বৃন্দাবনী বস্ত্ৰ: অসমৰ বয়নশিল্পত ভক্তিৰ গৌৰৱময় ইতিহাস

লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই

অসমৰ ঐতিহ্য বৃন্দাবনী বস্ত্ৰ ১৬ শতিকাৰ অসমীয়া সমাজৰ আধ্যাত্মিক ইতিহাসৰ এক চিৰন্তন সাক্ষী। ৰেচমী সূতাৰে বোৱা এই বস্ত্ৰখনে বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱ আৰু দৈৱিক লীলাৰ কাহিনী বৰ্ণনা কৰে। ইয়াৰ প্ৰতিটো দৃশ্যই একো একোটা কিংবদন্তিক ৰেচমৰ সূতাৰে জটিলভাৱে বান্ধি পেলায়। ই এক অসাধাৰণ সৃষ্টি। 

এই অসাধাৰণ সৃষ্টিৰ উদ্ভাৱন হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত। সেই সময়ত গুৰুজনাৰ নেতৃত্বত অসমত নৱ-বৈষ্ণৱ ভক্তি আন্দোলনৰ জোৱাৰ উঠে। বৃন্দাবনী বস্ত্ৰও এই আন্দোলনৰে এক আহিলা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ একাধাৰে এজন সন্ত, কবি, নাট্যকাৰ আৰু সমাজ সংস্কাৰক আছিল। একশৰণ নাম ধৰ্ম প্ৰৱৰ্তন কৰি তেওঁ এখন সমতাপূৰ্ণ, অ-ব্ৰাহ্মণ্যবাদী সমাজৰ সৃষ্টি কৰি সকলোকে কৃষ্ণভক্তিৰ এক সৰল পথ দেখুৱাব খুজিছিল। তেওঁৰ মূল লক্ষ্য আছিল ভক্তিক জনসাধাৰণৰ মাজলৈ লৈ যোৱা। ব্ৰাহ্মণ্যবাদৰ জটিল আচাৰ-অনুষ্ঠানৰ পৰিৱৰ্তে সৰল ভক্তি আৰু শিল্পৰ মাধ্যমেৰে শ্ৰীকৃষ্ণৰ কাহিনী প্ৰচাৰ কৰাত তেওঁ গুৰুত্ব দিছিল। সেই উদ্দেশ্যেই তেওঁ শিল্প, সংগীত, নৃত্য আৰু সাহিত্যক উপাসনাৰ সৈতে সানমিহলি কৰি পেলাইছিল। বৃন্দাবনী বস্ত্ৰৰ জৰিয়তে তেওঁ এনেকৈয়ে এখন তাঁতশালকো জীৱন্ত শাস্ত্ৰলৈ ৰূপান্তৰিত কৰি সামাজিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি সমাজত ভক্তি বিয়পোৱাৰ এক অভিনৱ পন্থা হাতত লৈছিল। 

সেই সময়ত কোচ ৰাজবংশৰ ৰজা আছিল ৰজা নৰনাৰায়ণ। তেওঁৰেই ভাতৃ চিলাৰায়ৰ উদ্যোগত আৰু গুৰু শংকৰদেৱৰ তত্ত্বাৱধানত বৃন্দাবনী বস্ত্ৰ বয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছিল মহাপুৰুষ মাধৱদেৱৰ শিষ্য তথা মহান তাঁতশিল্পী মথুৰাদাস বুঢ়া আতাৰ (গোপাল তাঁতী) ওপৰত। শংকৰদেৱৰ প্ৰত্যক্ষ নিৰ্দেশনাত আৰু বুঢ়া আতাৰ নেতৃত্বতে বাৰজন শিল্পীৰ এটা দলে বৰপেটাৰ তাঁতীকুছি নামে এখন ঠাইত একেলগে এখন বিশাল কাপোৰ বৈ উলিয়াইছিল। এই কাপোৰৰ দৈৰ্ঘ্য আছিল ১৮০ ফুটৰো অধিক যাক কেইবাটাও টুকুৰা চিলাই কৰি দীঘলকৈ তৈয়াৰ কৰা হৈছিল। ১৫৬৫ৰ পৰা ১৫৬৭ চনৰ ভিতৰতে বৈ উলিওৱা এই কাপোৰ অসমৰ প্ৰাচীন ৰেচমী পৰম্পৰা, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত উৎপাদিত হোৱা উজ্জ্বল মুগা আৰু মসৃণ পাট সূতাৰ এক অপূৰ্ব আৰু অনন্য নিদৰ্শন আছিল। গুৰুজনাৰ এই হস্তক্ষেপ আৰু তত্ত্বাৱধানে এটি আঞ্চলিক শিল্পক এনেদৰে এক পবিত্ৰ শিল্পলৈ উন্নীত কৰি মধ্যযুগীয় ভাৰতৰ ভক্তি আন্দোলনত বস্ত্ৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দুৰূপে অসমক স্থাপন কৰিলে। 

বৃন্দাবনী বস্ত্ৰৰ বয়ন প্ৰক্ৰিয়া তথা কলা নিজেই আছিল এক প্ৰযুক্তিগত বিস্ময়। এই বস্ত্ৰ বিৰল লাম্পাছ শৈলীৰে নিৰ্মিত। এই শৈলীত দুযোৰ দীঘ আৰু বানি থাকে। এযোৰ দীঘ-বানি বস্ত্ৰখনৰ আধাৰ হিচাপে আৰু আনযোৰ তাতকৈ অকণমান ওপৰত মটিফৰ বাবে। এই যুৰীয়া দীঘ-বানিৰ সংমিশ্ৰণত দুজন তাঁতীয়ে একেলগে কাম কৰি আশ্চৰ্যজনকভাৱে কিছুমান জটিল ত্ৰিমাত্ৰিক (Three Dimensional) ডিজাইনৰ সৃষ্টি কৰে। অসমৰ বিশ্ববিখ্যাত সোণালী মুগা সূতা এই কাপোৰৰ মূল উপাদান আছিল। মুগাৰ সতে পাট সূতাৰ সংমিশ্ৰণে বস্ত্ৰখনক এক অনন্য গঠন আৰু উজ্জ্বলতা প্ৰদান কৰিছিল। তাঁত শিল্পীসকলৰো দক্ষতা এনে আছিল যে ৰংবোৰ শতিকাজুৰি বিবৰ্ণ নোহোৱাকৈয়ে থাকিল। সেই যুগৰ ৰঞ্জন প্ৰযুক্তিৰ ই এক বিস্ময়। বিশেষকৈ ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ ব্যৱহাৰ তাত স্পষ্টভাৱে দেখা যায়। প্ৰতিটো পেনেলতে একোটাকৈ পৰ্ব বৰ্ণনা কৰা হয়। যেনে – শ্ৰীকৃষ্ণৰ গোৱৰ্ধন পৰ্বত দাঙি ধৰাৰ পৰ্ব, কালিয় সৰ্প দমন, বকাসুৰ বধ অথবা ৰাসলীলাত গোপীসকলৰ সতে কৰা আনন্দ নৃত্যৰ পৰ্ব। এই বৃন্দাবনী বস্ত্ৰক আৰু অধিক অসাধাৰণ কৰি তুলিছিল শংকৰদেৱৰ ভক্তিমূলক নাটক ‘কালিয়াদমন’ৰ পংক্তিসমূহে। ‘কালিয়দমন’ নাটকৰ প্ৰতিটো পংক্তিকেই বস্ত্ৰখনত বৈ উলিওৱা হৈছিল। ভক্তি আৰু শিল্পৰ এই অনন্য সংমিশ্ৰণে বস্ত্ৰখনিৰ মান আৰু স্থান আৰু বহু ওপৰলৈ তুলি নিছিল। 

এই পবিত্ৰ বস্ত্ৰখনি কেৱল ৰাজদৰবাৰৰে এক সম্পদ নাছিল; ই আছিল সৰ্বসাধাৰণ ভক্তৰ উপাসনাৰো এক মাধ্যম। শংকৰদেৱৰ সংস্কাৰবাদী চেতনাৰ প্ৰতীক। ইয়াৰ জৰিয়তেই তেওঁ অনাখৰী সৰল অসমীয়াৰ মাজতো কৃষ্ণৰ কাহিনীসমূহ সুলভ কৰি তুলিছিল। এইদৰেই বৃন্দাবনী বস্ত্ৰই অসমত পবিত্ৰ তাঁতশিল্পৰ এক নতুন ধাৰাৰ সূচনা কৰে। প্ৰায় ১৫০ বছৰ ধৰি এই শিল্প বৰ্তি আছিল আৰু অসমৰ বাহিৰলৈও ইয়াক ৰপ্তানি কৰা হৈছিল। ফলত অসমীয়াৰ সৃজনী প্ৰতিভাই সুখ্যাতি লভিছিল আৰু বিশ্বৰ ভক্তিমূলক অৰ্থনীতিৰ সতেও এক যোগসূত্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল। 

এই বস্ত্ৰখনৰ সৃষ্টিৰ পিছৰ যাত্ৰাও পিছে কম নাটকীয় নাছিল। ৰপ্তানিৰ জৰিয়তে ইয়াৰ কিছু অংশ ভূটান আৰু তিব্বত পাইছিলগৈ য’ত ইয়াক বৌদ্ধ ‘থাংকা’ হিচাপে সন্মান আৰু ব্যৱহাৰ কৰা হৈছিল। থাংকা হ’ল বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে ৰেচমী কাপোৰত কৰা কিছু ধৰ্মীয় আৰু পাৰম্পৰিক চিত্ৰকলা। তিব্বতত আমাৰ এই বৃন্দাবনী বস্ত্ৰখনতো তেওঁলোকে চীনা ৰেচমী কাপোৰেৰে ইয়াৰ চাৰিবেৰ চিলাই নিজা কৰি মঠত প্ৰদৰ্শন কৰিছিল। বিংশ শতিকাৰ আৰম্ভণিতে ইয়ংহাছবেণ্ডৰ তিব্বত অভিযানৰ সময়ত ব্ৰিটিছ সংবাদদাতা পাৰ্চিভাল লেণ্ডনে ইয়াৰ এটা বৃহৎ অংশ অধিগ্ৰহণ কৰে আৰু ১৯০৫ চনত তাকে ব্ৰিটিছ মিউজিয়ামত উপহাৰ দিয়ে। কিন্তু অজ্ঞানতাৰ বাবে দুৰ্ভাগ্যবশতঃ বৃটিছ মিউজিয়ামত কেইবা দশক ধৰি ইয়াক তিব্বতীয় সম্পদ বুলিয়েই ভুলভাৱে শ্ৰেণীবদ্ধ কৰা হয়। ১৯৯২ চনত বস্ত্ৰ ইতিহাসবিদ ৰ’জমেৰী ক্ৰিলৰ পুনৰ চিনাক্তকৰণৰ পাছতহে ইয়াৰ অসমীয়া উৎপত্তিৰ কথা স্পষ্ট হয় আৰু অসমৰ সম্পদ হিচাপে ইয়াক শ্ৰেণীবদ্ধ কৰা হয়। ৰ’জমেৰীৰ গৱেষণাই এই বস্ত্ৰৰ শৈলী, ৰচনা আৰু শংকৰদেৱৰ নাটকৰ পাঠৰ সৈতে ইয়াৰ সম্পৰ্ক বিশ্লেষণ কৰি ইয়াক অসমৰ সৈতে সংযোগ কৰিছিল। এই চিনাক্তকৰণে বিশ্বৰ অন্যান্য সংগ্ৰাহালয়ত থকা ইয়াৰ বাকী খণ্ডসমূহৰো পুনৰ মূল্যায়ন কৰিবলৈ প্ৰেৰণা যোগায়। ৰ’জমেৰীলৈ আমাৰ কৃতজ্ঞতা ৰ’ল। 

এই বস্ত্ৰৰ সৰ্ববৃহৎ খণ্ডটি আজিও ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে। ইয়াৰ পৰিমাপ ৯.৩৭×২.৩১ মিটাৰ। আন আন খণ্ডসমূহ ক্ৰমে ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়াম, পেৰিছৰ মিউজে গীমে, ফিলাডেলফিয়া মিউজিয়াম অৱ আৰ্ট আৰু লছ এঞ্জেলছ, নিউয়ৰ্ক আৰু ৱেলছৰ সংগ্ৰহালয়ত আছে। মুঠতে বৃন্দাবনী বস্ত্ৰৰ প্ৰায় বিশটা খণ্ড বিশ্বজুৰি সিঁচৰতি হৈ আছে যিয়ে ইয়াৰ খণ্ডিত অৱস্থা আৰু বিশ্বব্যাপী ইয়াৰ প্ৰভাৱ — এই দুয়োটাকে প্ৰতিফলিত কৰে। ২০০৪ চনত ক্ৰীষ্টিৰ নিলামত এনে এক খণ্ড ১২০,০০০ ডলাৰৰ আৰম্ভণি মূল্যত বিক্ৰী হৈছিল। এই বৃহৎ মূল্যই ইয়াৰ দুৰ্লভ স্থিতি আৰু অপৰিসীম সাংস্কৃতিক মূল্যকে প্ৰতিফলিত কৰে। 

বৃন্দাবনী বস্ত্ৰ আজিও অসমীয়াৰ গৌৰৱ আৰু ঐতিহ্যৰ সম্পদ। এই খণ্ডিত বস্ত্ৰসমূহৰ সংৰক্ষণো এক জটিল কাম। কিয়নো ৰেচমৰ ক্ষয়প্ৰাপ্তি ৰোধ কৰাৰ বাবে বিশেষ তাপমাত্ৰা আৰু পোহৰৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন। অৱশ্যে বৰ্তমান আধুনিক শিল্পী আৰু বহুবোৰ সাংস্কৃতিক প্ৰতিষ্ঠান, বিশেষকৈ সত্ৰসমূহে এই শিল্পক পুনৰুজ্জীৱিত কৰিবৰ বাবে ইয়াৰ প্ৰতিলিপি তৈয়াৰ কৰাৰ কাম হাতত লৈছে। এই প্ৰতিলিপিসমূহ পৰম্পৰাগত মুগা সূতাত লাম্পাছ শৈলীৰ সংমিশ্ৰণ ঘটাই বৈ উলিওৱাৰ চেষ্টা কৰা হৈছে। অৱশ্যে আধুনিক সঁজুলিয়ে প্ৰক্ৰিয়াটো কিছু সৰল কৰি নেপেলোৱা নহয়। এই প্ৰচেষ্টাৰ মূল লক্ষ্য হৈছে অসমৰ নতুন প্ৰজন্মক তেওঁলোকৰ শিল্প ঐতিহ্যৰ সৈতে পৰিচিত কৰোৱা আৰু স্থানীয় গৌৰৱক পুনৰ জীৱন দিয়া। অসমলৈ ইয়াৰ স্থায়ী প্ৰত্যাৱৰ্তনৰ বাবেও দাবী তোলা হৈছে। তেওঁলোকৰ যুক্তি এয়াই যে, ই অসমীয়াৰ সাংস্কৃতিক পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ আৰু সেয়ে এই সাংস্কৃতিক সম্পদ অসমলৈ ঘূৰাই আনিব লাগে। এই লৈ যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছে। যিয়েই নহওক, তাৰেই সাময়িক সমাধান হিচাপে ২০২৭ চনত ব্ৰিটিছ মিউজিয়ামে এই বস্ত্ৰখন ১৮ মাহ সময় অসমত প্ৰদৰ্শনৰ বাবে ধাৰলৈ দিয়াৰ সিদ্ধান্ত লৈছে। ই এক সুখবৰ। প্ৰায় পাঁচটা শতিকাৰ পিছত অসমৰ এই অমূল্য সম্পদে নিজ দেশলৈ ঘূৰি অহাৰ এটা সুযোগ পাইছে। ইয়াৰ জৰিয়তে অসমবাসীয়েও এই বিস্ময় ভৰা ঐতিহ্যক এবাৰ স্বচক্ষে চোৱাৰ সৌভাগ্য অৰ্জন কৰিব। লগতে বিশ্ব দৰবাৰতো অসমৰ শিল্পকৌশলৰ গুৰুত্ব বাঢ়িব। কিন্তু আমি বিচাৰো, আমাৰ সম্পদ আমালৈ একেবাৰে ঘূৰি আহক। অৱশ্যে ই ইমান সহজ নহয় যদিও চেষ্টা অব্যাহত আছে আৰু আমি আশাবাদী। 

বৃন্দাবনী বস্ত্ৰৰ সৃষ্টিয়ে সেই সময়ৰ অসমৰ তাঁতশিল্পীসকলৰ বাবে এক অৰ্থনৈতিক উত্থানৰ সূচনা কৰিছিল। কোচ ৰাজদৰবাৰৰ পৃষ্ঠপোষকতাত তাঁতশিল্পীসকলৰ সামাজিক মৰ্যাদা বৃদ্ধি পাইছিল আৰু এই শিল্পৰ বাণিজ্যই অসমক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সতে সংযোগ কৰিবলৈ সক্ষম হৈছিল। 

বৃন্দাবনী বস্ত্ৰ মধ্যযুগীয় অসমৰ বয়ন শিল্পক প্ৰতিফলিত কৰা কেৱল এক শিল্প অথবা ৰেচম আৰু ৰঙৰে অৱশেষ নহয়; ই অসমীয়াৰ সৃজনী প্ৰতিভা আৰু অসমৰ ভক্তি আন্দোলনৰ এক সুবৰ্ণ ইতিহাস। শংকৰদেৱৰ সামাজিক আৰু আধ্যাত্মিক বিপ্লৱৰ সাক্ষী। অসমৰ মূল্যবান পাট-মুগাৰ ৰেচমী পৰম্পৰাৰো ই এক স্মৃতিস্তম্ভ। অসমৰ পৰা তিব্বত হৈ ইউৰোপলৈ যাত্ৰা কৰা এই বস্ত্ৰ অসমীয়া সংস্কৃতিৰ সাংস্কৃতিক দূত আছিল। বৃন্দাবনী বস্ত্ৰ সেয়ে আমাৰ গৌৰৱ। ৰেচমী কাপোৰত বৈ উলিওৱা এখন ৰঙীন চিত্ৰ শাস্ত্ৰ। ধৰ্ম, শিল্প আৰু সংস্কৃতিৰ এক বৰণীয়া সেতু। পবিত্ৰ বস্ত্ৰখনিলৈ আমাৰ কৰযোৰে প্ৰণাম। নমস্কাৰ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments