বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ খবৰ : Walking Marriages (ৰাজীৱ ৰঞ্জন)
বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ খবৰ
সমাজ পাতি বাস কৰা মানুহৰ সামাজিক জীৱনত বিবাহৰ গুৰুত্ব অপৰিসীম। কিন্তু জানি আচৰিত হ’ব যে মাথোঁ পৃথিৱীৰ জনসংখ্যাৰ এক তৃতীয়াংশতহে ‘এক বিবাহ’ পদ্ধতি অনুসৰণ কৰা হয় সামাজিক ভাবে। বাকী দুই তৃতীয়াংশত বহু-বিবাহ আৰু বহুগামীতাক হয় সামাজিক ভাবে স্বীকৃতি দিয়া হয়, নহ’লে খুব বেছি বেয়া দৃষ্টিৰে চোৱা নাযায়। বিবাহ ৰীতিয়ো ঠাই বিশেষে বেলেগ হয়। তেনে এক আমাৰ দৃষ্টিত আচৰিত বিবাহ প্ৰথা অনুসৰণ কৰে চীনৰ য়ুনান আৰু চিচুৱান প্ৰদেশৰ মচুৱ সম্প্ৰদায়ৰ মাজত। এই সম্প্ৰদায়ত মুঠতে প্ৰায় ৪০,০০০ মানুহ আছে আৰু তেওঁলোকে লুগু হ্ৰদৰ কাষৰীয়া অঞ্চলত বাস কৰে। মাতৃকেন্দ্ৰিক মচুৱ সংস্কৃতিত পুৰুষে মাকৰ লগতে বাস কৰে। আচৰিত কথা যে মচুৱ সকলৰ মাতৃভাষাত ‘বিবাহ’ বুজোৱা কোনো শব্দই নাই। পিতৃ বুজোৱা শব্দহে আছে। খেতি আৰু পশুপালনেই মূল জীৱিকা এই লোকসকলৰ।
মচুৱ সম্প্ৰদায়ত আনুষ্ঠানিক ভাবে কোনো বিবাহ ৰীতি নাই। মচুৱ সকলৰ মাজত প্ৰচলিত বিবাহ পদ্ধতিক চীনা ভাষাত ঝৌ হুন, ইংৰাজীত Walking Marriage নাম দিয়া হৈছে। ইয়াত পতি আৰু পত্নী জাতীয় কোনো ধৰণৰ সামাজিক সম্বন্ধ নাই। প্ৰেমিক প্ৰেমিকাই নিজৰ নিজৰ ঘৰত বাস কৰে। ইয়াত পুৰুষে নিজৰ প্ৰেমিকাৰ কোঠালৈ যায় মাকৰ তথা নিজৰ পৰিয়ালৰ লগত নৈশ আহাৰ গ্ৰহণ কৰি। আৰু প্ৰেমিকাৰ লগত নৈশ যাপন কৰি পুৱা মাকৰ ঘৰলৈ উভতি আহে। প্ৰতিখন ঘৰত অকল মহিলাৰহে আছুতীয়া কোঠা থাকে যালৈ তেওঁৰ প্ৰেমিক আহিব পাৰে নৈশ যাপনৰ কাৰণে। অকল যে এজনেই প্ৰেমিক থাকিব পাৰে তেনেকুৱাও নহয়। পিতৃৰ কোনো দায়িত্ব নাথাকে সন্তানৰ লালন পালনত। তাৰ দায়িত্ব লয় সন্তানৰ মোমায়েক সকলে।
১৩ বছৰ হোৱাৰ লগে লগে কন্যা সন্তানৰ কাৰণে এক সামাজিক অনুষ্ঠান হয়, যাক মComing-Of-Age Ceremony বুলি কোৱা হয়। এই অনুষ্ঠানৰ পাছত তেওঁলোকক নিজা কোঠা দিয়া হয় আৰু প্ৰাপ্তবয়স্ক হিচাপে গণ্য কৰা হয়। নিজৰ কোঠা পোৱাৰ পাছত তেওঁলোকে নিজৰ প্ৰেমিক বিচাৰি ল’ব পাৰে আৰু নিশা আহিবলৈ অনুমতি দিব পৰা হয়। ঘৰৰ সকলো দায়িত্ব পৰিয়ালৰ মূল মহিলা গৰাকীৰ হাতত ন্যস্ত থকে আৰু দৈনন্দিন জীৱনৰ সকলোখিনি কাম মহিলাই কৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত আৰ্থিক কোনো ধৰণৰ লেনদেন নাথাকে। আৰু সন্তানে পিতৃৰ নামো গ্ৰহণ নকৰে। মাকৰ ঘৰত থাকি মাকৰ পৰিয়ালৰ নামেই লয়। সাধাৰণতে প্ৰেমিকে প্ৰেমিকাৰ কোঠালৈ যাওঁতে আনে গন নোপোৱাকৈ ৰাতি যায় আৰু পুৱা ঘৰৰ বাকী মানুহ শুই উঠাৰ আগতে উভতি আহে। এগৰাকী নাৰীৰ কেইগৰাকী প্ৰেমিক থাকিব পাৰে তাৰ কোনো ধৰাবন্ধা নিয়ম নাই। একে সময়তে কেইবাজনো প্ৰেমিক থাকিব পাৰে আৰু সকলোৱেই তেওঁৰ কোঠালৈ অহা যোৱা কৰিব পাৰে। ১৩ বছৰ বয়সত একেদ’ৰেই ল’ৰাৰো Coming-Of-Age Ceremony অনুষ্ঠিত হয়। ইয়াৰ পাছত তেওঁলোকে প্ৰেমিকাৰ কোঠালৈ নৈশ যাপনৰ কাৰণে যোৱাৰ অনুমতি পায়।
অন্যান্য চীনা গোষ্ঠী সম্প্ৰদায়ৰ লুগু হ্ৰদৰ ওচৰে পাজৰে বসতিৰ পাছত তথা চীনৰ চৰকাৰৰো হেঁচাত মচুৱ সকলৰ এই সামাজিক নিয়মত আধুনিকতাৰ পৰশ লাগিবলৈ আৰম্ভ কৰিছে যদিও মচুৱসকলে নিজৰ ৰীতি-নীতি তথা সমাজ ব্যৱস্থাক লৈ গৌৰৱ অনুভৱ কৰে। ১৯৭০ৰ দশকৰ আগলৈকে বেছিভাগ সন্তানৰেই পিতৃ পৰিচয় নাছিল যদিও এতিয়া লাহে লাহে সলনি হৈ প্ৰায় সকলো সন্তানেই নিজৰ পিতৃ পৰিচয় জনা হৈছেগৈ।
(National Geographic চেনেলৰ Taboo নামৰ অনুষ্ঠানটোত দেখুওৱা মচুৱ (Mosuo) সম্প্ৰদায়ৰ সামাজিক জীৱনৰ ওপৰত ভিত্তি কৰি লিখিত।)