সৰু সৰু সঁচা কথা (গকুল ফুকন)

তিনি ছয় ওঠৰ

নামটো দেখি আচৰিতেই হৈছে চাগৈ! আচৰিত নহ’ব ই মোৰ আজিৰ কাহিনীটোৰ নায়কৰ পত্নীয়ে তেওঁক দিয়া উপনাম৷ মোৰ বন্ধু মানে স্কুলত তেওঁ মোতকৈ এটা শ্ৰেণীৰ পাচত পঢ়িছিল কিন্তু আমাৰ সম্বন্ধ বন্ধুত্বৰ৷ তেওঁ এনেজন ব্যক্তি যাৰ সান্নিধ্যত থাকিলে কোনো মানুহেই আমনি নাপাই৷ সকলো সময়তে যি কোনো পৰিস্থিতিকে হাঁহি মুখেৰে গ্ৰহণকৰিব পৰা আৰু কোনোদিন কাইলৈৰ কথা চিন্তা নকৰা ব্যক্তি মই আজিলৈকে পোৱা নাই৷ স্কুল পাচ কৰাৰ পাচত সি গুৱাহাটী কমাৰ্চ কলেজৰ পৰা বি.কম পাচ কৰিলে৷ ঘৰৰ তিনিজন ককায়েকৰ পাচত তাৰ জন্ম গতিকে সকলোৰে অতি মৰমৰ৷ ককায়েক বৌৱেকহঁতে বিচাৰে সি ঘৰলৈ ঘূৰি আহক কিন্তু তাৰ ঘৰলৈ অহাৰ মন নাই৷ ইতিমধ্যে সি ৰিজাৰ্ভ বেঙ্কৰ চাকৰি এটাৰ বাবে ইণ্টাৰভিউ দিছিল আৰু ভালো হৈছে গতিকে পোৱাৰ সম্ভাৱনা আছে৷ কিন্তু পাচ কৰাৰ পাচত ঘৰৰ পৰা পইচা বিছাৰিবলৈ লাজ৷ সেয়ে সি বিচাৰি এখন ফাৰ্মাচীত একাউণ্টচ চোৱাৰ চাকৰি এটা যোগাৰ কৰি ল’লে৷ দৰমহা মাহে ১০০০/- টকা৷ সস্তিয়া ভাড়াঘৰ বিচাৰি ৰেলৱে কলনীত ১৫০/- টকা ভাৰাত এটা ঘৰো বিচাৰি উলিয়ালে৷ ঘৰ মানে কি আৰু দুটা ঘৰৰ পানীপোটাত এখন নেওৰা লগাই পিচফালে এখন বেৰ আৰু সন্মুখত এখন দৰজা৷ ৰুমটোত এখন তক্তাপোচ যি ৰুমটো প্ৰায় গ্ৰাস কৰি আছে৷ তক্তাপোছ খনৰ এটা খুৰা ভগা তাৰ ঠাইত এটা বগী টিং দি ঠিয় কৰি থৈছে৷ ৰূমটোৰ আনটো মূৰত এখন টেবুল আছে আৰু টেবুলৰ ওপৰত এটা স্তভ যি বহুদিন ধৰি দিয়াশলাইৰ মূখ দেখা নাই৷ কাঁহি বাটিৰ নামত ঠাল এখন আৰু ষ্টীলৰ গিলাচ এটা আৰু এটা সৰু প্ৰেচাৰ কুকাৰ৷ আমাৰ বন্ধুৱে পুৱা উঠি প্ৰাতঃকৰ্ম্ম শেষ কৰিয়েই ওলাই যায়, যাওঁতে ৰাস্তাৰ কাষত একাপ চাহ আৰু কিবা এটা খাই দোকান পায়গৈ৷ দূপৰীয়া আৰু ৰাতি কোনোবা সস্তীয়া হোটেলত কিবা কিবি অলপ খাই ঘৰ পায়গৈ৷ জোতাযোৰ খুলিয়েই বিছনাত উঠে ৰাতিটোৰ বাবে৷

এদিনাখনৰ কথা৷ আমাৰ বন্ধু কামৰ পৰা আহি আছে এনেতে সন্মুখত দেখে এজন ওখ পাখ শিখ যুৱক৷ তেওঁ আমাৰ বন্ধুৰ বাল্যবন্ধু, এখন বাগানত এচিষ্টেণ্ট মেনেজাৰৰ চাকৰী কৰে৷ কিবা কামত গুৱাহাটীলৈ আহি এখন হোটেলত আছেহি৷ পুৰণি বন্ধুক ল’গ পাই তেওঁৰ ঘৰলৈ যোৱাৰ কথা ক’লে৷ বন্ধুৱে দেখে কথা বিষম ইয়াক লৈ গ’লে সকলো ফান্দা ওলাই পৰিব৷ তথাপি তেওঁ হাৰ মনা বিধৰ নহয়৷ গতিকে অলপদুৰ আগলৈ নি তেওঁক এটা ঠেক লেতেৰা গলিয়েদি লৈ যাব ধৰিলে৷ গলিটো দেখিয়েই বন্ধুৰ মন ভৰিল আৰু ক’লে “আজি নেযাওঁ দে আন কেতিয়াবা আহিম৷ আজি ব’ল মোৰ লগত হোটেলতে থাকিবি৷” বন্ধুও তল পৰা বিধৰ নহয় আৰু ক’লে “গলিটোহে বেয়া, ঘৰটো ভাল আৰু যথেষ্ট ডাঙৰ থকাত একো অসুবিধা নেপাৱ৷” ইজনে ক’লে “হ’ব দে পিচত কেতিয়াবা আহিম আজি মোৰ লগতে ব’ল৷” আমাৰ বন্ধুৱে মনে মনে ভালেই পালে আৰু হোটেললৈ ঘূৰি গ’ল৷ তাৰ ভাষাত “ভালেই পালো, বহুদিন ভালদৰে গা ধোৱাই নাছিলো গতিকে গিজাৰৰ গৰম পানিৰে মলিৰ চামনিটো গুচোৱাৰ লগতে ভাল বিছনাত এৰাতি শুবও পালো৷”

