কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি (অধ্যায়– ৩): সত্যকাম দত্ত

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি

অধ্যায় – ৩: প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতি

যোৱা অধ্যায়ত আমি সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে নিযুক্তি লাভ কৰিব পৰা বিভিন্ন সেৱাৰ বিষয়ে থোৰতে বুজিবলৈ চেষ্টা কৰিলোঁ| আমি আগেয়ে কৈছিলোঁ যে এই পৰীক্ষাৰ প্ৰথম পৰ্ব হৈছে প্ৰাৰম্ভিক পৰীক্ষা| এই পৰীক্ষা সধাৰণতে মে’-জুন মাহত অনুষ্ঠিত হয় যদিও ২০১৪ চনৰ UPSCৰ শৈক্ষিক কেলেণ্ডাৰ মতে আগষ্ট মাহৰ ২৪ তাৰিখে অনুষ্ঠিত হ’ব| সেয়ে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ সময় সন্নিকত| এই অধ্যায়ত আমি প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতি কেনেদৰে কৰিব লাগে তাৰেই খতিয়ান দাঙি ধৰিবলৈ চেষ্টা কৰিম|
প্ৰথম অধ্যায়ত আমি এই পৰীক্ষাৰ প্ৰাৰম্ভিক স্তৰৰ বিষয়তালিকাখন আগবঢ়াবলৈ যত্ন কৰিছিলো। ইচ্চুক পৰীক্ষাৰ্থীৰ সহায়ৰ বাবে আমি আকৌ প্ৰাৰম্ভিক পৰীক্ষাৰ আভাস আকৌ দিবলৈ যত্ন কৰিছো| সাধাৰণতে এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰতে অনুষ্ঠিত হোৱা প্ৰাৰম্ভিক পৰীক্ষাৰ কাকত হৈছে দুখন –
১) কাকত ১ – সাধাৰণ অধ্যয়নৰ পৰীক্ষা (২০০ নম্বৰ)
২) কাকত ২ – অসামৰিক সেৱা দক্ষতা নিৰ্ধাৰক পৰীক্ষা (CSAT) (২০০ নম্বৰ)
মুঠ ৪০০ নম্বৰৰ বাবে হোৱা এই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে পৰীক্ষাৰ্থীয়ে পৰৱৰ্তী পৰ্য্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অৰ্হতা লাভ কৰে। যোৱা তিনিবছৰৰ ফলাফলৰ পৰ্যালোচনাৰ পৰা দেখা গৈছে যে ৪০০ নম্বৰৰ ভিতৰত ২৩০-২৪০ মান নম্বৰ লাভ কৰিলে পৰীক্ষাৰ্থীৰ পৰৱৰ্তী পৰ্য্যায়লৈ উন্নীত হোৱা সম্ভাৱনা অধিক। ২০১৩ চনৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ পৰা আমি অনুমান কৰিছো যে হয়টো ২৪০ৰ অধিক নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীসকলেহে মূল পৰীক্ষাৰ অৱতীৰ্ণ হোৱাৰ যোগ্যতা লাভ কৰিছে| সেয়ে প্ৰতিযোগীতা বৃদ্ধি পোৱা লগে লগে প্ৰস্তুতিৰ ক্ষীপ্ৰতা আৰু গভীৰতা সমানভাৱে বৃদ্ধি কৰাটো অতিকৈয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে|
কাকত ১ – সাধাৰণ অধ্যয়নৰ পৰীক্ষা (২০০ নম্বৰ)
সাধাৰণ অধ্যয়নৰ পৰীক্ষাৰ বাবে কেন্দ্ৰীয় লোকসেৱা আয়োগে নিৰ্ধাৰণ কৰি দিয়া বিষয়তালিকাখন হৈছে এনেধৰণৰ –
১) সমসাময়িক দেশীয় তথা বিদেশী ঘটনাৰাজি
২) ভাৰতৰ বুৰঞ্জী আৰু স্বাধীনতা আন্দোলন
৩) ভাৰত তথা বিশ্বৰ ভূগোল – ভৌতিক, সামাজিক, অৰ্থনৈতিক
৪) ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থা আৰু শাসনব্যৱস্থা – সংবিধান, ৰাজনৈতিক ব্যৱস্থা, পঞ্চায়তী ৰাজ, জননীতি, অধিকাৰ ব্যৱস্থা ইত্যাদি
৫) অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন – বহনক্ষম উন্নয়ন, দৰিদ্ৰতা, অন্তৰ্ভূক্তিকৰণ, জনসংখ্যা বিজ্ঞান, সামাজিক খণ্ডৰ অধ্যয়ন ইত্যাদি
৬) পৰিবেশ বিজ্ঞান, জৈৱিক বৈচিত্ৰ, জলবায়ু পৰিৱৰ্তন ইত্যাদিৰ সাধাৰণ অধ্যয়ন
৭) সাধাৰণ বিজ্ঞান
কাকত ২ – অসামৰিক সেৱা দক্ষতা নিৰ্ধাৰক পৰীক্ষা (২০০ নম্বৰ)
অসামৰিক সেৱা দক্ষতা নিৰ্ধাৰক পৰীক্ষাৰ বাবে কেন্দ্ৰীয় লোকসেৱা আয়োগে নিৰ্ধাৰণ কৰি দিয়া বিষয়তালিকাখন হৈছে এনেধৰণৰ –
১) ইংৰাজীত লিখা টোকাৰ তলত দিয়া টোকাভিত্তিক প্ৰশ্ন
২) আন্তঃব্যক্তি সম্পৰ্ক তথা সংযোগ সম্পৰ্কৰ কলা
৩) যুক্তিবিজ্ঞান, যুক্তিনিৰ্মাণ, পৰ্য্যবেক্ষন আদিৰ সামৰ্থ্য
৪) সিদ্ধান্ত লোৱা তথা সমস্যা সমাধানৰ পাৰদৰ্শিতা
৫) সাধাৰণ মানসিক ক্ষমতা
৬) সাধাৰণ গণিত (১০ম শ্ৰেনীৰ সমপৰ্য্যায়ৰ)
৭) ইংৰাজী ভাষাৰ জ্ঞান (১০ম শ্ৰেনীৰ সমপৰ্য্যায়ৰ)
যোৱা তিনিবছৰৰ পৰীক্ষাৰ পৰা দেখা গৈছে যে ২য় কাকতত পৰীক্ষাৰ্থীয়ে ১ম কাকততকৈ অধিক নম্বৰ লাভ কৰে। ইয়াৰ কাৰণ এয়ে যে ২য় কাকতৰ গণিত আৰু ইংৰাজীৰ প্ৰশ্নসমূহ ১০ম শ্ৰেনীৰ সমপৰ্য্যায়ৰ বাবে তুলনামূলকভাৱে ১ম কাকতৰ প্ৰশ্নসমূহতকৈ সহজ। এই পৰীক্ষাৰ ফলাফল সাধাৰণতে দুমাহমানৰ ভিতৰতে ঘোষণা হয়। সেয়ে এই দুমাহ সময়ছোৱা ভালদৰে পঢ়া শুনা কৰি থকাটো অতিকৈ জৰুৰি। প্ৰাৰম্ভিক পৰীক্ষা আৰু মূল লিখিত পৰীক্ষাৰ মাজত প্ৰায় ৫-৬ মাহ মান পোৱা যায়। বহুতে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল লাভ কৰিহে মূল পৰীক্ষাৰ বাবে পঢ়িম বুলি ভাবি ফলাফলৰ বাবে ৰৈ থাকে আৰু তেনেকৈয়ে ভালেমান বহুমূলীয়া সময় হেৰোৱায় আৰু পাছত অনুশোচনা কৰিব লগীয়া হয়। তেনে ভুল নকৰি প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈয়ে লগে লগে মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাটো যুগুত।
তলত আমি প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰথম কাকতৰ বিষয়বস্তু আৰু সেইয়া ক’ৰ পৰা কেনেদৰে পঢ়িব লাগে অলপ চমুকৈ আলোচনা আগবঢ়াইছো|
কাকত ১ – সাধাৰণ অধ্যয়নৰ পৰীক্ষা (২০০ নম্বৰ)
১) সমসাময়িক দেশীয় তথা বিদেশী ঘটনাৰাজি
সমসাময়িক ঘ্টনাৰাজিৰ বাবে দুখন ভাল বাতৰিকাকত দৈনিক ভাৱে পঢ়াটো অত্যন্ত জৰুৰি| এই পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা পৰীক্ষাৰ্থী সকলে সাধাৰণতে দা হিন্দু আৰু দা ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়ে| অৱশ্যে অসমত সময়মতে এই দুখন কাকত উপলব্ধ নহয় বাবে দা আছাম ট্ৰিবিউনখনো পঢ়িব পাৰি| আচলতে গোটেইখন কাকত পঢ়াটোও জৰুৰি নহয়| কাকতৰ সম্পাদকীয় পৃষ্ঠা, মত-বিনিমতৰ পৃষ্ঠা, অন্তঃৰাষ্ট্ৰীয় পৃষ্ঠা, বানিজ্য পৃষ্ঠা আৰু প্ৰথম পৃষ্ঠা অৰাজনৈতিক বাতৰি সমূহ খৰচি মাৰি অধ্যয়ন কৰিলে সমসাময়িক ঘটনাৰাজিৰ বহুখিনি আভাস পোৱা যায়| লগতে যোজনা, কুৰুক্ষেত্ৰ আৰু কম্পিটিশ্বন ৱিজাৰ্ড বা চিভিল চাৰ্ভিছেচ ক্ৰণিকল (যিকোনো এখন) পঢ়িলে এই অধ্যায়ৰ বাবে বহুখিনি লাগতিয়াল বিষয় পঢ়া হৈ যায়|
২) ভাৰতৰ বুৰঞ্জী আৰু স্বাধীনতা আন্দোলন
এই অধ্যায়ৰ প্ৰশ্নসমূহ সাধাৰণতে প্ৰত্যক্ষ বিধৰ হয় আৰু ভাৰতবৰ্ষৰ সাংস্কৃতিক ইতিহাস আৰু স্বাধীনতা সংগ্ৰামৰ পৰাই বেছিকৈ সোধা পৰিলক্ষিত হয়| ভাৰতৰ বুৰঞ্জী আৰু স্বাধীনতা আন্দোলন অধ্যায়ৰ বাবে NCERTৰ নৱম, দশম, একাদশ আৰ দ্বাদশ শ্ৰেনীৰ পাঠ্যক্ৰমৰ বুৰঞ্জীৰ কিতাপ কেইখন অধ্যয়ন কৰিলে যথেষ্ট খিনি জ্ঞান আহৰণ কৰিব পাৰি| লগতে স্পেক্ট্ৰাম পাব্লিকেশ্বনৰ “এ ব্ৰিফ হিষ্ট্ৰি অফ মডাৰ্ণ ইণ্ডিয়া” কিতাপখন যথেষ্ট লাভদায়ক| ইয়াৰ উপৰিও বিপিন চন্দ্ৰাৰ “ইণ্ডিয়াজ স্ট্ৰাগল ফৰ ফ্ৰিডম” কিতাপখনো পৰীক্ষাৰ্থী সকলে পঢ়ি লাভান্বিত হয় বুলি মত প্ৰকাশ কৰে|
৩) ভাৰত তথা বিশ্বৰ ভূগোল – ভৌতিক, সামাজিক, অৰ্থনৈতিক
এই বিষয়ৰ বাবে সকলোতকৈ জৰুৰি পাঠ্যপুথি হৈছে NCERTৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেনীৰ পাঠ্যক্ৰমৰ ভূগোলৰ পুথি কেইখন| একাদশ আ দ্বাদশ শ্ৰেনীৰ পাঠ্যক্ৰমৰ পুথি কেইখনৰ গুৰুত্ব অধিক| তদুপৰি “কম্পিটিশ্বন ৱিজাৰ্ড” বা “চিভিল চাৰ্ভিছেচ ক্ৰণিকলে” বিশেষ ইচ্ছ্যু কিছুমান পৰীক্ষাৰ আগে আগে উলিয়াই| সেই ইচ্ছ্যু বিলাকটো ভাৰত তথা বিশ্বৰ ভূগোলৰ বিশদ আলোচনা কৰা হয়|
৪) ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থা আৰু শাসনব্যৱস্থা – সংবিধান, ৰাজনৈতিক ব্যৱস্থা, পঞ্চায়তী ৰাজ, জননীতি, অধিকাৰ ব্যৱস্থা ইত্যাদি
এইখিনি বিষয়ৰ বাবে খৰচি মাৰি বাতৰিকাকত পঢ়াটোৱেই উত্তম উপায়| ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থা আৰু শাসনব্যৱস্থাৰ সমসাময়িক প্ৰতিচ্চবিখনৰ ওপৰতহে এই পৰীক্ষাত ৰেখাপাত কৰা হয়| ভাৰতীয় সংবিধানৰ বাবে লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি নামৰ কিতাপখন সৰ্বোত্তম| সকলো পৰীক্ষাৰ্থীয়ে এই কিতাপখন অধ্যয়ন কৰে| তদুপৰি চৰকাৰী ৱেবচাইট – www.pib.nic.inতো বহুত ৰাষ্ট্ৰব্যৱস্থা আৰু শাসনব্যৱস্থাৰ ওপৰত উপযুক্ত সমল পোৱা যায়| কোনো নিৰ্দিষ্ট পুথিৰ পৰা অধ্যয়ন নকৰি, বিষয়বস্তুৰ সাময়িকতালৈ লক্ষ্য কৰি ইন্টাৰনেটৰ বিভিন্ন উ‍ত্সৰ পৰা আতি-গুৰি মাৰি অধ্যয়ন কৰিলে মনে বিচৰা ধৰণে সফলতা লাভ কৰিব পাৰি|
৫) অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন – বহনক্ষম উন্নয়ন, দৰিদ্ৰতা, অন্তৰ্ভূক্তিকৰণ, জনসংখ্যা বিজ্ঞান, সামাজিক খণ্ডৰ অধ্যয়ন ইত্যাদি
এইখিনি বিষয়ৰ বাবেও খৰচি মাৰি বাতৰিকাকত পঢ়াটোৱেই সৰ্বোত্তম উপায়| বাতৰিকাকতৰ উপৰিও ভাৰত চৰকাৰৰ বিগত বৰ্ষৰ ইক’নমিক চাৰ্ভে, উমা কপিলাৰ “ইণ্ডিয়ান ইক’নমি” আৰু অনাগত বৰ্ষৰ বাজেটৰ অধ্যয়নে পৰীক্ষাৰ্থীৰ এই বিষয়লৈ মনত উদ্ৰেক হোৱা বিভিন্ন খুদুৱনি আঁতৰাব পাৰে| বহনক্ষম উন্নয়নৰ বাবে “ডাওন টু আৰ্থ” নামৰ আলোচনীখন যথেষ্ট উপযোগী| ইয়াৰ উপৰিও চৰকাৰী ৱেবচাইট – www.pib.nic.inতো অন্তৰ্ভূক্তিকৰণ আৰু সামাজিক খণ্ডৰ অধ্যয়নৰ সমল পোৱা যায়|
৬) পৰিবেশ বিজ্ঞান, জৈৱিক বৈচিত্ৰ, জলবায়ু পৰিৱৰ্তন ইত্যাদিৰ সাধাৰণ অধ্যয়ন
পৰিবেশ বিজ্ঞান, জৈৱিক বৈচিত্ৰ, জলবায়ু পৰিৱৰ্তন ইত্যাদিৰ সাধাৰণ অধ্যয়নৰ বাবে “ডাউন টু আৰ্থ” নামৰ আলোচনীখনৰ অধ্যয়নে বহুখিনি সহায় আগবঢ়ায়| “দা হিন্দু” কাকতৰো পৰিবেশ বিজ্ঞান বিষয়ক পৃষ্ঠাখনৰ সমল খিনিও এই পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ| ইন্দিৰা গান্ধী ৰষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ www.egyankosh.ac.in ৱেবচাইটতো পৰিবেশ বিজ্ঞান বিষয়ক বহুখিনি তথ্য পোৱা যায়| www.egyankosh.ac.in ৱেবচাইটত নিজৰ লগ-ইন এটি সাজি উপযুক্ত সমল বিছাৰিলে অকল এই বিষয়ৰে নহয় অসামৰিক পৰীক্ষাৰ বাবে উপযোগী আন বহুতো তথ্যৰ সন্ধান পাব পাৰি|
৭) সাধাৰণ বিজ্ঞান
সাধাৰণ বিজ্ঞানৰ অধ্যয়নৰ বাবে নিৰ্দিষ্ট কোনো উ‍ত্স নাই যদিও এই বিষয় অতিকৈ গুৰুত্বপূৰ্ণ| সেইবাবে সাধাৰণ বিজ্ঞানৰ অধ্যয়ন অতি প্ৰণালীবদ্ধভাৱে কৰাতো যুগুত| “কম্পিটিশ্বন ৱিজাৰ্ড” আৰু “চিভিল চাৰ্ভিছেচ ক্ৰণিকল” নামৰ আলোচনী কেইখনৰ সাধাৰণ বিজ্ঞান বিশেষ ইচ্চ্যুত এই বিষয়ৰ বহুখিনি লাগতিয়াল তথ্য একেলগে গোট কৰি উপস্থাপন কৰা হয়| তদুপৰি নৱম আৰু দশম শ্ৰেণীৰ মানদণ্ডৰ সাধাৰণ বিজ্ঞানৰ অধ্যয়ন অতি উপযোগী| ইয়াৰ উপৰিও সাম্প্ৰতিক সময়ত বিশ্বৰ বিভিন্ন ঠাইত বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে অনা বহুল সম্ভাৱনীয়তাৰ অধ্যয়নেও এই ক্ষেত্ৰত যথেষ্ট উপযোগী|
এতিয়া আমি প্ৰাৰম্ভিক পৰীক্ষাৰ দ্বিতীয় কাকতৰ বাবে পঢ়িবলগীয়া বিষয়বস্তুখিনিৰ বিষয়ে আলোচনা কৰিম| আগেয়েও উল্লেখ কৰা হৈছে যে দ্বিতীয় কাকতত প্ৰথম কাকততকৈ অধিক নম্বৰ পাব পাৰি আৰু সেয়ে এই কাকতত অধিক নম্বৰ পোৱা সকলে অনায়সে এই পৰীক্ষাৰ দেওনা অতিক্ৰম কৰিব পাৰে বুলি ক’ব পাৰি| বহুতে কাকত ২ৰ সৰ্বাধিক নম্বৰ ২০০ৰ ভিতৰত ১৭০-১৮০ নম্বৰ লাভ কৰে আৰু প্ৰথম কাকতত ২০০ৰ ভিতৰত ৭০-৮০ নম্বৰ লাভ কৰিও সৰ্বমুঠ ৪০০ৰ ভিতৰত ২৪০-২৫০এৰে মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অৰ্হতা লাভ কৰে| সেয়ে এই কাকতৰ প্ৰস্তুতি অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে প্ৰণালীবদ্ধভাৱে অনুশীলন কৰিলে ৫-৬ মাহ মানৰ ভিতৰতে দক্ষতা আহৰণ কৰিব পৰা যায়| তলত বিষয় তালিকাৰ সৈতে কেনেদৰে সেই বিষয়সমূহ অধ্যয়ন কৰিব লাগে তাৰ চমু আভাস এটা দিবলৈ যত্ন কৰা হৈছে|
কাকত ২ – অসামৰিক সেৱা দক্ষতা নিৰ্ধাৰক পৰীক্ষা (২০০ নম্বৰ)
১) ইংৰাজীত লিখা টোকাৰ তলত দিয়া টোকাভিত্তিক প্ৰশ্ন
ইংৰাজী টোকাভিত্তিক প্ৰশ্নৰ উত্তৰ শুদ্ধভাৱে কৰিবলৈ ইংৰাজীৰ ওপৰত ভাল দখল থকা উচিত| তেনে দখল আয়ত্ত্ব কৰিবলৈ দৈনিক ভাৱে বাতৰি কাকতৰ লগতে ইংৰাজী ভাষাৰ আলোচনী আদি পঢ়াতো বাঞ্চনীয়| যেতিয়া ইংৰাজীৰ দক্ষতা বৃদ্ধি পোৱা যেন লাগে, পুৰণি প্ৰশ্ন কাকতৰ পৰা আগেয়ে সোধা তেনে ধৰণৰ প্ৰশ্নৰ অনুশীলন কৰিব লাগে| ইন্টাৰনেটত “English Comprehension” বুলি বিছাৰিলে বিভিন্ন ধৰণৰ টোকা আৰু লগতে প্ৰশ্নসমূহ একেলগে পোৱা যায়| সেয়া অনুশীলন কৰিলেও লাভান্বিত হোৱা যায়| UPSC Portal নামৰ প্ৰকাশক গোষ্ঠিয়েও “English Comprehension”ৰ অনুশীলনমূলক কিতাপ পৰিক্ষাৰ্থীৰ বাবে প্ৰকাশ কৰে| ইয়াৰ উপৰিও CAT বা MATৰ বাবে প্ৰস্তুতিৰ বাবে থকা বিভিন্ন প্ৰশিক্ষণমূলক প্ৰতিষ্ঠান যেনে IMS, Career Launcher, TIME আদিয়েও এই বিষয়ক পুথি প্ৰকাশ কৰে|
২) আন্তঃব্যক্তি সম্পৰ্ক তথা সংযোগ সম্পৰ্কৰ কলা
এই বিষয়ৰ বাবে নিৰ্দিষ্ট কোনো কিতাপ বা সহায়িকা নাই যদিও ইংৰাজীৰ ওপৰত ভাল দখল থাকিলে এই বিষয়ৰ প্ৰশ্নসমূহ অনায়সে মুখামুখি হ’ব পাৰি|
৩) যুক্তিবিজ্ঞান, যুক্তিনিৰ্মাণ, পৰ্য্যবেক্ষন আদিৰ সামৰ্থ্য
যুক্তিবিজ্ঞানৰ প্ৰশ্ন হৈছে দ্বিতীয় কাকতৰ সবাতোকৈ কঠিন প্ৰশ্নৰ সমূহ| এইখিনি প্ৰশ্নৰ সঠিক উত্তৰ কৰাটোঁ নিত্যন্ত‍ই প্ৰয়োজনীয়| যুক্তিবিজ্ঞানৰ প্ৰশ্নসমুহ টোকাভিত্তিক হয় আৰু প্ৰত্যেকটো টোকাৰ তলত ২ৰ পৰা ৪টা প্ৰশ্ন থাকে| যদি টোকাটোৰ পৰা সঠিক সমাধান উলিয়াব পাৰি, গোটেই ২ বা ৪টা প্ৰশ্নৰ উত্তৰ একেবাৰতে সঠিকভাৱে উলিয়াব পাৰি| যুক্তিবিজ্ঞানৰ প্ৰশ্নসমুহো CAT বা MATৰ বাবে প্ৰস্তুতিৰ বাবে থকা বিভিন্ন প্ৰশিক্ষণমূলক প্ৰতিষ্ঠান যেনে IMS, Career Launcher, TIME আদিৰ বিভিন্ন সহায়্কপু্থিৰ পৰা অনুশীলন কৰিব পাৰি|
৪) সিদ্ধান্ত লোৱা তথা সমস্যা সমাধানৰ পাৰদৰ্শিতা
এই বিষয়ৰ বাবে নিৰ্দিষ্ট কোনো কিতাপ বা সহায়িকা নাই যদিও IMS, Career Launcher, TIME আদিৰ বিভিন্ন সহায়্কপু্থিৰ পৰা অনুশীলন কৰিলে এই বিষয়ৰ প্ৰশ্নসমূহ অনায়সে মুখামুখি হ’ব পাৰি|
৫) সাধাৰণ মানসিক ক্ষমতা
এই বিষয়ৰ বাবেও IMS, Career Launcher, TIME আদিৰ বিভিন্ন সহায়্কপু্থিৰ পৰা সহায় ল’ব পাৰি|
৬) সাধাৰণ গণিত (১০ম শ্ৰেনীৰ সমপৰ্য্যায়ৰ) আৰু ৭) ইংৰাজী ভাষাৰ জ্ঞান (১০ম শ্ৰেনীৰ সমপৰ্য্যায়ৰ)
সাধাৰণ গণিত আৰু ইংৰাজী ভাষাৰ জ্ঞানৰ বাবে Tata McGraw-Hillৰ “CSAT General Studies for Civil Services Preliminary Examination (Paper – 2)” খন ভালদৰে পঢ়িলে বহুত লাভৱান হ’ব পাৰি| Tata McGraw-Hillৰ এই কিতাপখনৰ পৰা দ্বিতীয় কাকতৰ আন বিষয়সমূহো অনুশীলন কৰিব পাৰি|
এটা কথা মনত ৰখা উচিত যে দ্বিতীয় কাকতৰ বাবে যিমান পাৰি সিমান অনুশীলন কৰাটো আৱশ্যক| কাৰণ অনুশীলনেহে প্ৰশ্ন এটা ক্ষীপ্ৰভাৱে সঠিককৈ কৰিবলৈ অভ্যাস এটাৰ গঢ় দিয়ে|
আমি এই অধ্যায়ত প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে বিশদভৱে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিলো| অহা অধ্যায়ত আমি মূল পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি কৰিব লাগে সেয়া আলোচনা কৰিম|
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!