কৃতিত্ব : সাহিত্য ডট অৰ্গলৈ ‘ই নৰ্থ ইষ্ট বঁটা ২০১২’

কৃতিত্ব

সাহিত্য ডট অৰ্গলৈ ‘ই নৰ্থ ইষ্ট বঁটা ২০১২’

ফেচবুকৰ জনপ্ৰিয় গোট ‘অসমীয়া কথা বতৰা’ৰ উদ্যোগত ঠন ধৰি উঠা সাহিত্য ডট অৰ্গ প্ৰকল্পটোৱে উত্তৰ পূৰ্বাঞ্চলৰ তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ সন্মানীয় ই-নৰ্থ ইষ্ট বঁটা লাভ কৰি সকলোকে উত্ফুল্লিত কৰি তুলিছে। উল্লেখযোগ্য যে তথ্য প্ৰযুক্তিৰ প্ৰয়োগেৰে অসমীয়া ভাষা সংস্কৃতিৰ বিকাশত বিভিন্ন প্ৰকল্পৰ জৰিয়তে কাম কৰি থকাৰ স্বীকৃতি স্বৰূপে সংস্কৃতি আৰু ঐতিহ্য শিতানত সাহিত্য ডট অৰ্গে এই বঁটা লাভ কৰে। ২০১১ চনৰ জুলাই মাহত গঠন হোৱা সাহিত্য ডট অৰ্গৰ যোগেদি ইতিমধ্যে শ্ৰব্যনাটক, বিভিন্ন গ্ৰন্থৰ ইউনিকোড ৰূপান্তৰনকে ধৰি বিভিন্ন অনলাইন প্ৰকল্পৰ কাম আগবঢ়াই নিয়া হৈছে। যোৱা ২৩ নৱেম্বৰ তাৰিখে চিকিমৰ ‘চিন্তন ভৱন’ত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত সাহিত্য ডট অৰ্গক এই বঁটা প্ৰদান কৰা হয়। সাহিত্য ডট অৰ্গৰ হৈ এই বঁটা গ্ৰহণ কৰে সাহিত্যডট অৰ্গৰ সক্ৰিয় সদস্য ডা: উদ্দীপ তালুকদাৰে। একেটা অনুষ্ঠানতে অসমৰ আন এটা ৱেবচাইট ‘এনাজৰী ডট কম’ক জুৰীৰ বিশেষ বঁটা প্ৰদান কৰা হয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!