ভাল মানুহজন যেতিয়া আহে ( লম্বিত গগৈ )
সময়ে বাগৰ সলাই
হাতৰ মুঠিত হেৰাই পাঁচটা বছৰ
জোলোঙা খালী হৈয়ে ৰয়।
মেলা মুখ মেলাতেই থাকে
বন্ধ হয় হৃদস্পন
এজন ডাঙৰ মানুহ আহিছিল
অন্ন দিয়াৰ প্ৰতিশ্ৰুতি লৈ
কথাত নিগৰাইছিল সপোনৰ পানচৈ।
মানুহবোৰে হাত চাপৰি বজাইছিল
সেউজীয়াৰ নিচাত মাতাল হোৱাৰ কল্পনা কৰিছিল
এনেকৈয়ে সুখী হৈছিল মানুহবোৰ
ভাল মানুহজনে মুখ টিপি হাঁহিছিল
কোনেও মন কৰা নাছিল।
সপোন সপোন হৈয়েই ৰ’ল
সেউজীয়াৰ উন্মাদনাত কোনোবাই অৰণ্যলৈ গুচি গ’ল
খাদ্যৰ উৎসৱত বহি থকা দেখা যায়
ভাল মানুহজনক।
কিনা-বেচা ব্যস্ত মানুহৰ সপোনবোৰৰ
(যিবোৰ কাহানিবা মানুহে নিজৰ বুলি ভাবিছিল)
শিয়ালে সভা পাতে
দুখীয়াৰ দুখ নুগুচে।
খাদ্যৰ উৎসৱত বহি ভোকাতুৰক সমবেদনা যাঁচে
ভাল মানুহজনে।
সময়ে বাগৰ সলাই
হাতৰ মুঠিতে হেৰাই পাঁচটা বছৰ
ভাল মানুহজন খুউব ব্যস্ত
মানুহবোৰে পাহৰি যায়
তেতিয়াই ভাল মানুহজন আকৌ আহে
একেবোৰ সপোন আকৌ বেচে
মানুহবোৰে হাত চাপৰি মাৰি সম্ভাষণ জনায়
ভাল মানুহজন আহিলে
মানুহবোৰে আকৌ সপোন দেখে।
ভাল মানুহজনে মুখ টিপি হাঁহে….