এণ্ড্ৰইড এপ্‌ বিকাশৰ প্ৰথম প্ৰয়াস : "সুষম" – ত্ৰিদীপ কুমাৰ বৰুৱা

সুষম কি?

সুষম কোনো ইউনিক’ডত অসমীয়া লেখা সঁজুলি নহয়। সুষম জৰিয়তে ইউনিক’ডত অসমীয়া লিখিব পৰা নাযায়৷ সুষম হৈছে এটা সঁজুলি যাৰ জৰিয়তে অসমীয়া ইউনিক’ডত লিখা লিখনী সমূহত থকা বিভিন্ন খেলি-মেলি বিলাক আতৰ কৰি লিখনী বিলাকক এটা সুষম অৱস্থালৈ নিব পৰা এটা সঁজুলি৷ সাধাৰণতে আমি ব্যৱহাৰ কৰি থকা অসমীয়া লিখন সঁজুলি সমূহে প্ৰত্যেকে ভিন্ন-ভিন্ন প্ৰক্ৰিয়াৰে কাম কৰে আৰু এই বিভিন্ন সঁজুলি বিলাকৰ নিজৰ-নিজৰ বেলেগ-বেলেগ বৈশিষ্টৰ কাৰণে অসমীয়া লিখনী বিলাকত বিভিন্ন (লিখকৰ অলক্ষিতে) খেলি মেলি ৰৈ যায়৷ এনেধৰণৰ খেলি-মেলি বিলাকৰ কাৰণে অসমীয়া লিখনি সমূহ ভাগ-ভাগ হৈ পৰিছে৷
বহু ক্ষেত্ৰত দেখা যাই যে ইউনিক’ড পদ্ধতি ব্যৱহাৰ কৰি লিখা অসমীয়া লিখনিত “ৰ” সংযুক্ত থকা যুক্তাক্ষৰত ব্যৱহাৰ কৰা “ৰ” টো অসমীয়া “ৰ” নকৰি বঙালী “র” ব্যৱহাৰ কৰা হয়৷ যেনে “প্ৰ” লিখিবৰ কাৰণে “প + ৰ” ব্যৱহাৰ কৰিও লিখিব পাৰি আৰু “প + র” ব্যৱহাৰ কৰিও লিখিব পাৰি৷ বহুটো বঙালী মূলৰ চফ্টৱেৰে জোৰ-আকাৰে (Link) দিব লগীয়া ‘ৰ’ টো বঙালী ‘র’ বহুৱাই দিয়ে যিহেতু সেই ‘র’ টো দেখা পোৱা নাযাই কিন্তু যুক্তাক্ষৰ টো ঠিকেই দেখা পোৱা যাই৷ ইয়াৰ উপৰিও “ড়”, “ঢ়”, “য়” আখৰ কেইটাৰ ক্ষেত্ৰত কিছুমান খেলিমেলি ৰৈ যাই যিটো সাধাৰণ লিখোঁতা জনৰ চকুত নপৰে বা ধৰা নিদিয়ে৷ ঠিক সেইদৰে লিখাবলৈ ব্যৱহাৰ কৰা চফ্টৱেৰৰ ওপৰত ভীতি কৰি “ো” আৰু “ৌ” লিখোঁতে ইয়াৰ গঠন ভিন্ন চফ্টৱেৰৰ বেলেগ-বেলেগ হোৱা দেখা যাই৷
ওপৰোক্ত সমস্যা বিলাকৰ বাবে অসমীয়া লিখনি সমূহ ভাগ-ভাগ হৈ পৰিছে আৰু যাৰ ফলত ইণ্টাৰনেটত চাৰ্ছ-ইঞ্জিনত (Search-engine) কোনো তথ্য বিচাৰিলে সকলো বিলাক তথ্য বিচাৰি নাপাই৷ বহু ক্ষেত্ৰত কিছু অসমীয়া লিখনী ইণ্টাৰনেট চাৰ্ছ-ইঞ্জিন (Search-engine) বিলাকে বঙালী তালিকাৰ অন্তৰ্ভুক্ত কৰা দেখা যাই৷
সুষম হৈছে ইউনিক’ড পদ্ধতিৰ বিভিন্ন লিখন সঁজুলিৰে লেখা অসমীয়া লিখনী বিলাকত থকা উপৰোক্ত খেলি-মেলি বিলাক আঁতৰাই অসমীয়া লিখনীক এক সুষম আৰু সম্পূৰ্ণ অসমীয়া পৰ্য্যায়লৈ নিব পৰা এটা অতিকে সহজ সঁজুলি৷
আহক আমি অসমীয়া ইউনিক’ড লিখনী সমূহ বঙালী “র” মুক্ত কৰোঁ৷
ডাউনল’দ লিংক:https://play.google.com/store/apps/details?id=com.logicmaker.xuxam
নতুবা গুগল-প্লে-স্ট্‌’ৰলৈ (Google Play Store) গৈ “সুষম” বা “XUXAM” সন্ধান কৰক৷
“সুষম” ব্যৱহাৰৰ হাতপুথি: https://www.dropbox.com/s/xqa0smuinxdjusy/XUXAM_MANUAL.pdf?dl=0

10422475_1087581634603870_9181068316782834511_n

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!