চৰ্মৰ শ্বেতদাগ আদিৰ বিষয়ে এটি আলোচনা -(ডা০ ভূপেন শইকীয়া)

ভিটিলিগ’, লিউক’ডাৰ্মা, চৰ্মৰ শ্বেতদাগ আদিৰ বিষয়ে এটি আলোচনা

ডা০ ভূপেন শইকীয়া

অকবৰ কেইগৰাকীমান সদস্যৰ অনুৰোধত আজি এক সংবেদনশীল বিষয়ৰ ওপৰত কিছু কথা  আলোচনা কৰিবলৈ ললো। ভিটিলিগ’, লিউক’ডাৰ্মা, চৰ্মৰ শ্বেতদাগ হ’ল শৰীৰৰ এক বিশেষ অৱস্থা যাক ঠিক ৰোগ আখ্যা দিব নোৱাৰি। (অৱশ্যে মেডিকেল অভিধানৰ মতে শৰীৰৰ কোনো অংশৰ নিয়মীয়া কাৰ্য ব্যাহত হলে আৰু ই নিৰ্দিষ্ট লক্ষণ-প্ৰকৃতি দেখুৱালে তাক ৰোগ আখ্যা দিব পাৰি। সেই সূত্ৰমতে ভটিলিগ’ক ৰোগৰ শাৰীত ৰাখিব পাৰি।) যিদৰে গছৰ পাতৰ সেউজীয়া ৰঙ ক্লোৰোফিল নামৰ পিগমেন্টৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে -ঠিক একেদৰেই  মানুহৰ ছালৰ ৰঙ মেলানিন নামৰ পিগমেণ্টৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। মেলানিন উৎপন্ন কৰে ছালৰ এবিধ বিশেষ কোষে যাক মেলানোচাইট বোলে। এই মেলানোচাইটৰ বিজুটি ঘটিলে মেলানিন সেই নিৰ্দিষ্ট ঠাইত অভাৱ হোৱাৰ ফলত ছালত শ্বেত দাগৰ সৃষ্টি হয়।

 

শ্বেতদাগৰ বিপৰীতে আছে হাইপাৰ-পিগমেণ্টেচন – যাৰ চিকিৎসা সিমান কঠিন নহয়। অতিৰিক্তভাবে মেলানিন জমা হোৱাৰ ফলত ছালৰ নিৰ্দিষ্ট একোটা অংশ ক’লা বৰণৰ হৈ পৰে যাক  হাইপাৰ- পিগমেণ্টেচন বোলে। কিছুদিন Hydroquinone ক্ৰিম ঘঁহিলেই ছালৰ ক’লা পৰা অংশ ক্ৰমে স্বাভাবিক ৰঙৰ হবলৈ ধৰা পৰিলক্ষিত হয়।

 

বিশ্বৰ জনসংখ্যাৰ এক শতাংশ ভিটিলিগ’ত আক্ৰান্ত হোৱাৰ বিপৰীতে ভাৰতবৰ্ষৰ জনসংখ্যাৰ দুই শতাংশ ভিটিলিগ’ত আক্ৰান্ত। গতিকে সমগ্ৰ  বিশ্বত ৬৫নিযুত তাৰে ২নিযুত আমেৰিকান আৰু ২৫ নিযুত ভাৰতীয় ভিটিলিগ’ত আক্ৰান্ত। লেটিন শব্দ ‘ভিটিলাচ’ৰ পৰা ভিটিলিগ’ৰ উৎপত্তি হৈছে। খৃষ্টাব্দৰ প্ৰথম শতিকাত ৰোমান চিকিৎসক চেলচাচে প্ৰথম এই ‘ভিটিলিগ” শব্দ ব্যৱহাৰ কৰিছিল বুলি বুৰঞ্জীয়ে কয়। ভিটিলাচ শব্দৰ অৰ্থ হ’ল পখৰা-পখৰি ৰঙৰ দামুৰি পোৱালি। লিউক’ডাৰ্মা শব্দ লিউক’ (বগা) আৰু ডাৰ্মা (ছাল) সংলগ্ন হৈ সৃষ্টি হৈছে। সাধাৰণতে জুয়েপোৰা,  ছালত ৰাসায়নিক পদাৰ্থৰ প্ৰতিক্ৰিয়া হৈ শ্বেতদাগ হলে লিউক’ডাৰ্মা শব্দৰ প্ৰয়োগ কৰা হয়। ৰাবাৰ গ্লোভছ, কণ্ডোম, ব্ৰা-পেণ্টি, ৰবৰৰ জোতা-চেণ্ডেল, ঘড়ীৰ ফিটা আদিত থকা মন’বেঞ্জাইল-ইথাৰ নামৰ ৰাসায়নিক পদাৰ্থই কণ্টেক্ট লিউক’ডাৰ্মা কৰিব পাৰে।

