জোখ
লেখক- - বৰ্ণালী দেউৰী
আগতে জোখ-মাখত
কেঁচা আছিলোঁ-
এতিয়া শিকিছোঁ।
ৰক্তচাপে নাপাৱক বুলি
জনা হৈছোঁ
ৰান্ধোতে যে নিমখ
কমকৈ দিব লাগে।
মধুমেহে নাপাৱক বুলি
জনা হৈছোঁ
চাহকাপ কেনেকৈ
চেনী নিদিয়াকৈয়ে ভাল লাগে।
মাংস ৰান্ধিবৰ বেলিকাও
বুজা হৈছোঁ
চৰ্বি আৰু ঔষধে ভৰা
ব্ৰয়লাৰ যে খাবই নালাগে।
শাক পাছলিৰ
হিচাবো শিকিছোঁ
লাগিলে অকণ লেৰেলাই হওক
কিনিব লাগে
গাৱঁৰ বেপাৰীৰ
কৃত্ৰিম সাৰবিহীন শাক।
ধৰিবহে পৰা নাই
কেনেকৈ জোখোঁ
চিনাকী মানুহৰ হাঁহিবোৰ-
জুখিবই পৰা নাই;
কেনেকৈ বুজোঁ সেইবোৰ
সঁচা হৃদয়ৰ
নে সৌজন্যৰ?
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
