Zomato যুগত ভাৰত, Nvidia যুগত আমেৰিকা: পাৰ্থক্য ক’ত?
লেখক- মধুৰ বৰা
Nvidia এটা আমেৰিকাৰ কোম্পানী, Apple বা Google ৰ নিচিনা কিন্তু ই এটা সাধাৰণ কোম্পানী হৈ থকা নাই। ২০২৫ চনৰ শেষভাগত, Nvidia বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে আত্মপ্ৰকাশ কৰিছে, শ্বেয়াৰ বজাৰৰ মূল্যৰ হিচাপত। যাৰ বজাৰ মূল্যই Google, Microsoft আৰু Appleৰ দৰে প্ৰযুক্তি কোম্পানী বোৰক অতিক্ৰম কৰিছে। ইয়াৰ মূল্যায়নে $5 ট্ৰিলিয়নৰ দৰে ঐতিহাসিক সীমা অতিক্ৰম কৰি, বিশ্বৰ সৰ্বাধিক মূল্যৱান কোম্পানী হিচাপে স্থান দখল কৰিছে ( ২০২৫ চনত ভাৰতৰ অৰ্থনীতিৰ মূল্য আছিল ৪ ট্ৰিলিয়ন) । ১৯৯৩ চনত আমেৰিকাত স্থাপিত Nvidiaএ উচ্চমানৰ ছেমিকণ্ডাক্টৰ চিপ ডিজাইন কৰে, যিবোৰ কৃত্ৰিম বুদ্ধিমত্তা (AI), ছুপাৰ কম্পিউটাৰ, চিকিৎসা প্ৰণালী (ৰবটিক চিকিৎসা, বডী ইমেজিং), স্বয়ংচালিত গাড়ী আৰু আধুনিক সুৰক্ষা ব্যৱস্থাত ব্যৱহাৰ হয়। ChatGPT দৰে যিকোনো ডাঙৰ AI প্ৰযুক্তিগত উন্নতিৰ আঁৰত প্ৰায় সদায়ে Nvidiaৰ চিপ থাকে। ভৱিষ্যৎ প্ৰযুক্তি সৃষ্টি কৰাৰ বাবে ই বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানীবোৰৰ এটা হৈ উঠিছে।
ইয়াৰ বিপৰীতে, ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাই থকা কোম্পানীবোৰৰ মাজত আছে Zomato—এটা খাদ্য ডেলিভাৰী আৰু ৰেষ্টুৰেণ্ট-গ্ৰাহকৰ সংযোগ প্লেটফৰ্ম। ২০২৫ বৰ্ষত ভাৰতীয় শ্বেয়াৰ বজাৰত সৰ্বাধিক মুনাফা ( প্ৰায় ৭০ শতাংশ) লাভ কৰিছিল এই কোম্পানীয়ে। Zomatoৰ বৰ্তমান বজাৰ মূল্য ৩ লাখ কোটি টকা।
এই দুয়োটা কোম্পানীৰ তুলনা কাকতলীয় নহয়। ই আমেৰিকা আৰু ভাৰতৰ অৰ্থনীতিৰ মাজৰ এটা মৌলিক পাৰ্থক্য স্পষ্ট কৰে— অৰ্থনীতিৰ আৰু সামাজিক উন্নতি কিদৰে হয়, বিনিয়োগ ক’ত হয়, আৰু ভৱিষ্যৎ কিমান মজবুত হৈছে।
আমেৰিকাই GDPৰ ৩% ৰো অধিক গৱেষণা আৰু প্ৰযুক্তিৰ উন্নয়ন (Research & Development)ত ব্যয় কৰে। ইয়াৰ ফলত Nvidia, Intel, Tesla, Google আদি কোম্পানীয়ে প্ৰযুক্তিগত উদ্ভাৱন কৰি উলিয়াইছে আৰু ইয়াৰ পৰা বাণিজ্যিক লাভ ল’ব পাৰে।
ভাৰতত R&D ত ব্যয় GDP ৰ ১% ৰো কম। সেয়ে ভাৰতীয় ষ্টাৰ্টআপসমূহে নতুন প্ৰযুক্তি সৃষ্টি কৰাৰ সলনি ব্যৱসায়িক মডেল উন্নত কৰাত গুৰুত্ব দিয়ে— দ্ৰুত ডেলিভাৰী, সহজ পেমেণ্ট, সস্তা সেৱা। এইটোয়েই ব্যাখ্যা কৰে কিয় ভাৰতত বহু জনপ্ৰিয় এপ আছে কিন্তু বিশ্ব ব্যাপি গ্লোবেল প্ৰযুক্তি কোম্পানী অতি কম।
গিগ অৰ্থনীতি, Zomato আৰু দীপিন্দৰ গোয়েল
গিগ অৰ্থনীতি (Gig economy) কি?
গিগ অৰ্থনীতি হৈছে এনে এটা বজাৰ ব্যৱস্থা, য’ত কৰ্মীসকলে স্থায়ী চাকৰিৰ পৰিৱৰ্তে স্বল্পম্যাদী আৰু কাম-ভিত্তিক (task-based) কৰ্মত নিয়োজিত হয়। এই ব্যৱস্থাত কৰ্মচাৰীসকল সাধাৰণতে প্ৰতিটো কাম বা Gig ৰ মজুৰি পায় আৰু অধিকাংশ ক্ষেত্ৰতে তেওঁলোকে বেতনভুক্ত কৰ্মচাৰী নহয়, বৰঞ্চ স্বতন্ত্ৰ কৰ্মী (independent contractor) হিচাপে নিয়োজিত হয়।
গিগ কৰ্মীৰ উদাহৰণ—
খাদ্য ডেলিভাৰী (Zomato, Swiggy)
টেক্সি সেৱা (Ola, Uber, Rapido)
ঘৰুৱা সেৱা (Urban Company)
ভাৰত আজিৰ তাৰিখত বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা গিগ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ মুখ্য কাৰণসমূহ হ’ল—
১.স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ ব্যাপক প্ৰচাৰ
২.বৃহৎ জনসংখ্যাৰ অধিকাংশৰ বয়স ৩৫ বছৰতকৈ কম ( অন্য কথাত ক’ব গ’লে বৃহৎ সংখ্যক নিবনুৱা যুৱক)। আৰু এইসকলৰ বেছিভাগকেই সঠিক মূল্যৰ কৰ্মসংস্থান যোগাৰ কৰিবলৈ চৰকাৰো অপাৰগ বা নিজৰো বিশেষ যোগ্যতাৰ অভাৱ ( অন্য কথাত কব গলে এক বৃহৎ Cheap Labourৰ উপস্থিতি)
৩. নগৰীকৰণ আৰু ডিজিটেল প্লেটফৰ্ম-ভিত্তিক এপৰ বৰ্ধিত চাহিদা ( আজিকালি Zomato আৰু Swiggyৰ ডেলিভাৰী আছে মানে নগৰ অঞ্চলত বাস কৰা বুজায়)
অনুমান অনুসাৰে, ভাৰতত বৰ্তমান ১.৫ কোটি গিগ কৰ্মী আছে আৰু অহা দশকত এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
শ্ৰীদীপিন্দৰ গোয়েল আৰু Zomato-ৰ উত্থান
২০০৮ চনত, IIT দিল্লীৰ প্ৰাক্তন শিক্ষাৰ্থী দীপিন্দৰ গোয়েলে Zomatoৰ প্ৰতিষ্ঠা কৰে। আৰম্ভণিতে এই ষ্টাৰ্টআপৰ নাম আছিল FoodieBay। অন্য এক কোম্পানীত কৰ্মৰত গোয়েলে লক্ষ্য কৰিছিল যে সহকৰ্মীসকলে দৈনিক দুপৰীয়াৰ আহাৰৰ বাবে ৰেষ্টুৰেণ্ট বিচাৰি সমস্যাত পৰে। এই সমস্যাৰ সমাধান হিচাপে, তেওঁ ৰেষ্টুৰেণ্টৰ মেনুসমূহ ডিজিটেল ৰূপত এটা এপত উপস্থাপন কৰাৰ উদ্যোগ লয়। ধীৰে ধীৰে এই প্লেটফৰ্মে কেৱল ৰেষ্টুৰেণ্ট সন্ধান দিয়াৰ পৰা এক পূৰ্ণাঙ্গ অনলাইন খাদ্য অৰ্ডাৰিং আৰু ডেলিভাৰী ব্যৱস্থালৈ পৰিৱৰ্তিত হয়। FoodieBay-ৰ নাম সলনি কৰি Zomato ৰখা হয় আৰু ২০১৭ চনত, Zomato-এ ইউনিকৰ্ণ ষ্টাৰ্টআপ (এনে ষ্টাৰ্টআপ যাৰ বজাৰ মূল্য ১ বিলিয়ন ডলাৰতকৈ বেছি ) হিচাপে স্বীকৃতি লাভ কৰে। পৰৱৰ্তী সময়ত Blinkit অধিগ্ৰহণ কৰি কুইক-কমাৰ্চ ( ১০ মিনিটত সামগ্ৰী ডেলিভাৰী) ৰ ক্ষেত্ৰত প্ৰৱেশ কৰে। ২০২১ চনত Zomato প্ৰায় ৯০০০ কোটি টকাৰ IPO-ৰ ( IPO ৰ বিষয়ে বেলেগ এদিন পাতিম) জৰিয়তে ভাৰতীয় ষ্টক বজাৰত প্ৰৱেশ কৰাটো ভাৰতীয় ষ্টাৰ্টআপ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ মাইলষ্টোন । বৰ্তমান Zomato ৩ লাখ কোটি টকাৰ কম্পেনী হিচাপে পৰিগণিত হৈছে। Zomato ২০২৫ বৰ্ষত আছিল ভাৰতীয় শ্বেয়াৰ বজাৰত সৰ্বাধিক লাভ অৰ্জন কৰা এটা কম্পেনী । বৰ্তমান Zomato-এ প্ৰায় দৈনিক ১ কোটি অৰ্ডাৰ ডেলিভাৰী কৰে আৰু ভাৰতৰ শীৰ্ষ খাদ্য ডেলিভাৰী প্লেটফৰ্ম হিচাপে পৰিচিত।
Zomato আৰু গিগ অৰ্থনীতি:
Zomato ভাৰতত গিগ অৰ্থনীতিৰ দ্ৰুত বিস্তাৰৰ এক প্ৰধান কাৰক। বৰ্তমান ৪ লাখতকৈ অধিক ডেলিভাৰী পাৰ্টনাৰ ইয়াৰ লগত সংযুক্ত । COVID-19 মহামাৰীৰ পিছত হোম ডেলিভাৰীৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত, Zomatoএ লাখ লাখ কৰ্মীক এই ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব পৰিছে।
২০২৫ চনত, প্লেটফৰ্ম-ভিত্তিক গিগ অৰ্থনীতিৰ কামকাজে ভাৰতৰ GDP-ত প্ৰায় ১.২৫% অৱদান আগবঢ়াব বুলি অনুমান কৰা হৈছে আৰু প্ৰায় ৮০ লাখ চাকৰিৰ সৃষ্টি কৰিব পৰিছে।
Zomato-ৰ ব্যৱসায়িক মডেলটো এই কম মূল্যত কাম কৰা গীগ কৰ্মীসকল আৰু বৃহৎ পৰিসৰত গ্ৰাহকক কম সময়ৰ ভিতৰত সেৱা উপলদ্ধ কৰোৱাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। Zomato ডেলিভাৰী পাৰ্টনাৰসকলে নিজৰ কামৰ সময়, এলেকা আৰু কৰ্মভাৰ নিজেই নিৰ্বাচন কৰিব পাৰে। এই ব্যৱস্থাই বিশেষকৈ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ নিবনুৱা যুৱক-যুৱতীক এই কামৰ প্রতি অতি আকৰ্ষিত কৰি তুলিছে। ইয়াৰ ফলত নগৰীয়া শ্ৰম ব্যৱস্থাত এক নতুন পৰিৱৰ্তন দেখা গৈছে।
গিগ অৰ্থনীতিৰ সুবিধাসমূহ:
নিজৰ সময় অনুযায়ী কাম কৰাৰ সুবিধা
অতি কম শিক্ষাগত যোগ্যতাৰে কাম কৰাৰ সুযোগ
বৰ্ধিত নগৰীয় খৰছ কমাবলৈ আয়ৰ বিকল্প উৎস
ই-কমাৰ্চ, খাদ্য সেৱা আৰু ডিজিটেল পেমেণ্টৰ উন্নতি
ক্লাউড কিটচেন তথা নতুন নতুন ৰেষ্টুৰেণ্ট আৰু ইয়াৰ লগতে জীৱিকা সৃষ্টি।
ভাৰত চৰকাৰেও এই ক্ষেত্ৰটোক দৰিদ্ৰতা হ্ৰাস আৰু কৰ্মসংস্থাপন সৃষ্টিৰ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে গণ্য কৰি এনে ষ্টাৰ্টআপ বোৰক উৎসাহিত কৰিবলৈ ব্যৱস্থা কৰিছে।
ক্ষতিকাৰক দিশ আৰু সমস্যাসমূহ:
গিগ অৰ্থনীতিৰ সৈতে কিছুমান গুৰুতৰ সমস্যাও জড়িত হৈ আছে।
ডেলিভাৰী এজেণ্টসকলৰ পথ দুৰ্ঘটনা আৰু জীৱনৰ ভাবুকি। ( এজন সমালোচকে কোৱাৰ দৰে “এই এপ বোৰ হৈছে নগৰৰ ধনীক শ্ৰেণীৰ জিভাৰ লোভ পাতলাবলৈ দেশৰ নিবনুৱা যুৱক সকলক তৰানৰা চিঙি দৌৰিবলৈ এটা সামান্য মাননি দি প্ৰলোভিত কৰা এক ব্যৱস্থা”)
অনিশ্চিত আৰু সামান্য উপাৰ্জনৰ বাবে ১০–১২ ঘণ্টীয়া দীঘলীয়া কৰ্মসময়
হঠাৎ ইনচেণ্টিভ হ্ৰাসৰ ফলত আয় কমি যোৱা
চাকৰিৰ নিৰাপত্তা শূন্য , শূন্য ছুটি (বেতন যুক্ত) আৰু সামাজিক সুৰক্ষাৰ অভাৱ।
Zomato-ৰ CEO দীপিন্দৰ গোয়েলে এই ব্যৱস্থাক সন্মানীয় কাম (Decent work) বুলি দাবী কৰিলেও, এই দাবীৰ বিৰুদ্ধে Zomato-ৰ কৰ্মী সকলৰ একাংশই তীব্ৰ প্ৰতিবাদ জনাইছে। ২০২৫ চনৰ ৩১ ডিচেম্বৰত দেশজুৰি ৪০ হাজাৰতকৈ অধিক গিগ কৰ্মীয়ে ধৰ্মঘটত অংশ লৈ নূন্যতম মজুৰি আৰু সামাজিক সুৰক্ষাৰ দাবী উত্থাপন কৰে।
এপ নিয়ন্ত্ৰিত অৰ্ডাৰ বিতৰণ, ৰেটিং, ইনচেণ্টিভ আৰু জৰিমানাৰ ব্যৱস্থাই, পুনৰ্বিবেচনাৰ সুযোগ হ্ৰাস কৰে আৰু গিগ কৰ্মী সকলৰ অধিকাংশৰে নিম্ন শিক্ষাৰ সুবিধা লৈ ডিজিটেল শোষণৰ আশংকা বৃদ্ধি পাইছে ।
ভৱিষ্যতৰ পথ:
ভাৰতত বৰ্তমান গিগ কৰ্মীসকলক আনুষ্ঠানিক কৰ্মচাৰী হিচাপে গণ্য কৰা নহয়। তথাপিও, ২০২০ চনৰ সামাজিক সুৰক্ষা সংহিতা (Code on Social Security)-ই প্ৰথমবাৰৰ বাবে গিগ আৰু প্লেটফৰ্ম কৰ্মীক স্বীকৃতি দিয়ে আৰু প্লেটফৰ্মসমূহক গিগ কৰ্মীসকলৰ কাৰণে কৈল্যাণমূলক পুঁজি আগবঢ়োৱাৰ দায়িত্ব আৰোপ কৰিছে। কিন্তু ইয়াৰ ৰূপায়ণ এতিয়াও অসম্পূৰ্ণ।
Zomato-ৰ সফলতাই প্লেটফৰ্ম পুঁজিবাদৰ শক্তি আৰু সম্ভাৱনা স্পষ্ট কৰি তুলিছে কিন্তু একে সময়তে বৃহৎ পৰিসৰৰ গিগ অৰ্থনীতিৰ উত্থানে শ্ৰমৰ মৰ্যাদা আৰু মূল্যও কমাই আনিছে নেকি ?? Zomato-ই খাদ্য ডেলিভাৰী ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছে হয় কিন্তু গিগ কৰ্মীসকলক ন্যায়সংগত মজুৰী, সামাজিক সুৰক্ষা প্ৰদান কৰাও Zomato ৰ নৈতিক দ্বায়িত্ব । গতিকে ভাৰতৰ গিগ অৰ্থনীতিৰ ভৱিষ্যৎ কেৱল অৰ্থনৈতিক লাভ আৰু চাকৰিৰ সংখ্যা বৃদ্ধিৰ ওপৰত নহয়, বৰঞ্চ Zomatoৰ দৰে কোম্পানীয়ে লাভ আৰু গিগ কৰ্মীসকলৰ অধিকাৰৰ সুৰক্ষাৰ মাজত কেনেদৰে সমন্বয় স্থাপন কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব।
