পানী (শিশু গল্প)

লেখক- যশোৱন্ত নিপুণ

মাকে তাক ভাল ধুনীয়া ফুল থকা চোলাটো পিন্ধাই দিছিল। চোলাটো তাৰ বাবে অলপ ডাঙৰ হয়। মাকে সেইটোৰে দুবছৰ-তিনিবছৰ চলিব পৰা যাব বুলি কিনিছিল। অৱশ্যে তেওঁ কাম কৰা ঘৰৰপৰা অনা পুৰণি বেচ ভাল চোলা কেইটামানো তাৰ আছে। হ’লেও এনেদৰে বিয়া-সবাহত তেওঁ নিজে কিনা সেই ফুলাম চোলাটোহে তাক পিন্ধাবলৈ ভাল পায়। তাৰ খীণ শৰীৰটোৰ জোখতকৈ সেইটো অলপ ডাঙৰ বুলি সিও নজনা নহয় আৰু সেই কাৰণে মাকক নেদেখুৱালেও তাৰ সেইটো পিন্ধিবলৈ বৰ এটা ভাল নালাগে।

 

মাকে বিয়াঘৰত সৰা-পোচা, সাজ-বাচন ধোৱা কাম কৰিছে কাৰণে আজিৰ দিনটোতো তাৰ লগত থাকিব পৰা নাই। তেওঁ কাষত নাথাকিলে তাৰ অলপ ভয় নলগা নহয়। পুৱাৰ বেলাটো আন ল’ৰাবোৰৰ লগত সংকোচ মনেৰে সি খেলি থাকিল। দুপৰীয়া চোতালত কিবা পূজা-পাঠ হ’ল। তেতিয়া সি আন ল’ৰাবোৰৰ লগতে বহি চাই আছিল। পিছে পিছৰপৰা কোনোবাই তাৰ চুলিত টানি আছিল। সি মূৰ ঘূৰাই চাই দেখিছিল এজন হৃষ্টপুষ্ট ল’ৰাই মনে মনে সেইটো কাম কৰি আছে। কিন্তু সি একো ক’বলৈ সাহস কৰা নাছিল। ল’ৰাটো তাতকৈ ডাঙৰ আৰু বলী হ’ব। কিবা ক’লেও কাজিয়া লাগিব পাৰে আৰু তেতিয়া মানুহে তাকেই দোষ দিব। মাকৰো তেনেকুৱা সময়ত বৰ দিগদাৰ হয় বুলি সি বুজি পায়। সেইখিনি সময়ত মাকে কাষেৰে পাৰ হৈ যাওঁতে তাক সুধিছিল, “ঠিক আছানে বাবা?”

সি ঠিকে থকা বুলি কৈছিল। কিবা অসুবিধা হোৱা বুলি ক’লে মাকৰ মুখখন ক’লা পৰি যাব আৰু দুখ কৰি থাকিব। তেওঁৰ মনত দুখ লগাটো সি সহ্য কৰিব নোৱাৰে।

পূজা-পাঠৰ পাছত সকলোকে চাহ-মিঠাই দিয়া হ’ল। সিও চাহ-মিঠাই খালে। তাৰ পিছফালে বহা হৃষ্টপুষ্ট ল’ৰাটোৱে খাই উঠিয়েই ক’ৰবালৈ গ’ল। সি ৰক্ষা পৰা যেন পালে।

আবেলি ল’ৰাবোৰৰ লগত সি আকৌ খেলিব ধৰিলে। প্ৰথমতে লাজ লাজকৈ খেলিছিল। পাছলৈ তাৰ মন খোল খাই গ’ল। বাকীবোৰ ল’ৰাৰ দৰে সিও হাঁহিলে, সিও চিঞৰিলে আৰু দৌৰিলে। সকলো ঠিকেই চলি আছিল; হঠাৎ ল’ৰাবোৰৰ জানো কি হ’ল, তাক “তই এটা চোৰ, তই এটা চোৰ” বুলি জোকাই জোকাই হাঁহিবলৈ ধৰিলে। প্ৰথমতে সিও কথাটো ধেমালি বুলি লৈ হাঁহিবলৈ চেষ্টা কৰিছিল। কিন্তু সোনকালেই তাৰ মুখখন কান্দো কান্দো হৈ আহিল আৰু সি চকী এখনত বহিলগৈ। মাকে খৰাহি এটা লৈ তাৰ কাষেৰেই পাৰ যাওঁতে অলপ ৰৈ ক’লে, “তুমি মনে মনে বহি আছা দেখোন, কি হ’ল নেখেলাগৈ কিয়?”

সি খেলি খেলি ভাগৰ লগা বুলি মাকক মিছাকৈয়ে ক’লে। আচল কথাটোনো মাকক কেনেকৈ কয়?

সন্ধিয়া লাগোঁ লাগোঁ হওঁতে ল’ৰাবোৰৰ একেলগে পানীৰ পিয়াহ লাগিল। ধুনীয়া সাজ-পাৰ পিন্ধা ৰূপহী খুৰীদেউ এগৰাকীয়ে সকলোকে গিলাচত পানী আনি আনি খাবলৈ দিছে। তাৰ ভয় লাগি আছিল যদিও পানীৰ পিয়াহ তাৰো লাগিছিল। খুৰীদেউগৰাকীৰ ধুনীয়া মুখখনত এটা মৰমিয়াল হাঁহি। সিও ওচৰলৈ গৈ ক’লে, “খুৰীদেউ, মই পানী খাম।”

তেওঁৰ জানো কি হ’ল, হাঁহিটো সামৰি তাৰফালে মুখ ঘূৰালে। চকু দুটা কোঁচাই তাৰ চোলা আৰু মুখলৈ চাই সুধিলে, “ক’ৰ ল’ৰা অ’ তই?”

“খুৰীদেউ, মই পানী খাম।” তাৰ আকৌ ভয় লাগিবলৈ ধৰিলে।

“যা, নিজে লৈ খাগৈ। যা ইয়াৰ পৰা, গুচ।” ডাঙৰকৈ ডবিয়াই উঠা খুৰীদেউগৰাকীৰ ধুনীয়া মুখখন হঠাতে দেখিবলৈ কেনেবা যেন হৈ গ’ল। সি মনে মনে গুচি আহিল।

অলপ পাছত মাক ওলাই আহি আন দুজনীমান তিৰোতাৰ লগত চোতালখনৰ মুকলি হৈ থকা ঠাইখিনি সাৰিবলৈ ধৰিলে। সি লক্ষ্য কৰিলে মাকে সেই খুৰীদেউজনীৰ কাষতে ৰৈ কিবা কথা পাতিছে। ধুনীয়া মানুহজনীৰ মুখখনত আকৌ আগৰ দৰে ধুনীয়া হাঁহিটো দেখা পোৱা গ’ল।

মাকে অকণমান তাৰ কাষলৈকো আহিল। “কি কৰিছানো তুমি অকলে ইয়াতে? ল’ৰাবোৰৰ লগত নাথাকা কিয়? তেতিয়াহে ভাল লাগিব।”

“পানী খাম মা।” সি ক’লে।

“খুৰীদেৱে দিব যা, ক’গৈচোন। চবেই দেখোন লৈ লৈ খাই আছে।” মাকে আকৌ খৰকৈ ভিতৰলৈ গুচি গ’ল।

তাৰ পিয়াহটো বাঢ়ি গ’ল, কিন্তু ভিতৰলৈ পানী বিচাৰি যাবলৈ তাৰ সংকোচ হ’ল। কোনে কি কয় কি ঠিক? হতাশ হৈ সি বাহিৰলৈ ওলাই গ’ল। বিয়াঘৰলৈ মানুহ আহিবলৈ ধৰিছে। অথচ কাকো সি পানী এগিলাচ খুজিবলৈ সাহস কৰিব নোৱাৰিলে। ফুটপাথেৰে সি লাহে লাহে গৈ থাকিল। অলপ দূৰত এজন মানুহ পেং লৈ খোজ কাঢ়ি আছিল। সি কেতিয়াবা মাকৰ লগত এইফালে আহিলে মানুহজনক দেখে। মনে মনে মানুহজনক মুঠেই দেখিব নোৱাৰে সি। দেখিবলৈও যে কেনেকুৱা এই মানুহজন! তাৰ ভয় লাগি যায়। কাষেৰে সি পাৰ হৈ যাবলৈ ধৰোঁতে মানুহজনে সুধিলে, “ভাইটি, ক’লৈ যোৱা তুমি অকলে অকলে?”

“মই পানী খাম।” খুব পিয়াহ লাগি আছিল কাৰণে বেলেগ কথা ক’বলৈ তাৰ মন নগ’ল।

মানুহজনে তাৰ মুখলৈ অলপ সময় চাই ৰ’ল। “পানী খাবা? বিয়াঘৰত পানী নাপালা?”

সি একো নক’লে। আচলতে কিবা ক’বলৈ তাৰ ভয় লাগিছিল। তেৱোঁতো তাক ডাবি মাৰি দিব পাৰে, কি ঠিক!

“হুমমম্!” কিবা চিন্তা কৰি মানুহজনে মূৰটো লৰাই লৰাই হাঁহিলে। সি লক্ষ্য কৰিলে হাঁহিলে তেওঁক দেখিবলৈ কেনেবা কেনেবা নালাগে।

“আহা, ভিতৰলৈ।” মানুহজনে সৰু গেটখন খুলি তাক মাতিলে।

বাৰাণ্ডাৰ চকী এখনত তাক বহুৱাই থৈ মানুহজন ভিতৰলৈ গ’ল। অলপ পাছতে এগিলাচ পানী লৈ আকৌ ওলাই আহিল। কাঁচৰ গিলাচটো লৈ সি কোটকোটকৈ গোটেইখিনি পানী পি খাই পেলালে।

“আৰু লাগিব নেকি পানী?” মানুহজনে সুধিলে।

“নালাগে, নালাগে।” সি লক্ষ্য কৰিলে, মানুহজনৰ মুখখন যেন লাহে লাহে ধুনীয়া হৈ আহিছে।

পেং লৈ মানুহজনে লাহে লাহে খোজ কাঢ়ে। তেওঁ গিলাচটো আকৌ ভিতৰত থৈ আহিলগৈ। তাৰ কাষত থিয় হৈ ক’লে, “তোমাৰ নাম কি ভাইটি?”

সি ক’লে।

মানুহজনৰ মাতটো তাৰ কিয় জানো মাকৰ মাতটোৰ দৰে লাগিবলৈ ধৰিছিল। কিবা দুখ লাগি গল তাৰ। অলপ ৰৈ ক’লে, “মই চোৰ নহয়।” তাৰ চকুপানী ওলাই আহিল। চকুপানীখিনি মচিবলৈ কিন্তু তাৰ লাজ লাগিছিল।

মানুহজনে তাৰফালে চাই থাকিল। তাৰ পাছত মূৰত হাত ফুৰাই দি ক’লে, “কোনে ক’লে তুমি চোৰ বুলি? তুমি বৰ ভাল ল’ৰা। মই জানোতো। সকলোৱে জানে দেখোন। ব’লা।”

সিহঁত আকৌ বাহিৰলৈ আহিল।

“চোৱাচোন মোৰফালে, মই পেং নহ’লে খোজ কাঢ়িবই নোৱাৰোঁ। কোনোবাই ভাবিব পাৰে মই কিজানি বাগৰি পৰি যাব লাগে। কিন্তু চোৱা, মই বাগৰি পৰিছোঁ জানো?,” মানুহজনে ক’লে, “আমি খুন্দা খায়েই থাকোঁ। খুন্দাবোৰে আমাক বগৰাই পেলাব খোজে। কিন্তু খুন্দা খাই থাকিলেও গৈ থাকিব লাগে।”

 

মানুহজনে হাঁহিলে।

চকুপানীখিনি তেওঁ নেদেখাকৈ মচি লৈ সিও হাঁহিলে, আৰু বিয়াঘৰৰফালে আকৌ খোজ ল’লে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments