জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ [নিন্দুক আৰু অনুৰাগীৰ প্ৰসংগক সামৰি়] ( পংকজ জ্যোতি মহন্ত)

নিন্দুক-প্ৰজন্মৰ বাবে নিশ্চয়কৈ এটা সুখৰ বতৰা যে ড° ভূপেন হাজৰিকাক থেকেচি আজৰি হবলৈ নাপাওঁতেই একেটা কামৰ বাবে অভাৱ অনুভৱ নকৰাকৈ তেওঁবিলাকে আন এজন মানুহ লাভ কৰিলে। আৰু সেই মানুহজনেই হ’ল— জুবিন গাৰ্গ। ড° ভূপেন হাজৰিকাই আনকি ভমকা চেক থকা ছাৰ্ট পিন্ধি ভাল পোৱাটো বা জীৱনৰ শেষৰ সময়ত গীত ৰচনা কৰি পৰিৱেশন কৰাটোক লৈয়ো নিন্দুকে অভিযোগ উত্থাপন কৰিছিল। মৃত্যুৰ তিনিবছৰমান পূৰ্বে এবাৰ, ড° ভূপেন হাজৰিকাই এতিয়া মঞ্চত গাবলৈ যোৱা উচিত নে অনুচিত, তেওঁক কোনোবাই গান গাবলৈ উচটাই নিজে জোল খাইছে নেকি— এনেকুৱা ধৰণৰো উৎপাত বিতৰ্ক চলিছিল। তেতিয়া তেওঁ টানকৈয়ো কব লগা হৈছিল— ড° ভূপেন হাজৰিকাৰ শ্ৰোতা নোহোৱা হৈ গ’ল নেকি? মই তেতিয়াৰ দিনতে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লোৱা, আনে মোক তেনেকুৱা কৰি আছে বুলি কিছুমানে কিয় ভাবিব পাৰিছে —এনেধৰণৰ! কবি কুশল দত্তই লোৱা এটি সুদীৰ্ঘ সাক্ষাৎকাৰত ড° দীলিপ কুমাৰ দত্তই প্ৰকাশ কৰিছিল যে আজিৰ পৰা ৩৫ বছৰৰ আগতে তেওঁ প্ৰথমবাৰৰ বাবে বহু কষ্টেৰে ড° ভূপেন হাজৰিকাৰ গীতৰ সংগ্ৰহ এটি যুগুতাই প্ৰকাশ কৰিবলৈ লৈ কোনো অসমীয়া প্ৰকাশক বিচাৰি পোৱা নাছিল। ইতিমধ্যে ড° দত্তৰ আন এখন কিতাপ এটি প্ৰকাশকে পটকৈ প্ৰকাশ কৰি উলিয়াইছিল যদিও “ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ” শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰিবলৈ সকলো প্ৰকাশকে ভয় কৰিছিল। কাৰণ কিতাপখনৰ ভলিউমটো ডাঙৰ আছিল আৰু সেই সময়ত ড° ভূপেন হাজৰিকাৰ বিষয়ে বহুতে বেয়াকৈ লিখিছিল, তেওঁক কৰা আক্ৰমণৰ সীমা নাছিল। অৱশেষত কলিকতাৰ এটি প্ৰকাশনেহে কিতাপখন প্ৰকাশ কৰিছিল। [গণিত, সংগীত, যৌনশিক্ষা আদি ভালেকেইটা বিষয় আলোচিত প্ৰায় ৩০ পৃষ্ঠা দৈৰ্ঘ্যৰ সম্পূৰ্ণ সাক্ষাৎকাৰটি gonitsora.com এই পৃষ্ঠাটোত পঢ়িব পাৰিব— http://as.gonitsora.com/an-interview-with-dr-dilip-kumar-dutta/] কিন্তু আজি, ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত, সমাধিক্ষেত্ৰ সংকুচিত হৈ পৰিলেও বা সমাধিস্থল নিৰ্মাণ নোহোৱাকৈ কেইবাবছৰ পৰি থাকোঁতে সজোৰে আপত্তি কৰা মানুহ সীমিত হ’লেও তেওঁৰ বন্দনাৰ পৰিৱেশটো কিন্তু সম্পূৰ্ণ ওলোটা। আনকি আনক হেয় কৰাৰ বাবেও যেন ড° ভূপেন হাজৰিকা আজি এক অস্ত্ৰ। ইফালে, ইঠাইৰ পাছত সিঠাইত তেওঁৰ মূৰ্ত্তি নিৰ্মিত হৈ গৈ থকা অৱস্থাতো তেনে ধনেৰে তেওঁৰে মূল্যৱান প্ৰবন্ধসমূহৰ সংগ্ৰহ এটি প্ৰকাশ কৰি সুলভ দামত বিলাই দিয়াৰ প্ৰচেষ্টা দেখিবলৈ পোৱাতো নিশ্চয় সপোনতো অসম্ভৱ। আৰু এনে এখন সমাজৰে এচামে আজি থেকেচা দিবলৈ লোৱা এটি প্ৰতিভা হ’ল জুবিন গাৰ্গ। কোনো মঞ্চত হুচৰি প্ৰতিযোগিতাত ভাগ ল’বলৈ যোৱা ডেকা-গাভৰুৰ দল এটাকো শিল্পীৰ দল বুলি লিখা কাকতেও জুবিন গাৰ্গক শিল্পী বুলিবলৈ নাৰাজ। তেওঁৰ অভূতপূৰ্ব জনপ্ৰিয়তাত অতিষ্ঠ হৈ নিন্দুকবিলাকে আনকি অনুৰাগীসকলকো “অন্ধ-সমৰ্থক”, “অন্ধ-অনুৰাগী” আদি শব্দেৰে ব্যংগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। “অন্ধ-অনুৰাগী” শব্দটো ইতিপূৰ্বে কেৱল আৰু এজন মানুহৰ ক্ষেত্ৰতহে ব্যৱহাৰ হোৱা আমি দেখিবলৈ পাইছিলোঁ (যথেষ্ট কম পৰিমাণে হ’লেও), সেইজন মানুহ হ’ল— হোমেন বৰগোহাঞি। এই শব্দ দুটা প্ৰচলন কৰা নিন্দুকবোৰলৈ মন কৰিলে দেখা যায় যে তাৰ প্ৰতিজনেই প্ৰধানকৈ হয় ৰাজনৈতিক সংবাদদাতা নহয় ৰাজনৈতিক আলোচক হিচাপে প্ৰধানকৈ জীৱিকা উলিওৱা মানুহকেইটা, তেওঁলোকৰ পৰিচয় ৰাজনৈতিক। নিজস্ব স্বাৰ্থ, দৰ্শন বা ঈৰ্ষাৰে বিশেষ একোটা ৰাজনৈতিক দল বা কোনো ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত আবদ্ধ থাকি এইসকল ভৃত্তৰ যি ৰাজনৈতিক অন্ধ আনুগত্য আছে সেই আনুগত্যৰ লগত তেওঁলোকে সৃষ্টিশীল বস্তুৰ প্ৰতি মানুহৰ প্ৰাণত থকা আনুগত্যৰ প্ৰসংগক একাকাৰ কৰি পেলাইছে। সেইবাবে একোটা সৃষ্টিৰ প্ৰতি আৰু একোজন সৃষ্টিশীল মানুহৰ প্ৰতি আনুগত্য কেনেকৈ আহে সেইয়া এটা অতি ব্যক্তিগত অভিজ্ঞতাৰ জৰিয়তে চাব বিচাৰিছোঁ।