 

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ২৫ জুনৰ দিনটোত সমগ্ৰ বিশ্বতে ‘ভিটিলিগ’ দিবস’ পালন কৰিব ধৰা হৈছে। এই দিবস পালনৰ উদেশ্য হ’ল মানুহৰ মাজৰ পৰা  ভিটিলিগ’ৰ বিষয়ে থকা অজ্ঞানতা-অন্ধবিশ্বাস দূৰ কৰি এক সজাগতা আৰু সদভাৱনাৰ পৰিবেশ সৃষ্টি কৰা। ভিটিলিগ’ত আক্ৰান্ত লোকসকলৰ ছালৰ কোনো বিষ বা খজুৱতি নাথাকে। সাধাৰণতে কিছুমানৰ বাদে অধিকাংশৰে আন শাৰীৰিক ৰোগ নাথাকে। ইয়াৰে কমসংখ্যকৰ থাইৰয়ডৰ বিকাৰ, পাৰনিচিয়াচ এনিমিয়া, ডায়েবেটিজ, এলোপেচিয়া এৰিয়াটা, চৰিয়াচিচ একেলগে থাকে। বিশ্বৰ সকলো জাতিৰে পুৰুষ-মহিলা উভয়েৰে ভিটিলিগ’ হব পাৰে। সাধাৰণতে  ভিটিলিগ’ ৪০বছৰ  বয়সৰ  ভিতৰতে আৰম্ভ হয় – ইয়াৰে প্ৰায় ৫০শতাংশ ২০বছৰ নৌ হওতেই আক্ৰান্ত হয়। ভিটিলিগ মুঠেই সোঁচৰা নহয়, তথাপিও বহুলোকে নিজ আচৰণেৰে বা দূৰ্ব্যৱহাৰেৰে ভিটিলিগ’ত ভুক্তভোগীক হেয়জ্ঞান কৰে আৰু ঘৃণাৰ  চকুৰে চায় ফলত ভিটিলিগ’ত আক্ৰান্ত লোকসকলৰ বহুতেই মানসিকভাৱে জুৰুলা হৈ পৰে।

 

ভিটিলিগ’ কিয় হয় ?

বিজ্ঞানীসকলে ঠাৱৰ কৰা মতে শৰীৰৰ নিজৰ কোষক পৰ বুলি ভাবি প্ৰতিক্ৰিয়া কৰাৰ ফলতে (ইয়াকে অটোইমিউনিটি ডিচঅৰ্ডাৰ বোলে) কিছুমান মেলানোচাইটে কাম কৰিবলৈ অক্ষম হৈ পৰে। ভিটিলিগ’ত ভোগা লোকৰ শৰীৰত ‘চাইটোকাইন’ নামৰ প্ৰটিন উৎপন্ন হোৱা দেখা যায়। এই চাইটোকাইনে মেলানোচাইটৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায়। আনুবংশিক প্ৰভাৱ থাকে বুলিও ভবা গৈছে কিয়নো কিছুমান পৰিয়ালৰ একাধিক সদস্যৰ ভিটিলিগ’ হোৱা চকুত পৰে। এই দুই কাৰকৰ লগত কেতিয়াবা পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ (যেনে কৰ্মস্থলীত  দূষিত  বায়ুমণ্ডল), শাৰীৰিক-মানসিক ষ্ট্ৰেচ যোগ হব পাৰে।

 

ভিটিলিগ’ৰ প্ৰকৃতি – ই কোনো জৰুৰী অৱস্থা কেতিয়াও সৃষ্টি নকৰে। বহুসময়ত শ্বেতদাগসমূহ মাহৰ পিছত মাহ ধৰি একে অৱস্থাতেই থাকে। কিছুমানৰ দাগ সমূহ লাহে লাহে বাঢ়িবলৈ ধৰে।

 

সাধাৰণতে তিনিটা ভাগত ভিটিলিগ ভগাব পাৰি :

(১) ফোকেল – মাত্ৰ এটা বা দুটা সৰু দাগ – যাৰ বৃদ্ধি নহয়।

(২) ছেগমেন্টেল – শৰীৰৰ কোনো এটা চাইডত  বিয়পা দাগ – একেদৰে থাকে, বৃদ্ধি নহয়।

(৩) জেনেৰেলাইজদ -শৰীৰৰ দুয়োফালে প্ৰায় একেধৰণৰ দাগ উৎপন্ন হয়। ইয়াৰ প্ৰকৃতি পূৰ্বানুমান কৰিব নোৱাৰি।

শ্বেতদাগসমূহৰ ছালৰ চেতনাৰ কোনো পৰিবৰ্তন নহয়।

 

সাধাৰণতে শ্বেতদাগ ক’ত ক’ত হয় ? হাতৰ বা ভৰিৰ আঙুলি, মণিবন্ধ, বাহু, মুখ,কাণ,ডিঙি আৰুশৰীৰৰ কাপোৰৰ বাহিৰত ওলাই থকা যি কোনো অংশত। দাঢ়ি-চুলি, চেলাউৰি আক্ৰান্ত হলে বগা পৰে। কেতিয়াবা ওঁঠ, জননেন্দ্ৰিয় আৰু শৌচদ্বাৰো আক্ৰান্ত  হব পাৰে। শ্বেতদাগৰ ছালৰ বায়প্সি কৰিলে সেই অংশত মেলানোচাইটৰ অনুপস্থিতি দেখা যায়।

 

ভিটিলিগ ফলত হব পৰা জটিলতা (Complications) :

মানসিক অস্থিৰতা আৰু সামাজিক ব্যৱধান সৃষ্টি

ৰ’দৰ উত্তাপে ছালত চানবাৰ্ণ কৰিব পাৰে

ছালৰ কেঞ্চাৰৰ সম্ভাৱনা

চকুৰ ৰোগ যেনে আইৰাইটিচ হব পাৰে

শ্ৰৱণ শক্তি হ্ৰাস হব পাৰে

চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া যেনে ছালত ঘাঁ (Scar) হোৱা

 

এতিয়া চিকিৎসাৰ থুলমুল আভাস এটি ডাঙি ধৰিম। এইখিনিতে উল্লেখ কৰা ভাল হব এলোপেথিৰ বাহিৰেও আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক চিকিৎসাই ভিটিলিগ’ আৰোগ্য কৰে বুলি দাবী কৰে। বনৌষধিৰ দ্বাৰা আয়ুৰ্বেদিক চিকিৎসা এতিয়া ভাৰতবৰ্ষৰ  একচেতিয়া সম্পত্তি হৈ থকা নাই। অষ্ট্ৰেলিয়া মহাদেশতো বনৌষধিৰ দ্বাৰা  ভিটিলিগ’ৰ সফল চিকিৎসাৰ দাবী উঠিছে। হোমিঅ’পেথিক চিকিৎসা বৰ্তমান বিতৰ্কৰ মাজত সোমাই পৰিছে কিয়নো বিশ্বৰ বহুকেইজন বিজ্ঞানীয়ে হোমিঅ’পেথিক চিকিৎসাক চেলেঞ্জ কৰি কৈছে যে হোমিঅ’পেথিৰ দ্বাৰা মাত্ৰ  তেনে ৰোগৰহে  নিৰাময়  হয় যাৰ সময়ে-সময়ে  নিজে নিজে উপশম ঘটে।

