৷ লাভ হ’ব৷ চুঙাচাকিও আজিকালি বৰ জৰুৰী হৈ পৰিছে৷ ৰাস্তাৰ অৱস্থা যিহে, টৰ্চ নহ’লেই নহয়৷ টৰ্চ থকা মস্ত ম’বাইল হেণ্ডছেট হাতে হাতে থাকিলেওনো কি ডাল হ’ব? চাৰ্জ দিবলৈ কাৰেণ্ট হ’লেহে! ইতিহাসৰ পুনৰাবৃত্তি বুজিছা? আমি সেই চাকি, বিচনিৰ যুগৰ পৰাই আহিছিলোঁ৷ এতিয়া আকৌ সেইবোৰলৈকে ঘূৰি গৈ আছোঁ৷ It is always better to light a candle than curse the darkness. গ্ৰাম্য বৈদ্যুতিকৰণৰ ভেঁকো-ভাওনাখনো দেখিছাই নহয়৷ মানুহ অতিষ্ঠ নহ’ব? বাৰু কোৱাচোন, তোমাৰ মেইন কেঁচামাল পেৰাফিন ৱাক্স এভেইলেবলনে? মই জনাত আগতে সিমান নাছিল কিন্তু৷’
‘হয় আজিকালি এভেইলেবল দাদা৷ সেই বিষয়ে মই কেইবাটাও পাৰ্টীৰ লগত কথা পাতিছোঁ৷ নিশ্চিতিও পাইছোঁ৷ পাই যাম৷’
‘তেনেহ’লে ভাটা-কেৰাহী, সাঁচ, কেঁচি-কটাৰী, পেকিং মেটেৰিয়েল, ৰং-সূতা, শ্ৰমিক-যোগালি আদিৰহে কথা৷ ঘৰ-মাটিতো আছেই তোমাৰ৷’
‘বেছি জেগা নালাগে৷ হৈ যাব৷’
‘তেনেকুৱা ইউনিট নিজে চাইছাগৈনে নাই?’
‘চাইছোঁ দাদা৷’
‘গুড৷ যোৱা এতিয়া৷ একধ্যানে লাগি থকা৷ অল দ্যা বে’ষ্ট৷’
ৰঙা নেন’খন ঠাইতে ঘূৰাই লৈ উৎসাহেৰে মিৰজেং গ’লগৈ৷ মই তাৰফালে একধ্যানে চাই থাকিলোঁ৷ কাৰেণ্টটো আহিছিল৷ পাঁচ মিনিটমান থাকি আকৌ গ’ল৷ ৰাতি ৰাতি সদায় লুকাভাকু৷ বৰষুণৰ টোপালকেইটামান পেলাবহে লাগে, লগে লগেই অন্তৰ্ধান৷ বতাহত গছৰ পাত লৰিবহে লাগে, পোহৰকণ ততালিকে গায়েব৷ গোটেইখন মৰিশালি! তাৰ মাজত আমি আৰু আমাৰ অনিশ্চিত জীৱনবোৰ৷
মিৰজেঙৰ ইউনিটটো চলিব৷ বেছ চলিব৷ ভৱিষ্যতে এই ল’ৰাটোৰ উত্তৰণ ঘটিবই৷ স্পষ্ট ইংগিত এইবোৰেই৷