মাজুলীৰ আহতগুৰি মৌজাত গঢ়লৈ উঠা যিকেইটা স্থানত শৈষৱ কটাই খহনীয়াত ঠাই সলাই সলাই আমি ওলাই আহিছিলোঁ সেই স্থানবোৰত বাস কৰা লগৰ ল’ৰা-ছোৱালী বা সকলো চিনাকী মানুহৰ ভিতৰত কেৱল আমাৰ ঘৰখনৰ ইতিমধ্যে স্নাতকোত্তৰ ডিগ্ৰী লোৱা দুজন আৰু বৰ্তমান স্নাতকোত্তৰ শ্ৰেণীত থকা এজনক ধৰি আমি মুঠ তিনিটা ল’ৰা-ছোৱালীক বাদ দি আজি পৰ্যন্ত এজনো চিকিৎসক, অভিযন্তা, উকীল বা স্নাতকোত্তৰ ডিগ্ৰী লোৱা মানুহ নাই। বাকী কাৰোৱে আনকি বি.এছ.চি.ও নাই, যেনেতেনে অলপ দূৰণিলৈ গৈ পাছক’ৰ্চ লৈ বি.এ. পাছ কৰা চাৰিজনমান আছে। আনকি আজিৰ পৰা দহ বছৰ আগলৈকে স্বচক্ষে দেখা কথা— হাইস্কুল উত্তীৰ্ণ হ’ব পৰাটো বহু ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকে সাৰ্থক হ’ব পৰা সৰ্বোচ্চ সপোন যেন ভাবিছিল। কথাটো উল্লেখ কৰাৰ কাৰণ হ’ল— শিক্ষিত মানুহ নাই বাবেই সেই ঠাইবোৰত “সমাজ”ৰ কিছুমান অতি বেয়া দিশ খুউৱ সৰুতেই দেখিছিলোঁ, বিশেষকৈ দেখিছিলোঁ মানুহৰ স্বপ্নৰ সীমাবদ্ধতা, খুৱ দুখ লগাকৈ। কিন্তু শিক্ষিত সমাজলৈ অতি হেঁপাহেৰে অহাৰ পাছত অতি আচৰিত হোৱাকৈ দেখিবলৈ পালোঁ মানুহৰ আন কিছুমান নিকৃষ্ট দিশ। পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ মাজলৈ নিজৰ ঘৰৰ পৰা বেলেগ ঠাইত ৰাখি মোক পঢ়ুৱাইছিল। আৰু সেই স্থানত শুনিবলৈ আৰু দেখিবলৈ পাইছিলোঁ কেইবাটাও আত্মহত্যাৰ ঘটনা— আত্মহত্যাৰ ঘটনাবোৰ ভয়াবহ বুলি নধৰিলেও অতি ভয়াবহ আছিল তাৰ পাছত সমাজখনে বা মানুহবোৰে দেখুওৱা প্ৰতিক্ৰিয়া! এই প্ৰতিখন সমাজতেই কিন্তু “সংস্কৃতি ৰক্ষাৰ সংগ্ৰাম” ঠিকেই চলিছিল— কাৰ ঘৰত প্ৰথমে হুঁচৰি আৰম্ভ কৰিব সেই লৈ কাজিয়া; খেল খেল ভাগ; বেলেগ খেলৰ ঘৰত সকাম খালে দণ্ড; দিনত “চাকি” জ্বলোৱা ঘৰে নজ্বলোৱা ঘৰক বা নজ্বলোৱা ঘৰে জ্বলোৱা ঘৰক অহৰহ ইতিকিং কৰিবলৈ চল বিচৰা; দুখীয়া ঘৰে যাৰ ঘৰলৈ যোৱা বাবে “সমাজ”ত দণ্ড ভৰিব লগা হ’ল সেই দণ্ডৰ পৰিমাণটো নিজে গোটাব নোৱাৰি সেইঘৰৰ পৰাই ধাৰে লৈ বাৰে বাৰে ৰাইজক দিয়াৰ পৰিস্থিতি; অভিনয় কোনেও নাজানিলেও “মূল ভাও”টো কাক দিব তাক লৈ চক্ৰান্ত; নামঘৰৰ উত্তপ্ত তৰ্কা-তৰ্কীৰ মাজত কোনোবাই “আজিৰ পৰা মই সিখেলৰ হ’লো” বুলি গোৰগোৰাই উঠি যোৱা; ভকতৰ সেঁৱা-বৰঙণি ল’বলৈ আহি নামঘৰৰ ছোঁঘৰত সপ্তাহৰ বাবে বাস কৰা দূৰণিৰ সত্ৰাধিকাৰ নে আলধৰাৰ ওচৰলৈ স্কুলৰ পৰা বাহিৰে বাহিৰে মিঠৈ খাবলৈ যোৱা ছাত্ৰ-ছাত্ৰীবোৰক হাতেৰে নোচোৱাকৈ ওপৰৰ পৰা মিঠৈ দিয়া দেখি নিজেও হাত দুখন তলত পতি ধৰাৰ অৱস্থাত কোনোবা এজনে “ককা/প্ৰভু, এইটো গোঁসাই ল’ৰা, চুব পাৰিব” বুলি কলে সত্ৰাধিকাৰ/আলধৰাই একেবাৰে বাহুত সাবটি ধৰি হাততে হাত লগাই মৰমেৰে মিঠৈ দিয়া— এই সকলোবোৰ নিয়াৰিকৈ প্ৰতিখন সমাজতে চলি আছিল। তাৰোপৰি সিঠাইৰ পৰা ইঠাইলৈ আহি বসতি পাতোঁতে পুৰণা বাসিন্দাই দিয়া যন্ত্ৰণাবোৰ, আমাৰ দেশৰে স্থায়ী বাসিন্দা একোজনক “অবৈধ বাংলাদেশী” বুলিলে যি যন্ত্ৰণা পায়, প্ৰায় ঠিক তেনেধৰণৰে আছিল। এই সামাজিক কথাবোৰৰ লগতে যোগ হ’ল সৰু ল’ৰা হিচাপে ব্যক্তিগতভাৱে মুখামুখি হোৱা বহু নিকৃষ্ট অভিজ্ঞতা। তাৰ মাজতে আছিল প্ৰতিটো স্থানৰ ভাল দিশবোৰ, প্ৰধানকৈ প্ৰাকৃতিক আৰু যোগযোগ সম্পৰ্কীয় দিশবোৰে কৰা পৃথক পৃথক প্ৰবল আকৰ্ষণ। আৰু সেইবাবেই অতি বেয়া দিশবোৰে দিয়া যন্ত্ৰণা আৰু আতংকই কিশোৰ-মনত অহৰহ সৃষ্টি কৰিবলৈ ধৰিলে সংঘাত। তাৰ মাজতেই আহিল মেট্ৰিক পৰীক্ষা! সন্তানৰ সু-ভৱিষ্যতৰ হাজাৰ সপোন দেখি শিক্ষাৰ পৰিৱেশহীন সমাজৰ পৰা বহু কষ্টেৰে ওলাই আহি মা-দেউতাই চলালে নিজৰ চেষ্টা। পুৰণা ঠাইৰ পৰা উঠি আহিবলৈ ঘৰ ভঙা, বস্তু-বাহানি বন্ধা, নাঁৱত বোজাই কৰা, নাঁৱত অনা আদি কামত ধন দিলেও কোনো লাগি নিদিয়া হ’ল; সকলোৰে মত— “ইয়াত থাকিলে টকা নোহোৱাকৈয়ে সকলো কৰি দিম, ইয়াৰ পৰা গ’লেগৈ কাকো কাম কৰি দিবলৈ নিদিওঁ”। দুগুণ ধনতো মান্তি নহয় কেতিয়াবা। মথাউৰি পাৰ নোহোৱাকৈ কিছুমান মানুহ অলপ উন্নত ঠাইলৈ যায়, তেতিয়াও কাম কৰি দিব, কিন্তু মথাউৰি পাৰ হ’লে কাম কৰি নিদিয়ে! ইফালে বহুত ধন দিবলৈ ইমান ধনৰো গৰাকী নহয়; চাপৰিত আত্ম-গোপনৰ নামত অলস জীৱন কটোৱা এদলে ইতিমধ্যে চলাইছিল ডকাইতি। মা-দেউতাই পোৱা এনে বহু যন্ত্ৰণাৰ শেষত পৰীক্ষাৰ বাবে লোৱা যত্ন কিছু কাঢ়াই হৈ পৰিল 🙂 । প্ৰকৃতিৰ সান্নিধ্য আৰু মুকলিৰ পৰা আহি হঠাতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ নতুন ঘৰটোত বন্দী যেনো হ’ল। ঘৰত আছিল কেইবা বস্তা কিতাপ আৰু আলোচনী। সেইবোৰ দেখি দেখি কিতাপ-আলোচনীৰ প্ৰতি আগ্ৰহ এটা খুৱ সৰুতেই গঢ়ি উঠিছিল। সৰুতে মা-দেউতায়েই সচতনে হাতত (বাহিৰা) কিতাপ তুলি দিছিল। খহনীয়াত ইফালে-সিফালে বগাওতে পানীত তিতি সেইবোৰ বহুত নষ্ট হ’ল, কিছুমান নিগনিয়ে কুটিলে, কিন্তু যি অলপ বাকী ৰৈছিলগৈ সেইবোৰো অলপ মোকোলোৱাটো পৰীক্ষা আহিল বুলি সম্পূৰ্ণ বন্ধ হৈ পৰিল। সকলো মিলি মনত হতাশাই বান্ধ বান্ধি ধৰিবলৈ আৰম্ভ কৰিলে। এবাৰ লক্ষীমপুৰ চহৰলৈ যাওঁতে পুথিভঁৰালটো দেখিছিলোঁ, সেইবাবে ভাবিলোঁ “মেট্ৰিক পাছ কৰিয়েই এই ঠাইবোৰৰ পৰা বাহিৰত থাকিম; কলেজ কৰিম আৰু বাহিৰা কিতাপ যিমান পাৰোঁ পঢ়ি মনলৈ শান্তি আনিম; জানোঁ— তাতো বেয়া অভিজ্ঞতাৰ মুখামুখি হ’ব লগিব; কিন্তু মই যিহেতু সৰুতেই বেয়া অভিজ্ঞতা পাইছোঁ গতিকে মোক একোৱে টলাব নোৱাৰে।” কিন্তু ওচৰ-সম্পৰ্কীয় এজনৰ ব্যক্তিগত স্বাৰ্থৰ বাবে মা-দেউতাক “বাহিৰলৈ ল’ৰাটো গ’লে বেয়া হৈ যাব” বুলি সকীয়াই সকীয়াই পুনৰ মোক সেই পঞ্চমৰ পৰা নৱমলৈকে পাই থকা সমাজখনৰ মাজলৈ লৈ যোৱাৰ দৰে কৰিলে। বহু চেষ্টা কৰিও সৈমান কৰাব নোৱাৰি ভাগি পৰিলোঁ, বাৰে বাৰে ক’বলৈ লৈয়ো ৰৈ গ’লো যে— “মই বহুত বেয়া ঘটনা আপোনালোক সকলোৰে ওচৰত থাকোঁতেই দেখিছোঁ, ভুক্তভোগী হৈছো, আৰু বেয়া দেখিবলৈ মোৰ বাকী নাই। গতিকে মই ভৱিষ্যতে বেয়া হ’বলৈ নাই”। ক’বলৈ লৈ ৰৈ গ’লো কাৰণ— ঘটনাবোৰ মুখেৰে ক’ম কেনেকৈ! পৰীক্ষাৰ ফলাফল ওলাল। যি ফলাফলত মানুহে খুৱ গৌৰৱ কৰে তেনে নাছিল যদিও, ওপৰত কোৱা সমাজখনৰ পৰিপ্ৰেক্ষিতত কেউপিনে উৎসাহ-আশ্চৰ্যৰে চৰ্চা হ’ল, ফলত মা-দেউতাই জয়ী হোৱা যেনো পালে, তেখেতলোকৰ মন সন্তুষ্টিৰে ভৰি পৰিল; কিন্তু মই ইতিমধ্যেই অহৰহ হতাশাত ভুগিবলৈ আৰম্ভ কৰিলোঁ। আজিও খুৱ যত্ন লোৱা মা-দেউতাই সেই সময়ত উলাহৰ মাজত মনৰ সেই অৱস্থাটোৰ কথা গমেই নাপালে। অকণো শান্তি নাপায় অৱশেষত মনলৈ আত্মহত্যাৰ চিন্তা আহিবলৈ আৰম্ভ কৰিলে। প্ৰায় আঠ মাহ আত্মহত্যাৰ চিন্তা। নিজক বহু বুজাই বাৰে বাৰে ধৰি ৰাখোঁ কেৱল এটা কথাকে ভাবি— “কাইলৈ মোৰ অস্তিত্ব শেষ হৈ যাব, মইতো তেতিয়া দেখা নাপাম মোৰ বাবে আনে কি কৰিছে, আৰু মানুহবোৰে যদি মই বিচৰাটোৰ পৰিবৰ্তে ভূত বুলি মিছাতে বদনামহে উলিয়াই দিয়ে তেন্তে মোৰ ভাৱবোৰ কোনোদিন আনে নাজানিবই বা মোৰ কথা কোনেও কেতিয়াও একো নাভাবিবই!” এবাৰ বাটত চিনাকি দুজন আহি ওচৰতে মাত নলগোৱা হ’লে অঘটন হয়তো ঘটিয়েই গ’লেহেঁতেন! বহুতে এনে মুহূৰ্তকে দৈৱক্ৰমে বুলি ক’বলৈ বাধ্য হয়। এনেকৈয়ে দিন পাৰ হৈ গৈ আছে, তেনেতে এদিন বাটেৰে চাইকেল চলাই আহি থাকোঁতে হঠাৎ এটা গান শুনিলোঁ। শুনাৰ পাছতে সেইদিনা গানটোৰ কথা পাহৰি গ’লোঁ আৰু মনত একেই যুঁজ-বাগৰ চলি থাকিল। দুদিনমানৰ পাছত তেনেকৈয়ে ষ্টপেজ এটা পাৰ হৈ আহি থাকোঁতে আকৌ এদিন শুনিলোঁ— হয়, এইটো সিদিনাও শুনিছিলোঁ! এনেধৰণৰ গান পূৰ্বতে কেতিয়াওতো শুনা নাই! মোৰ দৰেই হাহাকাৰ কৰি থকা ৰূপ এটাৰ প্ৰকাশ আৰু সদায় শুনি অহা সমস্ত গানতকৈ কিবা বেলেগ ধৰণৰ এটি গান! আৰু এই মাত! কাৰ মাত এইয়া? মূৰটো ঘূৰাই চাইকেলৰ পৰা নামি ৰৈ দিলোঁ। এনে লাগিল যেন— ঘোৰ অন্ধকাৰত মই অহৰহ অস্ফুট আৰ্তনাদ কৰি ছটফটাই বাগৰি আছোঁ আৰু মোৰেই সেই হাহাকাৰ দূৰৰ পৰাই অনুভৱ কৰি এই অচিন সদাশয় পথিকে এন্ধাৰ ফালি জোনাকী হৈ দৌৰি আহিছে। এনে লাগিল— শেষৰজন মানুহ আজিও হেৰাই যোৱা নাই, বৰং তেওঁ আহিছে এক সহানুভূতি লৈ, আপোন মানুহ হৈ, যি আমাক কেতিয়াও আৰু অকলশৰীয়া হ’বলৈ নিদিয়ে। সেই তেতিয়াই ড° ভূপেন হাজৰিকাৰ কণ্ঠ কোনো কোনো সময়ত আমাৰ বাবে আছিল বজ্ৰৰ নিনাদ; জয়ন্ত হাজৰিকাৰ কণ্ঠ আছিল অতি মৰমৰ; আৰু কোনো উপমা নভবাকৈয়ে খগেন মহন্ত, দ্বীপেন বৰুৱা বা জিতুল সোনোৱালৰ লৈকে সকলোৰে কণ্ঠ আছিল অতি আপোন; কিন্তু এই কণ্ঠ এটাও ওপৰঞ্চি শব্দ নথকা মাজুলীৰ চাপৰিৰ ডাঠ ঝাওবন সৰকি শোঁ-শোঁ শব্দেৰে অহা আটাইতকৈ প্ৰিয় বতাহ ছাটিৰ দৰে অতি আপোন এছাটি বতাহ হৈ পৰিল— যাৰ প্ৰভাৱত গোটেই ষ্টপেজটোৰ সমস্ত গান-বাজানা-হাই-উৰুমি মোৰ কাণৰ সমুখলৈ আহি সম্পূৰ্ণ নিচুপ মাৰিলে। গৈ গৈ, যিখন কেছেটৰ দোকানত গানটো বাজি আছিল তাত পালোগৈ আৰু সুধিলোঁ— “গানটো কোনে গাইছে? গায়কজনৰ নাম কি?”

ক’লে— “জুবিন গাৰ্গ।”

— “কোন? মানুহজন অসমীয়া নে?” অসমীয়া মানুহৰ এনেকুৱা নাম আগতে শুনা নাছিলোঁ। আৰু উদিত নাৰায়ণ, কুমাৰ চানু, লতা মংগেছকাৰ, ঊষা মংগেছকাৰ আদিয়ে গোৱা অসমীয়া গানো শুনিছিলোঁ। গতিকে তেনেকৈ এটামান অসমীয়া গান কোনোবাই গাই থ’ব পাৰে বুলি সুধিলোঁ।

ক’লে— “নাই নাই, অসমীয়া মানুহ।”

— “এইটো গান নতুনকৈ ওলাইছে নেকি? বেছি গান গোৱা নাই নেকি মানুহজনে? ৰেডিঅ’ত কিয় নুশুনো তেওঁৰ গান?”

ক’লে— “নাজানোঁ। কিন্তু বহুত গান গাইছে। সৰু ল’ৰা। কিন্তু এতিয়াই ভূপেন হাজৰিকাতকৈ দহগুণ জনপ্ৰিয়। ভূপেন হাজৰিকাৰ বয়স হোৱালৈ কি হ’বগৈ ঠিক নাই। অকল ইয়াৰ কেছেটেই বিক্ৰী হয়।”

— “মোক দেখুৱাওকচোন দুখনমান, মই নলওঁ বাৰু, চাওঁহে।” আমাৰ ঘৰত তেতিয়া কেছেট বজাব পৰা ব্যৱস্থা নাই বুলি দোকানীজনৰ ধাৰণা এটা আছিল, তথাপি তেওঁ “অনামিকা”কে ধৰি কেইখনমান কেছেট দেখুৱালে আৰু প্ৰতিখনৰে গানবোৰৰ কথা কিবাকিবি ক’লে। শেষত ক’লো— “এতিয়া বজাই থোৱা গানটো আকৌ এবাৰ বজাওকচোন।” এবাৰ বজোৱাৰ পাছত তেওঁ আকৌ এবাৰ বজালে, আৰু মই শুনি শুনি উভটি আহিলোঁ।

নিন্দুকক বাদেই দি সংগীতৰ “বিশেষজ্ঞ” বা সংগীত সম্পৰ্কে বিশেষজ্ঞৰ দৰে মন্তব্য দিব পৰাসকলৰ বাবেও সেই গানটোৰ কোনো মূল্য নাথাকিব চাগে, বা তেওঁলোকৰ বাবে তাৰ ব্যাখ্যা এটা অৰ্থহীন আলাপ যেন লাগিব চাগে, কিন্তু এজন সাহিত্যিকৰ প্ৰবন্ধৰ জৰিয়তে নিজেও ক’ব পৰাকৈ বুজিছোঁ— বহু “মহৎ” বুলি বিবেচিত কবিতাতকৈয়ো কেতিয়াবা কোনোবা অখ্যাত কবিৰ খুৱ কম মানুহেহে জানিবলৈ পোৱা কবিতাইয়ো মানুহক জগাই তুলিব পাৰে। আৰু মোক সহায় কৰা সেই গানটো হ’ল— “ৰ’দ, ৰ’দ আজি কেনি পাওঁ…”। মনৰ সেই অৱস্থাৰ পৰা চিৰদিনৰ বাবে সম্পূৰ্ণৰূপে মুক্ত হ’লো আন এটা ঘটনাৰ জৰিয়তেহে, কিন্তু সেইদিনা শুনাৰ পাছৰে পৰা গানটোৱে সময়বোৰ যথেষ্ঠ সহজ কৰি তুলিলে। মনত ৰৈ যোৱাকৈ বা হদয়ত অনুৰণন কৰি থকাকৈ বহু গান পূৰ্বতেও শুনিছিলোঁ, যিসমূহ আজিও প্ৰিয়— ভূপেন হাজৰিকাৰ “বুকু হম হম কৰে”, “৮৩ ৰ নিৰ্বাচনীৰ বতৰ… ..ভাইটো নোহোৱা হ’ল” বা জয়ন্ত হাজৰিকাৰ কণ্ঠত “মৰ আউসীৰ ৰাতি ফেঁচাই কুৰুলিয়াই… আল্লাক সাৰথি কৰা হে বান্ধৱ…” আদি বহুতো। কিন্তু তেতিয়া আমি দেশৰ বাবে যুদ্ধ কৰিবলৈ ভাবিব লগা নাছিল; সেই নোহোৱা হোৱা “ভাই”বোৰক লৈ আক্ষেপ, খেদ বা ক্ৰোধ প্ৰকাশ কৰাৰ পৰিৱেশো সমাজৰ প্ৰায়বোৰ স্তৰতে তেতিয়ালৈ নোহোৱা হৈছিল; কাউৰী-ফেঁচা-হুদুৰ কা-কুৰুলি বা গুম-গুমনিয়ে চেনেহীৰ বাৰ্তা বা অমংগল অনাৰ চিন্তাৰ পৰিৱৰ্তে সেইবোৰৰ প্ৰতিটোৱেই আমাক দিব পৰা হৈছিল কেৱল প্ৰাকৃতিক মাত বা সম্পদ হিচাপে আনন্দ আৰু আৱেশ; ঈশ্বৰক সাৰথি কৰি বহাটো মূল্যহীন বুলি অভিজ্ঞতাই বাৰে বাৰে আমাক কৈছিল; বিপ্লৱী কথা বা বিপ্লৱৰ গান ভাল পোৱাসকলক কোনোবাই বিপ্লৱলৈ ওলা বুলিলে টুপাই বুৰ মৰা দৃষ্টিত পৰিছিল। গতিকে বেলেগ দেশ, বেলেগ জাতি বা বেলেগক সমস্যাৰ বিৰুদ্ধে যুদ্ধৰ চিন্তাৰ পৰিৱৰ্তে আমাক লগা হৈছিল নিজৰ সমাজখনকে নিজৰ মানুহখিনিয়ে অন্ধকাৰময় কৰি তোলা পৰিৱেশত স্বস্তিৰে নিশ্বাস পেলাবলৈ কিছু সকাহ তথা পৰস্পৰে পৰস্পৰক চেপি ধৰা নিজৰ সমাজৰে মানুহখিনিৰ মাজতে নিজক বৰ্তাই ৰখাৰ অৱলম্বন। সেইবাবেই যদিও সেই গানটো কিছু প্ৰণয়-বিৰহৰ লগত জড়িত কিন্তু “ৰ’দ আজি কেনি পাওঁ/ ৰ’দ আজি কেনি চাওঁ/ খিৰিকী মেলি সমুখত এন্ধাৰহে পাওঁ/ কোঠালী এৰি বাহিৰত পথ হেৰাও (হেৰুৱাও)” আদি অংশ অন্ধকাৰ সমাজত বাট বিচৰাৰ যন্ত্ৰণাৰ লগত মিলি হৈছিল আৰু “অমানিশাৰ গান যিয়ে এবাৰ গায়/ সৃষ্টি গুচি তাতে হ’ব প্ৰলয়/ অগ্নি-বীণাৰ তান উঠিবই/ ত্ৰস্ত হ’ব সেই দিগবলয়” আদি আংশই দৃঢ়তা জগাই তুলিছিল…। অৱশ্যে তেতিয়ালৈ “ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে”, “মোৰ এই নাওঁ মাথোঁ বাই যাওঁ/ পাৰ দেখোঁ নাই, পাৰ বাৰু ক’ত” আদি গান শুনিবলৈ পোৱা নাছিলোঁ; বা চন্দ্ৰপ্ৰসাদ শইকীয়াই ৰবীন্দ্ৰনাথৰ “একলা চলো ৰে”ৰ বাৰে বাৰে উল্লেখ কৰি লিখা প্ৰবন্ধসমূহ পঢ়িবলৈ পোৱা নাছিলোঁ; বা মহাকাব্যিক চৰিত্ৰবোৰ নিজক গঢ়ি তোলাৰ সাধনাৰ বাবে একো একোটা নিদৰ্শন যেন বুলি ভাবিবলৈ শিকা নাছিলোঁ; বা হোমেন বৰগোহাঞিৰ মানুহক প্ৰেৰণা যোগোৱা লেখাবোৰ আয়ত্ব কৰিবলৈ পোৱা নাছিলোঁ।

সকলোৰে অভিজ্ঞতা চূড়ান্ত পৰ্যায়ৰ নহ’লেও, সকলোৱেই জটিলভাৱে ভুক্তভোগী নহ’লেও, সমাজখন কিন্তু কাৰোৱেই অপৰিচিত নহয়। সেইবাবে অনুৰাগ গঢ়ি উঠে ঠিক এনেদৰেই। আৰু যেতিয়াই কোনোবাই বা কাৰোবাৰ সৃষ্টিয়ে মনত হেঁপাহ, আস্থা বা প্ৰেৰণা যোগাই তুলিব পাৰে তেতিয়া তেওঁৰ প্ৰতি অনুৰাগ কেতিয়াও শেষ হৈ নাযায়।

পূৰ্বৰ বাকী প্ৰতিষ্ঠিত গায়কৰ দৰে জুবিন গাৰ্গৰ গান অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে শুনিবলৈ পোৱা নগৈছিল। শ্ৰোতাৰ পৰা বাৰে বাৰে বহু অনুৰোধ যোৱাৰ পাছতহে “হয়, আমি ব্যৱস্থা কৰিম, কৰিম” বুলি কৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই কেইটামান গান বজাবলৈ লৈছিল। আনবোৰ কেন্দ্ৰৰো একেই কথা চাগৈ। তথাপি তেঁৱেই হৈ পৰিল ইমান জনপ্ৰিয়। লেখক হিচাপে হোমেন বৰগোহাঞিয়েও অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰাৰ কাৰণো মানুহক প্ৰেৰণা আৰু আস্থা যোগাব পৰাটোৱেই। সৰুতে বহু বছৰ ধৰি “মৌচাক” আৰু “নতুন আৱিস্কাৰ”ৰ পাঠক হিচাপে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সাক্ষাৎকাৰবোৰত দেখিছিলোঁ— প্ৰিয় লেখক বুলি আটাইতকৈ বেছিকৈ উচ্চাৰিত নামটোৱেই হ’ল হোমেন বৰগোহাঞি। তাৰ পাছতে দুই-এজনে ড° ভবেন্দ্ৰনাথ শইকীয়া বা আন এজন-দুজনৰ নাম উল্লেখ কৰিছিল। এইদৰেই আটাইতকৈ জনপ্ৰিয় বাবেই এই দুয়োজন মানুহৰ নিন্দুকৰ সংখ্যাও বেছি, আৰু সেইবাবেই “অন্ধ-অনুৰাগী” শব্দটো ব্যৱহাৰ হয় কেৱল তেওঁলোক দুজনৰ লগতেই। এবছৰৰ পূৰ্বে এখন কাকতৰ কাৰ্যবাহী সম্পাদকজনে হোমেন বৰগোহাঞিৰ লগত মত নিমিলাত বয়স হৈ মাৰ্কেজৰ দৰে ভ্ৰম হোৱা বুলি ইতিকিং কৰিও লিখিছিল। একেজন নিন্দুকেই জুবিন গাৰ্গকো অভিধান মোকোলাই বান্দৰৰ সৈতে তুলনা কৰিলে।

প্ৰথমবাৰৰ বাবে সেইদিনা জুবিন গাৰ্গৰ গানৰ সৈতে পৰিচয় হোৱাৰ পাছতে ইজন-সিজনক তেওঁৰ গানৰ কথা সুধি জানিবলৈ পালোঁ— বহুজনে তেওঁৰ কণ্ঠৰ একো একোটা গান সহযাত্ৰীৰ দৰে লৈ বিচৰণ কৰে— “এন্ধাৰ হ’ব নোৱাৰোঁ”, “জোনাক গলা জাৰৰ নিশা/ মূৰ থৈ শেঁতা শেঁতেলীত/ মই ভাগৰা নাই”, “আজি এই গান যেন/ এটি উশাহৰ/ জীৱনৰ গান যেন/ এটি উশাহৰ”, “প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি/ মোৰ এই উদাসী মন” ইত্যাদি। এদিন ক্লাছলৈ যাবলৈ বুলি কেইবাজনো একেলগে বাছলৈ ৰৈ থাকোঁতে তেনেকৈয়ে তেওঁৰ গানৰ কথা উলিয়ালোঁ। ইজনে-সিজনে কিবা কোৱাৰ মাজতে এজনে ফৰফৰাই ক’লে— “তাক মই যোৱাবাৰ ……ফংচনত কেনেকুৱা ধূলাই দিছোঁ, এটা ঘোচা মাৰিছোঁ— ঠাণ্ডা হৈ আছে….।” সেই সময়ত খুৱ প্ৰদৰ্শনকামী আৰু ওফাইদাং মৰা স্বভাৱৰ ল’ৰাটোৰ মুখত অহৰহ আক-তাক মাৰপিট কৰাৰ কথা থাকেই। তাৰ কথাটো গোকাট মিছা বুলি ধৰিব পাৰি যদিও, হ’বও পাৰে বুলি ভাবি থাকিলোঁ। কিন্তু কিছুদিনৰ পাছত বেলেগ লগৰ এজনৰ আগত সি মোকো ঠিকছে এঘোচা মৰা বুলি ক’লে। তেতিয়াহে সেইদিনাৰ সন্দেহটো মাৰ গ’ল। কেৱল এজনেই নহয়, তেনেধৰণৰ যুৱক-যুৱতী নালাগে বয়সীয়াল মানুহো বহুত লগ পোৱা যায়। তাৰে কিছুমানে সেইবোৰ কাৰ্যতঃ কৰিও পেলাই। মহাবিদ্যালয়-বিশ্ববিদ্যালয়বোৰত দেখা এনেধৰণৰ যুৱক-যুৱতীবোৰে কেতিয়াবা কৰা উদ্ভণ্ডালিলৈ মন কৰিলে দেখা যায় যে তেওঁলোকে সেইবোৰ কেৱল নিজৰ তাগজত নকৰে; একাংশ অধ্যাপকৰ লগত তেওঁলোকৰ এক অসন্মানীয় সমিল-মিল থকাৰ বাবেই তেনে কৰিব পাৰে। কিছুদিন পূৰ্বে তেনে কোনো যুৱকে মঞ্চলৈ চেণ্ডেল দলিওৱা কাৰ্যত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ “সন্মানীয়” অধ্যাপক, ছাত্ৰ-সংগঠনৰ উচ্চ ডিগ্ৰিধাৰী কৰ্মী, উদীয়মান লেখকেও জুবিনৰ গান পূৰ্বৰে পৰা “বেয়া পায়” বাবেই কিৰিলি পৰাও দেখিলোঁ। অসম আন্দোলনৰ যিকোনো কাৰবাৰত ভালেসংখ্যক বুদ্ধিজীৱীৰ অপাৰ সমৰ্থনৰ বাবেই আন্দোলনটো বিৰোধীতা কৰা মুষ্টিমেয় বুদ্ধিজীৱী বা সাংবাদিক কেইজনক নিগৃহিত কৰাৰ বাট মুকলি হৈছিল বুলি শুনা যায়। আজিও প্ৰতিষ্ঠিত সাংবাদিক-বুদ্ধিজীৱীৰ নিন্দুকৰ ৰূপ লোৱাত এনে কাৰ্য বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, কাৰণ তেওঁলোকৰ ওচৰত এটা “বৌদ্ধিক” সমৰ্থন আছেই বুলি ধৰি লয়। জুবিনে হাতত পিষ্টলটো লৈ “গান নুশুনাকৈ কোনোবা গুচি গ’লে গুলিয়াই দিম” বুলি কাকো ভাবুকি দিয়া নাই বুলি কোনেও নুবুজাকৈ থকা নাই বা ড° ভূপেন হাজৰিকাৰ “মোৰ গীতৰ হাজাৰ শ্ৰোতা তোমাক নমস্কাৰ”ৰ উদ্ধৃতি দি “এইবোৰ গায়ক গৰ্বিত হৈ সমাজৰ ধ্বংস আনিলে” বুলি কোৱাবিলাকেও নুবুজাকৈ থকা নাই যে তেওঁ কাকো অসন্মান কৰিব বিচৰা নাই। কিন্তু তাতেই তেওঁলোক উত্ৰাৱল হৈ পৰাৰ কাৰণ নিজক “সচেতন” হিচাপে সমাজত “ভাল” বুলি প্ৰতিষ্ঠিত কৰা। আনকি শিশুবধী উগ্ৰপন্থীয়েই জুবিন নিপাত যাওক যেন প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটোও মন কৰিবলগীয়া। নিজক পৰাচিত কৰাৰ এইবোৰ একোটা প্ৰচেষ্টা। বিহুৰ বতৰতে এখন কাকতৰ সম্পাদকে লিখিলে— বাহিৰৰ শিল্পীৰ বিভিন্ন এন.জি.অ’. থাকে, আমাৰ এই তথাকঠিত শিল্পীৰ কি আছে! সম্পাদকজনে হয়তো জুবিনে দান-বৰঙণিৰে কৰা সামাজিক কাম আদিৰ কথা নাজানে; কিন্তু জুবিনক বাদ দি সম্পাদকজনলৈকে চালে তেওঁৰ নিজৰে তেনে প্ৰচেষ্টা আছেনে? অশীতিপৰ হোমেন বৰগোহাঞিয়ে কাকত, গ্ৰন্থ-সম্পাদনা, টক-শ্ব’ আদি চলাইয়ো “কৰুণাধাৰা” আৰম্ভ কৰিছে, কিন্তু সেই সম্পাদকজনেতো নিজে তেনে কাম কৰা নাই। ইফালে জুবিনৰ দানৰ খবৰ ওলালত আন এজন নিন্দুকে মত প্ৰকাশ কৰিলে— শিল্পীৰ নামধাৰী বেপাৰী, ৰাইজক লুণ্ঠন! আনহাতে, পূৰ্বৰ আন কিছুমান নিন্দুকে আকৌ নিজৰ কাকতৰ চাৰ্কুলেচনৰ বাবে বৰ্তমান জুবিনৰ পৰিৱৰ্তে “অন্ধ-সমৰ্থক”ক লৈহে প্ৰবন্ধ লিখিবলৈ লৈছে।

নিন্দুক বুলি নলৈ এইসকলক যদি সমাজৰ উগ্ৰ-মাষ্টৰৰ লগতে ৰিজাই চাওঁ তেতিয়াও তেওঁলোকৰ সেইবোৰ কামৰ পৰা ভাল একো পোৱা নাযায়। এসময়ত ছাত্ৰ-ছাত্ৰীক চেকনিৰে হাত-ভৰি ফালি পঠোৱা উগ্ৰ-মাষ্টৰ বুলি পৰিচিত বিলাকক লক্ষ্য কৰিলে দেখোঁ ঘৰুৱা জীৱনতো তেওঁবিলাক একো একোটা “বৰ্বৰ প্ৰাণী”ৰ দৰে। তেনেকুৱা মাষ্টৰেও ইফালে টকাৰ বাবেই চোৰাং-কাঠবেপাৰীৰ লগতে মিতিৰালি কৰা দেখোঁ। অত যুগ যোৱাৰ পাছত এনে মাষ্টৰবিলাকক আইন প্ৰণয়ন কৰি বশ কৰিব লগা হৈছে। তেনে ৰূপতেই সাংবাদিক-বুদ্ধিজীৱীকো দেখাটো অতি দুঃসময়। আৰু আনক নিন্দাৰে সমাজত নিজৰ স্থান দৃঢ় কৰাৰ হেঁপাহত তেওঁলোক নিজেও হেৰাব। নিন্দুক বা উগ্ৰ-মাষ্টৰৰ ৰূপৰ পৰিৱৰ্তে আদৰ্শৰ আৰু প্ৰেৰণাত পৰিণত হ’লে মঙ্গল হোৱাৰ লগতে তেওঁলোকৰে সৃষ্ট “অন্ধ-অনুৰাগী” শব্দটো নিজৰে লগত ব্যৱহাৰ কৰিব পৰাকৈ তেওঁলোকৰ অনুৰাগী শাওণৰ ধলৰ দৰে বাঢ়ি আহিব।

মাথোঁ সামান্য কথাতে জুবিন নিপাত যাওক যেন কৰা বা কিছুদিনৰ পৰা আৰম্ভ হোৱা নতুন ট্ৰেণ্ড— কৌশলেৰে নিজকে তেওঁৰ অনুৰাগী বুলি কৈ অৱমাননা কৰাৰ চেষ্টাবোৰ দেখিলে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আৰু স্বামী বিবেকানন্দৰ একোশাৰী বক্তব্যলৈ মনত পৰে—

“জুবিন গাৰ্গৰ অদ্ভুত পোছাক আৰু আন বলিয়ালিৰ আঁৰতো পৰিচিত পৰিধিক অতিক্ৰম কৰি নতুন কিবা এটা কৰা কল্পনাৰ তীব্ৰতা আছে নেকি —কথাষাৰ ভাবি চাব পাৰি! সৃষ্টিৰ খাতিৰত কিছু কিছু বলিয়ালিৰ প্ৰতি নিৰ্মমভাৱে কঠোৰ নোহোৱাটোৱেই দেখোন তেনেহ’লে সমাজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে হ’ব পাৰে অধিক সুফলদায়ক! এয়া শেষ কথা নহয়; কিন্তু মোৰ বাবে চিন্তা উদ্ৰেককাৰী : বলিয়ালি প্ৰতিভাৰ কীট দংশন নেকি?” — ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী।

“হৃদয়হীন বুদ্ধিজীৱীসকলে তেওঁলোকৰ বাতৰি কাকতত ছপোৱা কথাবোৰলৈ কাণ নিদিবা। জনগণৰ প্ৰতি গভীৰ সহানুভূতিকে সাৰথি কৰি কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱা।” — স্বামী বিবেকানন্দ।

যদিও ইয়াত জুবিন গাৰ্গ আৰু হোমেন বৰগোহাঞি দুয়োজনেই আমাৰ প্ৰিয় বুলি প্ৰকাশ হৈছে তেওঁলোক আমাৰ বাবে সদায়েই শুদ্ধ বুলি ক’ব বিচৰা নাই। আনকি তেওঁলোক দুয়োজনৰ মাজতেই মতবিৰোধ হোৱা নাই জানো! হোমেন বৰগোহাঞিয়েও লিখিছিল “মই বিহুতলীত হিন্দী গীতৰ বিৰোধিতা কৰোঁ” শীৰ্ষক প্ৰবন্ধ। কিন্তু তেওঁৰ “ব্যক্তিগত” বহু যুক্তিৰ পাছতো তেওঁক নিন্দুক বুলিব পৰাকৈ তাত টুলুঙা গালি-শপনিৰ নিচিনা কোনো চোক নাছিল। পিছৰবাৰ বিহুতো এখন মঞ্চত জুবিনে হিন্দী গীত গামেই বুলি গাই অহাৰ পাছত তেওঁ আন এটা প্ৰবন্ধত লিখিছিল— “সম্প্ৰতি বিহুতলীত হিন্দী গীত গাবলৈ জেদ ধৰি অসমীয়াবোৰে সেই কথা আকৌ এবাৰ প্ৰমাণিত কৰিছে।” জুবিনৰ মতৰ সম্পূৰ্ণ বিৰোধীতা কৰিলেও এজন গায়ককে “অসমীয়াবোৰ” বুলি কৰা উল্লেখটোতে আছে তেওঁ জুবিন গাৰ্গক দিয়া সন্মান। আৰু এই উল্লেখেই জুবিন গাৰ্গৰ পৰিচয় বা এক সৰ্বোচ্চ স্বীকৃতিও!

লেখক –  পংকজ জ্যোতি মহন্ত।

ম’বাইল – ৯৮৫৯২৭৫৪৬৮

ই-মেইল – [email protected]

ঠিকনা—

পংকজ জ্যোতি মহন্ত।

মাৰফৎ – ড° সত্যেন ৰয়।

লংকেশ্বৰ, জালুকবাৰী।

ডাক – গুৱাহাটী বিশ্ববিদ্যালয়।

জিলা – কামৰূপ।

পিন – ৭৮১০১৪

অসম।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!