এলোপেথিয়ে স্বীকাৰ কৰে যে ভিটিলিগ’ৰ এশ শতাংশ নিৰ্মূল সম্ভৱপৰ নহয় কিন্তু ই বহুলাংশে জীৱন ধাৰণ সহজ কৰি তুলিব পাৰে। চিকিৎসা দীঘলীয়া হব পাৰে কেইবা মাহৰ পৰা কেইবাবছৰো হব পাৰে। চিকিৎসা পদ্ধতিৰ নিৰ্বাচন ব্যক্তিভেদে পৃথক পৃথক হোৱাটো স্বাভাবিক।  তলত চমুকৈ  চিকিৎসাৰ এক আভাস উল্লেখ কৰিলোঁ : – ১- শ্বেতদাগৰ ওপৰত লগোৱা ষ্টেৰইড ক্ৰিম,  ২- আলট্ৰা ভায়োলেট লাইটৰ দ্বাৰা ফটোথেৰাপি, ৩- লেজাৰ থেৰাপি,  ৪- চোৰালিন নামৰ  ড্ৰাগৰ ব্যৱহাৰ, ৫- ইমিউনো-মডিউলেটৰ মলম (ট্ৰেকলিমাচ, পিমেক্ৰলিমাচ ) সৰু দাগৰ বাবে, ৬- চাৰ্জাৰীৰ দ্বাৰা  মেলানোচাইট ট্ৰান্সপ্লান্ট – একাধিক বছৰ একে অৱস্থাত শ্বেতদাগৰ বাবে ঘাইকৈ প্ৰযোজ্য।  ভাৰতৰ বাংগালোৰত ‘নবেল ভিটিলিগ’  ক্লিনিক’ নামৰ এক চৰ্মৰোগৰ প্ৰতিষ্ঠানত যোৱা দশক ধৰি এনে ধৰণৰ চিকিৎসা প্ৰদান কৰি অহা হৈছে। চাৰ্জাৰীৰ আৰু কেইবাবিধো পদ্ধতি আছে – যাৰ লক্ষ্য একেটাই নিজৰ শৰীৰৰ পৰাই শ্বেতদাগৰ ওপৰত  মেলানোচাইটৰ গ্ৰাফ্ট। ৭-  ডি-পিগমেন্টেচন (Depigmentation) -শৰীৰৰ অৰ্ধেকৰো অধিক অংশ শ্বেতদাগেৰে ভৰি পৰিলে চিকিৎসকে  মন’বেঞ্জিন  নামৰ মলম লগাবলৈ দিয়ে।  এই মলমে ছালৰ আন অংশৰ ৰঙো শেতাবৰণলৈ  সলনি কৰি দিয়ে।

মন’বেঞ্জিন লগোৱাৰ ফলত ইয়াৰ পাৰ্শ্বক্ৰিয়া হব পাৰে  ১- প্ৰদাহ হৈ অঞ্চলসমূহ ফুলি ৰঙা পৰিব পাৰে, ২- খজুৱতি, ৩- শুষ্ক চৰ্ম, ৪- ৰ’দৰ প্ৰতি সংবেদনশীলতা বেচি হোৱা। এনে চিকিৎসাৰ নূন্যতম খৰচ – ক্লিনিকভেদে আৰু ৰোগৰ অৱস্থাভেদে ভিন্ন-ভিন্ন হব।

 

এতিয়া ভিটিলিগ আক্ৰান্তৰ বাবে আনুসংগিক সহায়ৰ কথা দুটিমান :

নিদ্ৰা – এনে ব্যক্তিসকলে কমেও ৮ ঘণ্টা টোপনি যোৱাটো স্বাস্থ্যসন্মত

শ্বেতদাগত সাধাৰণতে হোৱা চানবাৰ্ণৰ পৰা ৰক্ষা পৰিবলৈ চানস্ক্ৰিণ লোচন ব্যৱহাৰ কৰিব লাগে। সৰুসুৰা দাগ ঢাকিবলৈ কনচিলাৰ নামৰ কচমেটিক লোচন ব্যৱহাৰ কৰিব পাৰে। আজিকালি বেচি জনপ্ৰিয় দীৰ্ঘসময় স্থায়ী চেল্ফ টেনিংলোচন বজাৰত উপলব্দ্ধ হৈছে। ডাই-হাইড্ৰস্কি-এচিটনযুক্ত টেনাৰ এফডিএৰ অনুমোদন প্ৰাপ্ত।

এটি লাগতিয়াল কথা – টেটু কৰি দাগ ঢাকিবলৈ চেষ্টা কৰিলে হিতে বিপৰীত হব পাৰে।

 

বহুতৰ মনত প্ৰশ্ন উদয় হব পাৰে শ্বেত দাগ থকা ছোৱালী বিয়া নোহোৱাই ভাল নেকি ? উত্তৰত ক’ব পাৰি – শ্বেত দাগ থকা ছোৱালী বিবাহ পাশত আবদ্ধ হ’ব নোৱৰাৰ কোনো কাৰণ নাই। অৱশ্যে তেনে নাৰীৰ সন্তানৰ শ্বেত দাগ হোৱাৰ সম্ভাৱনা জেনেটিকচৰ প্ৰভাৱৰ ফলত কিছু হলেও থাকে। ডায়েবেটিজ, ৰিউমেটিজম আদি গুৰুতৰ ৰোগ লৈয়ো মানুহে বিবাহত আবদ্ধ হৈ আছে আৰু ভিটিলিগ’ৰ তুলনাত তেনে ৰোগৰ লোকৰ সতি-সন্ততিৰ সেই অসুখ হোৱাৰ সম্ভাৱনা সদায় বেচি।

 

মানসিকভাগে ভাগি পৰা সকলৰ বাবে কাউঞ্চেলিঙৰ প্ৰয়োজন হব পাৰে।

 

ভিটিলিগ আক্ৰান্তৰ বাবে উপযোগী আহাৰ :

– শাক-পাচলি : সেউজীয়া শাক, চালাড,পালেং,বন্ধাকবি,গাজৰ, বিট, ব্ৰ’কলি – এইবিলাক হ’ল ফলিক এচিড যুক্ত খাদ্য।

দৈনিক তিঁয়হ খোৱাটো উপযোগী

– ফলমূল : আহোম বগৰী, নৰা বগৰী,কল, ক’লা খেজুৰ

– দাইল মাহ জাতীয় : সেউজী মটৰ, কাবুলি বুট

– চয়াবিন : ছালৰ মেলনিনৰ বিনাশ ৰোধ কৰে

– অলিভ অইল

– জালুক আৰু নহৰু

– ভিটামিন-ই থকা হেতুকে বাদাম, আখৰোট,কাজু জাতীয় খাদ্য

– অধিক ফাইবাৰযুক্ত শস্য

– নিমপাত আৰু শিলিখা ভিটিলিগ’ত উপযোগী

– সহজে হজম হোৱা বেলেঞ্চড আহাৰ হ’ল ভিটিলিগ’ত উপযোগী

 

সহায়কাৰী ভিটামিন জাতীয় : ভিটামিন-বি কম্পেস্ক, ফলিক এচিড, জিংকো-বায়োলোভা

 

পৰিত্যাগ কৰিবলগীয়া খাদ্যসমূহ : –

– জাংক ফুড, মদ, চফ্ট ড্ৰিংকচ,ডায়েৰী প্ৰডাক্টসমূহ

– বেচি মছলাযুক্ত খাদ্য

– যি কোনো পশুৰ মাংস – বিশেষকৈ ৰঙা মাংস – এনে খাদ্য এলাৰ্জিৰ কাৰক হব পাৰে

 

ভিটিলিগ’ৰ ঘৰুৱা চিকিৎসা : –

হালধি আৰু মিঠাতেলৰ মিশ্ৰণ দিনে দুবাৰকৈ কেইবামাহো শ্বেত দাগত লগালে সুপৰিণাম পোৱা যায় বুলি এচামে দাবী কৰে। নিয়মীয়া ব্যায়াম আৰু যোগাসনে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু ফলত ছালৰ উন্নতিত সহায়ক হয়।

 

ভিটিলিগ’ত আক্ৰান্ত বিশ্বৰ কেইজনমান বিশিষ্ট ব্যক্তি : –  বিশ্বখ্যাত পপ সংগীতজ্ঞ মাইকেল জেকচন, কেনেডিয়ান মডেল চাণ্টেলি ব্ৰাউণ, বিখ্যাত আমেৰিকান অভিনেতা জ’ন হ্যেম, মাৰ্শ্বিয়েল আৰ্ট বিশেষজ্ঞ স্কট জংগাৰচন, বিখ্যাত গায়ক-সংগীতজ্ঞ ক্ৰিজ কেলিকো আদি।

 

মোখনিত ইমানেই কম যে অতি প্ৰাচীন কালৰ পৰা সমাজত একাংশলোক ভিটিলিগ’ত আক্ৰান্ত হৈ আহিছে। তেওঁলোকৰ প্ৰতি সমাজৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আজিও আছে। আমি চাব লাগিব আমাৰ অৱহেলাৰ ফলত তেনে লোকসকলৰ প্ৰতিভা আৰু সামাজিক অৱদানৰ পৰা আমি  যাতে বঞ্চিত হবলগীয়া নহয়।

 

শেষত এটা কথা কম – ইণ্টাৰনেটত বিশ্বৰ বিভিন্ন কোণৰ পৰা লিখা শ শ অনুভৱৰ বৰ্ণনাযুক্ত চিঠি উপলব্ধ। তাৰে কেইখনমানৰ দুই এটা লাইন পাঠকসকলৰ বিবেচনাৰ্থে তুলি দিলোঁ : –

– সমাজৰ যি সকলে মোক অৱহেলা কৰে মই তেওঁলোকক এৰাই চলো।

– পোনতে বহু দীঘলীয়া সময় মানসিক যন্ত্ৰণাত ভুগিলো। কিন্তু এতিয়া মই মোক ভালপোৱা লোকৰ মাজত থাকি এটা সুখী জীৱন জীয়াই থাকিবলৈ শিকিছো।

– লোকেল ষ্টেৰইডৰ মলম লগাই মই কেইমাহমানতে ভাল ফল পাইছো।

– বহুবিধ নানা ধৰণৰ চিকিৎসা কৰি আশানুৰূপ ফল পোৱা নাছিলো। এতিয়া আহাৰৰ দিশত মনোযোগ দিয়াৰ পৰা নিশ্চিতভাবে উপকৃত হৈছো বুলি দাবী কৰিব পাৰো।

– দেশখনৰ ভিটিলিগ’ চ’চাইটিৰ সদস্য হোৱাৰ পৰা নানাবিধ আপডেট পাই উপকৃত হৈছো আৰু ই মোৰ মনোবল বঢ়োৱাত সহায়ক হৈছে।

 

One thought on “চৰ্মৰ শ্বেতদাগ আদিৰ বিষয়ে এটি আলোচনা -(ডা০ ভূপেন শইকীয়া)

  • July 26, 2020 at 9:26 am
    Permalink

    এই ৰোগ নিবাৰণৰ বাবে সহায় বিচাৰিছো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!