আন এদিনাখনৰ কথা৷ আন এজন তেওঁৰ বন্ধু ব্যৱসায় সংক্ৰান্তত গুৱাহাটিলৈ আহি তাক বিছাৰি ফাৰ্মাচি পালেহি৷ সেইদিনা মাহৰ ৫ তাৰিখ৷ ব্যৱসায়ী বন্ধুৱে আহি ক’লে যে তাৰ কিবা কাৰনত পইছা ক’ম হ’ল গতিকে টকা ৫০০/- ধাৰলৈ দিব লাগে৷ বন্ধুৰ ইজ্জতৰ কথা কাৰন আগতেই বাহাদুৰি মাৰি কৈ থৈছে যে সি চাকৰি কৰা ফাৰ্মখন পেইমেণ্টত বৰ ৰেগুলাৰ আৰু ১ তাৰিখে দৰমহা দি দিয়ে৷ গতিকে বন্ধুক পকেটত থকা ৭০০ টকাৰ ৫০০ টকা দি ক’লে “হ’ব যা যেতিয়া পাৰ দিবি৷” মুখেৰেহে ক’লে কিন্তু বাকি মাহটোৰ অৱস্থা অনুমান কৰিব পাৰিছেই৷
এনেদৰে কিছুদিন গ’ল৷ এদিন শুই থাকোতে ৰাতি হঠাৎ দুৱাৰত টোকৰ পৰিল৷ বন্ধুৱে উঠি দেখে ককায়েকৰ লগৰ দুজন শিক্ষক৷ বহুত বিছাৰি তাৰ ঘৰ ওলিয়াইছে৷ বন্ধুৱে লাজ লাগিলও ভাত পানী খালে নে নাই সুধিলে৷ তেওঁলোকে খাই অহা বুলি কোৱাত কম্বলখনকে মেৰিয়াই গাৰু কৰি দি শুই থাকিব ক’লে৷ আলহি কেইজনে ইমান বেয়াকৈ থকাৰ কাৰণ সোধাত সি ভাল ঘৰ নোপোৱাৰ কথা ক’লে আৰু মিচাকৈয়ে অহা মাহত এটা ভাল ডাঙৰ ঘৰলৈ যাব বুলি ক’লে৷ আটাই কেইজন শুই পৰিল৷ পিছনিশা এপাকত লগাই থোৱা বগী টিংতো বাগৰি গৈ বিছনাখন এঢলীয়া হৈ পৰিল৷ সি ক’লে “এনেকৈয়ে শুই থাকক অলপ পাচত ৰাতি পুৱাবই৷” এইবুলি ৰাতিটো পাৰ কৰি ৰাতিপুৱা ৰাস্তাৰ কাষৰ হোটেলত চাহ একোকাপ খুৱাই আলহীক বিদাই দিলে৷ দুদিনমান পাচত সি ভয় কৰাটোৱেই হ’ল, ককায়েকৰ বন্ধুকেইজনে তাৰ অৱস্থাৰ কথা ককায়েকক কলেগৈ আৰু ককায়েক আহি কানত ধৰি তাক গুৱাহাটিৰ পৰা লৈ গলহি৷

কিছুদিন ঘৰত থকাৰ পাচত বন্ধু গাওঁ পঞ্চায়তৰ একাউণ্টেন্ট চাকৰিত সোমাল৷ দৰমহা মাহে ৬০০/- টকা৷ চাকৰি পালে যেতিয়া ঘৰত বিয়া কৰাই দিলে৷ পত্নী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু একেই ধেমেলিয়া স্বভাৱৰ৷ কোনোবা বন্ধু-বান্ধৱ যদি ঘৰলৈ গৈ বন্ধুৰ কথা সোধে তেন্তে পত্নীয়ে হাঁহি সোধে, “তিনি ছয় ওঁঠৰ?” এনেদৰেই দিন বোৰ পাৰ হ’ল আৰু বন্ধু পত্নীৰ সন্তান প্ৰসৱৰ সময় হ’ল৷ বন্ধুৱে পত্নীক সুধিলে “অই পইচা পাতি আছে নে নাই? যদি আছে তেন্তে নাৰ্চিং হোমত ওলাবি নহলে গৰমেণ্ট হস্পিতেলত যাব লাগিব৷ “পত্নীয়ে মুখ ভেঙুচাই ক’লে” মই জানোৱেই গতিকে সকলো গোটাই থৈছো তুমি চিন্তা কৰিব নেলাগে৷”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!