VAT69ত ডুবা বেলি ( প্ৰিয়ংকা দাস )

VAT69t Duba Beli_Priyanka Das

:পাঁচ টকা এটা কম হৈ আছে৷

:মোৰ তাত নাই আৰু৷

:দিয়া খাৰু এপাত খুলি৷

:পাঁচ টকাতকৈ মূল্য বহুত বেছি হৈ যাব৷

:নাই নাই; মই পাঁচ টকাৰখিনি এৰুৱাই ৰাখিম৷

:তুমি কেনেকৈ জানিবা পাঁচ টকাৰ জোখটো?

:আন্দাজ৷

:আন্দাজত চব কথা হয় জানো?

:may be or may be not…

:উহু নহ’ব এনেকৈ৷ হয়টো হয়, নহয়টো নহয়ত উত্তৰ দিব লাগিব৷

:চব কথাৰ হয় নহয় নাথাকে৷

:তুমি তেন্তে সুবিধাবাদী নেকি? মাজত ৰৈ দিয়া যে?

:may be or may be not!

:আকৌ?

:ক’ম৷ আগেয়ে পাঁচ টকা এটা যোগাৰ কৰি দিয়া৷ সৰি নপৰোতে বেলিটো কিনি লওঁ৷

:সৰি পৰিব দিয়া, বিনামূল্যে খাবলৈ পাবা৷

:উহু, সৰি পৰিলে সি সাৰ্বজনীন হৈ পৰিব৷ মোৰ নহয়৷

:হওঁক৷

:আস্ নুবুজা তুমি… তুলবুলীয়া ৰঙা হৈ পৰিছে দেখিছা৷ VAT69 ৰ লগত খাবলৈ মজা হ’ব৷ সৰি পৰিবই আৰু!!

:VAT69 কিনিয়েই থৈছা নেকি?

:অ’ অ’ ৰেডী৷ বেলিটো এতিয়াই কিনিব নোৱাৰিলে বটলটো পঁচি যাবগৈ৷

:তুমি কিনিবা কাৰ পৰা?

:নাজানো৷

:অদৃশ্য মালিক নেকি? নে ঈশ্বৰৰ পৰা কিনিবা?

:তোমাৰ ঈশ্বৰক তুমিয়েই ৰাখাচোন৷ মই পাঁচ টকাটো বিচাৰি যাওঁ৷ আৰু পাঁচ টকা এটা যোগাৰ হ’লেই বেলিটো মোৰ৷

:ৰ’বা৷

:উহু দেৰি হৈছে৷ সৰিবই আৰু৷ সোৱাদেই নাপাম৷

:…

:আহিলোঁ মই৷

:……!!

খিৰিকিৰ কব্জাদুখনৰ ক্ষয়ৰ পৰিমাণটো সোঁৱৰাই দি পোহৰৰ সৰলৰেখা দুডালে কোঠাটোৰ ইমূৰৰ পৰা সিমূৰলৈ নিজৰ আধিপত্য বিস্তাৰ কৰিছে৷ ধূলিৰ সৰু সৰু পোনা বোৰে সৰলৰেখা দুডালৰ ৰাস্তাটোত গা টঙাইছে৷ কোনোবাটো উৰ্ধমুখী,কোনোবাটো নিম্নমুখী৷ কোনোবাটোৱে স্থিতিহীনতাৰ দৰে ইফালে সিফালে ইটোৰ গাত খুন্দা মাৰি যদি ওপৰলৈ উঠিছে,পাছমুহুৰ্ততে সিটোৰ গাত খুন্দা খাই তললৈ হুৰহুৰাই নামিছে৷ মাখি কেইটাই শেষৰাতিৰ টণ্ডুৰীৰ অৱশিষ্টখিনিত বিয়নী মেল পাতিছে৷ VAT69ৰ বটলটো টেবুলৰ সীমাত আহি ৰৈছেহি, বোধহয় বাগৰি বাগৰি ভাগৰ লগাত সি ভাগ্যক্ৰমে সেইখিনিতে ৰৈ গ’ল৷ আধাপোৰা চিগাৰেটৰ টুকুৰাটোৱে নাঙঠ টেবুলখনত দুই চেন্টিমিটাৰমান ইফালে সিফালে দোলা দি ফেনখনক সঁহাৰি জনাই আছে৷

আধামেলা চকু এটাৰে এবাৰ ৰূমটোৰ স্থিতি চাই ল’লে সি৷ চকুদুটাই নিজকে মেলিবলৈ অপাৰগতা প্ৰকাশ কৰাত অলপ সময় সি তেনেদৰেই পৰি ৰ’ল৷ মাখি এটাই উৰি আহি বুঢ়া আঙুলিটোত লাহে লাহে খোজকাঢ়িব ধৰিলে৷ খুব মিহিধৰণৰ পিৰপিৰনি এটাই ক্ৰিয়া কৰিলে আঙুলিটোৰ মূৰত৷ লৰাই দিওঁ নেকি আঙুলিটো? থাকক৷ সি আধামেলা চকুৰে মাখিটো নিৰীক্ষণ কৰি থাকিল৷ লাহেকৈ ভৰিখনেৰে খিৰিকিৰ কব্জাএখন লঠিয়াই খুলি দিলে৷ পোহৰৰ সৰলৰেখা দুডাল ঘপ্‌কৈ ডাঙৰ হৈ গোটেই ৰ’দজাক কঢ়িয়াই আনি ৰূমটোত থুপ খুৱালেহি৷ ৰ’দৰ টুকুৰা এটাই মাখিটোক আৱৰি ধৰিলে৷ পিৰপিৰনি বেছি হোৱাত সি আঙুলিটোত ফুঁৱাই দিলে৷ মাখিটো নিমিষতে ক’লৈ গ’ল সি তৰ্কিব পৰাৰ আগতেই মাতষাৰি ভাঁহি আহিল-

:মাই অ’ মাই গৰুটুই খালাক্ শাকখিন্তি৷

বিচনাৰ পৰা একেজাপে উঠি খিৰিকিৰে মাতষাৰিৰ দিশে সি চকুদুটা পোনাই দিলে৷ ভায়েকটোৱে গৰু এটা চৌহদৰ পৰা উলিয়াই দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে,গৰুটোৱে বাঁহৰ জেওৰাখনৰ কামি দুডালৰ মাজেৰে মুখখন সুমুৱাই দি তাতে ফঁচি ৰৈছে৷ গৰুটোৰ বৰণটো কজলা৷ গৰুটোৰ ঠেং দুখনৰ তলেৰে সি সিপাৰে বাৰাণ্ডাত বহি ওলমি থকা একেই কজলা ভৰিদুখন দেখা পালে৷ এখন ভৰিৰ সৰুগাঁঠিত ক’লাসূতা দুডাল৷ গৰুটোৰ গাটোৰ ওপৰেৰে মুখখনৰ আধা৷ চকুদুটা তলমুৱা৷ সময় অকণ পাৰ হৈ গ’ল, নিঃশব্দে৷

:অই বেঙী, ইফালে আহ্৷

কজলা ভৰি দুটা লৰি গ’ল৷ দুপিয়াই দুপিয়াই৷

তাৰ গাটোত সামান্য হেন্দোলনি উঠিল৷ হেন্দোলনিটোৱে পুৱাৰ আমেজকণ জাৰি জোকাৰি পেলালে৷ প্ৰতিক্ৰিয়াস্বৰূপে বটলটোৱেও টেবিলৰ ওপৰৰ পৰা জপিয়াই দিলে৷

টাঙঙঙঙ্!!!!

:পালানে বেলিটো?

:পাম৷

:সৰা নাই নেকি এতিয়াও?

:নাই, এতিয়াই নসৰে হেনো৷

:সিদিনা সৰিব বুলিছিলা যে?

:সৰাৰ কথা আছিল৷ নসৰিলে৷ বেলিটোৱে এতিয়া বুভুক্ষাৰ প্ৰতিবাদী মিচিলত ভাগ ল’ব গৈছে৷

:হমম্৷ আৰু কিবা?

:আচলতে কি জানা?

:কি?

:বেলিটোৰো সৰিব ইচ্ছা নাই…পাঁচ টকাটো যোগাৰ হোৱাটো বেলিটোৱেও বিচাৰে৷

:কেনেকৈ জানিলা?

:বেলিৰ চকু পঢ়িব জানো মই৷

:ৰঙানে বেলিটো?

:অ’, সুমথিৰা এটাৰ দৰে হৈছে… নহয় নহয়, অলপ হালধীয়া হৈ আছে…ৰবাব এটাৰ দৰে৷ vat69ৰ লগত কামুৰি খাই মই ৰঙা কৰি দিম কিন্তু৷

:আমাকো খাবলৈ দিবানে?

:উহু, অন্‌লি মোৰ৷ বেলিটো মোৰ সত্তা৷ তোমাক তাৰ ভাগ মই দিব নোৱাৰো৷

:যদি মই উপহাৰ দিও তোমাক বেলিটো?

:নালাগে৷ মই তোমাৰ ধৰুৱা হৈ থাকিব নোখোজো৷

:উপহাৰ হে দিম৷ ধাৰে নিদিওঁ নহয়৷

:উপহাৰৰ অন্তৰালত চিন-নিচিন ধাৰ এটা থাকে৷ অন্ত:ত মোৰ বাবে৷

………………

চকীখনতে এঙামুৰি এটা দি ভৰিদুখন মজিয়াৰ সমান্তৰালকৈ মেলি দিলে সি৷ আজিও লিখা নহ’ব তাৰ৷ এইবাবে সি সময় বান্ধি দিলে বেয়া পায়৷ সংকল্পক সি কৈ দিছিলেই, তাৰ দ্বাৰা নহ’ব বুলি৷ নোৱাৰে ঠেলি হেঁচি ভাৱবোৰ উবুৰিয়াই দিব৷ দৃশ্যবোৰ মঞ্চস্থ হ’লেই নহ’ব, দৰ্শকৰ অন্তৰত সাঁচ বহুৱাব নোৱাৰালৈ সি নিজকে সফল নাট্যকাৰ বুলি নকয়৷ শেষৰ দৃশ্যকেইটা আপ্ৰাণ চেষ্টা কৰিও সি মিলাব পৰা নাই৷ কেনেকৈ লিখে সি ৰঙা বেলিৰ সাধু? মঞ্চৰ পিছফালে ৰঙা বেলি এটা ওলোমাই দিলেই পূৰ্ণ নহয় দৃশ্যটো! মনটো অস্থিৰ হৈ পৰিছে ক্ৰমান্বয়ে৷ থাকক সোৱাদ লগা ৰঙা বেলিৰ সাধু ইমানতে৷ সংকল্পৰ ৮টা মিছকল দেখি মুখখনত বিৰক্তিৰ ভাৱ এটা ফুটি উঠিল৷ চকীখনৰ পৰা উঠি আহি চিলিমটো বিচাৰিলে৷ ইফালে সিফালে দুখোজ দি ঘূৰি পকি চাওঁতেই চেণ্ডেলযোৰৰ তলত কেৰেক্‌কৈ কিবা এটাই নিজৰেই মৃত্যুৰ ঘোষণাটো কৰিলে৷ সি ভবামতেই চিলিমৰ প্ৰাণবায়ু গ’লগৈ৷ মনৰ ভিতৰতে গালি এটা ভোৰভোৰাই সি বাপুৰ গুমটিলৈ লৰ দিলে৷ সদ্যহতে নাৰিকলৰ পাতেৰেই কাম চলোৱা যাওঁক৷ বাপুৰ তাতে এইবিধ হস্তনিৰ্মিত সামগ্ৰী পোৱা যায় বুলি সি জানে৷ নিৰ্মলেই দিছিল তথ্যটো৷ নিৰ্মল- কজলা ভৰিৰ গৰাকিনীৰ ভায়েকটো৷

চহৰৰ ভাৰাঘৰ এৰি তাৰ দাঁতিকাষৰীয়া ঠাইডোখৰলৈ থাকিবলৈ অহা তাৰ ছমাহেই হ’লগৈ৷ কিন্তু চিনাকী বুলিবলৈ মাত্ৰ বাপু দোকানী,নিৰ্মলহঁতৰ ঘৰখন (তাকো বাধ্যত পৰি) আৰু হকাৰজন৷ অৱশ্যে আন কাৰোবাৰ লগত চিনাকী হোৱাৰ তাড়না এটাও বৰকৈ অনুভৱ কৰা নাই সি৷ ঠাইডোখৰ ঠিক গাওঁ বুলিব নোৱাৰি– দুই চাৰিটা বিল্ডিং,দোকান-পোহাৰ,নতুনকৈ ধনী হোৱা এচামলৈ লক্ষ্য কৰিলে আৰু বিশেষকৈ গৰু-পথাৰ-খেতিৰ অনুপস্থিতিয়ে ঠাইডোখৰক গাওঁ বুলিব পৰা হিচাপটোত আউল লগাই দিয়ে৷ চহৰো ঠিক হোৱাগৈ নাই৷ বেছিভাগেই অ’ৰ-ত’ৰ পৰা উঠি অহা মানুহ৷ কোনোৱে মাহদিন,কোনোৱে বছৰদিন থাকি জীৱিকাৰ উন্নত উপায় পালে চহৰমুৱা হয়৷ ঘৰবোৰ বেছিভাগ টিং দিয়া, হাফ ৱাল বা তৰ্জাৰে বেৰা৷ হৈ-হাল্লা কম৷ মানুহবোৰ শান্তিপ্ৰিয় যেনেই লাগে৷ আহোতে যাওঁতে সদায় নিৰ্মলৰ মাকৰ সৰু পোহাৰখনৰ পৰা শাক-পাচলি কিনাটো নিয়মত পৰিণত হৈছে৷ এদিন পাচলিৰ বাবদ দিবলগীয়া পইচা উলিয়াবলৈ লওঁতে পাঞ্জাবীটোৰ জেপৰ পৰা সৰি পৰা চিলিমটোলৈ চাই মাকৰ কাষত বহি থকা নিৰ্মলে কৈছিল-

:এনেহেন বস্তু বাপুৰ দোকান’তো পাই, নাৰ্‌কেল’ৰ পাতেদি বনাৱা৷

মাকে লাহেকৈ ডবিয়াই উঠিছিল৷ তাৰ ভাৱ হৈছিল, অলপ দূৰত যেন হাঁহি এটাই ফুটো নুফুটো কৰিছিল৷ বেজীটোৰে তেতিয়া তাই কাপোৰখনত খুঁচা-খুঁচি কৰি আছিল৷

জটিল৷ কথাবোৰ জটিল৷ কিদৰে ছমাহৰ ভিতৰতেই কথাবোৰে ঢৌ সলালে৷ হওঁক জটিল– জটিলকৈ ভাবিৱ পৰাকৈ তাৰ সময় নাই৷ সেয়ে সি নাভাৱে৷ ধোঁৱা টনা সময়খিনি সি জটিল কথাবোৰৰ জটিলতাত বৈ যাবলৈ এৰি দিব নোৱাৰে৷ বাপুৰ পৰা আনি লোৱা নাৰিকলৰ পাতৰ চিলিমটোৰ ধোঁৱাৰ কুণ্ডলীত জটিলতাবোৰ সি উৰি যাব দিয়ে৷ ধোঁৱাবোৰে উৰি উৰি আকৌ ভেন্টিলেচনৰ ফাঁকেৰে পাখি মেলি যায়৷ ৰাস্টাটোৰ সিপাৰে হৰ্ডিঙখনত জিলিকি থকা ছোৱালীজনীৰ বক্ষৰ ঠিক সোঁমাজত– নহয় নহয়, অলপ বাওঁফালে– নাহ্ নহয়… সোঁফালে অলপ বেছি– অ’, ঠিক সেইখিনিতেই ধোঁৱাৰ লগতে উৰি গৈ থকা চকুদুটা ৰৈ যায়৷ স্ফীত বক্ষ৷ অলপ লাহেকৈ তাৰ গাটো টন্‌টনাই যায়৷ ধৰা পৰি গৈছে নেকি বাৰু সি? নাই– কোনেও চাই থকা নাই তাক৷ সি বাৰু দিনে দিনে pervert হৈ গৈছে নেকি? নাই নাই– its quite normal. নৰ্মেল যদি সি কিয় ভাবিছে বেলেগে দেখাৰ কথা? পুৱা দেখা পোৱা কজলা ভৰিদুখনৰ বাবে নেকি? নে এতিয়াও মনালীৰ প্ৰতি থকা তাৰ অনুৰাগৰ বাবে? নাই নাই…তেনেকুৱা একোৱেই নাই এতিয়া৷ মনালী কাহানিবাই তাৰ চিন্তাৰ পৰিধিৰ বাহিৰ হৈছে৷ তেন্তে!!! কথাবোৰে পাঁক লগাই ধৰিলে নিলাভক৷ কিছুসময়ৰবাবে আটাইবোৰ চিন্তা একাষে ঠেলি দি নীলাভৰ চকুত মাথোঁ ওলমি থাকিল হৰ্ডিংখন৷ নিজকে আদিম জৈৱিক বাসনাৰে তৃপ্ত কৰি সি চকুমুদি পৰি ৰ’ল৷ ৰঙা বেলিৰ সাধুটো শেষ কৰিবই লাগিব৷

নীলাভ দুটা কাৰণত বন্ধুবৰ্গৰ মাজত বিখ্যাত৷ এটা সাহিত্যপ্ৰীতি; আনটো মদ-ভাঙৰ যুগলবন্দী৷ তাৰ প্ৰিয় VAT69 ব্ৰেণ্ডৰ বটল আৰু ভাঙৰ গোন্ধৰ মিশ্ৰণটোৱে ৰূমটোৰ কিতাপ-কলমবোৰক কিবা এটা আলস্যভাৱত ডুবাই ৰাখে৷ বিশৃংখল ৰূমটোৰ কিতাপৰ ছেল্ফৰ পৰা এখন টানিলে জৰজৰকৈ চাৰিখন সৰে৷ নতুন ঠাইটুকুৰালৈ অহাৰ পাছত অৱশ্যে তাৰ বন্ধুগণৰ আহ-যাহ অলপ নকমা নহয়৷ ইয়ালৈ অহাৰ ৰাস্তাটো চহৰৰ দৰে মসৃণ নহয়৷ ৰাতি হ’লে ক’লা সাপডালৰ গাটোৰ দৰে কিচকিচিয়া হৈ পৰি নাথাকে ৰাস্তাটো৷ বিপৰীতে, খলা-বমা এসোপা গাত বান্ধি ৰাস্তাটোৱে লেধেমা দি পৰি থাকে৷ যেন প্ৰাচীন প্ৰাচীন ভাৱ এটা৷ ঠাইটুকুৰালৈ অহাৰ পাছত তাক দুটা বস্তুৱে কৌতুহলময় কৰি ৰাখে- ছোৱালীজনী আৰু তাইৰ হাতৰ কাপোৰখনে৷ ছোৱালীজনীয়ে কথা নকয়৷ বেঙী নহয়৷ মাত ফুটে৷ কিন্তু তাইৰ মাত সি আজিলৈ নাই শুনা৷ বোধহয় বহুতেই নাই শুনা৷ কিয় কথা নকয়, সেয়া দুৰ্বোধ্য৷ সেয়ে কিজানি বেঙী নামটোৰে সম্বোধন কৰে চবেই৷ হেবাঙৰ দৰে ফুটো নুফুটো কৰা হাঁহি এটাৰে বাৰাণ্ডাত বহি ভৰি দুখন ওলোমাই দিনৰ দিনটো তলমুৱাকৈ তাই কাপোৰত খুঁচা-খুঁচি কৰি থাকে৷ অলপ দুপিয়াই দুপিয়াই খোজকাঢ়ে৷ নীলাভৰ চাবলৈ খুব মন হয়, ৰং বিৰঙী সূঁতাবোৰেৰে কি আঁকে তাই৷ এদিন সি নামটো সুধিছিল৷ কথা নুফুটিলে৷ সেই একেই হেবাঙৰ আধাফুটা হাঁহিটো দি তাই এবাৰ তাৰ ফালে চাইছিল৷ টনা টনা কজলা চকু দুটা সি তেতিয়াই দেখা৷ তাৰপাছত কেতিয়াও আৰু সি তাইৰ মুখামুখি হোৱা নাই৷

ফট্‌কৈ তাৰ মনত পৰে ৰঙা বেলিৰ সাধু সি এতিয়াও শেষ কৰিব পৰা নাই৷ নায়কে বাৰু বেলিটো নমাই আনিবনে? খুব প্ৰেডিক্টেবল হৈ যাব নেকি দৃশ্যটো?

……………

:মন বেয়া কৰি দিলা যে?

:ভাগৰ লাগি গৈছে পাঁচটকাটো বিচাৰি৷

:পালানে?

:নাই পোৱা… বেলিটো এতিয়া আনৰ হৈ যাব৷

:আকাশৰ বেলিটো বিচাৰিছা যে, সহ্য কৰিব পাৰিবা জানো তাপবোৰ?

:মই VAT69ত ডুবাই দিম নহয়৷ ঠাণ্ডা হৈ যাব৷

:মাটিৰ বেলি এটা সাঁজি দিও নেকি?

:মাটিৰ বেলি ভাঙি যাব৷

:আলফুলে ৰাখিব নোৱাৰা?

:নাই, নোৱাৰিম৷ মই কেয়াৰলেছ্৷

:তেন্তে সঁচা বেলিটো কেনেকৈ ৰাখিবা?

:ডুবাই ৰাখিম বুলি ক’লো যে নুশুনিলা?

:…

অ’টোভেনত বস্তু উঠোৱাৰ শব্দবোৰ সি শুনিছে৷ দুদিন আগতে নিৰ্মলে ৰূমলৈ আহি তাক কৈ গৈছিল- “প’দ্ধিনা যাম আমি এৰ্‌পে৷”

তড়িৎ গতিৰে নীলাভৰ গাৰে বিজুলী পাৰ হৈ যোৱা যেন লাগিল৷ কজলা ভৰি দুখন গুচি যাব বেলেগ ঠাইলৈ৷ কাপোৰখনো লৈ যাবনে তাই? কৈ দিব নেকি সি বেঙীক যাব নালাগে বুলি? কি অধিকাৰত?বেঙীতো তাৰ প্ৰেম নহয়৷ সিতো বিয়া কৰোৱাৰ কথাও ভবা নাই৷ তেন্তে? আৰু অলপ… আৰু অলপ দিন বেঙী তাৰ চকুৰ সন্মুখতে থাকক৷ তলমুৱাকৈয়ে তাই কাপোৰখন খুঁচি থাকক৷ সি অহা যোৱা বাটটোৰ দাঁতিত মাকৰ পোহাৰৰ পিছফালে তাই হেবাঙৰ দৰে থিয় দি থাকক৷ তাৰ নাটকৰ ৰঙা বেলিটো যেন ইয়াতেই সোমাই আছে ক’ৰবাত৷

নীলাভ ক্ৰমাৎ অস্থিৰ হৈ উঠিল৷ নাটকখন সি এতিয়াও ফাইনেল কৰিব পৰা নাই৷ মাত্ৰ দুদিন বাকী ৰৈছে তাৰ হাতত৷ সি পৰা নাই– মনৰ সন্তুষ্টিৰে লিখনিটো শেষ কৰিব পৰা নাই সি৷ চিন্তাবোৰ ওলমি ৰৈছে শূন্যতাৰ প্ৰান্তৰত৷ ৰিয়েলিটীৰ ‘এছেন্ট’ অলপ নোহোৱাকৈ সি একোকেই লিখিব নোৱাৰে৷ অথচ তাৰ বাস্তৱৰ বেলিটো সি চিনিয়েই পোৱা নাই এতিয়াও৷ বেঙীহঁত যাবলৈ ওলোৱাৰফালে সি ইচ্ছা কৰিয়েই নাইচোৱা৷

অ’টোভেনৰ ঘেৰঘেৰ সুৰ তাৰ ৰূমলৈ আহিছে৷ কাণদুখনে সেই সুৰ সহ্য কৰিব পৰা নাই– বিদ্ৰোহ কৰি উঠিছে৷ চিন্তাবোৰ চ্যুত-বিচ্যুত হৈ চিটিকি পৰিছে৷ সুখ-সন্তুষ্টি,দুখ-বেদনা,ভাঙ-ভডকা সকলোবোৰ অতিক্ৰমি তাৰ মগজত এইমুহূৰ্তত এটা কথাই ক্ৰিয়া কৰিছে– বেঙী আজি গুচি যাব৷ বেঙী যাবলৈ ওলাইছে৷ এটা ক্ষীণ গুমগুমনি যেন তাৰ কাণৰ পৰ্দা ঠেলি সোমাই আহি আছে৷ বেঙী সেই গুমগুমনিত উঠি গুচি যাব৷ এবাৰলৈও সি বেঙীৰ মাতষাৰ নুশুনিব৷ ভৰিদুখন যেন জোঁট-পোট লাগি ধৰি সি বহি থাকিল৷ নাটকৰ পাণ্ডুলিপিটোৱে তালৈ চাই অট্ট্যহাস কৰিছে৷ কাগজকেইখিলা যেন ক্ৰমান্বয়ে জুইহেন হৈ পৰিছে৷ আগুৱাই আহিছে তাক গ্ৰাস কৰিবলৈ৷ চকুমুদি পৰি ৰ’ল সি কিছুসময়৷ তাৰ মনত কিছুসময় কজলা চকু দুটাই অগা দেৱা কৰি থাকিল৷

চকুমুদি সি অনুমান কৰিবলৈ চেষ্টা কৰিছে— নিৰ্মলে ভেনখনৰ পিছফালে লোহাত ধৰি ওলমি আছে– মুখেৰে ভেঁ-ভেঁ শব্দ কৰিছে– মাকে বস্তুবোৰ ঘৰৰ ভিতৰৰ পৰা টানি টানি বাহিৰ উলিয়াইছে– মাজতে দুবাৰমান নিৰ্মলক ডবিয়াইছে– নিৰ্মলে চিলনীৰ দৰে চোঁ মাৰি গৈ এবাৰ ঘৰৰ ভিতৰ,এবাৰ বাহিৰ কৰি আছে–বেঙীয়ে দুপিয়াই দুপিয়াই লাহে লাহে সৰু সুৰা বস্তু-বাহানিবোৰ ভেনত তুলি আছে– নীলাভৰ কল্পনাৰ কেমেৰাটোৱে বেঙীৰ মুখত জুম কৰিলে– অলপ ওচৰলৈ– আৰু অলপ ক্ল’জআপ– নাই– ভাৱলেশহীন বেঙীৰ মুখ– পৃথিৱীৰ আলেশ লেশ নোপোৱা বেঙী৷ নীলাভৰ অন্তৰে মনে-প্ৰাণে বিচাৰিলে– এইবোৰ মিছা হওঁক– কল্পনাৰ কেমেৰাটোই কেপ্‌চাৰ কৰা বেঙীৰ প্ৰতিটো মুহূৰ্তই মিছা হওঁক— ভাৱলেশহীন মুখখনত এটা ভাৱ ফুটি উঠক– হওঁক– নিগেটিভ ভাৱ হ’লেও চলি যাব– পজিটিভ-নিগেটিভ চব আপেক্ষিক– মুঠতে তাৰ কল্পনাৰ ছৱিখন মিছা হওঁক৷

টক্ টক্ কৈ দুবাৰ দুৱাৰখনত টোকৰ পৰিল৷

অলসভাৱে উঠি গৈ সি দুৱাৰখন খন খুলি দিলে৷

অকস্মাত নীলাভে শীত অনুভৱ কৰিলে৷ সি উচপ খাই উঠিল৷

বেঙী থিয় হৈ আছে সন্মুখত– কজলা চকু দুটাৰে হাঁহো নাহাঁহোকৈ৷ দুপিয়াই দুপিয়াই দুখোজ আগবাঢ়ি আহি বেঙী ৰূমটোৰ ভিতৰলৈ সোমাই আহিল৷

নীলাভৰ মূৰটো খালী খালী লাগি গ’ল৷

নোধোৱা প্লেট,চিগাৰেটৰ টুকুৰা,চিলিম,VAT69ৰ বটলে বিশৃংখলভাৱে দখল কৰি থকা টেবুলখনৰ একাষে বেঙীয়ে ফুলবছা কাপোৰখন থ’লে৷ এইমুহুৰ্তত তাইৰ মুখত হেবাঙৰ হাঁহিটো নাই৷ নীলাভে বুজি পোৱা নাই৷ অথবা সি বুজিও নুবুজাৰ ভাও লৈছে৷ কজলা চকুদুটিৰ ফালে চাবলৈ সাহসৰ অলপ অভাৱ তাৰ– অথবা ধৰি ল’ব পাৰি সি ইচ্ছা কৰিয়েই নাইচোৱা৷ আচলতে সি ঠিৰাং কৰিব পৰা নাই– কি কোৱা উচিত অথবা কৰা উচিত৷ কাপোৰখন থৈ বেঙী তাৰফালে ঘূৰিল– নীলাভৰ এনেকুৱা লাগিল, এইমুহুৰ্ততে বেঙীয়ে তাক কিবা ক’ব– কিবা এটা মুখেদি ফুটাৰ আগতে ওঁঠদুটাত যি কম্পনাংকৰ সৃষ্টি হয়, তাৰ এনেকুৱা ভাৱ হ’ল– বেঙীৰ ওঁঠ দুটাইও যেন লৰচৰ কৰিব খুজিছে৷ নাই একো নক’লে তাই– দৰ্জাৰফালে মুখ কৰি তাই কাপোৰখন এৰি যাবলৈ ওলাল– দুপিয়াই খোজটো দিয়াৰ লগে লগে তাইৰ গাটোত ঢৌ এটা উঠিল– ঢৌটো বেঙীৰ গাত লাগি থকা টেবুলখনলৈ পৰিৱাহিত হ’ল– টেবুলৰ ওপৰৰ বটলটোৱে ঢৌটৌ মুখেৰে বাহিৰ কৰি দিলে– বেঙীৰ ফুলবছা কাপোৰখনত VAT69 উবুৰি খাই পৰিল৷ সাঁফৰ খোলা বটলটোৰ অৱশিষ্টখিনিয়ে কাপোৰখন তিয়াই দিলে৷ চাৰিটা চকু তৎক্ষণাত তাত নিবিষ্ট হ’ল৷ আথেবেথে নীলাভৰ মুখেৰে ‘ইচ্ ইচ্ আস্ আস্’ জাতীয় ক্ষমা আৰু দুখবোধমিহলি শব্দদুটামান বাহিৰ হ’ল৷ ইমানপৰে কি কৰিম/নকৰিম ভাৱত বিভোৰ নীলাভে তেতিয়াহে কাপোৰখন চালে৷ ৰঙা-বগাৰ কনট্ৰাস্ট সূঁতাৰে কাপোৰখনত বেলি এটা অঁকা আছিল৷ তাৰ নায়কে বিচৰা বেলিটোৰ দৰেই, তুলবুলীয়া৷ নীলাভৰ মনটো ভৰি পৰিল৷

বেঙীয়ে কাপোৰখনৰ ওপৰত পৰি থকা বটলটো হাতত লৈ চালে৷ বেজীয়ে খুঁচি ৰঙা কৰা আঙুলিৰ আগকেইটাৰে তাই নামটো চুই চালে৷ নীলাভৰ এনে লাগিল– এতিয়াই যেন সি বটলটো থঁপিয়াই ল’ব তাইৰ পৰা– হঠাতে লাগিল বেঙীয়ে হাঁহিছে– এৰা, ঠিকেই– তাই হাঁহিছে৷ কিবা এটা অস্ফুট স্বৰেৰে তাই বটলটোৰ নামটো আওঁৰাইছে– সি অলপ আগবাঢ়ি গৈ মন দি শুনিলে– তাৰফালে চাই আপোনভোলা হাঁহি এটা দি তাই শব্দ কৰি পঢ়িছে– “VAT69”

হাঁহিটো তালৈও সংক্ৰমিত হ’ল৷ সঃশব্দে দুয়োটাই হাঁহিলে৷ কাপোৰখনৰ বেলিটো ইতিমধ্যে পানীয়খিনিত সৰি পৰিছিল৷

যাওঁ বুলি মাত লগাই বেঙী গ’লগৈ৷ নীলাভৰ মনটো মুকলি মুকলি লাগিল৷ বহুদিনৰ মুৰত৷ অকটা গোন্ধটো বিয়পি পৰা কাপোৰখন সি এখন হাতত লৈ আনখনেৰে বটলটো মুঠি মাৰি ধৰিলে৷ তাই যিখিনিত চুই চাইছিল,সি লাহেকৈ সেইখিনিত আঙুলি বুলাই দিলে৷ কোমল মাতৰ হাঁহিটো তাৰ কাণত বাজি উঠিল৷ নীলাভৰ ওঁঠেৰে প্ৰশান্তিৰ হাঁহি এটা বাগৰি গ’ল৷ দুপিয়াই দুপিয়াই গৈ থকা ছোৱালীজনীৰ ফালে চাওঁতে এনে লাগিল– তাৰ নায়কজনক যেন হাতেসঁজা বেলি এটা দি গ’ল তাই৷ বেঙীক ৰখোৱাৰ কথা সি এতিয়া নাইভবা৷ যিটো মুহূৰ্তৰ বাবে সি বেঙী ৰৈ যোৱাটো বিচাৰিছিল, আনপ্ৰেডিক্টেবলভাৱে মুহুৰ্তটো সি পালে৷ বেঙী এতিয়া তাৰবাবে ‘বেঙী’ হৈ থকা নাই৷ বাকী… ভাললগা-বেয়ালগা সদায় আপেক্ষিক৷ অন্ত:ত তাৰবাবে৷

:ক’ত পালা বেলিটো?

:দি গ’ল অপেশ্বৰী এজনী নামি আহি৷

:উপহাৰ নলওঁ বুলিছিলা যে?

:এয়া উপহাৰ নহয়, আত্মীয়তা৷ বেলিটো নিজে আহিছে অপেশ্বৰীৰ হাতত উঠি৷ বেলিয়ে জানে মোৰ তাত safe বুলি৷

:সুখীনে তুমি?

:সুখ-দুখ doesn’t matter. মই মাত্ৰ element এটা পালো মনটো ভাল লগাবলৈ৷ তাকে লৈ মই অৱশ্যে কিছু প্ৰশান্তিত ভোগা বুলি ক’ব পাৰা৷

:ব’লা ডুবাই থওঁ আহা৷

:ইতিমধ্যেই বেলিটো ডুবাই থৈ গৈছে অপেশ্বৰীয়ে৷

:সেয়ে হ’বলা আকাশখন আন্ধাৰ৷

:আন্ধাৰ যে মোৰ সদাপ্ৰিয়!

……

নীলাভে পঢ়ি উঠি পাণ্ডুলিপিটো ফালি পেলালে৷ বেঙীৰ অনুভৱবোৰ সি বিকিব নোৱাৰে৷

সংকল্পলৈ সি মেচেজ এটা টাইপ কৰিলে- “sorry, couldn’t make it.”

চিলিমটো দুই ওঁঠৰ মাজত গুজি প্ৰশান্তিৰে চকুদুটা মুদি ধোঁৱাবোৰ সি শূন্যলৈ এৰি দিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments